২০১৯ লোকসভা : জাতিবাদ বনাম মুছলমান তোষামোদ বনাম হিন্দুত্ব

5672
  • পাৰ্থ প্ৰতিম লহকৰ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী  বাজেপায়ী দেৱৰ বিয়োগত দেশৰ প্ৰতি তেওঁৰ বলিদান সকলোৱে  একমুখে সলাগ লৈছে । কিন্তু অতি আচৰিত যে এইজন ব্যক্তিৰ নেতৃত্বত ২০০৪ চনত বিজেপি দল নিৰ্বাচনত পৰাজিত হয় আৰু স্বাধীন ভাৰতৰ ইতিহাসত আটাইতকৈ দুৰ্ণীতি পৰায়ন চৰকাৰ এখন গণতান্ত্ৰীক প্ৰক্ৰিয়াৰে গঠন হয় । কিন্তু ২০১৪ চনত সকলো ৰাজনৈতিক দলকে তচনচ কৰি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি দলে ১০ বছৰৰ বিৰতিৰ পিছত পুনৰ দিল্লীৰ ক্ষমতা হস্তগত কৰে । নৰেন্দ্ৰ মোদীয়ে বিকাশ পুৰুষ আৰু দেশ মাতৃৰ সেৱক হিচাপে নিজকে প্ৰতিষ্ঠা কৰে । বৰ্তমান দেশৰ সৰ্ববৃহৎ দল হিচাপে ৰেকৰ্ড সংখ্যক ৰাজ্যত চৰকাৰ গঠন কৰাৰ পিছতো বিজেপিৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে দেশৰ বহু কেইটা আঞ্চলিক দল আৰু ৰাষ্ট্ৰীয় দলৰ জোঁট বন্ধনে । অলপতে মমতা বেনাৰ্জীয়ে দিল্লীত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক লগ কৰি বিৰোধী ঐক্যৰ কাৰণে আলোচনা কৰে । ইয়াৰ পিছতেই কংগ্ৰেছ ৱ’ৰ্কিং কমিটিৰ সিদ্ধান্তত প্ৰধানমন্ত্ৰীত্ব সন্দৰ্ভত নিৰ্বাচনৰ ফলাফলৰ পিছতহে সিদ্ধান্ত লোৱাৰ বিষয়ে প্ৰস্তাব ৰাখে ।কিন্তু লগে লগেই পট পৰিৱৰ্তন হয় আৰু বিৰোধী ঐক্যৰ মুখ্য আহ্বায়ক তেলেংগানাৰ মুখ্যমন্ত্ৰী চন্দ্ৰ শেখৰে দিল্লীত নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হয় । যোৱা জুলাই মাহত বিজেপি চৰকাৰে অনাস্থা ভোটত জয়ী হৈছে বা বিৰোধী ঐক্য হ্ৰাস পাইছে ।
কিন্তু এইবিলাক কথা ভাৰতীয় গণতন্ত্ৰত স্থায়ী নহয় । যিকোনো সময়তে ছবি সলনি হৈ যায় । সেয়ে বিজেপিৰ  নিজস্ব দলীয় শক্তিৰ ওপৰতহে গুৰুত্ব সৰ্বাধিক হব । কাৰণ বৰ্তমানৰ গণতন্ত্ৰ হৈছে ক্ষমতা কেন্দ্ৰিক । ক্ষমতা আৰু সুবিধাৰে নেতাৰ দৰদাম হোৱা ৰাইজে প্ৰত্যক্ষ কৰিছে বা নিজৰ সমষ্টিৰ প্ৰতিনিধিজনক গৰু ছাগলীৰ দৰে গাড়ীত ভৰায় চিকাৰীৰ পৰা দুৰত ৰখা নাটকীয় দৃশ্যও দেশৰ জনতাই টিভিৰ পৰ্দাত প্ৰত্যক্ষ কৰিছে । যিমানেই বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে সংগঠিত
