নিৰ্বাচন ২০১৯ : ১৪ টা সমষ্টিত কোনে মাৰিব শেষ হাঁহি ?

3276
     ■   প্ৰফুল্ল  কলিতা

অপ্ৰিয় হ’লেও এই কথা ক’বলৈ আমি দ্বিধাবোধ নকৰিম যে,  অসমখন   দ্বিতীয় কাশ্মীৰ হ’ব বুলি বাৰম্বাৰ ভয় আৰু শংকাৰ সৃষ্টিৰে  সাধাৰণ জনতাক ( ভোটাৰক  বশীভুত ) মোহচন্ন কৰিবলৈ  সক্ষম হৈছে বৰ্তমানৰ  বিজেপি চৰকাৰৰ নেতৃবৰ্গই । তাৰোপৰি সাধুকথাৰ ভয়লগা চৰিত্ৰৰ বৰ্ণনাৰে শিশু,  কেচুৱাক টোপনি খেদোৱাঁ দৰে মাননীয় সাংসদ বদৰুদ্দিন আজমলৰ দলৰ লুঙি , টুপি আৰু দাড়িৰ বৰ্ণনাৰে , কাৰ্য-কুশলতা জনগণৰ মাজত  বিশেষভাৱে দাঙি ধৰি বিজেপি নেতৃত্বই  অসমৰ ৰাজনীতিত সাফল্যৰ জোৱাৰ তুলিবলৈ আগবাঢ়িছে । অনস্বীকাৰ্য  তাত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অৰিহনা আছে অনেক । এসময়ত সেই একেগৰাকী বদৰুদ্দিনকলৈ সন্মানীয় তৰুণ গগৈয়ে দিচপুৰৰ মচনদ দখল কৰিছিল – ‘হু ইজ বদৰুদ্দিন’ বাণীৰে ।  বিজেপিৰ নানা আহুকালৰ পাছতো আমাৰদৰে সাধাৰণ  ৰাজনৈতিক  পৰ্যবেক্ষক সকলে ধাৰণা কৰা মতে – জনসাধাৰণে  শক্তিশালী বিকল্পৰ অভাবত ভুগি এইবাৰৰ নিৰ্বাচনতো  পুনঃশ্চ  বিজেপিকে ভোট যুদ্ধত জয়ী কৰাবলৈ আগবাঢ়িছে যেন লাগে । ইয়াত আচৰিত হ’ব লগীয়া একো নাই । অৱশ্যে গণতন্ত্ৰ সবল হৈ থকাৰ স্বাৰ্থত বিৰোধী শক্তি  শক্তিশালী হোৱাতো অতিব প্ৰয়োজন । আমি আশা কৰিম কংগ্ৰেছে পূৰ্বৰ নিশকতীয়া অৱস্থাৰ পৰা উভতি  বৃহত বিৰোধীৰ ৰূপত আত্মপ্ৰকাশ কৰিব ।  আনহাতে  অসমত আঞ্চলিক দলৰ প্ৰচুৰ সম্ভাৱনা থকা স্বত্বেও নতুনত্বৰ অভাৱ তথা   সবল নেতৃত্ব আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব পৰা  নেতাৰ  অভাৱৰ বাবে দুৰ্ভোগ ভুগিব লগাত পৰিল  অসমৰ আঞ্চলিকতাবাদী  জনসাধাৰণ ।  প্ৰশ্ন উঠিছে –
এইবাৰৰ নিৰ্বাচনত অসমৰ ১৪ খন  আসন কাৰ পক্ষত ! কোনে ক’ত মাৰিব শেষ হাঁহি ?
