২০২১ৰ বাবে জাতীয় নায়কৰ ৰণকৌশল

4909
  • কংকণ আচাৰ্য

(লেখক অহা ৬ আগষ্ট ২০২০ত দিল্লীত মুকলি হবলগীয়া ভাৰতৰ প্ৰথম শ্ৰৱ্য নিউজ ৱেবচাইট www.earshot.in ৰ জ্যেষ্ঠ সহকাৰী সম্পাদক)


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যত কি হ’ব ? তেওঁক ৰাইজে পুনৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত কৰিবনে?  চি এ এ, কৰ’না আৰু বানৰ ঢলত হেৰাই যাব নেকি সোণোৱালৰ ৰাজনৈতিক কেৰিয়াৰ। নিৰ্বাচনলৈ দিন চমু চাপি আহিছে মানে এই প্ৰশ্নবোৰ সৰৱ হৈ উঠিছে ।
দৰাচলতে অসমত বিজেপিৰ ভৱিষ্যতেই সৰ্বানন্দ সোণোৱালৰো ভৱিষ্যত।  চাহ শ্ৰমিক আৰু বঙালী ভোট বিজেপিয়ে দলৰ নীতিৰ জৰিয়তে যিদৰে নিজৰ পক্ষত আনিবলৈ সক্ষম হৈছে, সেইদৰে সৰ্বানন্দ সোণোৱালৰ ভাৱমুৰ্তীৰ বাবে বিজেপিয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত  অমুছলমান জনগোষ্ঠীয়, জনজাতীয় আৰু বৰ্ণ হিন্দু অসমীয়াৰ ভোট পাবলৈ সক্ষম হৈছিল। এই দুয়োটা শক্তি এটা আনটোৰ ওপৰত নিৰ্ভৰশীল।
বাস্তৱত দেখা যায় যে সকলো ধুমুহাৰ মাজতো বিজেপিৰ দলীয় ভোট বেংকত বিশেষ কোনো খহনীয়া অহা নাই। প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সৰ্বানন্দ সোণোৱালে আনি দিব পৰা ভোটৰ দুটা দিশতহে। এয়া হ’ল প্ৰধানকৈ বৰ্ণ হিন্দু অসমীয়া আৰু একাংশ অমুছলমান জনগোষ্ঠীয় ৰাইজৰ ভোট।
সোণোৱালে নিজক বিজেপিৰ ওচৰত প্ৰাসংগিক কৰি ৰাখিবলৈ এইখিনি ভোটাৰৰ মাজত নিজৰ  ভাবমুৰ্তী  বৰ্তাই ৰখাটো একান্ত জৰুৰী। গতিকে সোণোৱালৰ ৰাজনীতিক এই খিনি ভোটাৰৰ দৃষ্টিৰেহে চোৱাটো যুক্তিসংগত হ’ব।
এইসকল ভোটাৰৰ দৃষ্টিৰে সোণোৱালৰ ইমেজত যোৱা চাৰে চাৰিটা বছৰত কি যোগ আৰু কি বিয়োগ হ’ল চাওঁ আহক।
সোণোৱালে কি পালে?
সোণোৱাল মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা সময়ত  তেওঁৰ ব্যক্তিগত সততাৰ ওপৰত প্ৰশ্ন উঠা নাছিল। আজিও উঠা নাই। কিন্তু সেই সময়ত আন নালাগে জাতীয়তাবাদী শিবিৰৰ মাজতো তেওঁৰ কৰ্মদক্ষতাক লৈ অনিশ্চয়তা আছিল। আন্দোলন কৰা আৰু চৰকাৰ চলোৱা দুটা সম্পূৰ্ণ বিপৰীত দায়িত্ব। পাৰিবনে কোনোদিনে চৰকাৰী পক্ষত থাকি নোপোৱা সোণোৱালে চৰকাৰ চলাব? এতিয়া এই প্ৰশ্ন নাই। কিয়নো যোৱা চাৰে চাৰিটা বছৰৰ কাৰ্য কালত ব্যক্তিগত সততা, দক্ষতা, দায়বদ্ধতা, পৰিশ্ৰম , সহিষ্ণুতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ সুযোগ দিয়া নাই সোণোৱালে। এজন মুখ্যমন্ত্ৰী হিচাবে পুনৰ নিৰ্বাচিত হোৱাত সোণোৱালৰ সন্মুখত তেওঁৰ ব্যক্তিগত ভাৱমূৰ্তিক লৈ কোনো বাধা নাই।
তদুপৰি তেওঁ এইটোও প্ৰমাণ কৰিবলৈ সক্ষম হৈছে যে তেওঁৰ সহজ সৰল হাঁহিৰ আঁৰত আছে এজন টিমক ৰাজনীতিক, যি কৌশলেৰে চৰকাৰৰ ভিতৰত নিজৰ প্ৰভূত্ব বৰ্তাই ৰাখিবলৈ সক্ষম। তেওঁৰ বিৰুদ্ধে কোনো দলীয় বিধায়কে মুকলি বিদ্ৰোহ কৰা পৰিলক্ষিত হোৱা নাই। চৰকাৰৰ ভিতৰত তেওঁৰ সমৰ্থনৰ ভেটিত খহনীয়াই দেখা দিয়া নাই। এয়া তেওঁৰ প্ৰাপ্তি।
সোণোৱালে কি হেৰুৱালে?
