২০ বছৰীয়া প্ৰতীক্ষাৰ অন্ত

1530

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


যোৱা সপ্তাহত কলিকতাত হোৱা এ.বি.পি নিউজৰ শিখৰ সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক প্ৰশ্ন কৰা হৈছিল_ অসমত আপোনালোকৰ মুখ্যমন্ত্রী প্ৰাৰ্থী কোন? উত্তৰত শ্বাহে কৈছিল যে যথা সময়ত দলৰ শীৰ্ষ নেতৃত্বই মিলি এই বিষয়ত সিদ্ধান্ত ল’ব। সাধাৰণতে যিকোনো নিৰ্বাচনত বিৰোধী দলক প্ৰশ্ন কৰা হ’য় মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীৰ বিষয়ে। শাসক দলে নিজৰ ৰাজ্যৰ মুখ্যমন্ত্রীজনৰ নেতৃত্বতে নিৰ্বাচন খেলে আৰু সকলোৱে ধৰি লয় যে জিকিলে বৰ্তমানৰ মুখ্যমন্ত্রী জনেই পুনৰ চৰকাৰখনৰ নেতৃত্ব দিব। সেইবাবেই তৃণমূল কংগ্ৰেছক প্ৰশ্ন কৰা হোৱা নাই তেওঁলোক জিকিলে মুখ্যমন্ত্রী কোন হ’ব। এইটো সৰ্বজন বিদিত যে পশ্চিমবংগত তৃণমূল জিকিলে মমতা বেনাৰ্জীয়ে পুনৰ মুখ্যমন্ত্রী হ’ব। সেইফালৰ পৰা চাব গ’লে অমিত শ্বাহক কৰা প্ৰশ্নটো অলপ ব্যতিক্ৰমী ধৰণৰ। অমিত শ্বাহেও  নকলে যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে আমি নিৰ্বাচন খেলিম আৰু জয়ী হ’লে সোণোৱালে হ’ব আমাৰ মুখ্যমন্ত্রী। ইয়াৰ অৰ্থ হ’ল অমিত শ্বাহৰ হাতত প্লেন বি মজুত আছে আৰু সেয়া হ’ল ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্রী পদত অধিষ্ঠিত কৰা। আমি পোৱা খৱৰ অনুসৰি শৰ্মাই যেতিয়া ২০১৫ত বিজেপি যোগদান কৰিছিল তেতিয়াই তেওঁ এটা চৰ্ত দিছিল যে ২০১৬ত নহলেও ২০২১ত তেওঁক মুখ্যমন্ত্রীৰ পদ লাগিবই। এতিয়া কেন্দ্ৰীয় নেতৃত্বই সেই দিশত কাম কৰি আছে। নিৰ্বাচনৰ আগতে এই বিষয়ে ঘোষণা কৰি অসম বিজেপিৰ ভিতৰত থকা জাতীয়তাবাদী শিবিৰটোক নিৰাশ কৰিব খোজা নাই তেওঁলোকে। কিন্তু তেওঁলোকৰ কাম কাজত স্পষ্ট হৈছে নতুন সমীকৰণ। অসমৰ আকাশে বতাহে এতিয়া ‘সকলোৰে আনন্দ সৰ্বানন্দ’ চলা নাই। অসমত এতিয়া ভাইৰেল হৈছে ‘আহিছে আহিছে হিমন্ত আহিছে’ গান। নিৰ্বাচনী ৰণকৌশল যুগুত হৈছে শৰ্মাৰ নেতৃত্বত। ইস্তাহাৰৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থী বাচনি সকলোৰে দায়িত্ব অমিত শ্বাহে ন্যস্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। হিমন্ত বিশ্বই নিজৰ প্ৰচাৰ অভিযানক দুটা ভাগত বিভক্ত কৰিছে। প্ৰাৰ্থী ঘোষণা কৰাৰ আগত প্ৰতিজন সম্ভাব্য  প্ৰাৰ্থীৰ শক্তিৰ উমান লবলৈ শৰ্মাই সমষ্টিয়ে সমষ্টিয়ে চলাইছে চাইকেল আৰু পদযাত্রা। ৰাইজৰ লগত সংবাদৰ ওপৰত পোৱা তথ্য তথা সমৰ্থকৰ সংখ্যাৰ ওপৰতে নিৰ্ভৰ কৰিব টিকট পোৱা নোপোৱাৰ খেল। এবাৰ টিকট নিৰ্ধাৰণ হোৱাৰ পিছত পুনৰ ১০০ টা বিধানসভা সমষ্টিত কমেও দুখনকৈ নিৰ্বাচনী সভা পতাৰ লক্ষ্য শৰ্মাৰ।
ইতিমধ্যে বিভিন্ন আচনি যেনে অৰুণোদয়, স্বয়ম, স্কুটি আদিৰ জৰিয়তে অসমৰ ৰাজনীতিত জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছে। ৰাজনীতি অসমৰ অ’পিনিয়ন প’ল মতে অসমত মোদীতকৈও শৰ্মাৰ জনপ্ৰিয়তা অধিক। তেনে ক্ষেত্রত কেন্দ্ৰীয় নেতৃত্বয়ো  বুজি উঠিছে যে এইবাৰ তেওঁক ফুচুলোৱা কঠিন হ’ব। ২০১৫ত দিয়া কথা ৰখাৰ বাহিৰে গত্যন্তৰ নাই। গুৰুত্বপূৰ্ণ হ’ব নিৰ্বাচনৰ পিছত সৰ্বানন্দ সোণোