কংগ্ৰেছৰ নিশ্চিত আসন ১৭খন

1797
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কংগ্ৰেছ-আজমলৰ মিত্রতা চুৰান্ত হ’ল। উজনি অসমৰ বিধায়কসকলৰ প্ৰবল বিৰোধিতা স্বত্বেও এই মিত্রতা সম্ভব হ’ল একমাত্র তৰুণ গগৈৰ হেচাৰ বাবে। পুত্রৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে আজমলৰ শৰনাপন্ন হোৱাৰ বাহিৰে তেখেতৰ গত্যন্তৰ নাছিল। ৰিপুণ বৰাৰ চিন্তা কেবল সভাপতিৰ চকীখনকলৈ। তৰুণ গগৈৰ সৈতে শত্ৰুতা কৰি নিজৰ বিপদ চপাব নুখুজিলে বৰাই। তৰুণ গগৈৰ লগত দিল্লীৰ হাই-কামাণ্ডৰ সম্পৰ্ক খুব ভাল। সেয়েহে অসমৰ ৰাজনীতিত এতিয়াও তৰুণ গগৈৰ গুৰুত্ব সকলোতকৈ বেছি।
কংগ্ৰেছে দিলে ৱাক অভাৰ
ৰাজনৈতিক বিশ্লেষক হিচাপে আমি সদায় নিৰ্বাচনত দলবিলাকৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাটো বিচাৰো। ইয়ে সাধাৰণ ৰাইজৰ মাজত নিৰ্বাচনকলৈ উৎসাহ জন্মায়। নিৰ্বাচনৰ ফলাফল আগতীয়াকৈ জানিলে নিৰ্বাচনৰ আচল আমেজ পোৱা নাযায়। আমি বিচাৰিলেও কংগ্ৰেছ দলে এনে বিচৰা নাই যেন অনুমান হয়। ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ পিছত ক্ৰমাগত ভাবে উপ-নিৰ্বাচন, পঞ্চায়ত, লোকসভা, পৰিষদীয় আদি সকলো নিৰ্বাচনত বিদ্ধস্ত হোৱাৰ পিছত কংগ্ৰেছ দলে আত্মবিশ্লেষন কৰিব বুলি ভবা হৈছিল যদিও নকৰিলে। যদি কৰিলেহেতেন তেওঁলোকে বুজি পালেহেতেন যে অসমৰ চাহ জনগোষ্ঠী, মূলসুতিৰ অসমীয়া, বঙালী হিন্দু, জনজাতীয় সকলো তেওঁলোকৰ পৰা আতৰি গৈছে। তেওঁলোকৰ লগত আছে অকল মুছলমান ভোটাৰসকল। বিজেপিক যিহেতু মুছলমানসকলে কোনোপধ্যে সমৰ্থন দিব নোৱাৰে সেয়েহে কংগ্ৰেছ বা আজমলক সমৰ্থন দিয়াৰ বাহিৰে তেওঁলোকৰ গত্যন্তৰ নাই। কংগ্ৰেছৰ পৰা আতৰি যোৱা মানুহসকলক নিজৰ প্ৰতি আকৰ্ষিত কৰাৰ পৰিবৰ্তে তেওঁলোকে বাচি ল’লে আজমলৰ লগত মিত্রতা কৰাৰ পথ। ইয়াৰ ফলত মুছলমান ৰাইজক বাদ দি বাকীসকলৰ অবশিষ্ট সমৰ্থনখিনিও কংগ্ৰেছ দলে হেৰুৱাব।
কংগ্ৰেছৰ নিশ্চিত আসন ১৭