নহওঁক বিজেপিৰ মুল প্ৰতিদন্দী কিন্তু অখিলেশ আৰু মায়াবতী । দক্ষিন ভাৰতৰ আঞ্চলিক দল সমুহৰ স্থিতি নিৰ্ভৰ কৰে নিৰ্বাচনৰ ফলাফলৰ ওপৰত । সেয়ে এই দলবিলাকক লৈ অমিত শ্বাহ বেছি চিন্তিত নহয় । প্ৰমান তেলেংগানাৰ টিআৰএছ দল , কৰুণানিধি , জয়াললিতা , ৰামবিলাচ পাছোৱান , চন্দ্ৰবাবু নাইডু , নিটিশ কুমাৰ আদিৰ দৰে নেতা  সদায় ক্ষমতাৰ পক্ষত থাকে । সেয়ে বিজেপিৰ কাৰণে স্পৰ্শকাতৰ বিষয় হৈছে উত্তৰ প্ৰদেশত সমাজবাদী আৰু বহুজন সমাজ পাৰ্টি মাজত মিত্ৰতাৰ বিষয়টো । ২০১৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অভিলেখ সংখ্যক আসন পাইছিল উত্তৰ প্ৰদেশৰ পৰা । বিজেপিৰ মুঠ ২৮২ খন আসনৰ ভিতৰত ৭১ খন আছিল উত্তৰ প্ৰদেশৰ পৰা । প্ৰায় এক চতুৰ্থাংশ আসন আছিল উত্তৰ প্ৰদেশৰ পৰা । উত্তৰ প্ৰদেশৰ নিৰ্বাচন অংকৰ খেল নহয় , খেল হ’ল ৰসায়ন বিজ্ঞানৰ । ২০১৪ ত এনডিএ মিত্ৰজোঁটে ৪২ % ভোটেৰে ৭১ খন আসনত জয়ী হৈছিল। বিজেপিৰ মুল সমৰ্থক আছিল ব্ৰাহ্মণ , অ’বিচি , ঠাকুৰ সম্প্ৰদায় । কংগ্ৰেছে পাইছিল ৮% ভোট আৰু ইয়াৰ অৰ্ধেক সংখ্যক ভোট আহিছিল মুছলমান আৰু পিছপৰা সম্প্ৰদায়ৰ পৰা । কংগ্ৰেছে ৮% ভোটেৰে পাইছিল ২খন আসন আৰু এই দুখনৰ এখনত ৰাহু গান্ধী আৰু এখনত ছোনিয়া গান্ধী জয়ী হৈছিল । সমাজবাদীয়ে পাইছিল ৫ খন আসন আৰু ২৩ % ভোট । এই ভোটৰ ৯০% ভোট আছিল মুছলমান , যাদব আৰু অ’বিচি সম্প্ৰদায়ৰ ।বহুজন সমাজ পাৰ্টিয়ে পাইছিল ২০ % ভোট আৰু সিংহভাগ ভোট আছিল দলিত আৰু মুছলমানৰ । শেহতীয়া উ:প্ৰ : উপনিৰ্বাচনত সমাজবাদী আৰু বহুজন সমাজ পাৰ্টি মিত্ৰতাৰ ফলত উত্তৰ প্ৰদেশত বিজেপিৰপ্ৰাৰ্থীৰ পৰাজয় নিশ্চিত হৈছিল ।  সমাজবাদী , কংগ্ৰেছ আৰু বহুজন সমাজ পাৰ্টি দলৰ যদি মিত্ৰতা হয় তেন্তে এই মিত্ৰজোঁটে উ:প্ৰ:ৰ দলিত , মুছলমান , যাদব , মহাদলিত সম্প্ৰদায়ৰ নিৰ্ণায়ক সমৰ্থন পাব । এই সমৰ্থনে দিব প্ৰায় ৫০% ৰ উৰ্ধৰ ভোট । তেতিয়া বিজেপিৰ মিত্ৰ জোঁতৰ থাকিব ৪২ % ভোটৰ সমৰ্থন । ২০১৪ লোকসভাৰ ভোট বিন্যাস যদি চোৱা যায় তেন্তে বিজেপিয়ে পালেহেতেঁন ৪১ খন আসন আৰু বিজেপি বিৰোধী মিত্ৰ জোঁতে পালেহেতেঁন ৩৭ খন আসন ।  কিন্তু মুল বিষয়টো হ’ল  বিজেপিয়ে ভোট হেৰুৱাব লগা যদি কাৰণ থাকে তেন্তে বিৰোধীয়ে ভোট পাবলৈও কাৰণ থাকিব লাগিব । কিন্তু বিৰোধীৰ কোনজন নেতাই দেশক নেতৃত্ব দিব আৰু কি নীতিৰ ভিত্তিত দেশ আগবাঢ়িব সেই কথাত জনতা  বিভ্ৰান্ত । আনহাতে অমিত শ্বাহৰ নেতৃত্বত বিজেপি এতিয়া হিন্দী বলয় আৰু উচ্চ সম্প্ৰদায়ৰ দলহৈ থকা নাই ।