২০১৯ নিৰ্বাচন: ৫ টা সমষ্টিৰ ফলাফলক লৈ উৎকন্ঠা

4435

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত নিৰ্বাচনী যুঁজখন সকলোতকৈ আকৰ্ষনীয় হ’ব বুলি অনুমান কৰা হৈছে কলিয়াবৰ, নগাওঁ, মংগলদৈ, যোৰহাট আৰু তেজপুৰত। বিশেষকৈ হাই প্ৰফাইল প্ৰাৰ্থীয়ে এই ৫ টা সমষ্টিৰ ফলাফলক লৈ ৰাইজৰ মাজত উৎসুকতাৰ সৃষ্টি কৰিছে। বাকী ৯ টা সমষ্টিৰ ভিতৰৰ ২ টা বৰাক উপত্যকা আৰু এটা অ’টনমাছ জিলাৰ য’ত ৰাজনীতি অলপ সুকীয়া। ধুবুৰীত আজমল আৰু বৰপেটাত খালেকৰ জয় প্ৰায় নিশ্চিত। কোকৰাঝাৰত বড়ো-অনাবড়োক লৈ ৰাজনৈতিক সমীকৰণ। গুৱাহাটী বিজেপিৰ বাবে সুৰক্ষিত অাসন। ডিব্ৰুগড়ত যোৱাবাৰৰ দুই  প্ৰাৰ্থী ঘাটোৱাৰ আৰু তেলী পুনৰ ৰণত নামিছে। সেয়ে তাত কোনো নতুনত্ব নাই। লক্ষীমপুৰত কংগ্ৰেছে এজন শক্তিশালী প্ৰাৰ্থী দিলে খেলখন জমিল হেতেন। সেয়েহে শেষত গৈ এই ৫ সমষ্টি কলিয়াবৰ, নগাওঁ, মংগলদৈ, যোৰহাট আৰু তেজপুৰক লৈ ৰাইজৰ মাজত সৰ্বাধিক চৰ্চা হোৱা দেখা গৈছে।
কলিয়াবৰঃ সাংসদ গৌৰৱ গগৈৰ সন্মুখত এইবাৰ প্ৰাক্তন আছু নেতা মণি মাধৱ মহন্ত। দুই যুৱ নেতাৰ প্ৰাৰ্থীত্বই নিৰ্বাচনী যুঁজখন আকৰ্ষনীয় কৰি তুলিছে। যোৱাবাৰ নিৰ্বাচনত গৌৰৱে বিজেপিৰ মৃণাল শইকীয়াক প্ৰায় ১ লাখ ভোটত পৰাজিত কৰিছিল।
২০১৬ বিধানসভা নিৰ্বাচনত প্ৰায় সমানে সমানে থাকে কংগ্ৰেছ আৰু বিজেপিঃ
সাংসদ হিচাপে নিজৰ কাৰ্য্যকালত খুব সক্ৰিয় আছিল জুনিয়ৰ গগৈ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও তেওঁক গুৰুত্ব দিছিল। ইয়াৰ কাৰণ আছিল গৌৰৱ গগৈয়ে খুব ভাল হিন্দী তথা ইংৰাজী কব পাৰে। হিন্দী বা ইংৰাজী কব পাৰিলেও কিন্তু অসমীয়াত দুৰ্বল গৌৰৱ। ইয়াৰ উপৰিও অসমৰ বায়ু- পানীৰ পৰা বহুদিন দুৰত থকা বাবে ইয়াৰ সমস্যাৰাজীৰ সৈতে সিমান একাত্ম নহয় যেন অনুমান হয়। কেইদিনমান আগতে আছু ত্যাগ কৰি অগপত যোগদান কৰা মণি মাধৱে ইতিমধ্যে জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰিছে। তেওঁক যঠেষ্ট আত্মবিশ্বাসী যেন লাগিছে। কলিয়াবৰত যিহেতু এইবাৰ এ.আই.ইউ.দি.এফৰ প্ৰাৰ্থী নাই তেনে ক্ষেত্রত সংখ্যালঘুৰ ভোটবোৰ কংগ্ৰেছে লাভ কৰিব বুলি অনুমান কৰিব পাৰি। গতিকে গৌৰৱ গগৈৰ দ্বিতীয়বাৰৰ বাবে দিল্লী যাত্রাৰ পথ সুগম বুলি ধাৰণা হয়। ১৯৯৫ চনত কেশৱ মহন্তৰ হাতত পৰাজিত হৈছিল তৰুণ গগৈ। ২০১৯ত কেশৱ মহন্তৰ ভাতৃৰ হাতত পৰাজিত হ’ব নেকি তৰুণ গগৈৰ পুত্র? এনে হোৱাৰ সম্ভাবনা আমি দেখা নাই।
