২০১৯ লোকসভা নিৰ্বাচনৰ পৰিসংখ্যা

1626

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


৭ টা পৰ্যায়ত অনুস্থিত হোৱা ২০১৯ লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ হ’ল ২৩ মে তাৰিখে। বিজেপিয়ে অকলে সংখ্যাগৰিষ্ঠতা লাভ কৰিলে আৰু মোদীৰ নেতৃত্বত ৩০ মে তাৰিখে এন.দি.এ চৰকাৰে শপতগ্ৰহণ কৰিলে। যোৱা নিৰ্বাচনৰ কিছুমান উল্যেখযোগ্য পৰিসংখ্যা তলত আগবঢ়োৱা হ’লঃ
  • বিজেপিয়ে অকলে ভাৰতৰ মুঠ ভোটৰ ৩৭.৪৬% লাভ কৰিলে। যোৱা নিৰ্বাচনত বিজেপিয়ে লাভ কৰা ভোটৰ শতাংশ আছিল ৩১.৩৪%. এইবাৰ এন.দি.এ য়ে লাভ কৰিলে ৪৫% ভোট। কংগ্ৰেছে একলে পালে ১৯.৫৪% ভোট আৰু ইউ.পি.এ য়ে পালে ২৬% ভোট।
  • বিজেপি দলে গোটেই ভাৰতৰ পৰা সৰ্বমুঠ ভোট লাভ কৰিলে ২২,৯০,৭৮,২৬১ টা আনহাটে কংগ্ৰেছ দলে পালে ১১,৯৪, ৯৪,৯৫২ টা ভোট।
  • গুজৰাটৰ নৱচাৰি সমষ্টিৰ পৰা বিজেপিৰ চি.আৰ পাটিলে সৰ্বাধিক ভোটৰ ব্যবধানন জয়ী হোৱাৰ অভিলেখ ৰচনা কৰে। তেওঁ কংগ্ৰেছৰ পেটেল ধৰ্মেশ ভাইক ৬.৮৯ লাভ ভোটত পৰাজিত কৰে।
  • উত্তৰ প্ৰদেশৰ মচলিছাৰ সমষ্টিত বিজেপিৰ বি.পি সৰোজে বি.এছ.পিৰ টি.ৰামক মাত্র ১৮১ ভোটৰ ব্যবধানত পৰাজিত কৰে। সৰোজ হ’ল গোটেই ভাৰতৰ ভিতৰতে সকলোতকৈ কম ভোটত বিজয়ী হোৱা সাংসদ।
  • ২০১৯ত সকলোতকৈ আকৰ্ষনীয় আছিল পশ্চিমবংগৰ নিৰ্বাচনী যুঁজ। বিজেপিয়ে ইয়াত ১৮ খন আসন লাভ কৰাৰ বিপৰিতে তৃণমূলে পায় ২২ খন আসন। বিজেপিয়ে নিজৰ ভোট শতাংশ ২০১৪ ৰ ১৬.৮% পৰা ৪০.২৫লৈ বৃদ্ধি কৰিবলৈ সক্ষম হ’য়।
  • ভাৰতৰ বেছিভাগ ৰাজ্যতে কংগ্ৰেছৰ বিপৰ্য্যয় হ’লেও কেৰেলাত দলে ভাল প্ৰদৰ্শন কৰে। মুঠ ২০ খনৰ ভিতৰত কংগ্ৰেছে অকলে লাভ কৰে ১৫ খন আৰু ইউ.পি.এ লাভ কৰে ১৯ খন আসন।
  • ৰাহুল গান্ধী আমেথিৰ পৰা স্মৃতি ইৰাণীৰ হাতত পৰাজিত হোৱাটো আছিল ২০১৯ লোকসভাৰ সকলোতকৈ ডাঙৰ অঘটন। ৰাহুলে প্ৰতিদ্বন্দ্বিতা কৰা আনটো সমষ্টি ৱাইনাৰ্ডৰ পৰা অবশ্যে বৃহৎ ব্যবধানত জয়ী হয়। ৰাহুলৰ জয়ৰ ব্যবধান আছিল ৪, ৩১, ১৯৫ টা ভোট।
  • চন্দ্ৰবাবু নাইডুৰ শোচনীয় পৰাজয় আছিল যোৱা নিৰ্বাচনৰ এটা উল্লেখযোগ্য ঘটনা। কেন্দ্ৰীয় ৰাজনীতিত কিংমেকাৰ হব বিচৰা নাইডু হৈ পৰিল সকলোৰে হাঁহিয়াতৰ পাত্র। লোকসভাৰ ২৫ খন আসনৰ ভিতৰত নাইডুয়ে পালে মাত্র ৩ খন আসন। ২৩ খন আসন পোৱা জগন মোহনৰ দলে বিধানসভাতো লাভ কৰিলে ১৭৫ খনৰ ১৫‍১ খন আসন।
  • বিজেপিৰ ছুনামিৰ মাজতো দলৰ দুই শীৰ্ষ নেতা মনোজ সিনহা আৰু সম্বিত পাত্র পৰাজিত হয়। বিৰোধী দলৰ পৰাজিত নেতাৰ তালিকাখন বহু দীঘল। প্ৰাক্তন প্ৰধানমন্ত্রী দেৱে গৌৰাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্রী শীলা দীক্ষিত, দিগ্বিজয় সিং, মেহবুবা মুফটি আহিও পৰাজিত হয়।
  • উৰিষ্যাৰ নিৰ্বাচনী ফলাফল আছিল কিছু পৃথক। যদিও বিধানসভা নিৰ্বাচনত নবীন পাটনায়কৰ বি.জে.ডি বহু ব্যবধানত আগবাঢ়িল কিন্তু লোকসভাত বিজেপিয়ে তেওঁক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে। বিধানসভাত বিজেপিয়ে পালে মুঠ ১৪৭ খন আসনৰ মাত্র ২৩ খন ( ১৫%) আসন। লোকসভাত বিজেপিয়ে পালে ২১ খনৰ ৮ খন ( ৩৮%) আসন। ইয়ে সুচালে যে উৰিষ্যাত বহুলোকে বিধানসভাত নবীন পাটনায়ক আৰু লোকসভাত মোদীক ভোট দিলে।