# ■  একমাত্ৰ অসমৰে  নহয়,  সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে গুৱাহাটী লোকসভা সমষ্টি হৈছে সবাতোকৈ সন্মানজনক সমষ্টি । গুৱাহাটী লোকসভা সমষ্টিত সৰ্বমুঠ দহটা  বিধানসভা সমষ্টি আছে । সমষ্টি কেইটা হৈছে – বকো,  ছয়গাঁও , দুধনৈ, পলাশবাৰী, পূব গুৱাহাটী,  পশ্চিম গুৱাহাটী,  হাজো,  বৰক্ষেত্ৰী । ইয়াৰে দুধনৈ সমষ্টিটো অনুসুচিত জনজাতি আৰু বকো বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত । অন্যহাতে হাজো,   বৰক্ষেত্ৰী,  ছয়গাঁও সমষ্টি কেইটা হৈছে ব্যাপকসংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰেৰে পৰিপূৰ্ণ সমষ্টি ।  যোৱাবাৰৰ বিজয়ী প্ৰাৰ্থী বিজেপিৰ বিজয়া চক্ৰৱৰ্তীয়ে লাভ কৰিছিল ৭,৬৪,৯৮৫ টা ভোট । তাৰ বিপৰীতে কংগ্ৰেছৰ মানস বৰাই লাভ কৰিছিল ৪,৪৯,২০১ টা ভোট । এ আই ইউ ডি এফৰ গোপীনাথ দাসে পাইছিল ১,৩৭,২৫৪ টা ভোট । এইবাৰ বিজেপিৰ কুইন ওজাৰ বিজয় ইমান সহজসাধ্য নহ’ব । তাৰোপৰি উপমান্যু হাজৰিকাই কিছু  বিজেপি ভোট কাঢ়িব । এ ইউ ডি এফে কংগ্ৰেছলৈ আগবঢ়োৱা সমৰ্থনেও বিজেপিৰ ভোটত আউল লগাব । সংখ্যালঘু ভোটাৰ দলেবলে আগবাঢ়ি আহি কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ববিতা শৰ্মাক সমৰ্থনেৰে ভোট দিয়াতো নিশ্চিত হ’লে বিজেপিৰ বিজয়ৰথ গুৱাহাটীত ইমানতে যতি পৰিব পাৰে  ! মাথো কংগ্ৰেছ,  বিজেপিয়ে শেষ মূহুৰ্তলৈকে কি ষ্ট্ৰেটেজি গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় । মুঠৰ ওপৰত এইমুহুৰ্তলৈকে এসময়ত অধ্যাপনা আৰু বোলছবি জগতৰ সতে সংপৃক্ত ববিতা শৰ্মা আৰু বিজেপিৰ কুইন ওজা সমানে সমানে আছে । ৰাজধানীত দুই মহিলাৰ যুজঁখন এইবাৰ আকৰ্ষনীয় হ’ব।
# ■ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে গুৱাহাটী লোকসভা সমষ্টিটো যিমান গুৰুত্বপূৰ্ণ,  বৰাক উপত্যকাৰ বাবে শিলচৰ লোকসভা সমষ্টি সিমানেই গুৰুত্বপূৰ্ণ । শিলচৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১১, ৯৩,৯০৮ টা । ইয়াত পুৰুষ আৰু মহিলাৰ অনুপাত প্ৰায় সমপৰ্যায়ৰ । শিলচৰ, সোণাই, ধলাই , উদৰবন্দ,  লক্ষীপুৰ, বৰখলা, আৰু  কাটিগড়া সহিতে মুঠ সাতটা বিধানসভা সমষ্টিক লৈ এই শিলচৰ লোকসভা সমষ্টি । এই সমষ্টিটোত মিশ্ৰিত ভোটাৰেৰে ভৰি আছে । তাৰ ভিতৰৰে নিৰ্ণায়ক ভূমিকা লয় হিন্দু বঙালী ভোটাৰ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ সমৰ্থন । যাৰ বাবে