কংগ্ৰেছ-আজমলৰ মিত্রতাৰ ফলত দলৰ ১৫জন বিধায়ক অনায়াসে জয়ী হ’ব। তেওঁলোক প্ৰচাৰলৈ নগ’লেও হ’ব।  ইয়াৰে ১৪জন সংখ্যালঘু সম্প্ৰদায়ৰ। বদৰপু্ৰৰ জামালুদ্দিন আহমেদ, মানকাচাৰৰ মতিউৰ ৰহমান মণ্ডল, চালমাৰা দক্ষিণৰ ৱাজেদ আলি চৌধুৰীয়ে , অভয়াপুৰী উত্তৰৰ আব্দুল হাই নাগৰী, গোৱালপাৰা পূৱৰ আব্দুল কালাম, গোৱালপাৰা পশ্চিমৰ আব্দুল ৰচিদ মণ্ডল, বাঘবৰৰ শ্বেৰমান আলি, সৰুক্ষেত্রীৰ জাকিৰ হুছেইন, চেঙাৰ শুকুৰ আলি, চয়গাওঁৰ ৰেকিবুদ্দিন আহমেদ, দলগাওঁৰ ইলিয়াছ আলি, লাগৰিঘাটৰ নজৰুল ইছলাম, ৰুপহীহাটৰ নুৰুল হুদা আৰু চামগুৰিৰ ৰকিবুল হুছেইনে এই মিত্রতাৰ ফলত পাই গ’ল বৰদান। ইয়াৰ উপৰিও অনুসুচিত জাতিৰ বাবে সংৰক্ষিত বকোত নন্দিতা দাসে অনায়াসে জয়ী হ’ব কাৰণ তাত সংখ্যালঘুৰ ভোট নিৰ্ণায়ক। ইয়াৰ বাহিৰে বাকী হিন্দু বিধায়কসকলৰ ভিতৰত তৰুণ গগৈৰ বাহিৰে আন এজনৰো বিজয় নিশ্চিত নহয়। অজন্তা নেওগ , দেবব্ৰত শইকীয়া, কমলাক্ষ দে, ৰাজদ্বীপ গোৱালা, দুৰ্গা ভূমিজ, ৰোজলিনা তিৰ্কী আৰু ৰূপজ্যোতি কুৰ্মীয়ে হয়তো বিজেপিত যোগদান কৰিব লাগিব নহ’লে নিজৰ সমষ্টিত তীব্ৰ প্ৰত্যহ্বানৰ সন্মুখীন হ’ব লাগিব। সংখ্যালঘুই বিজয় নিশ্চিত কৰা সমষ্টিবিলাকৰ বাহিৰে আন কোনো সমষ্টিত যে কংগ্ৰেছৰ আশা নাই সেয়া ২০১৯ৰ লোকসভা নিৰ্বাচনে প্ৰমাণ কৰিলে। আজমলৰ সৈতে মিত্রতাই ইয়াত চীল-মোহৰ লগালে। কংগ্ৰেছ- আজমলৰ মিত্রতাৰ একমাত্ৰ যোগাত্মক দিশ হ’ল ইয়ে দলটোক ৮টা সমষ্টি বিজেপিৰ পৰা কাঢ়ি অনাত সহায় কৰিব। সোনাই, বৰখোলা, গোলকগঞ্জ, বিলাসীপাৰা পূব, গোসাইগাওঁ, সৰভোগ, বৰপেটা আৰু বটদ্ৰবাত বিজেপি মিত্রজোঁট পৰাজয় হোৱাৰ আশংকাই বেছি। কিন্তু এই ৮টাত ভিতৰত আজমলৰ দলে টিকট দিব ৭টাত। ২০২১ত বটদ্ৰবাৰ পৰা নিৰ্বাচন খেলিব পাৰে ৰিপুণ বৰাই। ২০২১ৰ নিৰ্বাচনত কংগ্ৰেছৰ নিশ্চিত আসন মাত্র ১৭ খন। তাৰ ভিতৰত বৰ্তমানৰ ১৪ জন সংখ্যালঘু বিধায়ক আৰু ৩ জন হিন্দু বিধায়ক। বকোৰ নন্দিতা দাস, তিতাবৰৰ তৰুণ গগৈ আৰু বটদ্ৰবাৰ পৰা ৰিপুণ বৰাই হ’ব সেই তিনিখন মুখ।