২০১৯ত কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী

14510

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


তিনি ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, চত্তিছগড় আৰু ৰাজস্হানত কংগ্ৰেছৰ বিজয়ৰ পিছত গোটেই ভাৰতবৰ্ষতে দলৰ নেতা কৰ্মীৰ উৎসাহ বৃদ্ধি পাইছে। অসমতো ২০১৯ লোকসভা নিৰ্বাচনৰ টিকটৰ বাবে কুচকাৱাজ আৰম্ভ হৈছে। বৰ্তমানৰ দুই সাংসদ গৌৰৱ গগৈ আৰু সুস্মিতা দেৱৰ টিকট নিশ্চিত। অটনমাছ জিলাৰ পৰা বীৰেণ সিং ইংটিৰ পুত্র ক্লেডং ইংটিয়ে টিকট পোৱাৰ সম্ভাবনা আছে। গুৱাহাটীৰ পৰা প্ৰাৰ্থীত্বৰ দাবীদাৰ বহুত । মানস বৰা, ববিতা শৰ্মা, দ্বিজেন শৰ্মা ইত্যাদিকে ধৰি বহুজনে টিকট বিচাৰিছে যদিও বলীন বৰদলৈ প্ৰাৰ্থিত্বৰ দৌৰত আগবাঢ়ি আছে।
মংগলদৈত বসন্ত দাস আৰু জয়নাথ শৰ্মা টিকটৰ মূল দাবীদাৰ যদিও বসন্ত দাসৰ প্ৰাৰ্থীত্ব প্ৰায় নিশ্চিত। যোৰহাটত প্ৰয়াত বিজয় কৃঞ্চ সন্দিকৈৰ কন্যা গায়ত্রী সন্দিকৈৰ নাম ইতিমধ্যে চুড়ান্ত কৰা হৈছে।
ডিব্ৰুগড়ত প্ৰাক্তন মন্ত্রী পবন সিং ঘাটোৱাৰৰ প্ৰাৰ্থিত্বক লৈ দলৰ কিছুমানে অসন্ত্তষ্টি ব্যক্ত কৰিছে যদিও শেষত গৈ ঘাটোৱাৰে টিকট পোৱাৰ সম্ভাবনা আছে। যোৱা লোকসভা আৰু পৰবৰ্তী বিধানসভা নিৰ্বাচনত পৰাজয় হ’লেও ঘাটোৱাৰেই ডিব্ৰুগড়ত কংগ্ৰেছৰ সকলোতকৈ শক্তিশালী নেতা।
তেজপুৰত পুনৰ ভুপেন বৰাৰ নামটো কংগ্ৰেছে বিবেচনা কৰিছে। আন শক্তিশালী নেতাই নিৰ্বাচন খেলিবলৈ ইচ্ছা নকৰিলে ভুপেন বৰাই টিকট পাই যাব। বৰপেটাত কংগ্ৰেছে হিন্দু প্ৰাৰ্থী দিয়াৰ গুণাগাথা কৰিছে। সেই আশাতেই কমল কুমাৰ মেধি দলত যোগদান কৰিছে। কমলে চিৰাজুদ্দিন আজমলক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগ বঢ়াব পাৰিব বুলি দলে আশা কৰিছে।
ধুবুৰীত যোৱাবাৰৰ দৰে ৰকিবুল হুছেইনক নিৰ্বাচন খেলিবলৈ কোৱা হৈছে যদিও তেওঁ এই ক্ষেত্রত ইচ্ছা প্ৰকাশ কৰা নাই। ৱাজেদ আলি চৌধুৰীকে শেষ মুহূৰ্তত দলে টিকট দিয়াৰ সম্ভাবনা আছে। অনুসুচিত জাতিৰ বাবে সংৰক্ষিত কৰিমগজ্ঞত প্ৰাক্তন সাংসদ ললিত মোহন শুক্লাবৈদ্যৰ টিকট পোৱাৰ সম্ভাবনা আছে। যোৱাবাৰ যদিও তেওঁ তাত এ.আই.ইউ.দি.এফৰ ৰাধেশ্যাম বিশ্বাসৰ হাতত পৰাজিত হৈছিল তথাপিও তেওঁৰ সমষ্টিটোত প্ৰভাব আছে।
লখিমপুৰত যোৱাবাৰৰ প্ৰাৰ্থী ৰাণী নৰহ বৰ্তমান ৰাজ্যসভাৰ সাংসদ। সেয়েহে তেওঁৰ স্বামী ভৰত নৰহে নিৰ্বাচন খেলাৰ বাবে টিকট বিচাৰিছে। এন.এছ.ইউ.আইৰ প্ৰাক্তন সভাপতি ডঃ জয়প্ৰকাশ দাস প্ৰাৰ্থীত্বৰ দাবীদাৰ যদিও নৰহ বৰ্তমানলৈ আগবাঢ়ি আছে।
নগাওঁত কংগ্ৰেছে এইবাৰ ৰাজেন গোহাঁইৰ বিৰুদ্ধে এজন শক্তিশালী প্ৰাৰ্থীক নমোৱাৰ চিন্তা চৰ্চা কৰিছে , কিন্ত্ত তেওঁলোকে শক্তিশালী প্ৰাৰ্থী পাবনে নাপাই সেয়া সময়েহে কব। বৰ্তমানলৈ দুৰ্লভ চমুৱা আৰু জোনজোনালী বৰুৱাৰ নামকলৈ চৰ্চা চলিছে বুলি জনা গৈছে।

শেষত কোকৰাঝাৰত কংগ্ৰেছে নিজা প্ৰাৰ্থী দিয়াতকৈ নিৰ্দলীয় এজনক সমৰ্থন কৰাৰ সম্ভাবনা আছে।ইয়াত মুল যুঁজ যিহেতু বিপিএফ,ইউপিপি আৰু নৱ শৰণীয়াৰ মাজতেই সীমাবদ্ধ থাকিব,সেয়েহে কংগ্ৰেছ বা আন দলৰ বাবে কোকৰাঝাৰ সমষ্টি হ’ব নাম মাত্ৰ বিশেষ্য । নৱ শৰনীয়াই কংগ্ৰেছৰ সমৰ্থন পালে পুনৰ জয়ৰ সম্ভাবনা উজ্জ্বল হৈ পৰিব।