২০২১ ত কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰ গঠনৰ ৭ টা ফৰ্মুলা

2301

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অজিত ভুঞা , ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে । বিৰোধী শক্তিয়ে দেখা দেখিকৈ হাতে হাত ধৰি তেওঁক ৰাজ্যসভালৈ পঠালে । সকলোৰে এটাই কথা ‘কেব বিৰোধী ‘  শক্তিক প্ৰতিনিধিত্ব কৰি অজিত ভুঞাই দিল্লী কঁপাব । অজিত ভুঞাৰ হিন্দী বা ইংৰাজী ভাষাত দিয়া ভাষণত সংসদ ভৱন কপি উঠিব বুলি কেব বিৰোধী দল সংগঠনে দাবী কৰে । আনফালে অসমৰ কেব আন্দোলনক গোটেই ভাৰতত বিয়পি পৰাত ভট্টাচাৰ্য্যই বিশেষ ভুমিকা লোৱা গোটেই অসমৰ মানুহে দেখিছে । আছুৰ নেতৃত্বই ৰাহুল গান্ধীক লগ কৰি দিল্লীত গ্ৰুপ ফটো উঠি থকা সময়ত অজিত ভুঞা নামটোৰ কোনো চৰ্চাই হোৱা নাছিল । কাৰণ প্ৰথম অৱস্থাত কেব খন লোকসভাত গৃহীত হওতে ভাৰতৰ আন প্ৰদেশ বিলাক শান্ত আছিল । কিন্তু নৰেন্দ্ৰ মোদীৰ ২ য় কাৰ্য্যকালত ৩৭০ ধাৰা ভংগ হ’ল , ৰাম মন্দিৰ ৰায় আহিল , তিনি তালক বিল পাছ হোৱাৰ পিছত , গুৱাহাটীৰ ‘কেব গৃহীত’ হোৱাৰ প্ৰতিবাদত জ্বলা জুই কুৰা গোটেই দেশত বিয়পি পৰিল  । তেনেস্থলত সমুজ্জ্বল ভট্টাচাৰ্য্যৰ তুলনাত অজিত ভুঞাৰ ভুমিকা তেনেই সীমিত । বিভিন্ন সুত্ৰই দাবী কৰা মতে কংগ্ৰেছৰ প্ৰথম পচন্দৰ প্ৰাৰ্থী অজিত ভুঞা নাছিল । কিন্তু বদৰুদ্দিন আজমলে সমুজ্জ্বল ভট্টাচাৰ্য্যক ৰাজ্যসভালৈ পঠিয়াব নিবিচৰাত কংগ্ৰেছে অজিত ভুঞাক মানি ল’বলৈ বাধ্য হয় । অজিত ভুঞাৰ প্ৰাৰ্থিত্বৰ সন্মুখত বিজেপি মিত্ৰজোঁটে বিনা যুদ্ধই পৰাজয় স্বীকাৰ কৰে ।  অজিত ভুঞাৰ ৰাজ্যসভা গমনে অসমত নতুন ৰাজনীতিৰ পাতনি মেলিলে । তৰুণ গগৈয়ে ‘হু ইজ বদৰুদ্দিন’ বুলি কোৱা আজমলৰ লগত ২০১৯ লোকসভা নিৰ্বাচনত তলে তলে মিত্ৰতা কৰি নগাও আৰু কলিয়াবৰ দখল কৰিছিল । আজমলৰ বলিদানৰ উদ্দেশ্য আছিল এটাই ___ভৱিষ্যত সময়ত অসমত  ধৰ্মীয় সংখ্যালঘু ৰাজনীতি সৱল কৰা ; যাৰ সুফল পালে অজিত ভুঞাৰ ৰূপত । এতিয়া আৰম্ভ হৈছে বিধান সভাৰ পৰিকল্পনা ।
 ক’ৰনাই অৰ্থনীতি ভাঙিছে , কেন্দ্ৰই আগবঢ়োৱা ধন বিতৰণত কেলেংকাৰী সংঘটিত কৰি বিডিঅ , কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে । চৰকাৰ নিয়ন্ত্ৰণৰ বাহিৰত গৈছে হিতাধিকাৰী নিৰ্বাচন ।
