১৯৯২ চনৰ হিৰো আজিৰ খলনায়ক

1275
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


‘ অসমত বিজুলী যোগান নিয়মীয়া কৰক …….’ , সদৌ অসম ছাত্র সন্থাৰ সমদলত মই হাতত প্লেকাৰ্ড লৈ খোজ কাঢ়িছো। সমদলত প্ৰায় ১ হাজাৰ ছাত্র-ছাত্রী। তেতিয়া ১৯৯২ চন, আমি ষষ্ঠ মান শ্ৰেণীত পঢ়ো। ছাত্র সন্থাক লৈ আমি গৌৰৱান্বিত। ছাত্র সন্থা; ছাত্রৰ সন্থা; আমাৰ সন্থা। সদৌ অসম ছাত্র সন্থাৰ সভাপতি আছিল সৰ্বানন্দ সোণোৱাল আৰু সম্পাদক আছিল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য। সৰ্বানন্দ সোণোৱাল আজিৰ দৰে খুব নিৰ্জু স্বভাবৰ ব্যক্তি আছিল। ছাত্র সন্থাক সম্পূৰ্ণ  ভাবে নিয়ন্ত্ৰণ কৰিছিল ভট্টাচাৰ্য্য দেৱে। মানুহজনে সুন্দৰ ভাষণ দিছিল, আমাক অনুপ্ৰাণিত কৰিছিল। মোৰ দৰে বহুতো ছাত্র ছাত্রীৰ হিৰো আছিল।
২০০৫ চনত আমাৰ বসয় ২৩ বছৰ। আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি বহুজাতিক কোম্পানীৰ চাকৰিত যোগদান কৰো। চাকৰি কৰি বহু অভিজ্ঞতা লাভ কৰো। দেশ বিদেশৰ বিভিন্ন ঠাইত কাম কৰাৰ সুবিধা পাইছো।
আজি ২০২০ চনৰ শেষ দিন। খুব আনন্দেৰে  যোৱা ১৫ বছৰে চৰকাৰক কঁৰ দি আহিছো আৰু দেশ নিৰ্মানত অংশীদাৰ হৈছো। ১৯৯২ চনৰ পৰা আজিলকৈ ৰাজনীতিত বহু উত্থান পতন দেখিলো। বিশেষকৈ কব গ’লে চিকিমত পবন সিং ছামলিংএ ২৬ বছৰ শাসন কৰি ভাৰতত ইতিহাস ৰচে। জৌতি বসুৱে ২৫ বছৰ, তৰুণ গগৈয়ে ১৫ বছৰ মুখ্যমন্ত্রীৰ আসনত বহে। কিন্তু পৰিবৰ্তন কামী ৰাইজৰ সন্মুখত এওঁলোক সকলোৱে শীৰ নত কৰিবলৈ বাধ্য হয়। ১৭ বছৰৰ পিছত এইমাহতে বড়োভূমিত হাগ্ৰামা মহিলাৰীকো ৰাইজে বিদায় জনায়। এই সকলোবোৰৰ মাজতে কিন্তু যোৱা ২৮ বছৰে এটা বস্তুৰ পৰিবৰ্তন হোৱা নাই, সেয়া হ’ল সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বৰ। ১৯৯২  চনতো সমুজ্জ্বল ভট্টাচাৰ্য্যই ছাত্রসন্থা সম্পূৰ্ণভাবে নিয়ন্ত্ৰণ কৰি আছিল;২০২০ চনতো তেওঁ নিয়ন্ত্রণ কৰি আছে। আজি বহু বছৰ ধৰি অবশ্যে তেওঁ উপদেষ্টা পদত আছে। আমি সভাই সমিতিয়ে বহু উপদেষ্টা দেখা পাইছো। ডাঙৰ ডাঙৰ মানুহৰ নাম উপদেষ্টা পদত ৰখাৰ উদ্দেশ্য হ’ল নিমন্ত্ৰণী পত্রখন শুৱনি কৰা। তেওঁলোকৰ পৰা কাৎচিতহে কোনো পৰামৰ্শ গ্ৰহণ কৰা হ’য়। সভাপতি -সম্পাদকৰ সিদ্ধান্তই চুৰান্ত সিদ্ধান্ত। কেবল ছাত্র সন্থাৰ কথা সুকীয়া। ইয়াত উপদেষ্টাই সকলো। তেওঁ টিভিত আহে, বাতৰি কাকতত সাক্ষাৎকাৰ দিয়ে। সভাপতি -সম্পাদক যেন নামতহে আছে। বহু বছৰ ছাত্র সন্থাত থকাৰ সুবাদতে ভট্টাচাৰ্য্য ডাঙৰীয়াই ইয়াক সম্পূৰ্ণ ৰূপে গ্ৰাস কৰি পেলাইছে। তেওঁৰ পিছৰ সভাপতি -সম্পাদক সকলক তেওঁ কেবল পুতলাৰ দৰে নচুৱাই আছিল। সেই কাৰণে সেইসকলৰ এজনেও ৰাজনীতিৰ পথাৰখনত কৃতকাৰ্য্যতা লাভ কৰিব পৰা নাই। প্ৰবীণ বড়ো আৰু অমিয় ভূঞাই বিধায়ক হ’ব নোৱাৰিলে। শংকৰ প্ৰসাদ ৰয় যোৱাবাৰ পৰাজিত হ’ল। তপন কুমাৰ গগৈ বিধায়ক, মন্ত্রী, সাংসদ হ’ল যদিও তেওঁৰ যোগ্যতাতকৈ ভাগ্যকহে ধন্যবাদ দিব লাগিব। যোৱা পাছ বছৰে অসমৰ স্বাৰ্থৰ হকে তেওঁৰ মুখৰ পৰা কোনো মাত শুনা নাপালো। মৃগাংক নাথে সেইবাবে হয়তো ভয়তে ছাত্র সন্থাতে থাকি গ’ল। সমুজ্জ্বল ভট্টাচাৰ্য্যৰ ৰঙা চকুলৈ চাবলৈ সাহ কৰিছিল একমাত্র লুৰিণ জ্যোতি গগৈয়ে। ইয়াৰ আগতে কোনো ছাত্র সন্থাৰ নেতাই মুকলিকৈ সমুজ্জ্বল ভট্টাচাৰ্য্যৰ বিৰূদ্ধে কবলৈ সাহস কৰা নাছিল। ফল কিন্তু আশা কৰা ধৰণে ন’হল। এজন ৫৬ বছৰীয়া ছাত্র নেতাই ২৭ বছৰীয়া ছাত্রনেতাজনক বিদায় দিলে। অনিশ্চিত ভবিষ্যতলৈ যাত্রা কৰিলে লুৰিণে। ছাত্র সন্থাৰ কাণ্ডাৰী হৈ থাকি গ’ল ২৮বছৰে ইয়াৰ লেকাম ধৰি ৰখা মানুহজন। ছাত্র সন্থাৰ উপদেষ্টা হ’বলৈ যিহেতু ছাত্রৰ ভোট নালাগে, তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আজি ২৮ বছৰ কাল তেওঁ সংগঠনটোৰ সৰ্বে-সৰ্বা হৈ থাকি গ’ল। ছাত্রসন্থাৰ পৰবৰ্তী অধিবেশন খন হয়তো আৰু ৫ বছৰ পিছত হ’ব। তাৰমানে ৬১ বছৰ বয়সলৈকে সমুজ্জ্বল ভট্টাচাৰ্য্য ছাত্র হৈ ছাত্রসন্থাক নেতৃত্ব দি থাকিব। ৫ বছৰ পিছত আৰু বিবেকে অনুমতি দিলে হয়তো ৬৬ বছৰ বয়সলৈকো থাকিব পাৰে। ইয়াতকৈ বেদনাদায়ক কথা একো হ’ব নোৱাৰে। ছাত্র সন্থা, ছাত্রৰ বাবে আৰু ছাত্রৰ দ্বাৰা পৰিচালিত হৈ থাকিব লাগে। পিছ দুৱাৰেদি ছাত্র সন্থা পৰিচালনা কৰাৰ ফলত সন্থাৰ বিশ্বাসযোগ্যতা হ্ৰাস পাইছে। ২৮ বছৰ আগৰ আমাৰ হিৰোজন আজি আমাৰ মনত খলনায়ক। আমি আশা কৰো ভট্টাচাৰ্য্য ডাঙৰীয়াৰ সোনকালে শুভ বুদ্ধিৰ উদয় হ’ব আৰু ছাত্র সন্থাক নিজৰ পিঞ্জৰাৰ পৰা মুক্ত কৰি দিব।