২০২১ঃ সোণোৱাল বনাম বৰদলৈ?

8763

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


মানুহজনৰ ঘৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত কিন্তু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বাচি ল’লে নগাঁঅ লোকসভা সমষ্টি। ভোটগননাৰ দিনা প্ৰদ্যুত বৰদলৈৰ এই সিদ্ধান্ত সঠিক বুলি প্ৰমানিত হ’ল। বিজেপিৰ শক্তিশালী প্ৰতিদ্বন্দ্বী ৰুপক শৰ্মাৰ বিৰুদ্ধে বৰদলৈয়ে লাভ কৰিলে শ্বাসৰুদ্ধকৰ বিজয়। দুপৰীয়া দুটামান বজালৈ শৰ্মা ভোটযুদ্ধত আগুৱাই আছিল। লাহৰিঘাট আৰু যমুনামূখৰ ই.ভি.এম খুলাৰ লগে লগে বৃহৎ ব্যবধানত আগবাঢ়িল বৰদলৈ। জাগীৰোড আৰু হোজাই সমষ্টিৰ গননা চলাত ব্যবধান কিছু কমিল। সদৌ শেষত নগাঁঅ সদৰৰ ভোটগননা হ’ল। ভবা হৈছিল ৰুপক শৰ্মাই নিজা গৃহ সমষ্টিত ভাল লিড পাব । কিন্তু সকলোকে আচৰিত কৰি ৰুপক শৰ্মাৰ সমানে সমানে যুঁজ দিলে প্ৰদ্যুত বৰদলৈ। ৰাতি প্ৰায় দহমান বজাত খবৰ আহিল যে প্ৰদ্যুত বৰদলৈ নগাঁঅৰ পৰা ১৬ হাজাৰ ভোটত জয়ী হৈছে। অসমৰ ১৪ টা সমষ্টিৰ সকলোতকৈ বেছি প্ৰতিদ্বন্দ্বিতা হোৱা নগাঁঅৰ পৰা শেষ হাঁহি মাৰিলে তৰুণ গগৈ চৰকাৰৰ প্ৰাক্তন মন্ত্রী গৰাকীয়ে।
 প্ৰদ্যুত বৰদলৈয়ে কিয় বাছি ল’লে নগাঁঅ
যোৱা বিধানসভা নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ ভাস্কৰ শৰ্মাৰ হাতত পৰাজিত হৈছিল তেওঁ। পঞ্চায়ত নিৰ্বাচনতো তাত কংগ্ৰেছৰ প্ৰদৰ্শন ভাল নহয়। উজনিত লাহে লাহে কংগ্ৰেছৰ ভেটি খহিব ধৰিছে সেইবাবে ২০২১ টো তাৰ পৰা জয়ী হোৱাৰ সম্ভাবনা ক্ষীণ। সেয়েহে ধাৰণা কৰিব পাৰি যে অত্যন্ত সম্ভাবনাপূৰ্ণ এই ৰাজনেতা জনে বিবেচনা কৰিলে দিল্লী যাত্রাৰ কথা। ৰাজনৈতিক ভাবে পৰিপক্ক বৰদলৈয়ে জানিছিল যে তেওঁৰ গৃহ সমষ্টি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিজয়ী হোৱা অসম্ভব। অসমত কংগ্ৰেছৰ সুৰক্ষিত আসন মাত্র দুখন; কলিয়াবৰ আৰু বৰপেটা। কলিয়াবৰৰ পৰা ইতিমধ্যে গৌৰৱ গগৈ সাংসদ  আৰু বৰপেটা আসনখন অঘোষিত ভাবে সংখ্যালঘুৰ বাবে সংৰক্ষিত। এই দুখন আসনক বাদ দি আন কোনো সমষ্টিত যদি কংগ্ৰেছৰ জয়ৰ সামান্নতমো আশা আছিল সেয়া হ’ল নগাঁঅ। ৩৫% মুছলমান লোক বাস কৰা নগাঁঅত এ.আই.ইউ.দি.এফে প্ৰাৰ্থীত্ব নিদিলে বিজেপি আৰু কংগ্ৰেছ দুয়ো দলৰে জয়ৰ সম্ভাবনা ৫০-৫০। তেওঁ ৰিস্ক ল’লে এয়া জানিও যে একেৰাহে বিধানসভা আৰু লোকসভা নিৰ্বাচন দুয়োটাতে পৰাজিত হ’লে দলৰ ভিতৰতে অবস্হা পুতৌজন হ’ব। নগাঅঁত তেও  যঠেষ্ট কষ্ট কৰি ব্যাপক প্ৰচাৰো কৰিলে। ২৩ মেৰ দিনা তেওঁ লোৱা এই সিদ্ধান্ত শুদ্ধ প্ৰমানিত হ’ল।