সুদীৰ্ঘ ২৫ বছৰ সাংসদ হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল কংগ্ৰেছৰ সন্তোষ মোহন দেৱে । ২০১৪ ত তেওঁৰে জীয়ৰী সুস্মিতা দেৱ জয়ী হৈ কংগ্ৰেছী সাংসদৰ ৰূপত আজিও বিদ্যমান । এইবাৰ নিৰ্বাচনত তেৱেঁই কংগ্ৰেছৰ প্ৰাৰ্থী । তেওঁৰ বিপৰীতে বিজেপিয়ে প্ৰাৰ্থীত্ব দিছে ডা: ৰাজদ্বীপ ৰায়ক । ‘নাগৰিকত্ব সংশোধনী বিধায়ক’খনৰ সপক্ষে আৰু বিপক্ষে লোৱা স্থিতিয়ে এইবাৰ উল্লেখিত সমষ্টিটোত বিশেষ প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক মহলত প্ৰকাশ । মুঠৰ ওপৰত কংগ্ৰেছ,  বিজেপিৰ মাজত যে তুমুল প্ৰতিদ্বন্দিতা হ’ব সেয়া নিশ্চিত । কংগ্ৰেছ বৰ্তমান বেকফুটত ।
#■ কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হৈছে – ৰাতাবাৰী, পাথৰকান্দি, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, বদৰপুৰ, হাইলাকান্দি,  কাটালিচেৰা আৰু আলগাপুৰ । ইয়াৰ ৬৭ শতাংশ সংখ্যালঘু ভোটাৰ । অনেক সময়ত কংগ্ৰেছৰ দখলত থকা এই সমষ্টিটোত দুবাৰ বিজেপি আৰু বৰ্তমানে এ আই ইউ ডি এফৰ ৰাধেশ্যাম বিশ্বাস সাংসদ হিচাপে নিয়োজিত হৈ আছে । এইবাৰো কংগ্ৰেছৰ তুলনাত এ আই ইউ ডি এফ আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা আছে ।  বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ সম্ভাৱনা  আগবাঢ়ি আছে যদিও শেষ মূহুৰ্তত কংগ্ৰেছ আৰু  এ আই ইউ ডি এফৰ মাজৰ বুজাবুজিৰে  যৌথ আক্ৰমণত বিজেপি ধৰাশায়ী হ’লেও আচৰিত হ’ব লগা একো নাথাকিব ।
যিহেতু এই সমষ্টিটোত অগপৰ স্থিতি তেনেই দুৰ্বল ।
#■  বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত আছে মুঠ দহটা বিধানসভা সমষ্টি । ১৯৫১চনৰ পৰা ১৯৭৭ চনলৈকে এই সমষ্টিটো আছিল কংগ্ৰেছৰ দখলত । ৯১আৰু ৯৬ চনত দুবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল চি পি আইৰ কমৰেড উদ্ধৱ বৰ্মন । ইয়াৰ পাছত আকৌ কংগ্ৰেছৰ দখললৈ আহে ক্ৰমে ১৯৯৮, ১৯৯৯ , ২০০৪ আৰু ২০০৯ চনত । ২০১৪ বৰ্ষত এ আই ইউ ডি এফৰ চিৰাজুদ্দিন আজমল নিৰ্বাচিত হয়  বহুবল্কী  চন্দ্ৰমোহন পাটোৱাৰীক পৰাস্ত কৰি ।  বিজেপি দলে উল্লেখিত সমষ্টিটো অগপক এৰি দিছে । ইতিমধ্যে অগপৰ দুমুখীয়া স্থিতিৰ বাবে ইয়াত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজতে অসনখন সীমাবদ্ধ থাকিব বুলি ৰাজহুৱা ভাৱে সৰব চৰ্চা লাভ কৰিছে । মনকৰিবলগীয়া বিষয়টো হৈছে বৰপেটা লোকসভা সমষ্টিত ভালেসংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰেৰে ভৰি আছে । কংগ্ৰেছে আব্দুল খালেকক প্ৰাৰ্থীত্ব প্ৰদানেৰে এ আই ইউ ডি এফ প্ৰাৰ্থীগৰাকীলৈ অশনি সংকেত কঢ়িয়াই আনিলে । খালেকৰ দিল্লী যাত্রা প্ৰায় নিশ্চিত কিন্তু এতিয়াও গোপন অংক এটা স্পষ্ট হোৱা নাই ।
