২০২১ নিৰ্বাচনত কংগ্ৰেছৰ ধনাত্মক দিশ

1059

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


কেইদিনমান আগতে কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি কৈছিল যে তেওঁক হেনো দলৰ সভাপতি পাতিব লাগে। দলৰ সভাপতি পদটো জানো সংবাদ মাধ্যমৰ যোগেদি বিচৰা বস্তু? দলৰ নেতা কৰ্মী তথা হাই কামাণ্ডে দলৰ স্বাৰ্থৰ কথা বিবেচনা কৰি সভাপতি নিৰ্বাচন কৰে। দুটাকৈ নিৰ্বাচনত পৰাজিত হোৱা কংগ্ৰেছৰ দুৰ্বল নেতৃত্বৰ বাবে কোনেও গুৰু গোসাঁই নমনা হৈছে। এতিয়া এনে অবস্থা হৈছে যে সংবাদ মাধ্যমত এজন বিধায়কে নিজকে সভাপতি পাতিব লাগে বুলি দাবী কৰিব পৰা হৈছে।
২০২১ নিৰ্বাচনত কংগ্ৰেছৰ ধনাত্মক দিশ
২০২১ত কংগ্ৰেছৰ পৰাজয়ৰ কেইবাটাও কাৰণ আছে যদিও মুখ্য কাৰণ বিশ্বাসযোগ্য চেহেৰাৰ অভাব। এ.আই.ইউ.দি.এফৰ লগত মিত্রতাৰ ফলত উজনিত কংগ্ৰেছ সম্পূৰ্ণ উৎখাত হ’ব বুলি ভবা হৈছিল  যদিও কংগ্ৰেছে তিতাবৰ, নাজিৰা, থাওৰা আৰু মৰিয়নি দখল কৰিলে। তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মুৰত কিছু ভোটৰ ব্যবধানত পৰাজিত হ’ল লখিমপুৰ, টীয়ক, বঢ়মপুৰ আৰু আমগুৰি সমষ্টিত। পৰাজিত হ’লেও দলে যঠেষ্ট ভোট পাইছে যোৰহাট, তেজপুৰ, ডুমডুমা, দুলিয়াজান, সোনাৰি, ঢকুৱাখানা আদি সমষ্টিত। আনহাতে দেখা গ’ল যে মুছলমান সম্প্ৰদায় বিজেপি-অগপৰ বিৰূদ্ধে মাৰ বান্ধি ভোট দিলে। শালমাৰা দক্ষিণত বিজেপিয়ে প্ৰাৰ্থীয়ে ১০, ৬৭৪ টা ভোট পাই ১.৩ লাখ ভোটত পৰাস্ত হ’ল। জনীয়াত বিজেপিয়ে পালে ১১ হাজাৰ ভোট। অগপৰ সংখ্যালঘু প্ৰাৰ্থীসকলৰো শোচনীয় পৰাজয় হ’ল। মিত্রজোঁটে ধৰি ৰাখিব নোৱাৰিলে আনকি ৰহা, গোলকগঞ্জ আৰু সৰভোগৰ দৰে সমষ্টি। প্ৰাপ্ত তথ্যমতে ১% কৈও কম মুছলমানে বিজেপি মিত্রজোটক ভোট দিছিল। বিজেপিয়ে দাবী কৰা মতে বহুটো বুথত নিজৰ সদস্যৰ সংখ্যাতকৈও প্ৰাপ্ত ভোটৰ সংখ্যা কম। মুছলমান সমাজে ২০২১ চনত বিজেপি আৰু অগপক যেনেকৈ সামুহিক বৰ্জন কৰিলে হিন্দুসমাজে কিন্তু কংগ্ৰেছক বৰ্জন কৰা নাই। আজমলৰ লগত মিত্রতা কৰাৰ পিছতো  উজনিত কংগ্ৰেছে হিন্দুৰ প্ৰায় ৩০%-৩৫%   সমৰ্থন আদায় কৰিব পাৰিছে। ই দলটোৰ বাবে এটা ধনাত্মক পৰিসংখ্যা। মুছলমান সকলৰ জনসংখ্যা যি ধৰণে বৃদ্ধি হৈ আছে তাৰ পৰা এটা কথা ক’ব পাৰি যে ২০২৬ত বিজেপিৰ বাবে তিনিটা সমষ্টি ধৰি ৰখা কঠিন হ’ব। সেইকেইটা হ’ল পাথাৰকান্দি, উদাৰবন্দ আৰু হাজো। উজনিত নিজৰ ভোটৰ শতাংশ মাত্র ৫% বৃদ্ধি কৰিব পাৰিলেও কংগ্ৰেছৰ ভাগ্যৰ দুৱাৰ মুকলি হ’ব। ২০২১ৰ দৰে ২০২৬টো মুছলমান সমাজে বিজেপিক ভোট দিয়াৰ কোনো সম্ভাবনা নাই। সেয়েহে উজনি তথা উত্তৰ অসমৰ ১০-১২খন আসন আজুৰি আনিব পাৰিলেই নি:চিহ্ন হ’ব অসমত বিজেপি চৰকাৰ। তেওঁলোকৰ এই পৰিকল্পনা বাস্তবত ৰূপায়িত কৰিবলৈ প্ৰয়োজন হ’ব বদৰুদ্দিন আজমলৰ সহায়। কাৰণ কংগ্ৰেছ -আজমলৰ ভোট বিভাজনে বৰাক আৰু নামনিত বিজেপিক জয়ী কৰাব পাৰে কেইবাখনো আসন। সেয়েহে কংগ্ৰেছে পৰাজয়ৰ পিছতো আজমলৰ লগত বন্ধুত্ব ত্যাগ কৰিব বিচৰা নাই। আজমলৰ সহযোগিতাৰ তেওঁলোক ৰণত নামিব ২০২৪ৰ লোকসভা নিৰ্বাচনত।ইয়াৰ লগতে কংগ্ৰেছে ত্যাগ কৰিব লাগিব হিৰেণ গোঁহাই ধৰণৰ বুদ্ধিজীৱীৰ সংগ । কাৰণ এনেকুৱা বহু বুদ্ধিজীৱীৰ বাবেই হিন্দু ভোটাৰ একত্ৰিত হয় । বিজেপিৰ ৰাষ্ট্ৰীয়বাদক সমালোচনা কৰা সয়ম্ভু গেৰুৱা বস্ত্ৰ পিন্ধা ব্যক্তিয়ে কংগ্ৰেছক সহায় কৰিব পাৰিব । কাৰণ ২০২১ ৰ তুলনাত ২০২৬ ত যদি ৬-৭% ভোটাৰ বিজেপিৰ পৰা আতৰি আহে তেন্তে কংগ্ৰেছ আৰু বদৰুদ্দিন আজমল মিত্ৰজোঁটৰ চৰকাৰ অসমত অসম্ভৱ নহয় ।