২০১৯ লোকসভাঃ বিজেপি ৭.৫২, কংগ্ৰেছ ৪.১৩

2559

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ যোৱা মাহৰ অ’পিনিয়ন প’ল আছিল অনাগত লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত। ২০১৯ লোকসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছে অসম তথা গোটাই ভাৰতত কিমান আসন পাব সেই বিষয়ে ৰাইজৰ মতামত লোৱাৰ প্ৰচেষ্টা কৰা হৈছিল। ১ মাৰ্চ ২০১৯ৰ পৰা ২০ মাৰ্চ ২০১৯লৈ চলা আমাৰ অ’পিনিয়ন প’লত ৰাইজৰ অংশগ্ৰহণ আছিল অভূতপূৰ্ব। নিৰ্বাচনৰ ফলাফল ঘোষনা হোৱাৰ পিছত গম পোৱা যাব কাৰ অনুমান আছিল শুদ্ধ। আগতে ঘোষণা কৰা অনুসৰি শুদ্ধ অনুমান কৰা জনক আমি পুৰস্কৃত কৰিম এটা ৩২ ইঞ্চিৰ ৰঙীন টিভিৰে।
অ’পিনিয়ন প’লৰ প্ৰথম প্ৰশ্ন আছিল বিজেপি আৰু কংগ্ৰেছে অসমৰ পৰা কিমান আসন পাব?
সকলো ৰাইজৰ মতামতৰ গড় ল’লে দেখা যায় যে অসমত বিজেপি আগবাঢ়ি আছে। বিজেপিৰ ৭.৫২ খন আসনৰ তুলনাত কংগ্ৰেছৰ আসনৰ সংখ্যা হ’ল ৪.১।
সৰ্বভাৰতীয় ক্ষেত্রতো আগবাঢ়ি আছে বিজেপি। ৰাইজৰ মতৰ গড়  ললে ভাৰতত বিজেপিৰ আসনৰ সংখ্যা  হ’ব ২৪৬.৯৭। আনহাতে কংগ্ৰেছৰ আসনৰ সংখ্যা হ’ব ১৪৬.৯৭ ।
অসমৰ প্ৰেক্ষাপটত ৰাইজৰ অ’পিনিয়ন প’লৰ পৰ্যালোচনা কৰিলে দেখা যায় যে বিজেপিয়ে অসমত ৯ খন আসন পাব বুলি কোৱা লোকৰ সংখ্যা ২৩.৭২%। ৮ খনৰ বাবে বাজী লগাইছে ১৬.০৩% ৰাইজে। ১২.১৮% ৰাইজে বিজেপিয়ে ৭ খন আসন পাব বুলি ভাবে। ১১.৫৪% ভোট দিছে ৫ খন আসনত।
কংগ্ৰেছৰ ক্ষেত্রত সৰ্বাধিক ২৪.৩৫% ৰাইজে ৩ খন আসন পাব বুলি ভাবে। ৪ খন আসন পাব বুলি মত দিছে ১৪.৭৪% ৰাইজে। ১২.১৮% ৰাইজে আকৌ কংগ্ৰেছে মাত্র দুখন আসন পাব বুলি ভাবে।
বিজেপিয়ে গোটেই ভাৰতত ২০০ ৰ পৰা ২৪৯ অ‍াসন পাব বুলি ভাবে ৩৭.১৮% ৰাইজে। ২৫০- ২৯৯ ৰ পক্ষত আছে ৩০.১৩% ৰাইজ।  ২৫% ৰাইজে ভাবে বিজেপিয়ে ৩০০ পাৰ কৰিব। ২৬.২৮% ৰাইজৰ মতে বিজেপি ২০০ৰ তলত থাকিব।
 ৪৮.৭১% ৰাইজে কংগ্ৰেছে ১০০ ৰ পৰা ১৯৯ খন অাসন পাব বুলি মত প্ৰকাশ কৰিছে। ২৮.৮৪% ৰাইজে ভাবে যে কংগ্ৰেছে ১০০তকৈ কম আসন পাব। ২২.৪৩% ৰাইজ নিশ্চিত যে কংগ্ৰেছে পাৰ কৰিব ২০০ খন আসন ।
ৰাইজৰ মতামত আহিল। এতিয়া অপেক্ষা মাত্র ২৩ মে ২০১৯ৰ।