অসমৰ আন দহজন মুখ্যমন্ত্ৰীৰ লগত সৰ্বানন্দ সোণোৱালৰ এটা পাৰ্থক্য আছে। সেয়া হ’ল যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ উপৰি তেওঁৰ আছে জাতীয় নায়কৰ ইমেজ। এনে ইমেজৰ এটা ডাঙৰ সমস্যা আছে । সেইয়া হ’ল তেওঁৰ ভাৱমুৰ্তী বগা কাপোৰৰ দৰে। সৰু দাগ এটাও দূৰৈৰ পৰাই চকুত পৰে। । সেয়েহে এনে ইমেজ লালন পালন  কৰাটো বৰ প্ৰত্যাহ্বানপূৰ্ণ।
সোণোৱালে বিগত ২৫ টা বছৰত অতি কৌশলেৰে ধৰি আছে জাতীয় নায়কৰ ইমেজ। ইয়াৰ  আধাৰ হ’ল ইছলামিক আৰু বাঙালি সম্প্ৰসাৰণবাদ বিৰোধী তেওঁৰ স্থিতি। এক কথাত তেওঁ নিজৰ ইমেজ খিলঞ্জীয়াৰ প্ৰতিনিধি হিচাবে গঢ়ি তুলিবলৈ সক্ষম হৈছিল।
যোৱা চাৰে চাৰিটা বছৰত তেওঁ একে সময়তে এজন চেকুলাৰ ,  মানৱতাবাদী আৰু এজন ইছলামিক সম্প্ৰসাৰণবাদ বিৰোধী নেতা হিচাবে নিজৰ ইমেজ অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে। অগপৰ একাংশ নেতাৰ বদৰুদ্দিন আজমলৰ সৈতে ঘনিষ্ঠতাৰ বাবে এদিন আঞ্চলিক দলটো ত্যাগ কৰা সোণোৱালৰ মুখেৰে আজিও চেকুলাৰীজমৰ নামত বাংলাদেশৰ জয়গান শুনিবলৈ পোৱা হোৱা নাই। তেওঁ নিজকে চেকুলাৰ বোলাবলৈ হোৱাই নোহোৱাই এচামক গামোছা পিন্ধাই ফুৰাৰ দৃশ্যও বিৰল।
কিন্তু চি এ এ পাছ হোৱাৰ পিছত সোণোৱালৰ বাঙালি সম্প্ৰসাৰণবাদ বিৰোধী ইমেজত দাগ লাগিছে। কিয়নো তেওঁ এই শক্তিৰ সতে ৰাজনৈতিক কাৰণত বুজা পৰা কৰা বুলি তেওঁৰ অতীতৰ সতীৰ্থসকলে ধৰি লৈছে। এয়া তেওঁৰ বাবে বিৰাট এটা ক্ষতি।
ক্ষতিৰ মূল্যায়ন
কংগ্ৰেছে যিদৰে মুছলমানৰ ওপৰত অতি নিৰ্ভৰশীল,সেইদৰে বিজেপি চাহ শ্ৰমিক, জনজাতীয়, অমুছলমান জনগোষ্ঠী, বৰ্ণ হিন্দু অসমীয়া আৰু বাঙালি হিন্দুৰ ভোটৰ ওপৰত নিৰ্ভৰশীল।
  • চাহ শ্ৰমিক+জনজাতি+অমুছলমান জনগোষ্ঠী+ বৰ্ণহিন্দু অসমীয়া+বাঙালী হিন্দু=বিজেপি
চি এ এ ফেক্টৰৰ বাবে বিজেপিৰ অমুছলমান জনগোষ্ঠীয় আৰু বৰ্ণ হিন্দু অসমীয়া ভোট বেংকত খহনীয়াই দেখা দিব পাৰে। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দলটোৱে চাহ জনগোষ্ঠী আৰু বাঙালী সমাজত থকা সবল দলীয় ভিত্তিৰ সহায় লৈ তেওঁলোকৰ ভোট বেছিকৈ সংগ্ৰহ কৰাৰ কৌশল লব পাৰে। কিন্তু সেয়া নিৰ্বিঘ্নে নিৰ্বাচন জিকিবলৈ যথেষ্ট নহয়। গতিকে অমুছলমান জনগোষ্ঠীয় আৰু বৰ্ণ হিন্দু অসমীয়া ভোট বেংক বিজেপিয়ে হাতত ৰখাটো একান্ত জৰুৰী। যিহেতু এইচাম ভোটাৰৰ বুজন সংখ্যকে প্ৰধানকৈ সোণোৱালৰ বাবেহে বিজেপিৰ সতে যুক্ত হৈছিল, সেয়েহে এওঁলোকক ধৰি ৰাখিবলৈ তেওঁৰ ইমেজ উদ্ধাৰ কৰাটো দলটোৰ বাবে জৰুৰী।
