২০১৯ঃ বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা

33282
  • সুৰেশ কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’:  www.rajnitiaxom.com


২০১৯ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপি দলে  প্ৰস্ত্ততি আৰম্ভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ২৫ খন আসনৰ ভিতৰত কমেও ২০ খন আসনৰ লক্ষ্য বান্ধি লৈছে বিজেপি মিত্রজোঁটে। ২০১৯ত উত্তৰ ভাৰতত যদি আসন কমে তেন্তে উত্তৰ পূৰ্বাঞ্চলে এই ঘাটি কিছু পৰিমানে পূৰাব পাৰিব বুলি বিজেপি আশাবাদী। নেডাৰ আহ্বায়ক ড: হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলৰ গুৰুদায়িত্ব অৰ্পন কৰিছে। মনিপুৰ আৰু ত্রিপুৰাত বিজয়ৰ পিছত বিজেপিৰ আত্মবিশ্বাস বৃদ্ধি পাইছে। ডঃ শৰ্মাই অসমৰ সমষ্টি সমূহৰ বাবে বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা এখন অমিত শ্বাহক দাখিল কৰিছে।

‘ৰাজনীতি অসম’ৰ হাতত আহি পৰা এই তালিকাখনত বৰ্তমানৰ ৬ জন সাংসদৰ নাম আছে। ডঃ শৰ্মাই নিজে গুৱাহাটী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কোকৰাঝাৰ আসনখন বি.পি.এফক দিয়াটো ইতিমধ্যে নিশ্চিত হৈছে। সমস্যাটো অগপৰ লগত। বিজেপিয়ে ধুবুৰী, বৰপেটা আৰু কলিয়াবৰ আসন কেইখন অগপক এৰি দিবলৈ সন্মত হৈছে। এই তিনিখন আসনে সংখ্যালঘু অধ্যুষিত আৰু অগপৰ বাবে ইয়াত জয়ী হোৱা খুব কঠিন হব। সেই কথা উপলদ্ধি কৰি অগপই তেজপুৰ, মংগলদৈ বা লখিমপুৰ তাৰ যিকোনো এখন আসন বিচাৰিছে। যিহেতু ইয়াৰ বৰ্তমানৰ সাংসদ কেইগৰাকী বিজেপিৰ সেয়ে বিজেপিয়ে সমষ্টি কেইটা এৰি দিয়াৰ পক্ষপাতী নহয়। মুৰকত বিজেপি আৰু অগপৰ মাজত কেইতামান সমষ্টিত বন্ধুত্বমুলক প্ৰতিদ্বন্দ্বিতা হব পাৰে। বিশ্বস্ত সুত্রৰ পৰা অামাৰ হাতত ‍আহি পৰা বিজেপি মিত্রজোঁটৰ  প্ৰাৰ্থীৰ তালিকাখন এনে ধৰনৰঃ

গুৱাহাটীঃ ডঃ হিমন্ত বিশ্ব শৰ্মা
শিলচৰঃ দিলীপ পাল
কৰিমগজ্ঞঃ মিচন ৰজ্ঞন দাস
অট’নমাছ দিচট্ৰিকঃ ডাঃ নুমল মমিন
নগাঁৱঃ ৰাজেন গোহাঁই
মংগলদৈঃ ৰমেন ডেকা
তেজপুৰঃ ৰামপ্ৰসাদ শৰ্মা
লখিমপুৰঃ প্ৰদান বৰুৱা
যোৰহাটঃ কামাখ্যা তাছা
ডিব্ৰুগড়ঃ ৰামেশ্বৰ তেলী
ধুবুৰী : জাভেদ ইছলাম
কোকৰাঝাৰ: প্ৰবীণ বড়ো                                                                                                    বৰপেটা: কুমাৰ দীপক দাস বা ভূপেন ৰয়                                                                                     কলিয়াবৰ: প্ৰফুল্ল কুমাৰ মহন্ত

শিলচৰ লোকসভা সমষ্টিৰ পৰা দিলীপ পালক প্ৰাৰ্থিত্ব দিয়া হব। পালে ইতিমধ্যে বিধান সভাৰ উপাধ্যক্ষৰ পদৰ পৰা ইস্তফা দি সমষ্টিত নিজৰ কাম আৰম্ভ কৰিছে। ২০১৯ত সুস্মীতা দেব আৰু দিলীপ পালৰ মাজত এখন আকৰ্ষণীয় যুঁজ হব বুলি আশা কৰিব পাৰি। কৰিমগজ্ঞ এটা সংৰক্ষিত সমষ্টি। বিজেপিৰ প্ৰাক্তন বিধায়ক মিচন ৰজ্ঞন দাস প্ৰাৰ্থিত্বৰ শক্তিশালী দাবীদাৰ। যোৱা বিধান সভা নিৰ্বাচনত তেখেত খুব কম ভোটত পৰাজিত হৈছিল। ধুবুৰী সমষ্টিত বিজেপিয়ে অগপক সমৰ্থন কৰাৰ সম্ভাবনা আছে। সেই কাৰণে মানকাচাৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামক দলত যোগদান কৰুওৱা হৈছিল। ইছলাম, হিমন্ত বিশ্বৰ ঘনিষ্ঠ। কিন্তু বিজেপিত থাকিলে তেখেতৰ জয়ী হোৱাৰ সম্ভাবনা ক্ষীণ, সেয়েহে তেখেতক অগপত যোগদান কৰাই ধুবুৰী লোকসভাৰ প্ৰাৰ্থীত্ব দিয়াৰ পৰিকল্পনা কৰা হৈছে। কোকৰাঝাৰৰ পৰা বিপিএফৰ টিকটত নিৰ্বাচন খেলিব প্ৰবীণ বড়োই। হাগ্ৰামাই বড়োৰ প্ৰাৰ্থিত্বৰ বিষয়ে বিজপি নেতৃত্বক জনাইছে আৰু বিজেপি নেতৃত্বই এই ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে।অট’ন’মাচ জিলাৰ পৰা জয়ৰাম ইংলেং আৰু ডাঃ নুমল মমিনৰ নাম চৰ্চাত আছে যদিও মমিন বৰ্তমানলৈ আগবাঢ়ি আছে।নুমল মমিনক বিজেপিয়ে দলৰ বিভিন্ন দায়িত্ব দিছে অাৰু ২০১৯ৰ বাবে প্ৰস্তুত কৰাইছে। কলিয়াবৰত বিজেপি মিত্রজোঁটক এজন শক্তিশালী প্ৰাৰ্থী দৰকাৰ যিয়ে গৌৰব গগৈক প্ৰত্যাহ্বান জনাব পাৰে। প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্ত এই ক্ষেত্রত সকলোতকৈ আগত আছে। মহন্ত ডাঙৰীয়াই এতিয়াও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মতি প্ৰকাশ কৰা নাই বুলি জানিব পৰা গৈছে।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com