বিজেপিয়ে পুনৰ নিৰ্বাচনত জয়ী হোৱাৰ সন্মুখত থকা বৃহৎ বাধা হৈছে কংগ্ৰেছ আৰু আজমলৰ মিত্ৰতা । অছুৱে নতুন দল খোলাৰ প্ৰচেষ্টাক ধৰ্মীয় সংখ্যালঘু ৰাইজে সমৰ্থন নকৰে কাৰণ কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ সংঘাতৰ সুযোগ বিজেপিয়ে বিজেপিয়ে ২০১৬ত লোৱা তেওঁলোকে প্ৰত্যক্ষ কৰিলে।
বিজেপিৰ বিপদৰ কাৰণ সমুহ ___
* ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলে লাভ কৰা ভোটৰ হাৰ সমূহ এনেধৰণৰ :
  • BJP:২৯.৫%
  • AGP:৮.১%
  • BPF:৩.৯%
  • CONG ৩১.০%
  • AIUDF :১৩.০%
  • INDEPENDENT:১১.০৮%
২০১৬ৰ নিৰ্বাচনত কংগ্ৰেছ, এআইইউডিএফ আৰু অন্যান্য দলৰ ভোটৰ শতকৰা হাৰ বিজেপি আৰু মিত্ৰ দলতকৈ অধিক ।
* ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰধান  ৰাজনৈতিক দল কেইটাই  অসমত লাভ কৰা ভোটৰ সংখ্যা:
  • NDA : ৮৩,২৪,০৮৩
  • UPA: ৬৩,০৮,৯২৮
  • AIUDF:১৩,৮৮,৫৩৪
  • INDEPENDENT :৪,৮৪,৫৬০
  বিগত লোকসভা নিৰ্বাচনত সমগ্র দেশজুৰি প্ৰচণ্ড মোডী ঢৌ থকাৰ পিছতো  বিজেপি মিত্ৰজোঁটে বিৰোধীতকৈ খুব কম মাৰ্জিনতহে জয়ী হৈছিল অসমত  ।
* দিল্লী বিধান সভা নিৰ্বাচনত  অৰবিন্দ কেজৰিৱালৰ “আপ” দলে বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম  হৈছে । দিল্লীত কংগ্ৰেছ দলে দেখিবলৈ পালে যে ভোটাৰৰ মাজত তেওঁলোকৰ বিশ্বাযোগ্যতা নাই । সেয়ে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত  কংগ্ৰেছে নিৰ্বাচনী যুঁজৰ পৰা পৰিকল্পিত ভাবে নিজকে আঁতৰালে ।  সেয়ে দিল্লীৰ কংগ্ৰেছৰ ভোট বেংক আৰু বিজেপি বিৰোধী দল-সংগঠনৰ ভোট অৰবিন্দ কেজৰিৱালৰ সপক্ষে থিয় হ’ল । নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ জয়ী হ’ল নিজৰ পৰিকল্পনাত  কিন্তু বিজেপিৰ তথাকথিত আই টি চেলে কংগ্ৰেছৰ ভোট কমাক লৈ পোষ্ট বনায় সুখী হৈ থাকিল ।
* ২০২১ ত দিল্লীৰ দৰে ঘটনা অসমটো  পুনৰাবৃত্তি হ’ব যদিহে কংগ্ৰেছ হাইকামাণ্ডে বিজেপি বিৰোধী ভোট বেংকক আজমল আৰু কংগ্ৰেছৰ সপক্ষে একত্ৰিত কৰাৰ স্বাৰ্থত  এজন নিৰপেক্ষ ব্যক্তিক আগত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হয়  তেন্তে বিজেপিৰ কাৰণে চিন্তনীয় ।
