২০২১ৰ নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ ৫টা কাৰণ

1772
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ৰাজনীতি অসমৰ অক্টোবৰ মাহৰ অ’পিনিয়ন প’লত ৬২% ৰাইজে ২০২১ত পুনৰ বিজেপি চৰকাৰ আহিব বুলি মত ব্যক্ত কৰিছে। অ’পিনিয়ন প’লৰ বিস্তৃত তথ্য আমি আন এটা আৰ্টিকলত প্ৰকাশ কৰিছো। বিজেপি চৰকাৰে যোৱা ৫ বছৰত কেনেকুৱা কাম কৰিছে তাৰ বিষয়ে বিভিন্ন জনে বিভিন্ন ধৰণে বাখ্যা আগবঢ়াব। কিন্তু এটা কথা ঠিক যে চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিস্থান বিৰোধী ঢৌ সৃষ্টি হোৱা নাই। যিখন ৰাজ্যত প্ৰায় ৩৫% মুছলমান লোক বাস কৰে তেনে এখন ৰাজ্যত বিজেপি একেৰাহে দুবাৰ ক্ষমতালৈ অহাটো খুব সাধাৰণ কথা নহয়। এই অসম্ভব কেনেকৈ সম্ভব হ’ল? এই বিষয়ে পৰ্যালোচনা কৰি আমি যুগুতাই উলিয়াইছো অসমত বিজেপিৰ পুনৰ চৰকাৰ গঠন হোৱাৰ আঁৰৰ ৫ টা কাৰণঃ
১) বিৰোধীৰ দুৰ্বলতাঃ অসমত কংগ্ৰেছ দলৰ পৰা মুখ্যমন্ত্রীৰ বাবে কাকো প্ৰক্ষেপ কৰা হোৱা নাই। যিহেতু ৰিপুণ বৰা দলৰ সভাপতি সেয়েহে তেখেতক ৰাইজে বিজেপিৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগত তুলনা কৰিছে। নিকা ভাবমুৰ্তিৰ সোণোৱালৰ লগত যেতিয়া বৰাৰ তুলনা হয় তেতিয়া সাধাৰণ ৰাইজে সোণোৱালক বেছি পচন্দ কৰে। কংগ্ৰেছে বিজেপিক সমালোচনা  কৰিছে থিকেই কিন্তু নিজে চৰকাৰত আহিলে বিজেপিতকৈ কেনেকৈ ভাল কাম কৰিব সেয়া ৰাইজক বুজাবলৈ সক্ষম হোৱা নাই। নিৰ্বাচন অহাৰ লগে লগে কংগ্ৰেছ দলে ৰাইজক বহু প্ৰতিশ্ৰুতি দিব। কিন্তু বিশ্বাসযোগ্য নেতা অবিহনে ৰাইজে তাক গ্ৰহন কৰাৰ সম্ভাবনা কম।
২) কেন্দ্ৰ – ৰাজ্যৰ একেই চৰকাৰঃ অসম এখন কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য।   যেতিয়া কেন্দ্ৰ আৰু ৰাজ্যত একে চৰকাৰ থাকে তেতিয়া চাকৰিয়াল তথা ঠিকাদাৰ সকলৰ বিশেষ চিন্তা নাথাকে। চৰকাৰ দুখন বেলেগ বেলেগ দলৰ হ’লে কেন্দ্ৰীয় চৰকাৰে অসমক আৰ্থিক সাহায্য বন্ধ কৰাৰ সম্ভাবনা থাকে। এই ক্ষেত্রত চাকৰিয়ালসকলৰ দৰমহা আৰু ঠিকাদাৰৰ বিল পৰিশোধত সমস্যাই দেখা দিয়ে। যিহেতু ২০২৪লৈ কেন্দ্ৰত মোদী চৰকাৰ আছে সেয়েহে একাংশ ৰাইজে অসমতো বিজেপি থকাটো পচন্দ কৰিব।