#■ ১৯৯৯ চনৰ পৰা কুৰিটা বছৰ বিজেপিৰ ৰাজেন গোঁহাইৰ দখলত থকা নগাঁও লোকসভা সমষ্টিত এইবাৰৰ নিৰ্বাচনী যুঁজখন বেচ জমি উঠিছে । সমষ্টিটোৰ প্ৰভাৱশালী নেতা ৰাজেন গোঁহাইৰ প্ৰাৰ্থীত্ব নোপোৱাৰ দুখ আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ অগপ – বিজেপি মিলনৰ বিৰোধে বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ জয়যাত্রাত হেঙাৰ হৈ দেখা দিছে । ইফালে  কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী সমষ্টিৰ বাহিৰৰ ব্যক্তি বুলি একাংশ  ভোটাৰৰ মাজত কিছু বিৰোধ ভাবে উকমুকনি দিছে যদিও সময়ত সেয়া নিঃচিহ্ন হোৱাৰ আশা আছে । শিক্ষা, জ্ঞান আৰু নম্ৰতাৰ দৌৰত আগবাঢ়ি আছে প্ৰদ্যুত বৰদলৈ । উল্লেখ্য নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হৈছে – জাগীৰোড , মৰিগাঁও, লাহৰীঘাট, নগাঁও,  বঢ়মপুৰ, ৰহা, যমুনামুখ, হোজাই, লামডিং । য’ত বিগত নিৰ্বাচনত ৰাজেন গোঁহাই দপদপাই আছিল । উল্লেখ্য এসময়ৰ কংগ্ৰেছী নেতা দেৱকান্ত বৰুৱাই ১৯৫১ আৰু ১৯৭৭ চনত দুবাৰকৈ সন্মানীয়  নগাঁও লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল । এইবাৰৰ নিৰ্বাচনত দেৱকান্ত বৰুৱাৰ দৰে কংগ্ৰেছী নেতাৰ মৰ্যদা প্ৰদ্যুত বৰদলৈৰ দৰে নেতাই অক্ষুন্ন ৰাখিবলৈ বিজেপিৰ সতে তীব্ৰ প্ৰতিদ্বন্দিতাৰ মুখামুখি হ’ব ।
#■  ১৭,১০,৯০০ গৰাকী ভোটাৰেৰে সমৃদ্ধশালী অসমৰ লোকসভা সমষ্টিটো হৈছে -কলিয়াবৰ সমষ্টি । বৰ্তমানে কংগ্ৰেছৰ গৌৰৱ গগৈৰ দখলত থকা কলিয়াবৰ সমষ্টিত দুবাৰকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কাৰ্যনিৰ্বাহ কৰিছিল । তাৰপাছত তেওঁৰ ভাতৃ দীপ গগৈয়ে দখল কৰিছিল দুটাকৈ কাৰ্যকাল । তাৰো আগত কংগ্ৰেছৰ দখলত থকা সমষ্টিটো অগপই দুবাৰ আজুৰি আনিবলৈ সক্ষম হৈছিল । সমষ্টিটো বিজেপিয়ে ইতিমধ্যে এজিপিক এৰি দিছে । এজিপিৰ এসময়ৰ সাংসদ আৰু বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্ত এই সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে । সমষ্টিটোত মুলতঃ তৰুণ গগৈ আৰু কেশৱ মহন্তৰ নিৰ্বাচনী যুঁজ বুলি চিহ্নিত হৈছে । সকলোফালৰ পৰা বয়োজ্যেষ্ঠ ৰাজনৈতিক নেতা তৰুণ গগৈৰ চানক্যনীতিত পিছপৰি ৰৈছে অন্যান্য ৰাজনৈতিক দলৰ প্ৰাৰ্থী । আশাকৰা হৈছে গৌৰৱ গগৈয়ে ৰাজনৈতিক অশ্বমেধৰ ঘোঁৰা স্তব্ধ নহ’ব ।
