১৯৫১ ভিত্তিত খিলঞ্জীয়া নিৰ্ধাৰণ মাৰাত্মক ভুল হ’ব

1863
  • ৰতন কলিতা

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


 

  • চন তাৰিখ মতে নাগৰিকত্বহে পায়, কিন্তু খিলঞ্জীয়াৰ চাৰ্টিফিকেট পায় জানো ?
  • আকৌ এবাৰ অসম চুক্তিত কৈও ভয়ংকৰ ভুল হ’বলৈ গৈ আছে নেকি ?
  • ১৯৫১ ক লৈ উৎফুল্লিত হোৱাৰ যুক্তি ক’ত ?
হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত এআইইউডিএফ নেতাসকৰ মৌণতাই প্ৰমাণ কৰিছে ৰহিংইয়াৰ কথা চিন্তা কৰা বিধায়ক সকল সুখী ।  অসমৰ প্ৰতিজন মানুহে  জানে যে বদৰুদ্দিন আজমলৰ দলৰ প্ৰতিজন বিধায়ক বুদ্ধিত তীক্ষ্ণ আৰু ভালে কেইজন আইনৰ স্নাতক । আন বিজেপি , অগপ আদি দলৰ বিধায়কৰ তুলনাত তেওঁলোক অধিক জনা বুজা । হিমন্ত বিশ্ব শৰ্মাৰ বিধান সভাৰ বিশেষ অধিবেশনত  নাগৰিকত্ব সম্পৰ্কীয় বক্তব্যই কেব সমৰ্থনকাৰী ৰাইজৰ মাজত উৎসাহ প্ৰদান কৰিছে । জমিয়তক তুলাধুনা দিছে যদিও জমিয়তৰ ভাৰত স্বাধীনতা আৰু ভাৰত বিভাজনৰ বিপক্ষৰ স্থিতিক সলাগো লৈছে ।  এইক্ষেত্ৰত উল্লেক্ষ যে জমিয়তৰ মেহমুদ মাদানিয়ে হায়দৰাবাদৰ ওৱেচি ভাতৃ আৰু আজমলক বিৰোধো কৰিছিল আজি কিছু বছৰ আগত । কাৰণ এই ব্যক্তিসকলে ৰাষ্ট্ৰীয় ৰাজনীতিত মাত মতা আৰম্ভ কৰিছে ।  ১৯৫১ চনৰ ভিত্তিত খিলঞ্জীয়া নিৰ্ধাৰণ হ’লে অসমৰ খিলঞ্জীয়া জাতি – জনজাতিৰ বাবে বিধান সভা , লোকসভাৰ আসন সংৰক্ষণ হ’ব , ব্যৱসায় বানিজ্যৰ অনু্জ্ঞা পত্ৰত খিলঞ্জীয়াই অগ্ৰাধিকাৰ পাব । কিন্তু নামনি অসমৰ খিলঞ্জীয়া মানুহখিনিয়ে কি পাব? প্ৰথম কথা বিটিএডিত সুকীয়া নিয়ম আছে য’ত অসম চৰকাৰে নিৰ্ধাৰণ কৰা খিলঞ্জীয়া সংজ্ঞাৰ প্ৰভাব শুন্য । অৰ্থাৎ বিটিএডিৰ বাহিৰত থকা নামনি অসমৰ খিলঞ্জীয়া খিনিৰ ওপৰত প্ৰভাব পৰিব ।  এই নীতিত যদি খিলঞ্জীয়া নিৰ্ধাৰণ হয় তেন্তে ধুবুৰি,  গোৱালপাৰা ,  বৰপেটাৰ খিলঞ্জীয়া গৰিয়া, মৰিয়া ,কলিতা কোঁচ, ৰাজবংশী , আদিবাসী সকলৰ কিবা লাভ হ’ব জানো ? মুঠেও নহয় কাৰণ আজিৰ অসম ভুখণ্ডত মৈমনসিংহ , ৰংপুৰ , পাবনা যিবিলাক অঞ্চল তেতিয়াৰ পুৰ্ব বংগত আছিল , সেইবিলাক অঞ্চলৰ পৰা গোৱালপাৰা, ধুবুৰিত থিতাপি লোৱা মানুহ খিনিৰ ৮০ % মানুহ ১৯৫১ চনৰ আগৰ । অৰ্থাৎ বৰ্তমানৰ পুৰ্ব বংগীয় মুছলমানেই হওঁক বা হিন্দুৱেই হওঁক এন আৰ চিত নাম থকা ৮০ % মানুহ খিলঞ্জীয়া ৰূপে চিহ্নিত হ’ব । এনেকুৱা হ’লে কোনো দেশী মুছলমান ধুবুৰিৰ বিধায়ক , সাংসদ বা পঞ্চায়ত প্ৰতিনিধি হ’ব নোৱাৰে বা কোনো গৰিয়া ব্যক্তি এজন বৰপেটা , জনিয়াৰ বিধায়ক হ’ব নোৱাৰে । আনহাতে ১০ বছৰ পিছত মংগলদৈ লোকসভা সমষ্টিত কোনো কলিতা , কোঁচ সাংসদ হ’ব নোৱাৰিব ।   খিলঞ্জীয়া নিৰ্ধাৰণ ১৯৫১ ভিত্তিত কৰাৰ মানেই হ’ব প্ৰফুল্ল মহন্তই সাক্ষৰ কৰা অসম চুক্তিৰ দ্বাৰা  বিদেশী বহিষ্কাৰ কৰিবলৈ কৰা দিবাস্বপ্ন ।