এইখিনিতে এষাৰ কথা উনুকিয়াই থোৱা উচিত যে অমুছলমান জনগোষ্ঠীয় আৰু বৰ্ণ হিন্দু ভোটাৰ আঁতৰি গলে তেওঁলোকৰ ঠাই মুছলমান ভোটাৰেৰে পূৰণ কৰাটো বিজেপিৰ বাবে অসম্ভৱ।
অমুছলমান জনগোষ্ঠীয় আৰু বৰ্ণ হিন্দু অসমীয়াৰ ভোট হেৰুওৱাৰ ভয় বিজেপিৰ বাবে দিনক দিনে বেছি হৈ আহিছে। কিয়নো আছুৱে এটা ৰাজনৈতিক দল খোলাৰ যোজা চলাই থকা পৰিলক্ষিত হৈছে। এই দলে এইসকল ভোটাৰৰ এটা অংশ টানি নিব পাৰে।
যিহেতু ২০১৬ চনৰ নিৰ্বাচনত ব্ৰহ্মপুত্ৰ উপত্যকাত বেছিসংখ্যক বিজেপি প্ৰাৰ্থী ক্ষীণ ভোটৰ ব্যৱধানত জয়ী হৈছিল গতিকে অলপ ভোট আন পাৰ্টিলৈ গলেও বিজেপিৰ সৌধ খহি পৰাৰ আশংকাও নুই কৰিব নোৱাৰি।
সম্ভাব্য ৰণকৌশল
এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ সৰ্বানন্দ সোনোৱাল আৰু বিজেপিয়ে কি ৰণকৌশল লব পাৰে চাওঁ আহক।
  • অসমক আংশিকভাবে চি এ এৰ পৰা ৰেহাই দিব পাৰে।অৰ্থাৎ কেৱল বৰাক উপত্যকাতহে এই আইন বলবত কৰিব পাৰে। বিজেপিৰ বিৰুদ্ধে চৰকাৰ সলনি কৰি দিব পৰাকৈ আন কোনো শক্তিশালী ইছ্যু নাই । গতিকে এনে সিদ্ধান্তই ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ ভোটাৰসকলক সন্তুষ্ট কৰি বিজেপিৰ পক্ষত বতাহ বলোৱাত সহায় কৰিব পাৰে। চি এ এ আইনত নাটকীয় সালসলনি ঘটাই এনে এক ৰূপ দিব পাৰে যাৰ পৰা এনে প্ৰতীয়মান হয় যে এই আইনৰ পৰা অসমীয়াৰ লাভহে হব। লোকচান নহয়।
  • অসম চুক্তিৰ ক্লজ ৬ এনেদৰে ৰূপায়ন কৰা যাতে চি এ এ বলবত হলেও ইয়াৰ পৰা অসম আৰু অসমীয়াৰ কোনো ক্ষতি নহয় বুলি ৰাইজ পতিয়ন যায়।
  • আছুৱে গঠন কৰা নতুন ৰাজনৈতিক দল ইছলামপন্থী শক্তিৰ লগত আছে বুলি ৰাইজক পতিয়ন নিওৱা। এনে কৰাটো অসম্ভৱ নহয়। কিয়নো আছুৱে পূৰ্বৰ কট্টৰপন্থী জাতীয়তাবাদী ইমেজ হেৰুৱাইছে।
  • পূৰ্ণমাত্ৰাত হিন্দুত্ববাদৰ পোষকতা কৰা যাতে হিন্দুসকলে হিন্দু হিচাবে ভোট দিয়ে।
ওপৰৰ যিকোনো এটা ৰণকৌশলৰ  সফল ৰূপায়ন কৰি অথবা এইসমূহতকৈও উন্নত আন কোনো কৌশল অৱলম্বন কৰি সৰ্বানন্দ সোনোৱাল আৰু বিজেপিয়ে শেষ ৰক্ষা কৰিব পাৰে। গতিকে সোনোৱালৰ শেষ ৰক্ষা নহব বুলি আজিয়ে কোৱাটো টান।
কৰোণা আৰু বান নিয়ন্ত্ৰণত নিঃসন্দেহে কিছু বেমেজালি হৈছে। কিন্তু এই অসন্তুষ্টি নিৰ্বাচনত বিজেপিৰ বাবে বৰ ডাঙৰ প্ৰত্যাহ্বান হব বুলি কব নোৱাৰি। কিয়নো ইয়াৰ এটাও দুৰ্যোগ মানৱ সৃষ্ট নহয়। এয়া ভোটাৰে বুজে।