২০০৪ৰ বাজপেয়ী বনাম ২০১৯ৰ মোদী

3631

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০০৩ চনৰ নবেম্বৰ মাহ। ভাৰতৰ জনপ্ৰিয় আলোচনী India  Today ৰ ক’ভাৰ পেজত তেতিয়াৰ প্ৰধান মন্ত্রী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ হাঁহি থকা এখন ছবি , তলত লিখা আছে ‘Landslide for Atal’ । আলোচনী খনে কৰা এটা সমীক্ষা মতে অনাগত লোকসভা নিৰ্বাচনত ৩৫০ খন মান আসন পোৱাৰ সম্ভাবনা আছিল বিজেপি নেতৃত্বাধীন এন.ডি.এ ৰ। বিজেপিয়ে সুযোগ বুজি সাধাৰণ নিৰ্বাচন আগুৱাই আনিলে আৰু India Shining ৰ মন্ত্র লৈ নিৰ্বাচনত জপিয়াই পৰিল। দেশৰ অৰ্থনৈতিক অবস্হাৰ  উন্নতি হৈছিল বাজপেয়ী চৰকাৰৰ দিনত। বহুতে ভাবিছিল ২০০৪ ত বিজেপিয়ে পুনৰ দিল্লীত গাদী দখল কৰিব। প্ৰায় সকলো Exit poll এ বিজেপিৰ জয় হ’ব বুলি ভবিষ্যত বাণী কৰিছিল। কিন্তু ২০০৪ চনৰ নিৰ্বাচনৰ ফলাফল বিজেপিৰ সপক্ষে নাহিল। কংগ্ৰেছে কমিউনিষ্ট বিলাকৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল।
কিয় পৰাজিত হৈছিল বাজপেয়ী?
বিজেপিৰ যিহেতু নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাছিল সেয়ে সকলো সহযোগী দলক সন্ত্তষ্ট কৰি চৰকাৰ চলাব লগীয়া হৈছিল। কেবিনেটৰ প্ৰায় আধা মন্ত্রী সহযোগী দলৰ আছিল। তেনে অবস্হাত বিজেপিৰ নিজৰ হিন্দুত্ব কাৰ্ড খন খেলাত অলপ অসুবিধা আছিল। বাজপেয়ী ডাঙৰীয়াই নিজৰ উদাৰবাদী চিন্তাধাৰাৰ পৰিচয় দি বিজেপি দলৰ মুছলমান বিৰোধী ছবি খন সলনি কৰিব যত্ন কৰিছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল এ.পি.জে আব্দুল কালামক ৰাষ্ট্ৰপতি বনোৱা, হজ যাত্রাৰ বাবে বিমানৰ আসন বৃদ্ধি কৰা, কাশ্মীৰত হুৰিয়টৰ লগত আলোচনা কৰা ইত্যাদি। কিন্ত্ত নিৰ্বাচনত এইবোৰে সহায় নকৰিলে। ২০০৪ চনত ভাৰতৰ অল্পসংখক সমাজে বিজেপিক সমৰ্থন নিদিলে । আনফালে বিজেপিৰ হিন্দুত্বৰ আদৰ্শেৰে অনুপ্ৰানিত  কেডাৰ সকলৰ মাজতো নিৰ্বাচনক লৈ সিমান উৎসাহ দেখা ন’গল। বিজেপিৰ সহযোগী দলবোৰৰ দুৰ্বল প্ৰদৰ্শনো বাজপেয়ী চৰকাৰৰ পতনৰ অন্য এটা কাৰণ আছিল । বিজেপিৰ সহযোগী তৃণমূল কংগ্ৰেছ, ডিএমকে, জনতা দল( ইউনাইটেড), তেলেগু দেশম আদিৰ শোচনীয় পৰাজয় হৈছিল। সেই সময়ত বাজপেয়ীৰ লগতে সমানে শক্তিশালী আছিল উপ-প্ৰধানমন্ত্রী লালকৃষ্ণ অাদৱানী। ৰাইজৰ মাজত এনে এটা ভাব হৈছিল ২০০৪ ত বাজপেয়ীৰ স্হানত প্ৰধানমন্ত্রী হ’ব পাৰে আদৱানী।
বাজপেয়ীৰ দৰে একে দশা হ’ব নেকি মোদীৰ?
২০১৯ৰ নিৰ্বাচন কাষ চপাৰ লগে লগে বিজেপিক কংগ্ৰেছে ২০০৪ চনলৈ মনত পেলাই দিছে। কিদৰে এফালে আছিল বাজপেয়ীৰ দৰে শক্তিশালী নেতা আৰু আনফালে কংগ্ৰেছ যিয়ে প্ৰধানমন্ত্রী পদৰ বাবে  কোনো নেতাক প্ৰক্ষেপ কৰা নাছিল। বিজেপিৰ ডাঙৰ নেতাবোৰে সুন্দৰ ভাষন দিব পাৰিছিল অন্যহাতে তেওঁলোকৰ লগত যুঁজ দিছিল ছোনীয়া গান্ধীয়ে যিয়ে ভালকৈ হিন্দী বা ইংৰাজী কব নাজানে। পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি, ৰাফেল , বিমুদ্ৰাকৰণৰ বিফলতা ইত্যাদিকে ধৰি কংগ্ৰেছৰ হাতত বহু ইছু। কিন্ত্ত এইবোৰে  জানো কংগ্ৰেছক ২০১৯ত বিজয়ী কৰাব পাৰিব?  যোৱা মাহৰ India today ৰ যুৱ সমাজৰ বাবে হোৱা Mind Rock অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰায় ২০০ যুৱক যুৱতীক প্ৰশ্ন কৰা হৈছিল তেওঁলোকে মোদীক এতিয়াও সমৰ্থন কৰে নে নকৰে। ৮০% ৰো অধিক যুৱক-যুৱতীয়ে মোডীৰ সমৰ্থনত হাত দাঙিলে। এইটোৱে প্ৰমাণ কৰে কংগ্ৰেছে এতিয়ালৈকে ভাৰতৰ জনসাধাৰণক তেওঁলোকৰ সপক্ষে পতিয়ন নিয়াবলৈ সক্ষম হোৱা নাই। এইটো সঁচা যে বিভিন্ন কাৰণত ভাৰতৰ বহু মানুহৰ মোদী চৰকাৰৰ ওপৰত মোহভংগ হৈছে কিন্ত্ত ৰাইজৰ সন্মুখত আন কোনো বিকল্প নাই। কংগ্ৰেছে বিজেপিৰ সমালোচনা কৰি বিভিন্ন কথা কৈছে যদিও নিজে চৰকাৰ গঠন কৰিলে ৰাইজৰ বাবে কি কৰিব সেই কথা কবলৈ সক্ষম হোৱা নাই। ভাৰতৰ অধিকাংশ ভোটাৰ যুৱ যাৰ বয়স ৩৫ বছৰতকৈ কম। সেই যুবক সকলৰ আশা আকাঙ্ক্ষা পূৰণ কৰিবলৈ যিখিনি পৰিকল্পনাৰ দৰকাৰ সেইখিনি কংগ্ৰেছে এতিয়াও প্ৰস্ত্তত কৰি উলিয়াব পৰা নাই। অকল মোদীক সমালোচনা কৰিলেই যঠেষ্ট নহয় , বিকল্প positive agenda  দাঙি নধৰিলে আজিৰ ডিজিটেল যুগত নিৰ্বাচন জয়ী হোৱাতো সম্ভব নহয়। আন এটা কাৰকে মোদীক সহায় কৰিব যিটো হ’ল পিছপৰা জাতিৰ তেখেতৰ প্ৰমানপত্রখন। পৰিয়াল কেন্দ্ৰীক ৰাজনীতি আজিৰ উঠি অহা চামে কোনো পধ্যে মানি লব নোখোজে। এজন পিছপৰা জাতিৰ চাহ বিক্ৰী কৰা মানুহ যেতিয়া দেশৰ প্ৰধান মন্ত্রী হয় তেতিয়া ই সাধাৰণ জনতাৰ মাজতো আশাৰ সঞ্চাৰ কৰে।