#■  কোকৰাঝাৰ সমষ্টিৰপৰা ২০১৪ ৰ লোকসভা নিৰ্বাচনত অবড়োৰ ভোটেৰে দিল্লীলৈ যাবলৈ সক্ষম হোৱা নৱ শৰণীয়াৰ দিল্লী যাত্ৰা এইবাৰ ইমান সহজসাধ্য নহ’ব । এইবাৰৰ ভোট যুদ্ধত সমষ্টিটোত মূলতঃ বি পি এফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু নৱ শৰণীয়াৰ মাজতে সীমাবদ্ধ থাকিব বুলি ৰাজনৈতিক পৰ্যবেক্ষক সকলে ধাৰণা কৰিছে । গোসাইগাঁৱ, কোকৰাঝাৰ পূব, কোকৰাঝাৰ পশ্চিম, ছিডলি, বিজনী, সৰভোগ, ভবানীপুৰ, তামুলপুৰ, বৰমা আৰু চাপাগুৰি বিধানসভা সমষ্টিৰে গঠিত হৈছে কোকৰাঝাৰ লোকসভা সমষ্টি । উল্লেখ্য ২০১৪ বৰ্ষৰ দৰে অবড়ো ৰাইজৰ   আবেগ এইবাৰ পৰিলক্ষিত হোৱা নাই । যাৰ বাবে প্ৰমীলাৰাণী প্ৰাৰ্থী হিচাপে ভালেখিনি আগবাঢ়ি আছে ; যদিওবা কংগ্ৰেছে শেহতীয়া ভাৱে শব্দ ৰাভাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । আবছু সমৰ্থিত প্ৰাৰ্থীগৰাকীয়েও এই নিৰ্বাচনত সজোৰে প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ সক্ষম হ’ব ।
#■  দেশে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা অধিক কাল কংগ্ৰেছৰ দখলত থকা সন্মানীয় লোকসভা সমষ্টিটো হৈছে যোৰহাট সমষ্টি । সমষ্টিটোত অন্তৰ্ভুক্ত বিধানসভা সমষ্টি কেইটাৰ ভিতৰত যোৰহাট, থাওৰা, সোণাৰি আৰু মাহমৰা আছে বিজেপিৰ দখলত । শিৱসাগৰ,  নাজিৰা, মৰিয়নি আৰু তিতাবৰ সমষ্টি কেইটা আছে কংগ্ৰেছৰ দখলত । আমগুৰি আৰু টিয়ক সমষ্টি দুটা আছে এজিপিৰ দখলত । সমষ্টিটোত বৰ্তমান ভোটাৰৰ সংখ্যা হৈছে – ১৩,৪৩,৮৭৫ গৰাকী । মহিলা ভোটাৰ পুৰুষ ভোটাৰৰ সংখ্যাতকৈ মাথো ২২,০১৪ গৰাকী কম । ইয়াতো মূল যুঁজখন হ’ব কংগ্ৰেছৰ সুশান্ত বৰগোহাঁই আৰু বিজেপিৰ তপন কুমাৰ গগৈৰ মাজত । পূৰ্বৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা অবিহনে সমষ্টিটোত থকা ৪ লাখৰো অধিক চাহ জনগোষ্ঠীৰ ভোট সপক্ষে আনিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰীকে আদি কৰি বিজেপিৰ বৰ বৰ নেতা পালিনেতাৰ আগমন ঘটিছে । বিজেপিৰ জাতি মাটি ভেটি সুৰক্ষাৰ ৰাজনীতি যোৰহাটৰ গুণী- জ্ঞানী ভোটাৰৰ আঙুলি চাপত বুমেৰাং হ’লেও আচৰিত হ’ব লগীয়া একো নাথাকিব ।