বিজেপিৰ এই সম্প্ৰসাৰণত তিনিটা কাৰকে ক্ৰিয়া কৰিছে ___ঠাই বিশেষে পুৰ্বৰে পৰা শক্তিশালী স্থিতিত থকা ৰাজনৈতিক দলৰ মাজত মিত্ৰতা স্থাপন , সময় অনুযায়ী নিজৰ নীতিৰ লঘুকৰণ আৰু শেষত বাস্তৱ পৰিস্থিতিৰ  ওপৰত গুৰুত্ব আৰোপ কৰি দলৰ নীতিৰ ব্যৱহাৰিক ৰূপান্তৰকৰণ । গোটেই ভাৰতবৰ্ষত মোদীৰ ব্যক্তিত্বক প্ৰত্ব্যাহ্বান দিব পাৰিছিল একমাত্ৰ এজন ব্যক্তি আৰু সেই জন হ’ল নিতিশ কুমাৰ ।বিহাৰ নিৰ্বাচনত সন্মুখ সমৰত মোদী ঢৌক নিতিশ কুমাৰৰ নিকা ভাবমুৰ্তীয়ে পৰাস্ত কৰিব পাৰিছিল । নিতিশ কুমাৰ অকল বিহাৰৰ  নেতাই নহয় গোটেই উত্তৰ প্ৰদেশত তেওঁৰ প্ৰভাব আছে । কিন্তু ২০১৭ ৰ জুলাই মাহত নিতিশ কুমাৰে শিবিৰ সলনি কৰি পুনৰ এনডিএ ত যোগদান কৰে,এইয়া বিজেপিৰ কাৰণে টাৰ্ণিং পইন্ট হবনে  নহয় সময়ে ক’ব ।

স্বাধীন ভাৰত সৃষ্টি হৈছিল ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনৈতিক পাকচক্ৰত সেয়ে ভাৰতীয় গণতন্ত্ৰৰ নিৰ্বাচনবোৰত সাম্প্ৰদায়িক মেৰু বিভাজন একো অস্বাভাবিক নহয় । স্বাধীনতাৰ পিছৰ প্ৰথম নিৰ্বাচনটোৰ পৰাই কংগ্ৰেছৰ সুপৰিকল্পিত নীতিত মোহাচন্নহৈ  কংগ্ৰেছ দলক  নিৰ্ণায়ক সংখ্যক ভাৰতীয় মুছলমানে চকু মুদি সমৰ্থন দি আছে । মুছলমান মানুহখিনি ভোট বেংক  হৈ থকাৰ সুবিধাত আশাব্যঞ্জক  উন্নয়ন অবিহনেও নিৰ্বাচনত সফলতা পোৱা সুবিধাজনক আছিল । সেই কাৰণেই ২০১৪ চনৰ আগলৈ ভাৰতৰ ইমুৰৰ পৰা সিমুৰলৈ সাধাৰণ জনতাৰ মাজত চলা কথাটো আছিল যে ‘ কংগ্ৰেছে দেশ চলাব জানে ‘। মুল নীতিটোৱেই হৈছে যে  ২০% জনসংখ্যাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ মাজত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে অনিশ্চয়তাৰ ভাব সৃষ্টি কৰি ভোট বেংক তৈয়াৰ কৰা আৰু সংখ্যাগৰিষ্ঠ মানুহখিনিৰ মাজত ভাষা, জাত -পাত আদিৰ দ্বাৰা বিভেদৰ ভাৱ সৃষ্টি কৰা । কিন্তু ২০১৪ চনত বিজেপিয়ে  হিন্দুৰ নিৰ্ণায়ক শ্ৰেণী এটা সৃষ্টি কৰিছিল য’ত দলিত ,ব্ৰাহ্মণ , পিছপৰা , বিভিন্ন ভাষা ভাষী ,জনজাতী সকলো শ্ৰেণীকে সামৰি এখন ৰামধেণুৰ সৃষ্টি হৈছিল । ইয়াৰ পৰিণতিত উত্তৰ প্ৰদেশ , মধ্যপ্ৰদেশ আদি ৰাজ্যত  বিজেপিয়ে অভুতপুৰ্ব সাফল্য পালে ।