মুলত: কথা একেখিনিয়েই আছে , কিন্তু পৰিৱৰ্তন হৈছে পদ্ধতি আৰু ব্যক্তিৰ ।বিদেশৰ মাটিত ভাৰতৰ ক্ৰিকেট দলৰ প্ৰদৰ্শন সদায় দুৰ্বল আছিল , দল হিচাপে এতিয়াও  বিশেষ পৰিৱৰ্তন হোৱা নাই ।কিন্তু সকলো অংক সলনি কৰি দিছে এজন ব্যক্তিয়ে _বিৰাট কোহলী ।  একেই উদাহৰণ বিজেপি দলৰ লগতো খাতে । বাজপেয়ীৰ দৰে মোদীয়ে এটা ভোটৰ বিনিময়ত চৰকাৰ ভাঙিবলৈ নিদিয়ে আৰু অমিত শ্বাহে ৰাজনীতিক অংক বুলি নধৰি বিজ্ঞান বুলি ধৰি কাম কৰাৰ কৌশলে জয় পৰাজয়ৰ মাজত ব্যৱধান আনিব ।যিদৰে ৰাইজে বিজেপিক ভোট নিদিয়াৰ কাৰণ বিচাৰি যাব, একেদৰে সাধাৰণ জনতাই ৰাহুল বা মায়াবতীক সমৰ্থন দিয়াৰ কাৰণো বিচাৰিব ।