#■ ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টি হৈছে যোৰহাটৰ পাছতে উজনি অসমৰ দুটা গুৰুত্বপূৰ্ণ সমষ্টি । ডিব্ৰুগড়ত বৰ্তমানৰ মুঠ ভোটাৰৰ সংখ্যা ১১,২৪,৩০৫ গৰাকী । আৰু লখিমপুৰত ১৫,১২,৯৫০ গৰাকী । দুয়োটা সমষ্টিতে বৰ্তমানে বিজেপিৰ দখলত । বিজেপি এই মূহুৰ্তলৈকে সুবিধাজনক স্থিতিত আছে । মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলিয়াজান, টিংখং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টি কেইটা ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত । নাহৰকটীয়াক বাদ দি বৰ্তমানে আটাইবোৰ সমষ্টি বিজেপি বিধায়কৰ দখলত । বিজেপিৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলী এইবাৰো বিজেপিৰ প্ৰাৰ্থী । পৱন সিং ঘাটোৱাৰ কংগ্ৰেছৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী । চাহ উদ্যোগকে ধৰি আন আন উদ্যোগেৰে পৰিপূৰ্ণ এই সমষ্টিটো দেশৰ ভিতৰতে সৰ্বাধিক ৰাজহ উপাৰ্জন কৰা সমষ্টি । আগন্তুক লোকসভা নিৰ্বাচনত মূল যুঁজখন চাহ জনগোষ্ঠীৰ দুই সংবেদনশীল নেতা ৰামেশ্বৰ তেলী আৰু পৱন সিং ঘাটোৱাৰৰ মাজতে পোনপটীয়া প্ৰতিদ্বন্দিতা হ’ব বুলি ধাৰণা কৰা হৈছে । যদিওবা তেলী ভালেখিনি আগবাঢ়ি আছে । ইফালে লখিমপুৰ সমষ্টিটো বৰ্তমানৰ বিজেপি দলৰ সাংসদ প্ৰদান বৰুৱা শক্তিশালী স্থতিতে আছেগৈ । মিচিং জনজাতিৰ অধ্যুষিত অঞ্চলসমূহত বিজেপিয়ে খোপনি পুতিবলৈ ভালেখিনি সক্ষম হৈছে । বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী কিছু পাছ পৰি আছে যদিও,  তাৰ মাজতে কংগ্ৰেছৰ বাবে সুখবৰ যে লখিমপুৰ লোকসভা সমষ্টিৰ ভালেসংখ্যক ভোটাৰক  অধিষ্ঠানবিৰোধী ঢৌৱে চুইছেগৈ ।
#■  তেজপুৰ লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছেগৈ   ১২,৫৯,৫৬৮ গৰাকী । এইবাৰৰ নিৰ্বাচনত বিজেপিৰ বৰ্তমানৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাক দলে প্ৰত্যাখ্যান কৰি পল্লৱ লোচন দাসক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । ইফালে কংগ্ৰেছ, বিজেপি, এজিপিৰ শাসন কালৰ সকলো নীতি, কূতনীতি নিজৰ নখদৰ্পনত ৰখা এসময়ৰ মহাপ্ৰতাপী আই এচ বিষয়া এম জি কে ভানু হৈছে সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী। গোৰ্খা সম্প্ৰদায়ৰ বিশেষ প্ৰভাৱ বিস্তাৰ থকা সমষ্টিটোত এন পি পি দলৰ হৈ নিৰ্বাচন খেলিব ৰাম বাহাদুৰ সুনাৰে । ভোট বিভাজনৰ ফলত ভানুৱে  সমষ্টিটোত শেষ হাঁহি মাৰিলেও আচৰিত হ’ব লগীয়া একো নাথাকিব । অৱশ্যে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯টা বিধানসভা সমষ্টিৰ ভিতৰত ৮টা সমষ্টিয়ে বিজেপি দলৰ বিধায়কৰ দখলত আছে । একমাত্ৰ তেজপুৰ বিধানসভা সমষ্টিটো আছে অগপৰ বৃন্দাবন গোস্বামীৰ দখলত । সেইফালৰ পৰা শাসকীয় দলটো ভালেখিনি আগবাঢ়ি আছে ।