তেজপুৰঃ প্ৰাক্তন আই.এ.এছ বিষয়া এম.জি.ভি.কে ভানুৱে প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছত এই সমষ্টিক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা। বহু চিন্তা চৰ্চা কৰাৰ পিছত বিজেপিয়ে চাহ জনগোষ্ঠীৰ শক্তিশালী নেতা আৰু মন্ত্রী পল্লৱলোচন দাসক প্ৰাৰ্থীত্ব দিয়ে।
তেজপুৰত বহু সংখ্যক চাহ জনগোষ্ঠীৰ ভোটাৰ আছে। ইয়াত নেপালী ভোটাৰৰ সংখ্যাও কম নহয়। ২০১৪ চনত আৰ.পি শৰ্মাই কংগ্ৰেছৰ ভূপেন বৰাক ১ লাখৰো অধিক ভোটৰ ব্যবধানত পৰাস্ত কৰি ইয়াৰ পৰা নিৰ্বাচিত হৈছিল। ২০১৬ বিধানসভা নিৰ্বাচনত তেজপুৰ লোকসভাৰ অন্তৰ্গত আটাইকেইতা বিধানসভা সমষ্টিত জয়ী হৈছিল বিজেপি। ২০১৬ বিধানসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছ দল কোনে কিমান ভোট পাইছিল সেয়া তলত উল্লেখ কৰা হ’লঃ
২০১৬ৰ হিচাপ মতে বিজেপয়ে ইয়াত অনায়াসে বিজয়ী হ’ব লাগিছিল। কিন্তু প্ৰশ্ন হৈছে আৰ.পি শৰ্মাৰ বিদ্ৰোহে বিপদত পেলাব নেকি বিজেপিক? নেপালী ভোটাৰৰ সমৰ্থনৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব প্ৰাৰ্থীৰ জয় পৰাজয়। ভানু বহিৰাগত প্ৰাৰ্থী বুলি বিজেপিয়ে প্ৰচাৰ চলাইছে তাত কিমানখিনি সফল হয় সেয়া সময়ে কব। এটা কথা ঠিক যে বৰ্তমান নিৰ্বাচনী প্ৰেক্ষাপত চাই বৰ্তমানলৈ বিজেপি তেজপুৰত আগবাঢ়ি আছে।
মংগলদৈঃ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুবনেশ্বৰ কলিতা বনাম বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ মাজৰ যুঁজখন আকৰ্ষনীয় হ’ব বুলি অনুমাণ কৰা হৈছে। ২০১৪ চনত বিজেপিৰ ৰমেন ডেকাই খুব কম ভোটৰ ব্যবধানত পৰাজিত কৰিছিল কিৰিপ চলিহাক। তেতিয়া অবশ্যে বিজেপিৰ লগত নাছিল বিপিএফ আৰু অগপ। বিপিএফৰ এই সমষ্টিটোত প্ৰভাব আছে। বৰ্তমান মংগলদৈ লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টিবোৰৰ ৪টাত বিপিএফৰ বিধায়ক আছে। ২০১৬ চনৰ নিৰ্বাচনী ফলাফলেও ইয়াত বিজেপি আৰু বিপিএফৰ শক্তিশালী স্হিতিৰ ইংগিত দিয়েঃ
