২০২১: কৰ’না বনাম কা

1572

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০২১ বিধানসভা নিৰ্বাচনত অসমত দুই প্ৰধান ৰাজনৈতিক দল বিজেপি আৰু কংগ্ৰেছৰ প্ৰধান ইছু কি হ’ব? ইয়াকে লৈ আছিল আমাৰ যোৱা মাহৰ অ’পিনিয়ন প’ল। ১ জুলাই ২০২০ৰ পৰা ২০ জুলাই ২০২০ লৈ চলা আমাৰ অ’পিনিয়ন প’লৰ ফলাফল তলত উল্লেখ কৰা হ’লঃ
বিজেপিৰ প্ৰধান ইছুঃ
১) কৰ’না ৰোধৰ বাবে লোৱা পদক্ষেপ – ৪০%
২) কংগ্ৰেছ- আজমলৰ মিত্রতা- ৩৩.৩%
৩) স্বাস্হ্য ,শিক্ষা আৰু গড়কাপ্তানি বিভাগৰ পাৰদৰ্শিতা- ৩৩.৩%
৪) অন্য – ১৩.৩%
আমাৰ অ’পিনিয়ন প’লৰ পৰা এই কথা স্পষ্ট হ’ল যে ক’ৰোনাই অহা বছৰ হ’ব লগা নিৰ্বাচনত প্ৰভাব বিস্তাৰ কৰাৰ পূৰ্ণ সম্ভাবনা আছে। সেয়েহে বৰ্তমানৰ চৰকাৰে ইয়াক লৈ খুব সাবধানতা অবলম্বন কৰিছে। ক’ৰোনাৰ বাবে পৰিস্থিতি নিয়ন্ত্রনাধীন হ’লেই ই শাসক দলৰ সলনি বিৰোধীৰ অস্ত্র হৈ পৰিব। কংগ্ৰেছ দলে বহু কষ্ট কৰি চৰকাৰৰ দোষ উলিয়াব চেষ্টা কৰি আছে যদিও সফল হোৱা নাই। বিজেপিৰ বাবে বৰদান স্বৰুপ হৈ পৰিছে অসমৰ স্বাস্হ্য মন্ত্রীজন। আজি প্ৰায় ১৫ বছৰৰো অধিক কাল এই বিভাগত কাম কৰাৰ সুবাদতে তেখেতে ক’ৰোনা পৰিস্থিতি সুন্দৰভাবে মোকাবিলা কৰিছে। যিখিনি সময়ত বহু ৰাজ্যত চৰকাৰী চিকিৎসালয়ত বিচনাৰ অভাব হৈছে, পৰ্য্যাপ্ত টেষ্ট হোৱা নাই, মৃত্যুৰ হাৰ বাঢ়িছে সেইসময়তে ৰাষ্ট্ৰীয় মিডিয়াত অসমে প্ৰশংসা বুতলিছে। চৰকাৰে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কোনো সুৰুঙা ৰাখিব বিচৰা নাই। সকলো চিকিৎসা বিনামূল্যে কৰাৰ উপৰিও ৰোগীৰ খোৱা লোৱাটো বিশেষ মনোযোগ দিছে। আৰু যদি অহা তিনিমাহ চৰকাৰখনে এনেদৰে চলিব পাৰে তেন্তে ক’ৰোনা হৈ পৰিব সোণোৱাল-শৰ্মাৰ বাবে ব্ৰহ্মাস্ত্ৰ স্বৰুপ। ক’ৰোনাৰ উপৰিও কংগ্ৰেছ -আজমলৰ মাজত হ’বলগা মিত্রতাইও এই নিৰ্বাচনৰ এটা প্ৰধান ইছু হ’বলৈ গৈ আছে। কংগ্ৰেছ দলক মুছলমানৰ দল বুলি কৈ নিৰ্বাচনক প’লাৰাইজ কৰাৰ চেষ্টা কৰিব পাৰে বিজেপিয়ে। এইবাৰ আহো কংগ্ৰেছৰ প্ৰধান নিৰ্বাচনী ইছুলৈ।
ৰাইজৰ দৃষ্টিত কংগ্ৰেছৰ প্ৰধান নিৰ্বাচনী ইছু হ’বঃ
১) কা – ৫৬.৭%
২) মূল্যবৃদ্ধি – ১৬.৭%
৩) নিবনুৱা সমস্যা – ৬.৭%
৪) অন্য – ২০%
কা  কংগ্ৰেছৰ প্ৰধান নিৰ্বাচনী ইছু হ’ব । কা আন্দোলনে গতি লোৱাৰ সময়তে কৰ’নাই ইয়াক স্তব্ধ কৰি পেলায়। কৰ’নাৰ পৰা অহা তিনি-চাৰিমাহলৈ নিস্তাৰ পোৱাৰ সম্ভাবনা নাই। আশা কৰিব পাৰি যে অহা বছৰৰ আৰম্ভনিৰ পৰা দল বিলাকে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিব। দলবিলাকৰ হাতত থাকিব মাত্র তিনি চাৰিমাহ মান সময়। এই সময়খিনিত কংগ্ৰেছ দলে কেনেকৈ কাৰ বিৰুদ্ধে ৰাইজক একত্রিত কৰিব পাৰিব সেয়া লক্ষণীয় হ’ব।