২০১৯ ত কংগ্ৰেছে নিৰ্বাচন খেলিব মাত্র ২৫৪ খন আসনত ?

26222

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


কৰ্ণাটকৰ মুখ্যমন্ত্রী কুমাৰস্বামীৰ জনতা দল ( চেকুলাৰ) এ বিধান সভা নিৰ্বাচনত পাইছিল মাত্র ৩৭ খন আসন। ৮০ খন আসন পোৱা কংগ্ৰেছ উপ মুখ্যমন্ত্রীৰ আসনতে সন্ত্তষ্ট আছে। কংগ্ৰেছে ভালকৈ জানে যে মুখ্যমন্ত্রীৰ আসনখনৰ লোভ সম্বৰণ কৰিব নোৱাৰিলে এই ৰাজ্যখনো বিজেপিৰ হাতলৈ গ’লহেতেন । ১৮ খন ৰাজ্য (২১ খন এন.ডি.এ) নিজৰ দখললৈ নিয়া বিজেপিৰ অশ্বমেধ ঘোঁৰাক বাধা দিবলৈ এই বলিদান জৰুৰী আছিল। বিজেপিৰ উত্থানক বাধা দিয়াই এতিয়া কংগ্ৰেছৰ প্ৰধান এজেণ্ডা । মোডীয়ে যাতে ২০১৯ ত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে তাৰ বাবেও কংগ্ৰেছে চেষ্টা অব্যাহত ৰাখিছে । ৰাষ্ট্ৰীয় স্তৰত মহাজোঁটৰ পোষকতা কৰা কংগ্ৰেছে আনকি অনা কংগ্ৰেছী দলৰ পৰা প্ৰধান মন্ত্রী স্বীকাৰ কৰিবলৈ মানসিক ভাবে প্ৰস্ত্তত হৈছে। সেই কাৰণে মমতা বেনাৰ্জী, চন্দ্ৰবাবু নাইডু, মুলায়াম সিং যাদব আদিৰ নাম সম্ভাবিত প্ৰধান মন্ত্রীৰ বাবে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা হৈছে । কংগ্ৰেছে বুজি উঠিছে যে অকলে মোডীক পৰাজিত কৰা তেওঁলোকৰ বাবে সম্ভব নহয় । সেইবাবে লোকসভা নিৰ্বাচনৰ আগতে বিভিন্ন ৰাজ্যত আঞ্চলিক দলবোৰৰ লগত মিত্রতাৰ চেষ্টা কৰিব কংগ্ৰেছ । উত্তৰ প্ৰদেশত সমাজবাদী, বহুজন সমাজ পাৰ্টী, বিহাৰত ৰাষ্ট্ৰীয় জনতা দল, কৰ্ণাটকত জনতা দল (চেকুলাৰ), তামিলনাডুত ডি.এম.কে আদিৰ লগত মিত্ৰতাৰ বাবে ইতিমধ্যে আলোচনা আৰম্ভ হৈছে । কিছুমান প্ৰদেশ য’ত কংগ্ৰেছৰ অবস্হা ভাল যেনে পঞ্জাব, ৰাজস্হান , মধ্যপ্ৰদেশ আদিত তেওঁলোকে অকলে নিৰ্বাচন খেলিব । কিন্ত্ত ইমান দলৰ লগত মিত্ৰতা কৰিলে কংগ্ৰেছে নিজে কেইখন আসনত প্ৰতিদ্বন্দ্বীতা কৰিব ? বিশেষকৈ উত্তৰ প্ৰদেশৰ দৰে ডাঙৰ ৰাজ্যত মায়াবতীয়ে তেওঁলোকক দুখনতকৈ বেছি আসন  এৰি দিয়াৰ ইচ্ছা কৰা নাই । বিশেষ সুত্রৰ পৰা পোৱা খবৰ অনুসৰি  বিভিন্ন ৰাজ্যত কংগ্ৰেছে প্ৰতিদ্বন্দ্বীতা কৰিবলগীয়া আসনৰ  সংখ্যা তলত উল্লেখ কৰা হ’ল।
কংগ্ৰেছে অকলে নিৰ্বাচন খেলিব লগীয়া ৰাজ্য আৰু মুঠ আসন :
উত্তৰ পূৰ্বাঞ্চলঃ ২৫
গুজৰাটঃ ২৬
ৰাজস্হানঃ ২৫
মধ্যপ্ৰদেশঃ ২৯
চত্তিছগড়ঃ ১১
পঞ্জাব ১৩
হাৰিয়ানাঃ ১০
দিল্লীঃ৭
উৰিষ্যা ২১
কেৰেলাঃ২০
উত্তৰাখণ্ডঃ ৫
হিমাচল প্ৰদেশঃ ৪
গোৱাঃ ২
অন্যঃ৬
মুঠঃ ১৬৬
অন্য দলৰ লগত মিত্রতা কৰাৰ ফলত তলৰ ৰাজ্য কেইখনত কংগ্ৰেছে নিৰ্বাচন খেলিব লগীয়া আসনৰ সংখ্যা:
উত্তৰ প্ৰদেশঃ ৫
বিহাৰঃ ৭
মহাৰাষ্ট্ৰঃ ২৫
কৰ্ণাটকঃ ২০
পশ্চিমবংগ: ৪
ঝাৰখণ্ডঃ ৪
জন্মু কাশ্মীৰঃ৩
তামিলনাডুঃ ৫
অন্ধ্ৰ- তেলেংগানাঃ ১৫
মুঠ ৮৮
কংগ্ৰেছে প্ৰতিদ্বন্দ্বীতা কৰিবলগীয়া মুঠ আসনৰ সংখ্যা
