২০১৯ত শীৰ্ষত থকা ১০ টা ৰাজনৈতিক ঘটনা

1753

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


 ৰাজনীতি অসম ‘ ৰ প্ৰতিজন পঢ়ুৱৈক নতুন বছৰৰ শুভ কামনা জনালোঁ । প্ৰতিবছৰে ৩১ ডিচেম্বৰৰ পিছৰ দিনটোত আমি পালন কৰো নৱবৰ্ষ । আগৰ বছৰত ঘটি যোৱা ভাল খৱৰবোৰে প্ৰেৰণা দিয়ে আৰু ইয়াৰ লগে লগে পাহৰি পেলাবলৈ চেষ্টা কৰো বেয়া খৱৰ বিলাক । ২০২০ চনৰ পৰা প্ৰায় পঞ্চাশটা বছৰ আগতেই ভুপেন হাজৰিকা দেৱে লেখিছিল ‘ যুবতী অনামিকা গোস্বামী গীতটো । মানুহৰ সমস্যা ,  উচ্চ নীচ স্বীকৃত সমাজখন একেই আছে দুই এটা সৰু ঘটনাক বাদ দি । আকাশীযানেৰে মানুহ চন্দ্ৰ পোৱা দিনত অনামিকা আৰু প্ৰশান্তৰ মাজত জাত -পাতে বাধাৰ সৃষ্টি কৰিছিল । এতিয়া আকাশীযানে মংগল পালে  , যদিও মানুহৰ মনবোৰ প্ৰায় একে থাকিল । এতিয়াও জাত – পাতৰ পৰা মুক্ত নহয় ভাৰতীয় সমাজ ।  অাহক সংকল্প লওঁ যে আগন্তুক দহ বছৰত অন্তত: এই কুপ্ৰথাৰ পৰা আমি মুক্ত হ’ব পাৰো ।
যোৱা বছৰত বহু ৰাজনৈতিক পৰিঘটনা দেশখনত সংঘটিত হ’ল। কিছু আকাংক্ষিত , কিছু অনাকাক্ষিত। আমাৰ দৃষ্টিত যোৱা বছৰৰ শীৰ্ষ ১০ টা ৰাজনৈতিক পৰিঘটনাঃ
১) ২০১৯ চনৰ ২৩ মে তাৰিখে দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ল। কোনোৱে কৈছিল বিজেপিয়ে ২০০ আসন পাব ; আন কোনোৱে কৈছিল ২৫০ খন । কিন্তু সকলোকে আচৰিত কৰি বিজেপিয়ে অকলে ৩০৩ খন আসন পাবলৈ সক্ষম হয়। সকলো ৰাজনীতিৰ পণ্ডিতক আচৰিত কৰি বিজেপিয়ে অকলে সংখ্যাগৰিষ্ঠতা লাভ কৰে। পশ্চিমবংগত ১৮ খন আসন লাভ কৰি বিজেপিয়ে সকলোৰে চকু কপালত তোলে। অসমতো প্ৰথমবাৰৰ বাৰে বিজেপিয়ে লাভ কৰে ৯ খন আসন।
২) ৫ আগষ্ট ২০১৯ সোমবাৰৰ দিনা ভাৰতৰ ৰাইজে পালে আৰু এটা ডাঙৰ খবৰ। সকলোকে হতচকিত কৰি চৰকাৰে কাশ্মীৰৰ পৰা আৰ্টিকল ৩৭০ বাতিল কৰাৰ সিদ্ধান্ত ল’লে। আগতীয়াকৈ কোনোৱে একো জনা নাছিল। ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহে  সংসদত ঘোষণা কৰিলে। জন্মু-কাশ্মীৰৰ পৰা লাডাখক পৃথক কৰি কেন্দ্ৰীয় শাসিত অঞ্চল কৰা হ’ল। জন্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ পৰা অবনমিত কৰি গৃহ বিভাগ কেন্দ্ৰৰ ওচৰত ৰাখিলে।
