২০১৯ত দুটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে !

12637

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


১৯৮০ চনত আমেথি লোকসভা সমষ্টিৰ ৰাইজে প্ৰথম বাৰৰ বাবে গান্ধী পৰিয়ালৰ সঞ্জয় গান্ধীক লোকসভালৈ নিৰ্বাচন কৰিছিল । তাৰ পিছৰে পৰা এই সমষ্টিটো একপ্ৰকাৰ গান্ধী পৰিয়ালৰ অভেদ্য দুৰ্গ ৰুপে পৰিগণিত হয়। সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত ৰাজীব গান্ধী, ছোনীয়া গান্ধী আৰু বৰ্তমান ৰাহুল গান্ধী তাৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ আহিছে। ৰাজীব গান্ধীৰ মৃত্যুৰ পিছত অবশ্যে কেইবছৰ মানৰ বাবে কংগ্ৰেছৰ সতীশ শৰ্মাই আমেথি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৮ চনত সতীশ শৰ্মা বিজেপিৰ  প্ৰাৰ্থী সঞ্জয় সিংৰ হাতত পৰাজিত হৈছিল। ১৯৯৯ চনত ছোনীয়া গান্ধীয়ে সঞ্জয় সিংক বৃহৎ ভোটৰ ব্যবধানত পৰাজিত কৰি পুনৰ আমেথিক গান্ধী পৰিয়ালৰ দখললৈ আনে। এইজন সঞ্জয় সিং বৰ্তমান কংগ্ৰেছত আৰু আমাৰ অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ। ২০০৪ চনত শ্ৰীমতী গান্ধীয়ে আমেথি সমষ্টিটো পুত্রৰ বাবে এৰি দি নিজে গান্ধী পৰিয়ালৰ আন এক বিশ্বাসভাজন সমষ্টি ৰাইবেৰেলিলৈ যায়।
২০০৪ চনত ৰাহুল গান্ধীয়ে বিজেপিৰ চন্দ্ৰ প্ৰকাশ মিশ্ৰক প্ৰায় ৩ লাখ ভোটত পৰাজিত কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০০৯ চনত ৰাহুল গান্ধীয়ে নিজৰ জয়ৰ ব্যবধান ৩ লাখ ৭০ হাজাৰলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। ২০১৪ চনত যেতিয়া কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে সৰ্বত্ৰ প্ৰতিস্থান বিৰোধী ঢৌ আহিছিল তেতিয়া বিৰোধী দল বিজেপি আৰু আম আদমি পাৰ্টিয়ে তাত ৰাহুল গান্ধীক পৰাজিত কৰাৰ সম্ভাবনা দেখিছিল। সঞ্জয় সিং এ কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিৰ টিকটত ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচন খেলাৰ পৰিকল্পনা কৰিছিল। সঞ্জয় সিং এ অসমৰ পৰা ৰাজ্যসভাৰ টিকট পাইহে শান্ত হৈছিল। আম আদমি দলৰ কুমাৰ বিশ্বাসে  নিৰ্বাচনৰ প্ৰায় ৫ মাহ মান আগৰ পৰা বাহৰ বাতি আমেথিত প্ৰচাৰ কৰিছিল। বহু মন্হন কৰাৰ পিছত বিজেপিয়ে বহু দেৰিকৈ স্মৃতি ইৰানীক ৰাহুলৰ বিৰুদ্ধে প্ৰক্ষেপ কৰে। মোদী ঢৌৰ পৰা কথমপি ৰক্ষা পৰে ৰাহুল কিন্তু তেওঁৰ ভোটৰ ব্যবধান ৩.৭ লাখৰ পৰা কমি ১ লাখ হয়। ২০১৪ চনত পৰাজয়ৰ পিছতো কিন্তু স্মৃতিয়ে আমেথি যাবলৈ এৰা নাই। ২০১৯ত স্মৃতি ইৰানীয়ে আমেথিৰ পৰা বিজেপিৰ টিকট পোৱাৰ পূৰ্ণ সম্ভাবনা আছে। যদি এইটোৱে হয় তেন্তে আমেথিত মুঠেও সুৰক্ষিত নহয় ৰাহুল গান্ধী। কংগ্ৰেছ দলৰ সভাপতি হিচাপে গোটেই দেশ ঘূৰিব লাগে ৰাহুলে। আনহাতে স্মৃতিৰ ফোকাচ কেবল আমেথিত। বিভিন্ন সভা সমিতি পাতি আমাথিৰ ৰাইজৰ লগত সংযোগ ৰাখিছে ইৰানীয়ে।
বিশেষ সুত্ৰৰ পৰা পোৱা খৱৰ  অনুসৰি কংগ্ৰেছৰ বহু নেতাই ৰাহুলক দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা  কৰিবলৈ পৰামৰ্শ দিছে। এই দ্বিতীয় সমষ্টিটো দক্ষিণ ভাৰতৰ কেৰেলা বা কৰ্ণাটকৰ পৰা হব পাৰে। ইন্দিৰা গান্ধীয়ে এসময়ত কৰ্ণাটকৰ চিকমেংগলুৰ আৰু ছোনীয়া গান্ধীয়ে বেল্লাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা  কৰি বিজয়ী হৈছিল। যেতিয়াই গান্ধী পৰিয়ালৰ সদস্যৰ জয়ক লৈ শংকা হৈছে তেতিয়াই দক্ষিণ ভাৰতে তেখেতসকলক সহায় কৰিছে। ২০১৯ৰ ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা  কৰিবলগীয়া দ্বিতীয় সমষ্টিটো এতিয়াও চুৰান্ত হোৱা নাই যদিও ৪ টা সমষ্টিক লৈ আলোচন চলি আছে। সেইকেইটা হ’ল কৰ্ণাটকৰ চিকবেল্লাপুৰ য’ত  বৰ্তমান বিৰাপ্পা মইলী সাংসদ হৈ কাৰ্যনিৰ্বাহ কৰি আছে। কৰ্ণাটকৰ আন এটা সমষ্টি চামৰাজপেট য’ত কংগ্ৰেছ শক্তিশালী স্হিতিত আছে সেই সমষ্টিটো ৰাহুলক দিয়াৰ চিন্তা চৰ্চা চলি আছে। যদি ৰাহুল গান্ধীক দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা  কৰোৱাৰ সিদ্ধান্ত লোৱা হয় তেন্তে বিজেপিয়ে কংগ্ৰেছক আক্ৰমন কৰাৰ আন এপাট অস্ত্র পাই যাব। যদি মাত্র এটা সমষ্টিত নিৰ্বাচন খেলি ৰাহুলে বিজয়ী হ’ব নোৱাৰে তেন্তে কংগ্ৰেছ দলৰ ভবিষ্যত অন্ধকাৰ বুলি কলেও বঢ়াই কোৱা নহব কাৰণ গান্ধী পৰিয়ালেই কংগ্ৰেছ দলক এক গোট কৰি ৰাখি আছে। এই বিষয়ে কংগ্ৰেছ দলে ৪ ৰাজ্যৰ নিৰ্বাচনৰ পিছত সিদ্ধান্ত ল’ব বুলি জনা গৈছে।