২০২১: বড়োভুমিৰ পৰা বিজেপিৰ ৫ জন বিধায়ক

1226

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিটিআৰ অঞ্চলত ১২খন বিধানসভা আসন আছে। যোৱা ২০১৬ নিৰ্বাচনত ইয়াৰে আটাইকেইখন দখল কৰিছিল বিপিএফে। ইয়াৰ আগৰ দুটা নিৰ্বাচন ২০০৬ আৰু ২০১১ টো বিটিছিত বিপিফে চমকপ্ৰদ প্ৰদৰ্শন কৰিছিল।
    সময় সলনি হ’ল। হাগ্ৰামাৰ ঠাইত এতিয়া বিটিআৰ শাসনৰ বাঘজৰী প্ৰমোদ বড়োৰ হাতত। বিজেপিৰ সমৰ্থনত  পৰিষদ গঠন কৰা প্ৰমোদে বিজেপিৰ কথা শুনিবলৈ বাধ্য। সেয়েহে ২০২১ত বিটিছি অঞ্চলৰ ১২খন আসনত বিজেপি আৰু ইউ.পি.পিএলৰ মাজত আসনৰ বুজাবুজি হ’ব পাৰে। ফলত দুয়োটা দলে সমান সমান অৰ্থাৎ ৬ খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাবনা আছে। বিজেপিয়ে অবড়ো ভোটাৰে নিয়ন্ত্রন কৰা তামুলপুৰ,বৰমা, ছাপাগুৰি, পানেৰি, কলাইগাওঁ আৰু মাজবাটত প্ৰাৰ্থী ঠিয় কৰাব পাৰে। কিন্তু প্ৰশ্ন হয় বিজেপি জয়ী হ’ব কেইখন আসনত? ইয়াকে লৈ আছিল আমাৰ যোৱা মাহৰ অ’পিনিয়ন প’ল। আমাৰ অপিনিয়ন প’ল মতে বড়োভুমিত  বিজেপিয়ে পাব লগা আসনৰ পুৰ্বানুমান ৰাইজে এনেদৰে কৰেঃ
০ ৰ পৰা ১খনঃ ১২.৫%
২ৰ পৰা ৩ খনঃ ২৫%
৪ৰ পৰা ৫ খনঃ ৩৭.৫%
৬ৰ পৰা ৭খনঃ ৬.৩%
৭ৰ অধিকঃ ১৮.৮%
আমাৰ অ’পিনিয়ন প’লৰ পৰা স্পষ্ট যে বিজেপিয়ে এইবাৰ বিটিছি অঞ্চলৰ বিধানসভা সমষ্টি সমূহত উন্নত প্ৰদৰ্শন কৰিব। বিজেপিয়ে নিজাকৈ ৫ জন বিধায়ক জয়ী কৰি আনিলেও আচৰিত হ’বলগীয়া একো নাই।