২০২‍১ৰ নিৰ্বচনত বৰদলৈৰ ভূমিকাঃ
কংগ্ৰেছ দলটো বৰ্তমান অস্তিত্বৰ সংকটত ভূগিছে। সভাপতি ৰুপে ৰাহুল গান্ধীৰ ব্যৰ্থতাই দলটোৰ নেতা কৰ্মীক নিৰাশ কৰিছে। অসমতো ৰিপুন বৰাৰ লগত একেই অবস্হা। নিজৰ গৃহ সমষ্টি গহপুৰ আৰু নিজ জিলা তেজপুৰতে কংগ্ৰেছৰ চিন মোকাম নাইকিয়া হৈছে। ২০২১ ত কংগ্ৰেছৰ সন্মুখত আছে সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ শক্তিশালী যুটি। কৰ্মকৰ্তা সকলক সাহস দিবলৈ আহিব মোদী আৰু শ্বাহো। এনে পৰিস্হিতিত প্ৰশ্ন উঠিছে কংগ্ৰেছে বিজেপিৰ কেনেকৈ মোকাবিলা কৰিব? হিন্দু বঙালী, চাহ জনগোষ্ঠী, ৰাভা, তিৱা, হিন্দী ভাষী, উচ্চ বৰ্ণ সকলো বিজেপিৰ লগত। কংগ্ৰেছে অকল ৩৫% মুছলমানৰ ভোটেৰে(তাকো এ.আই.ইউ.দি.এফৰ লগত ভগাই ল’ব লাগিব) ২০২১ ত দিছপুৰৰ গাদী দখল কৰা সম্ভব হ’বনে? এনে পৰিপ্ৰেক্ষিতত কংগ্ৰেছে বিজেপিক ২০২১ত ৱাক অভাৰ দিব লাগিব নেকি? এইবাৰ লোকসভা নিৰ্বাচনত অবশ্যে কংগ্ৰেছৰ বাবে এটা ভাল খবৰ আহিল সেয়া হ’ল প্ৰদ্যুত বৰদলৈৰ বিজয়। ২০২১ত সোণোৱালক প্ৰত্যাহ্বান জনাব পৰা একমাত্র নেতাজন হ’ল প্ৰদ্যুত বৰদলৈ। কংগ্ৰেছত বহুবছৰ মন্ত্রী হৈ থকাৰ সুবাদতে আৰু নিম্ন সদনলৈ নিৰ্বাচিত হোৱাৰ পিছত বৰদলৈৰ আত্মবিশ্বাস স্বাভাবিকতে বৃদ্ধি পাইছে। সকলো বিষয়ৰ ওপৰত গভীৰ জ্ঞান থকা বৰদলৈৰ কথা বাৰ্তাও খুব মাৰ্জিত। কংগ্ৰেছক ৰাইজে এতিয়া মুছলমানৰ দল বুলি ভাবিবলৈ আৰম্ভ কৰিছে। আশা কৰিব পাৰি যে বৰদলৈৰ নিচিনা অভিজ্ঞ নেতাই কংগ্ৰেছৰ এনে ভাবমুৰ্তি সলনি কৰিব পাৰিব। কিন্তু এটা কথা যে কংগ্ৰেছে ২০২১ৰ পৰিকল্পনা এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব। প্ৰদ্যুত বৰদলৈক সভাপতি হিচাপে নিযুক্তি দি ৰাজ্যৰ কংগ্ৰেছক নতুন ৰুপ দি বিজেপিৰ লগত যুঁজ দিব লাগিব। এনেকুৱা হ’লে ২০২১ চনত সৰ্বানন্দ সোনোৱাল বনাম প্ৰদ্যুত বৰদলৈৰ মাজত এখন আকৰ্ষনীয় ৰণ দেখিবলৈ পোৱা যাব। অনত্থা সৰ্বানন্দ সোণোৱালক পৰাজিত কৰা অসম্ভব।