#■  মঙ্গলদৈ লোকসভা সমষ্টিতো এইবাৰ তীব্ৰ প্ৰতিদ্বন্দিতা হ’ব কংগ্ৰেছৰ ভূৱনেশ্বৰ কলিতা আৰু বিজেপিৰ দিলীপ শইকীয়াৰ মাজত । হিন্দুস্থান নিৰ্মাণ দলৰ প্ৰাৰ্থী মণি ৰাম বসুমতাৰীয়েও সমষ্টিটোৰ জনজাতীয় আৰু একাংশ কট্টৰপন্থী  হিন্দুত্ববাদীৰ ভোট লাভেৰে কিছু চমক দিব বুলি আশা কৰা হৈছে । দুটা দশক কাল এই সমষ্টিটো আছিল বিজেপিৰ ৰমেন ডেকাৰ কবলত । এইবাৰ শ্ৰী ডেকাই প্ৰাৰ্থীত্ব নোপোৱা কাৰ্যত একাংশ সমৰ্থক ক্ষোভিত হৈছে । তাৰ বাবে চিপৰাং মৰা ৰাজনীতিৰ কবলত পৰিব পাৰে দিলীপ কুমাৰ শইকীয়া । আনহাতে বিগত নিৰ্বাচনবোৰত বিজেপি প্ৰাৰ্থীজনৰ জয়ত মুখ্য ভুমিকা লৈছিল নলবাৰী বিধান সভা সমষ্টিয়ে । সেইসুত্ৰে পিএনআৰডি নিযুক্তিয়ে ভোটাৰৰ ওপৰত কেনেকুৱা প্ৰভাব পেলাব তাৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰিব ।
#■  ইপিনে কংগ্ৰেছ, বিজেপি আৰু এ এছ ডি চিৰ মাজতে মূল প্ৰতিদ্বন্দিতা বাহাল থাকিব ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনত । স্বায়ত্ব শাসিত ৰাজ্যৰ লোভ দেখুৱাই কংগ্ৰেছ, বিজেপিয়ে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখুৱাইছে ভোটাৰ ৰাইজক । পিছপৰি থকা নাই এ এছ ডি চি দলৰ প্ৰাৰ্থী হলিৰাম তেৰাঙ, কংগ্ৰেছৰ বীৰেন সিং ইংতি আৰু বিজেপিৰ হৰেন সিং বে’ । ৭,০২,২৩০ গৰাকী ভোটাৰে এইবাৰৰ ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব বেলট পেপাৰ যোগে ।
#■  ধুবুৰী লোকসভা সমষ্টিত ১৮,৪৪,০৪০ গৰাকী ভোটাৰে এইবাৰৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব । সমষ্টিটোত বৰ্তমানৰ সাংসদ গৰাকী হৈছে অসমৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত নাম বদৰুদ্দিন আজমল । ইতিমধ্যে কংগ্ৰেছে আবু তাহেৰ বেপাৰী আৰু আনপিনে এজিপি দলে জাভেদ ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । বিধান সভা নিৰ্বাচনত পৰাজিত হোৱা আজমলৰ সন্মুখত ৱাজেদ আলী থকা হেতেঁন ধুবুৰী এইবাৰ কংগ্ৰেছৰ  দখলত
গ’লহেতেঁন ।তথাপি সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰেৰে ভৰি থকা সমষ্টিটোত এ আই ইউ ডি এফ প্ৰত্যাহ্বানৰ সন্মুখিন হ’ব । । ■■ ■■ ■■