২০১৯ নিৰ্বাচনঃ এইসকল পাঠকে কৰিছিল সঠিক অনুমান

1969
‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ৰাজনীতি অসমে ৰাইজক এটা সুযোগ দিছিল এটা ৩২ ইঞ্চিৰ ৰঙীন টিভি লাভ কৰাৰ। মাৰ্চ ২০১৯ খণ্ডৰ ৰাজনীতি অসমৰ অ’পিনিয়ন পলত অসমৰ ৰাইজে লোকসভা নিৰ্বাচনৰ ফলাফল সম্বন্ধে পুৰ্বানুমান কৰিছিল। ৰাইজৰ ব্যাপক সহাৰি লাভ কৰা এই অ’পিনিয়ন প’লত আমাৰ চাৰিটা প্ৰশ্ন আছিলঃ
১) অসমৰ পৰা বিজেপিয়ে কিমান আসন পাব?
২) গোটেই ভাৰতৰ পৰা বিজেপিয়ে কিমান আসন পাব?
৩) অসমৰ পৰা কংগ্ৰেছে কিমান আসন পাব?
৪) গোটেই ভাৰতৰ পৰা কংগ্ৰেছে কিমান আসন পাব?
গোটেই চাৰিটা অনুমান শুদ্ধকৈ কৰিব পাৰা জনে আমাৰ পৰা পালেহেতেন এটা ৩২ ইঞ্চিৰ টিভি।  আমাৰ অ’পিনিয়ন প’লত ভাগ লোৱা কোনো এজনে সম্পূৰ্ণ সঠিককৈ অনুমান কৰিব নোৱাৰিলে যদিও কেইজনমানৰ অনুমান আছিল বাস্তবৰ ওচৰা ওচৰি। এনে তিনিজন পাঠকৰ নাম তলত উল্লেখ কৰা হ’লঃ
তুশাৰ ভৌমিকঃ  ৯, ৩‍১৯, ৩, ৫৮
মোহন প্ৰধানীঃ  ৮, ৩০২, ৪, ৫০
ৰিপন সাহাঃ  ৮, ৩০০, ৩, ৭০
যদিও ১০০% শুদ্ধ নহ’ল তথাপিও মোহন প্ৰধানী আছিল আচল ফলাফলৰ সকলোতকৈ ওচৰত। মোহন প্ৰধানীক আমাৰ ফালৰ পৰা দিয়া হ’ব এটা আকৰ্ষনীয় পুৰস্কাৰ।
মে মাহৰ অ’পিনিয়ন প’লত আমাৰ প্ৰশ্ন আছিল “লোকসভা নিৰ্বাচনত কোন সকলোতকৈ বেছি ব্যবধানত জয়ী হ’ব। আমাৰ অ’পিনিয়ন প’লৰ ফলাফল এনে ধৰনৰঃ
গৌৰৱ গগৈঃ ১৯.৩%
কুইন ওজাঃ ১৮.৬%
ৰামেশ্বৰ তেলীঃ ১৩.৯%
প্ৰদান বৰুৱাঃ ১৩.৬%
নৱ শৰণীয়াঃ ১৩.৬%
সুস্মিতা দেৱঃ ২.৭%
অন্যঃ ১৮.৩%
লোকসভা নিৰ্বাচনৰ ফলাফল যোৱা ২৩ মেত প্ৰকাশ পালে। ডিব্ৰুগড়ৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী বিজয়ী হ’ল সকলোতকৈ বেছি ভোটৰ ব্যবধানত।
সঠিক অনুমান কৰা ১৩.৯% লোকৰ ভিতৰত আমি লটাৰি যোগে নিৰ্বাচিত কৰিছো এজন ব্যক্তি যিয়ে পাব এটা আকৰ্ষনীয় পুৰস্কাৰ। লটাৰি যোগে নিৰ্বাচিত হোৱা ব্যক্তিজন হ’ল মিঠু দত্ত। তেখেতলৈ ৰাজনীতি অসমৰ ফালৰ পৰা অভিনন্দন !!