২০১৬ত বিজেপি মিত্রজোট ২ লাখৰো অধিক ভোটত আগবাঢ়ি আছিল। একমাত্র দলগাওঁ সমষ্টিটোত জয়ী হ’ব পাৰিছিল কংগ্ৰেছে। সেই ফালৰ পৰা মংগলদৈ বিজেপিৰ বাবে আছিল সুৰক্ষিত আসন। কিন্তু প্ৰাৰ্থী নিৰ্বাচন কৰোতে বিজেপিৰ কিছু খেলিমেলি হোৱা যেন অনুমান হয়। কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীজন দুৰ্বল। পুৰণা আৰ.এছ.এছ কৰ্মী দিলীপ শইকীয়া সৎ মানুহ বুলি বহুতে কব খোজে। অবশ্যে তেও দিল্লীলৈ গ’লে অসমৰ হৈ যে কিবা মাত মাতিব পাৰিব তাক লৈ ৰাইজ সন্দিহান। যোৱাবাৰৰ নিচিনা মোদী ঢৌ আহিলে কথাটো বেলেগ হ’ব অনথ্যা ভুল প্ৰাৰ্থী বাচনিৰ ফল ভোগ কৰিব লাগিব বিজেপিয়ে।
নগাঅঁঃ যোৱা ২০ বছৰ নগাঅঁ লোকসভা সমষ্টি বিজেপিৰ দখলত আছে। এই সমষ্টিটো পুনৰ উদ্ধাৰৰ দায়িত্ব দিছে কংগ্ৰেছে প্ৰাক্তন মন্ত্রী প্ৰদ্যুত বৰদলৈক। বহু বিচাৰ বিবেচনাৰ পিছত শেষ মুহুৰ্তত বিজেপিৰ প্ৰাৰ্থী হ’ল ৰুপক শৰ্মা। নগাঅঁ সদৰ বিধানসভাৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা শৰ্মাৰ সন্মুখত কঠিন প্ৰত্যাহ্বান আছে সেয়া নিশ্চিত। যোৱা ২০১৬ ৰ বিধানসভাৰ ফলাফল চালে  দেখা  যায় যে ইয়াত বৃহৎ ব্যবধানত আগবাঢ়ি আছিল বিজেপি।
প্ৰাৰ্থী নিৰ্বাচনত হোৱা সমস্যাবোৰক নেওচি কেনেকৈ ৰুপক শৰ্মাই প্ৰদ্যুত বৰদলৈক প্ৰত্যাহ্বান জনায় সেইটো লক্ষণীয় হ’ব।বঙালী হিন্দুৰ ভোট এতিয়াও বিজেপিৰ পক্ষত। আনহাটে এ.আই.ইউ.দি.এফে প্ৰাৰ্থী নিদিয়াৰ ফলত লাভবান হ’ব কংগ্ৰেছ। অসমৰ গোটেইকেইটা সমষ্টিৰ ভিতৰত অন্যতম  আকৰ্ষনীয় হ’ব নগাঅঁৰ যুঁজখন। ইয়াত বিজয়ী প্ৰাৰ্থীজনৰ  জয়ৰ ব্যবধান ২০,০০০ ৰ বেছি নহ’ব যেন লাগে।
যোৰহাটঃ যোৰহাট সমষ্টি আছিল কংগ্ৰেছৰ দুৰ্গ। কিন্তু  মোদী ঢৌৰ সহায়ত ২০১৪ চনত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাই কংগ্ৰেছৰ ৭ বাৰ বিজয়ী প্ৰাৰ্থী বিজয় কৃঞ্চ সন্দিকৈক প্ৰায় ১ লাখ ভোটৰ ব্যবধানত পৰাস্ত কৰে। ২০১৬ বিধানসভাৰ নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিবোৰৰ ভোট হিচাপ কৰিলে দেখা যায় যে বিজেপি আৰু কংগ্ৰেছৰ মাজৰ ব্যবধান যঠেষ্ট হ্ৰাস পাইছে।
পৰাজয়ৰ কথা চিন্তা কৰিয়েই হইতো বিজেপিয়ে নিজৰ প্ৰাৰ্থী সলনি কৰিছে। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান শক্তি মন্ত্রী  তপন গগৈৰ প্ৰাৰ্থিত্বই অবশ্যে সমীকৰণ বহুখিনি সলনি কৰি দিলে। কংগ্ৰেছৰ সুশান্ত বুঢ়াগোহাঁই ‍আৰু তপন গগৈৰ মাজৰ যুঁজ খন আকৰ্ষনীয় হৈ গৈ আছে। ১৪ টা সমষ্টিৰ ভিতৰত যোৰহাটৰ ফলাফলকলৈ ৰাইজৰ সকলোতকৈ বেছি উৎকন্ঠা বুলি মনে ধৰে। এতিয়ালৈ ৫০-৫০ , অনাগত দিনত স্পষ্ট হ’ব ৰাইজ কাৰ পক্ষত।