৩) কংগ্ৰেছ -আজমলৰ মিত্রতাঃ কংগ্ৰেছ আৰু আজমলৰ মিত্রতাৰ ফলত কংগ্ৰেছ দলৰ কিমান লাভ হ’ব সেয়া হিচাপ নিকাচ কৰিছে দল দুটাৰ একাংশ নেতাই। ২০১৬ চনক তুলনা কৰি দল দুটাৰ নেতাসকলে ক’ব খোজে যে এই মিত্রতাৰ ফলত বিজেপি পৰাস্ত হ’ব। তেওঁলোকে পাহৰি যায় যে ২০১৯ লোকসভাত দলদুটাৰ মাজত অঘোষিত মিত্রতা হৈছিল। আজমলে মাত্র তিনিটা সমষ্টিত প্ৰাৰ্থী দিছিল। তৎসত্বেও বিজেপিয়ে অসমত ৯ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। যোৱা লোকসভাৰ ফলাফল বিধানসভাত ভাগ কৰিলে দেখা যায় যে বিজেপি ৬৭টা আৰু অগপই ১১টা আগবাঢ়ি আছে। গতিকে এই মিত্রতাৰ ফলত কংগ্ৰেছৰ একো লাভ নহয়। বৰঞ্চ ইয়ে সংখ্যাগুৰুৰ ভোট একত্রিত কৰি দলটোক ক্ষতি কৰিব।
৪) নৰেন্দ্ৰ মোদীৰ প্ৰভাবঃ অসমত ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত মোদীৰ আগমনৰ লগে লগে বিজেপিৰ সপক্ষে ঢৌৰ সৃষ্টি হৈছিল। অনৰূপ পৰিস্থিতি হৈছিল ২০১৬ তথা ২০১৯ত। যিখন ৰাজ্যতে মোদীয়ে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে গৈছে তাতেই তেখেতে এক বৃহৎ সংখ্যক ভোটাৰৰ মাজত প্ৰভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। মোদীৰ সমকক্ষ নেতা কংগ্ৰেছত এজনো নাই। মোদীৰ বিশাল জনসভা অাৰম্ভ হোৱাৰ লগে লগে অসমতো বিজেপিৰ সপক্ষে পুনৰ এটা ঢৌ সৃষ্টি হোৱাৰ সম্ভাবনীয়তা নুই কৰিব নোৱাৰি।
৫) হিমন্ত বিশ্ব শৰ্মাৰ কৌশলঃ ২০০৬ চনৰ নিৰ্বাচনৰ পৰা অসমৰ বিধানসভা নিৰ্বাচনৰ এজেণ্ডা set কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই। ২০১১ত কংগ্ৰেছক প্ৰায় অকলে নেতৃত্ব দি জিকাই অনাৰ বিপৰীতে ২০১৬ত বিজেপিৰ প্ৰধান সেনানায়ক আছিল শৰ্মা। ভাৰতৰ শীৰ্ষ সাংবাদিক শেখৰ গুপ্তাই শৰ্মাক তুলনা কৰিছে ভাৰতৰ প্ৰাক্তন উপ প্ৰধানমন্ত্রী বাবু জগজীবন ৰামৰ সৈতে। শৰ্মাৰ বাকপতুতা তথা নিৰ্বাচনী ৰনকৌশলৰ নিপুনতা সাত শত্ৰুইয়ো স্বীকাৰ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা কংগ্ৰেছক উৎখাট কৰা শৰ্মাৰ বাবে নিজ ৰাজ্যত বিজেপিক পুনৰ ক্ষমতাত বহুৱাটো একো ডাঙৰ কাম নহয়। শৰ্মাই ইতিমধ্যে হিন্দুত্বৰ এজেণ্ডাৰে অসমত ৰণশিঙা বজাই দিছে। তেওঁ ভালকৈ জানে যে বিজেপি পুনৰ ক্ষমতালৈ আহিবলৈ হ’লে মেৰুকৰণ কৰিবই লাগিব। কংগ্ৰেছৰ কিছুমান নেতাই তেওঁক এই ক্ষেত্রত সহায় কৰিছে।