২০২১: শংকৰ বনাম আজান

1208

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০০৫ চনত দুয়োজনৰ দেখা হৈছিল। প্ৰথমতে আছিল বেথা। ২০১৪ত প্ৰেম হয়, ২০১৯ত গোপনে লগ ধৰে, ২০২১ত আনুষ্ঠানিক বিবাহ সম্পন্ন হ’ল। কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফৰ মিলনে অসমৰ ৰাজনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। এই মিত্রতাৰ বাদে কংগ্ৰেছৰ কোনো গত্যন্তৰ নাছিল। আজমলে ২০২১ত পুনৰ গোপন মিত্রতা কৰিবৰ বাবে কোনোপধ্যে মান্তি নহ’ল। এইফালে অজন্তা নেওগ, ৰাজদ্বীপ গোৱালা, কমল মেধিকে ধৰি নেতা সকল দলটোৰ পৰা ওলাই গৈ আছে। এই মিত্রতাৰ ফলত দুয়োটাদলে কেইখনমান আসন বেছি পাব যদিও সেয়া চৰকাৰ বনাবলৈ পৰ্যাপ্ত নহয়। কংগ্ৰেছ -আজমলৰ মিত্রতাৰ প্ৰভাব ২০২১ৰ নিৰ্বাচনৰ ফলাফলত এনেদৰে পৰিব।
১) বিজেপি ১০০ৰ পৰা বহু দুৰত থাকিব
২) বিধানসভাত দ্বিতীয় বৃহৎ দল হ’ব এ.আই.ইউ.দি.এফ
৩) কংগ্ৰেছৰ ভেটি উছন হ’ব পাৰে আনকি তিতাবৰ আৰু নাজিৰাটো
হিমন্ত বিশ্ব শৰ্মাই ৬৫-৩৫ ৰ ফৰ্মুলা দিয়াৰ সমান্তৰাল ভাবে আজমলে আৰম্ভ কৰি দিছে নিজৰ এজেন্দা। আজমলৰ সাম্প্ৰদায়িক ভাষণৰ পিছত স্পষ্ট হ’ল যে ২০২১ৰ নিৰ্বাচন হিন্দু বনাম মুছলমান হ’বলৈ গৈ আছে। ইয়াৰ ফলত সকলোতকৈ লাভবান হ’ব বিজেপি আৰু আজমল। আনহাটে ক্ষতিগ্ৰস্থ হ’ব কংগ্ৰেছ আৰু অগপ। বিজেপিয়ে মুকলিকৈ কৈছে যে মিঞাৰ ভোট তেওঁলোকক নালাগে। বিজেপিয়ে কওক বা নকওক মিঞাসকলে কোনোপধ্যে বিজেপিক ভোট নিদিয়ে। তেনেদৰে হিন্দুসমাজৰ ভোট লাভ আজমলৰ বাবে এক অলীক কল্পনা। স্বাভাবিকতে হিন্দুপ্ৰধান সমষ্টি বিলাক বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰি বাকীবোৰ যেনে বৰপেটা , সৰুক্ষেত্রী আদি অগপক এৰি দিব। আজমলেও গুৱাহাটী পূৱ বা  ডিব্ৰুগড়ৰ পৰা টিকট নিবিচাৰে। ৩৫টা মুছলমানৰ সমষ্টিৰ ২৫টাও যদি আজমলে পায় তেন্তে সকলোকেইটাত তেওঁলোক জয়ী হৈ অন্ততঃ বিৰোধী দলপতিৰ আসনখন  লাভ কৰিব পাৰে। কংগ্ৰেছে বাকী থকা দহটাৰ লগতে আন সমষ্টি যত মুছলমান ৩০% ৰ পৰা ৪৯% আছে তেনেবোৰ সমষ্টি টাৰ্গেট কৰিব লাগিব। যদি কংগ্ৰেছ অহা নিৰ্বাচনত ২০ৰ ভিতৰত সিমাবদ্ধ থাকে তাত আচৰিত হ’বলগীয়া একো নাই। উজনিত স্থানীয় বিজেপি বিধায়কৰ প্ৰতি বিতুষ্ট হৈ ৰাইজে দুখন মান আসন কংগ্ৰেছক দিব পাৰে। কিন্তু আজমলৰ লগত মিত্রতাৰ ফলত উজনিত প্ৰায় উচন হ’ব কংগ্ৰেছ। লক্ষ্যনীয় হ’ব প্ৰাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ নাজিৰা আৰু তৰুণ গগৈৰ তিতাবৰ তেওঁলোকে ধৰি ৰাখিব পাৰিবনে নাই। আমি হ’লে সিমান আশা দেখা নাই। কংগ্ৰেছ -আজমলৰ মিত্রতাৰ ফলত কংগ্ৰেছ দল সকলোকৈ ক্ষতিগ্ৰস্থ হ’ব নামনি অসমৰ হিন্দু বসতি পূৰ্ণ অঞ্চলবোৰত। পাটাছাৰকুছি, নলবাৰী, কমলপুৰ, পলাশবাৰী, জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূৱ, গুৱাহাটী পশ্চিম আদিত কোনো প্ৰতিদ্বন্দ্বিতাই দেখা পোৱা নাযাব। অবশ্যে কংগ্ৰেছ – আজমলৰ মিত্রতাৰ ফলত এটা কথা স্পষ্ট হ’ল যে বিজেপিয়ে কোনোপধ্যে ১০০ৰ ওচৰ চাপিব নোৱাৰে। বৰ্তমান বিজেপি মিত্রজোটৰ দখলত থকা কমেও ১০ খন আসন তেওঁলোকে হেৰুৱাব। কংগ্ৰেছৰ দখলত থকা  ৫ খন আসন আজুৰি আনিলেও যোৱাবাৰতকৈ ৫ খন আসন কম হ’ব। গতিকে আসনৰ সংখ্যা ৮০ৰ ওচৰা ওচৰি হ’ব পাৰে। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ মুখৰ পৰা নতুন নতুন সাম্প্ৰদায়িক কথা ওলাই থাকিব আৰু নিৰ্বাচনী যুঁজ খন গৈ ধৰ্ম যুদ্ধত পৰিনত হ’ব। ‘শংকৰ বনাম আজান’…আহি আছে।