কিন্তু কথা হ’ল এই সাফল্য সাময়িক নে সুদুৰপ্ৰয়াসী কোৱাটো অতি কঠিন আৰু অসম্ভৱ । বৃটিছে সৃষ্টি কৰা বিভাজনবোৰ  সহজে ভাৰতৰ মানুহৰ মগজুৰ পৰা আতৰি যাওঁতে কিমান কাল লাগিব বা সংখ্যাগৰিষ্ঠ ( হিন্দুত্ব) ৰাজনীতিয়ে সাধাৰণ জনতাক কিমান দিনলৈ অাচন্ন কৰি ৰাখিব পাৰিব তাৰ ওপৰত বিজেপিৰ ভৱিষ্যত আৰু ২০১৯ ৰ নিৰ্বাচনৰ ফলাফল নিৰ্ভৰ কৰিব । কংগ্ৰেছ কিন্তু এই ক্ষেত্ৰত কিছু সুৰক্ষিত কাৰণ শশী থাৰুৰ , গোলাম নবী আজাদ ,দিগবিজয় সিং, মনি শংকৰ আয়াৰ আদি নেতাৰ হিন্দু বিদ্বেশী মন্তব্যবোৰ বা স্বয়ং ৰাহুল গান্ধীৰ আৰ এছ এছ বিৰোধী মন্তব্যবোৰে মুছলমান ভোটাৰখিনিক কংগ্ৰেছৰ সপক্ষে সমৰ্থন দিয়াত সহায় কৰাটো নিশ্চিত আৰু ই সুপৰিকল্পিত কাৰণ তিনি তালাক বিষয়টোত মুছলমান মহিলা আৰু একাংশ উদাৰবাদী মুছলমান মানুহে বৰ্তমানৰ চৰকাৰখনক সমৰ্থন দিছে সেয়ে ভোট বেংক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত শশী থাৰুৰৰ দৰে নেতাক ব্যৱহাৰ কৰিছে ।অন্যহাতে জিগনেশ মেৱানি , হাৰ্দিক পেটেল  ,কানাইয়া কুমাৰ আদিৰ দৰে তীক্ষ্ণ বুদ্ধিৰ ব্যক্তিসকলে দলিত , পেটেল , পিছপৰা শ্ৰেণী সমুহক উগ্ৰ জাতিবাদী কৰি তোলাত উদঙনি যোগাই আছে আৰু প্ৰতিটো জনগোষ্ঠীয়ে এটাই আনটোৰ লগত প্ৰতিযোগিতাত লিপ্ত হৈছে । সেইবাবেই  বিপক্ষৰ বিভাজনৰ নীতিক প্ৰতিৰোধ কৰি নিৰ্বাচনত জয়লাভ কৰিবলৈ বিজেপিৰ প্ৰধান অস্ত্ৰ হব লাগিব হিন্দুত্ব । কাৰণ এতিয়াও ভাৰতত এনে দিন অহা নাই যে মানুহে অকল বিকাশৰ ওপৰত ভিত্তি কৰি ভোট দিয়ে ।কাৰণ পেট্ৰ’লৰ মুল্যবৃদ্ধি , জিএছটি যিদৰে নিৰ্বাচনৰ ইচ্ছ্যু নহয় একেদৰে বাৰ টকাত দুই লাখ টকাৰ বীমা , বিনামুলীয়া ৰন্ধন গেছ যোগান, বাট পথৰ উন্নতি, দুৰ্ণীতি মুক্ত চৰকাৰ , ক্ৰীড়া ক্ষেত্ৰৰ উন্নতি,অটল অমৃত যোজনা অদিও নিৰ্বাচনৰ ইচ্ছ্যু নহয় । মুঠৰ ওপৰত আজিৰ দিনটোত ভোটাৰে নিৰ্বাচনত প্ৰতিদন্দিতা কৰা প্ৰাৰ্থীৰ নামত উপাধি বিচাৰি যায়।এই ক্ষেত্ৰত ৰাজনৈতিক দল সমুহেও জনতাৰ চৰিত্ৰৰ পুৰ্ণ সুযোগ লোৱাটো স্বাভাবিক ঘটনা । ভোটাৰে ভোট যিহেতু  দেশৰ উন্নয়নৰ ওপৰত ভিত্তি কৰি নিদিয়ে, তেনেস্থলত কংগ্ৰেছে মুছলমান তোষামোদ নীতি ,সেইবাবেই  মুলায়ম -মায়াবতীৰ দৰে নেতাবোৰে জাতিবাদ আৰু বিজেপিয়ে উগ্ৰ হিন্দুত্ব নীতিক বাদ দিলে নিৰ্বাচনত জয়ী হোৱাটো অসম্ভৱ । আগন্তুক ২০১৯ লোকসভা নিৰ্বাচন মুলত : ৫টা বিষয়ৰ  ওপৰত নিৰ্ভৰ কৰিব____ বিজেপিৰ হিন্দু কাৰ্ড , কৰ্প’ৰেট গোষ্ঠীৰ সমৰ্থন , মুলায়ম -মায়াৱতীৰ মিত্ৰতা , দলৰ ভিতৰে বাহিৰে ৰাহুল গান্ধীৰ গ্ৰহণযোগ্যতা আৰু মোদী ঢৌ ।শেষত এটা কথা নিশ্চিত যে ভাৰতীয় গণতন্ত্ৰই অকৌ ১৫-২০ বছৰ অপেক্ষা কৰিব লাগিব এটা অসাম্প্ৰদায়িক আৰু জাতিবাদহীন নিৰ্বাচনৰ বাবে  ।