৩) ১১ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদে পাৰিত কৰিলে। লগে লগে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতত ২০১৪ চনলৈ প্ৰবেশ কৰা হিন্দু, জৈন, শিখ, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মৰ মানুহে নাগৰিকত্ব পোৱাৰ বাট মুকলি হ’ল। অসমত বিৰোধ হ’ল। এই আন্দোলন লাহে লাহে অন্য ৰাজ্যলৈ বিয়পি গ’ল। বহু মানুহৰ মৃত্যু হ’ল। আন্দোলন এতিয়াও চলি আছে।
 ৪) মহাৰাষ্ট্ৰত কংগ্ৰেছ – শিৱসেনা- এন.চি.পিয়ে চৰকাৰ গঠন কৰা এটা উল্লেখযোগ্য ৰাজনৈতিক ঘটনা।বিজেপিৰ সৈতে ২৮ বছৰীয়া মিত্রতা চিন্ন কৰি উদ্ধৱ থাকৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী হ’ল। প্ৰথমবাৰৰ বাবে থাকৰে পৰিয়ালৰ এজন ব্যক্তিয়ে সাংবিধানিক পদ গ্ৰহণ কৰি ৰাজ্য চলোৱাৰ গুৰু দায়িত্ব ললে।
৫) ঝাৰখণ্ডত বিজেপিৰ পৰাজয় হ’ল। শিবু চোৰেনৰ পুত্র হেমন্ত চোৰেন মুখ্যমন্ত্রী হ’ল। ৰাজ্যৰ প্ৰথম মুখ্যমন্ত্রী যিজন জনজাতীয় নাছিল , নিজে নিৰ্বাচনত সৰয়ু ৰায়ৰ হাতত পৰাজিত হয়।
৬) চিদাম্বৰমৰ জেলযাত্রাইও বাতৰিৰ শিৰোনামা দখল কৰে। আই.এন.এক্স মিডিয়া কেছত তিহাৰ জেলত বন্দী আছিল প্ৰাক্তন গৃহমন্ত্রী চিদাম্বৰম। কিছুদিন আগতে জেলৰ পৰা মুক্তি পাই মুকলি আকাশৰ তল পায় দক্ষিণৰ নেতাজনে।
৭) পুলৱামাত আৰ্মীক আক্ৰমণ কৰি হত্যা কৰা ঘটনাটোৱে বছৰৰ আৰম্ভনিতে ৰাইজক জোকাৰি গৈছিল। ভাৰতে তাৰ প্ৰত্যুত্তৰত বালাকোটত পাকিস্তানী সন্ত্রাসবাদী নিহত কৰিলে বুলি দাবী কৰিছে।
 ৮) যোৱা সাধাৰণ নিৰ্বাচনৰ আগত  উচ্চ বৰ্ণৰ আৰ্থিকভাবে পিছ পৰা ১০% মানুহক সংৰক্ষণ দিয়াৰ সিদ্ধান্ত লৈছিল মোদী চৰকাৰে। এই সংৰক্ষণ বাকী পিছপৰা জাতি-জনজাতিয়ে পোৱা সংৰক্ষণৰ বাহিৰত আছিল। সেয়ে ইয়াৰ প্ৰতিবাদ কোনেও নকৰিলে।
৯) ৰাহুল গান্ধীৰ সভাপতি পদ ত্যাগ আৰু তাৰ পিছৰ ৰাজনৈতিক ঘটনাক্ৰম যঠেষ্ট গুৰুত্বপূৰ্ণ আছিল। কংগ্ৰেছৰ সভানেত্রী পদত পুনৰ উভতি আহে ছোনীয়া গান্ধী। এতিয়াও নিশ্চিয হোৱা নাই চোনীয়া গান্ধী আৰু কিমান দিন সভানেত্রী হৈ থাকিব।
১০) ২০১৯ত বহুকেইজন ৰাজনৈতিক নেতা-নেত্রী এই ইহ-সংসাৰৰ পৰা বিদায় মাগে। তাৰ ভিতৰত অন্যতম আছিল সুষমা স্বৰাজ, অৰুণ জেটলী, শীলা দিক্ষিত আৰু মনোহৰ পাৰিকৰ।