২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পিছতেই অসমৰ বহু নেতাই কৰিব টিম চেন্জ

6492
‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন

ভাৰতীয় গণতন্ত্ৰৰ প্ৰধান উৎসৱটোৱেই হৈছে নিৰ্বাচন । বাৰটা মাহত হোৱা  তেৰটা নিৰ্বাচনে ভাৰতীয় মানুহৰ মন মগজুত ক্ৰিয়া কৰি থাকে । এই ক্ষেত্ৰত মুখ্য ভুমিকা লৈছে ইলেকট্ৰনিক মিডিয়া আৰু ছ’চিয়েল মিডিয়াই । যিটো সময়ত  দিল্লী বা মহাৰাষ্ট্ৰৰ মানুহে  অসম বা নাগালেণ্ড  ভাৰতত নে নেপালত অৱস্থিত ঠাই বুলি প্ৰশ্ন কৰিছিল সেই একেখিনি মানুহে কিন্তু এতিয়া অসমৰ পঞ্চায়ত নিৰ্বাচনৰ খৱৰো মিনিটে মিনিটে ৰাখে । মুঠৰ ওপৰত ভাৰতৰ যিকোনো অঞ্চলতে সংঘটিত ঘটনাৰ প্ৰভাব এতিয়া দেশৰ প্ৰতিটো অঞ্চলতে পৰে । ২০১১ চনৰ বিধান সভাত বিজেপি দলৰ বিধায়ক আছিল মাত্ৰ পাচঁজন আৰু  ২০১৬ চনত এই সংখ্যা পালে ৬০ । একেবাৰে বাৰ গুণ আসন বৃদ্ধি পালে । এনেকুৱা কি ঘটনা বা আন্দোলন অসমত ঘটিছিল যে বিজেপিক অসমৰ মানুহে ৮৫ ‘ৰ ঢৌত কৈও বেছি আবেগত আকোঁৱালি ল’লে, অসমত কংগ্ৰেছৰ শেষৰটো কাৰ্য্যকাল আছিল নিৰাশজনক ।বিসম্বাদ , তৰুণ গগৈৰ পুত্ৰ স্নেহ আৰু মন্ত্ৰী বিলাকৰ বাধাহীন দুৰ্নীতিৰ ফলস্বৰূপে অসমৰ জনগণে বিকল্পৰ সন্ধান কৰে । কিন্তু অকল বিকল্পৰ সন্ধানে যে বিজেপিক ২০১১ ৰ তুলনাত  ৫৫ খন আসনৰ অগ্ৰগতি প্ৰদান কৰিলে সেইয়া মুঠেই বিশ্বাসযোগ্য নহয় । কাৰণ ২০১৬  নিৰ্বাচনৰ আগে আগে বহু কংগ্ৰেছী নেতা – কৰ্মী , বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে । তেনেস্থলত ৰাইজে পুনৰবাৰ এই একেখিনি মানুহক সুযোগ দিয়াৰ কি কাৰণ থাকিব পাৰে ? একমাত্ৰ কাৰণ আছিল মোদী চৰকাৰ । যিহেতু অসমৰ দৰে সীমামুৰীয়া অনগ্ৰসৰ ৰাজ্য এখন কেন্দ্ৰীয় চৰকাৰৰ সহায় অবিহনে উন্নতি কৰা অসম্ভৱ সেয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বক মানি লোৱাটো সুযোগ সন্ধানী পদক্ষেপ আছিল অসমৰ জনতাৰ । বৰ্তমানৰ তথ্য সমৃদ্ধ ভোটাৰে বুজি পায় যে কেন্দ্ৰ আৰু ৰাজ্যত একেটা ৰাষ্ট্ৰীয় দলৰ চৰকাৰ থাকিলে ৰাজ্যৰ উন্নয়নৰ পথ কিছু হ’লেও ক্ষিপ্ৰ হয় । অসমৰ উন্নয়ন বুলি ক’লে প্ৰতিখন