৩৮% ৰাইজৰ মতে বিজেপিয়ে পাব ৬৩ খন আসন

2119

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০১১ চনত মাত্র ৫ জন বিধায়ক থকা বিজেপিয়ে ২০১৬ চনত ৬০ জন বিধায়ক জিকাই চৰকাৰ গঠন কৰিলে। তাৰ পিছত বিজেপিয়ে পিছলৈ ঘূৰি চাব লগীয়া হোৱা নাই। ২০১৮ পঞ্চায়ত আৰু ২০১৯ লোকসভা নিৰ্বাচনতো বিজেপিয়ে চমকপ্ৰদ প্ৰদৰ্শন কৰে। উপ-নিৰ্বাচন বিলাকতো কংগ্ৰেছে গা ডাঙিব পৰা নাই। সেয়েহে এই সময়ত কব পাৰি যে ২০২‍১ চনৰ লোকসভাৰ বাবে বিজেপি কংগ্ৰেছতকৈ বহু আগত আছে। ৰাইজো এই ক্ষেত্রত ৰাজনীতি অসমৰ লগত একমত। এই কথা প্ৰমাণ হয় আমাৰ যোৱমাহৰ অ’পিনিয়ন প’লত। যোৱা মাহত আমি ৰাইজক প্ৰশ্ন কৰিছিলো বিজেপি, কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফে ২০২১ চনৰ লোকসভাত কিমান আসন পাব? ৰাইজৰ মতামতৰ ভিত্তিত আমাৰ এক প্ৰতিবেদনঃ

২০২১ত বিজেপিয়ে পাব কিমান আসন?

সৰ্বাধিক ৩৮.১% ৰাইজৰ মতে বিজেপিয়ে পাব ৬৩ বা তাতকৈ বেছি আসন। এনেকুৱা হ’লে প্ৰথমবাৰৰ বাবে বিজেপিয়ে পাব অসম বিধানসভাব নিৰংকুশ সংখ্যাগৰিষ্ঠতা। ৩৩.৩% ৰাইজে ভাবে বিজেপিয়ে পাব ৫০ ৰ পৰা ৬২ খন আসন। ৩০ৰ পৰা ৪৯ খন আসন পাব বুলি মত ব্যক্ত কৰা লোকৰ সংখ্যা ২৩.৮%।
২০২১ত কংগ্ৰেছে পাব কিমান আসন?

 

যোৱা কেইবাটাও নিৰ্বাচনত শোচনীয় প্ৰদৰ্শন কৰা কংগ্ৰেছ দলক লৈ ৰাইজ আশাবাদী নহয়। সৰ্বাধিক ৪২.৯% ৰাইজে ভাবে কংগ্ৰেছে পাব ২০ ৰ পৰা ৩৯ খন আসন। ৩৬.৫% লোকৰ মতে কংগ্ৰেছে পাব ৪০ৰ পৰা ৬২ খন আসন। ২০.৬% লোকে কংগ্ৰেছে ২০তকৈ কম আসন পাব বুলি মত ব্যক্ত কৰে।
আনহাটে এ.আই.ইউ.ডি.এফে ১০ ৰ পৰা ১৯খন আসন পাব বুলি সৰ্বাধিক ৪৯.২% ৰাইজে মত প্ৰকাশ কৰে।