বিভিন্ন ৰাজ্যত কংগ্ৰেছে প্ৰতিদ্বন্দ্বীতা কৰিব লগীয়া আসন বোৰৰ সংখ্যা হিচাপ কৰিলে দেখা যায় যে মুঠ আসনৰ সংখ্যা ২৫৪ খন । বিহাৰত ৰাষ্ট্ৰীয় জনতা দলৰ লগত মিত্রতা হ’লে কংগ্ৰেছে ৭ খনতকৈ বেছি আসন নাপায় । উত্তৰ প্ৰদেশত কংগ্ৰেছৰ  মিত্ৰ দলবোৰে  যদিও তেওঁলোকক ২ খন আসন দিয়াৰ কথা কৈ আছে কিন্ত্ত শেষলৈ ই ৫ খনলৈ বৃদ্ধি পোৱাৰ সম্ভাবনা আছে ।  কৰ্ণাটকত ইতিমধ্যে আসনৰ ভাগ বতৰা হৈ গৈছে । সেইমৰ্মে কংগ্ৰেছে তাত ২০ খনত আৰু জনতা দলে ৮ খন আসনত প্ৰতিদ্বন্দ্বীতা কৰিব । পশ্চিমবংগত তৃণমূল কংগ্ৰেছ আৰু তামিলনাডুত ডিএমকেৰ লগত কংগ্ৰেছৰ মিত্রতাৰ আলোচনা চুড়ান্ত পৰ্যায়ত চলি আছে । এনেদৰে যিকেইখন ৰাজ্যত কংগ্ৰেছ সাংগঠনিক ভাবে সিমান শক্তিশালী নহয় তাত তেওঁলোকে মিত্র বিচাৰি পাইছে আৰু উমৈহতীয়া ভাবে তেওঁলোকে মোডীক প্ৰত্যাহ্বান জনাব । কিন্তু ভাৰতৰ প্ৰধান বিৰোধী দলটোৱে কিয় মাত্র ২৫৪ খন আসনত সীমাবদ্ধ থাকিল সেইটোৱো তেওঁলোকৰ বাবে আত্মচিন্তনৰ কাৰণ ।
কংগ্ৰেছে কিমানখন আসন পোৱাৰ সম্ভাবনা আছে?
অকলে প্ৰতিদ্বন্দ্বীতা কৰিবলগিয়া ৰাজ্য উৰিষ্যা আৰু দিল্লীত কংগ্ৰেছ খুব দুৰ্বল । এই দুখন ৰাজ্যত এখন আসন পালেও তেওঁলোক বোধহয় আনন্দিত হব ।  উত্তৰ পূৰ্বাঞ্চলত বিজেপিয়ে নিজৰ সংগঠন মজবুত কৰিছে । ইয়াত কংগ্ৰেছে ৫ খনতকৈ বেছি আসন লাভ কৰাৰ আশা কৰিব নোৱাৰে । ২০১৪ নিৰ্বাচনত উত্তৰ আৰু পশ্চিম ভাৰতৰ ৰাজ্যবোৰত বিজেপিয়ে ক্লিন চুইপ কৰিছিল । এই ৰাজ্যবোৰত কংগ্ৰেছে এইবাৰ নিশ্চিত ভাবে নিজৰ প্ৰদৰ্শন উন্নত কৰিব । কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বীতা কৰিবলগীয়া অসনৰ সংখ্যা ১৬৬। ইয়াৰে কংগ্ৰেছে অতি কমেও ৩০% আসন লাভ কৰাৰ আশা কৰিব। সেয়ে অকলে প্ৰতিদ্বন্দ্বীতা কৰা ৰাজ্যবোৰৰ পৰা কংগ্ৰেছে প্ৰায় ৪৮ খন আসন লাভ কৰাৰ সম্ভাবনা আছে।
তুলনামূলক ভাবে মিত্রজোঁট থকা ৰাজ্যকেইখনত কংগ্ৰেছৰ প্ৰদৰ্শন উন্নত হব। উত্তৰ প্ৰদেশত মহাজোঁট হ’লে বিজেপিৰ বিপদ অনিবাৰ্য । মহাৰাষ্ট্ৰতো কংগ্ৰেছৰ প্ৰদৰ্শন উন্নত হোৱাৰ থল আছে। বাকী ৰাজ্য যেনে বিহাৰ, কৰ্ণাটক আদিতো কংগ্ৰেছে ভাল কৰিব । মিত্রতা কৰা ৰাজ্যকেইখনত কংগ্ৰেছে ৫০% আসন লাভ কৰাৰ সম্ভাবনা আছে অৰ্থাৎ ৪৪ খন আসন । সকলো মিলি আমাৰ হিচাপ মতে এই পৰ্য্যন্ত ৯২ খন আসন কংগ্ৰেছে লাভ কৰিব পাৰে । বিজেপিয়ে ২০০তকৈ কম আসন পালে কংগ্ৰেছে ক্ষেত্রীয় দলৰ লগত লগ লাগি চৰকাৰ গঠন কৰাৰ প্ৰচেষ্টা চলাব পাৰে ।
মনত ৰখা ভাল হ’ব যে আমাৰ এই বিশ্লেষণ বৰ্তমান পৰিস্হিতিৰ ওপৰত নিৰ্ভৰ কৰি তৈয়াৰ কৰা হৈছে । অনাগত দিনৰ পৰিবৰ্তিত সকলো ৰাজনৈতিক ঘটনাৰ ওপৰত আমাৰ চোকা দৃষ্টি থাকিব। সেই অনুযায়ী আমি আমাৰ ৰাজনৈতিক বিশ্লেষণ আপোনালোকলৈ আগবঢ়াম।