* ২০১৬ৰ নিৰ্বাচনত অসম বিজেপিৰ নাছিল  কোনো তুষ্টিকৰণৰ ৰাজনীতি আৰু প্ৰাৰ্থীৰ মাজত নাছিল বিসম্বাদ । কিন্তু শাসনৰ বাঘজৰী হাতত লোৱাৰে পৰা বিজেপি দল আৰু চৰকাৰে পূৰ্বৰ তৰুণ গগৈৰ চৰকাৰৰ দৰে  তোষামোদ  ৰাজনীতি আৰম্ভ কৰিলে ।  শেহতীয়াকৈ জনীয়া বিধানসভাৰ উপ-নিৰ্বাচনত স্বয়ং ৰাজ্যিক বিজেপিৰ সভাপতিয়ে ‘ আল্লাহ ‘ ৰ নামত  ভোট ভিক্ষা কৰা ,  সনাতন ডেকাৰ হত্যাৰ পিছত ক্ষোভ উজাৰা ৰাষ্ট্ৰীয়তবাদী জনতাক সাম্প্ৰদায়িক সদভাবৰ যুক্তিত আৰক্ষী বিভাগে সকিয়নী দিয়া কাৰ্য্যই ৰাষ্ট্ৰীয়তাবাদী ভোটাৰক নিৰাশ কৰিছে । ইয়াৰ পৰিণতিত ভোটৰ দিনা যদি নোটাৰ সংখ্যা বৃদ্ধি পায় আৰু ভোটদানৰ হাৰ ৬৫% ৰ তলত আহে তেন্তে বিজেপিৰ পৰাজয় আসন্ন ।
* ‘কা” বিৰোধী একাংশ নেতাই বিজেপিত যোগদান কৰাৰ মুল উদ্দেশ্য হৈছে  বিজেপিৰ  বহু নেতাই নিজৰ নিজৰ লবি ৰাজনীতি শক্তিশালী কৰিবৰ কাৰণে । কাৰোবাৰ টিকট নিগাজী হ’ব লাগে আৰু আন কাৰোবাৰ মন্ত্ৰীত্ব । কিন্তু ইয়াৰ ফলত বিজেপিৰ ভোট বৃদ্ধি নকৰে বৰঞ্চ কেব আন্দোলনৰ সময়ত লাঞ্চিত হোৱা মানুহে বিজেপিক ত্যাগ হে কৰিব । ফলত লাভ হ’ব কংগ্ৰেছৰ ।
* ২০২১ ৰ নিৰ্বাচনত আটাইতকৈ ডাঙৰ ফেক্টৰ হ’ব এই ল’ক ডাউনৰ সময়ত বহি:ৰাজ্যৰ পৰা অসমলৈ উভতি অহা লোক সকল । এইসকল ব্যক্তিক চৰকাৰে যদি স্ব-নিয়োজিত কৰিব নোৱাৰে তেওঁলোক চৰকাৰৰ বাবে মূৰৰ কামোৰণি স্বৰূপ হ’ব । বিপদ দুই ফালে । যিখিনি সংখ্যালঘু সম্প্ৰদায়ৰ লোক ঘুৰি আহিছে সেইখিনিৰ বহুতে হয়টো যোৱা বাৰ ভোটদান কৰিব  পৰা নাছিল । কিন্তু এইবাৰ ঘৰত থকা হেতুকে ভোট দিব পাৰিব আৰু এই ভোট বিজেপিৰ সপক্ষে কোনো পধ্যেই নপৰে । বাকী ঘুৰি অহা খিলঞ্জীয়া খিনিৰ বহুতেই কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া ধন নেপাব কাৰণ অফিচ কাছাৰীত চলি থকা দালালৰ এটা শ্লীপাৰ চেলে ধন বিলাক পুনৰ সংখ্যালঘু এলেকাৰ লোক সকলক মাজত বিলায় দিয়াৰ চেষ্টা কৰিব । ফলত এই যুবক খিনিয়ে ক্ষোভ উজাৰিব চৰকাৰৰ বিপক্ষে ।
 উজনি অসমত চাহ বাগানৰ ভোটৰ কৃপাত বিজেপিয়ে উজনিৰ নম্বৰ ভাল কৰিব বিচাৰিছে কাৰণ নামনিৰ বৰক্ষেত্ৰী , বৰপেটাৰ দৰে  বিজেপি মিত্ৰজোঁটৰ হাতত থকা সমষ্টিত কংগ্ৰেছ – আজমলৰ মিত্ৰতাই মিত্ৰজোঁটক বিপদত পেলাব । আমাৰ হাতত পৰা খৱৰ  অনুসৰী কংগ্ৰেছ আৰু আজমলৰ মাজত আসন বুজাবুজিৰ মধ্যস্থতা কৰিছে ৰাজনীতিৰ পথাৰত নমা প্ৰাক্তন সাংবাদিক জনে । প্ৰাপ্ত খৱৰ মতে এতিয়ালৈ  বটদ্ৰবা , বৰক্ষেত্ৰী কংগ্ৰেছক এৰি দিব আৰু বৰপেটা আৰু বিলাশীপাৰা কংগ্ৰছে আজমলক এৰি দিব বুলি চিন্তা চৰ্চা চলি আছে  ।  আন সমষ্টি বিলাকৰো তথ্য পোৱা গ’লেই বিজেপি নেতৃত্বই সাম্ভাব্য বিপদৰ উমান অনুভৱ কৰিব পাৰিব ।