স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়ন , বিটিএডি অঞ্চলৰ উন্নয়ন , আন্তৰ্ৰাষ্ট্ৰীয়  সীমান্তৱৰ্তী এলেকা বিলাকৰ বিভিন্ন সমস্যা , অবৈধ বিদেশী সমস্যা , উগ্ৰপন্থী সমস্যা সকলো মিলাই অসমৰ ৰাজনীতিৰ মহাভাৰত ৰচনা হয় । এই গোটেই বিলাকৰ নিয়ন্ত্ৰনৰ বাঘজৰী ডাল থাকে কেন্দ্ৰৰ হাতত । সেয়ে কেন্দ্ৰৰ চৰকাৰখনক নেতৃত্ব দিয়া দলটোৰ ওপৰতেই নিৰ্ভৰশীল ৰাজ্যৰ ৰাজনীতি আৰু অসমৰ জনতাৰ ৰুচী । ৰাইজৰ ৰুচীৰ পৰিৱৰ্তনৰ লগে লগে নেতাৰ পৰিভ্ৰমন আৰম্ভ হয় । সেইবাবেই ৰাজনীতিত থকা নেতা -কৰ্মী সকলেও পৰিভ্ৰমী চৰাইৰ দৰেই ঠাই সলায় । 2০১৯ ত যদি এখন অবিজেপি চৰকাৰ কেন্দ্ৰত গঠন হয় তেন্তে বহু শক্তিশালী নেতা কৰ্মীৰ ৰং গেৰুৱাৰ পৰা বগা বা সেউজীয়ালৈ পৰিৱৰ্তন হোৱাটো খাতাং । আনহাতে পুনৰ বাৰ যদি বিজ পি চৰকাৰ গঠন হয় তেন্তে এতিয়াৰ বহু অবিজেপি নেতাই উন্নয়নৰ স্বাৰ্থত ৰং সলাব । আচলতে ৰাজ্যৰ  উন্নয়ন নে নিজৰ ব্যক্তিগত  উন্নয়ন সেয়া সহজেই অনুমেয় । আজিৰ দিনটোত ৰাজ্যৰ ৰাজনীতিত প্ৰভাব থকা দল হৈছে ৫ টা ক্ৰমে কংগ্ৰেছ, বিজেপি, বিপিএফ,অগপ আৰু এআইউডিএফ ।ইয়াৰে ৯০ দশকত কংগ্ৰেছৰ প্ৰধান বিৰোধী আছিল অগপ দল ।কিন্তু পিছলৈ অগপৰ ক্ষমতাকেন্দ্ৰীক অন্ত:কলহ, বিভিন্ন স্বায়ত্বশাসিত পৰিষদ গঠন , কেন্দ্ৰৰ ওপৰত ৰাজ্য চৰকাৰৰ অধিক নিৰ্ভৰশীল নীতি সমুহে জাতিয়তাবাদৰ সংজ্ঞা সলনি কৰে আৰু অগপৰ সাংগঠনিক ভেটি  দুৰ্বল কৰে ।এতিয়া অগপই অকলে কংগ্ৰেছক প্ৰত্যাহ্বান  দিব নোৱাৰে । কাৰণ অগপৰ ভুমি সংকুচিত হৈ আহিছে ।

বিপিএফ মুলত: বিটিচি অঞ্চলৰ দল । যদিও বিটিচিৰ বাহিৰত বহু কেইটা বিধান সভা আৰু লোকসভা সমষ্টিত বিপিএফৰ সমৰ্থন নিৰ্ণায়ক হয় তথাপি বিপিএফ আজিৰ দিনটোত বিটিচি কেন্দ্ৰীক দল বুলিয়েই ক’ব লাগিব ।  হাগ্ৰামা মহিলাৰী সক্ৰিয় ৰাজনীতিত থকালৈ বিসম্বাদ নথকা বিপিএফৰ  প্ৰভাৱত  বিটিচি অঞ্চলত কংগ্ৰেছ, বিজেপি বা অগপৰ সাংগঠনিক ভেটি শক্তিশালী  হোৱাটো অতি কঠিন হ’ব। বিপিএফক যদি আন কোনো দলে  প্ৰত্যাহ্বান জনাব পাৰে সেই দল হ’ব লাগিব বিটিচি কেন্দ্ৰীক । বিজেপি বা কংগ্ৰেছে বিটিচিত  শক্তিশালী হ’বলৈ আৰু কমেও ১৫-২০ বছৰ লাগিব । কিন্তু ৰাজ্যৰ ৰাজনীতিত বিটিচিৰ অন্তৰ্ভুক্ত  সমষ্টি কেইটাৰ ফলাফলে চৰকাৰ গঠন প্ৰক্ৰিয়াত ‘ব্লক’ হিচাপে সহায় কৰিব । এই ‘ব্লক’ সমৰ্থন নিৰ্ভৰ কৰিব উন্নয়ন  আৰু ক্ষমতাৰ ভিত্তিত য’ত আবেগৰ প্ৰভাব অতি সীমিত । কাৰণ বিটিএডি অঞ্চলৰ উন্নয়ন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ  ওপৰতহে নিৰ্ভৰশীল । এআইউডিএফ দল বিশেষকৈ বঙালী ভাষী মুছলমান অধ্যুষিত অঞ্চলত প্ৰভাৱ থকা ৰাজনৈতিক কন্ঠ । তথাপি এই দলৰ প্ৰভাৱ অমুছলমান অঞ্চলতো নথকা নহয় । কিন্তু আজমলৰ নেতৃত্বৰ দলটো ৰাজনৈতিক আদৰ্শৰ লগতে বহু সময়ত ব্যৱসায়িক কাৰক কিছমানৰ দ্বাৰাও  প্ৰভাবান্বিত নোহোৱা নহয় । ৰাষ্ট্ৰীয় ৰাজনীতিত এআইউডিএফ যদিও কংগ্ৰেছৰ  মিত্ৰজোঁটৰ অংশীদাৰ , তথাপি অসমৰ ৰাজনীতিত কংগ্ৰেছে মুকলিকৈ এআইউডিএফৰ লগত মিত্ৰতা কৰিবলৈ ইচ্ছ্যুক নহয় কাৰণ আজমলৰ লগত প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰা মানেই উজনি অসমত কংগ্ৰেছে সমৰ্থন হেৰোৱাৰ ভয় । যিয়েই নহওঁক এনআৰচি প্ৰকাশ হৈ যোৱাৰ পিছত আজমলেই হওঁক বা কংগ্ৰেছেই হওঁক কোনো দলেই অভিভাষী মুছলমান মানুহখিনিৰ লগত ব্লেকমেইলিংৰ ৰাজনীতি কৰাটো কিছু কঠিন হ’ব । এন আৰ চি ৰ প্ৰকাশে এইক্ষেত্ৰত এআইউডিএফ তকৈ কংগ্ৰেছকহে বেছি ক্ষতি কৰিব । তথাপি নিৰ্বাচনৰ পিছত সময়ে দাবী কৰিলে কংগ্ৰেছক এআইউডিএফে সমৰ্থন দিলে আচৰিত হ’ব লগা একো নাই ।মুঠৰ  ওপৰত ক্ষমতা সৰ্বোচ্য ৰাজনীতিত ৰাইজ তথা ৰাজনৈতিক দলবোৰেও বুজি উঠিছে যে এটা অঞ্চল বা এখন ৰাজ্যৰ উন্নয়ন আবেগত নচলে,উন্নয়নৰ মুল উপাদান হৈছে অৰ্থনীতি । সেয়ে অসমৰ দৰে ৰাজ্যৰ ৰাজনীতি কেন্দ্ৰীয় চৰকাৰখনৰ ওপৰত সম্পুৰ্ণ নিৰ্ভৰশীল । ২০১৯ ত যদি পুনৰবাৰ নৰেন্দ্ৰ মোদী ক্ষমতালৈ আহে তেন্তে কংগ্ৰেছ অাৰু এআই উডিএফৰ পৰা বহু নেতা কৰ্মীয়ে দলত্যাগ কৰিব আৰু যদি ৰাহুল গান্ধীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হয় তেন্তে এতিয়াৰ বহু বিজেপি নেতা কৰ্মীয়ে বিজেপি ত্যাগ কাৰটো নিশ্চিত ।হয়তো ৰাইজৰ সন্মুখত মুখ লজ্জাৰ পৰা হাত সাৰিবলৈ বহু নেতা কৰ্মীয়ে নিৰপেক্ষ অবস্থান ল’ব অগপ  নাইবা বিপিএফৰ ছাতিৰ তলত ……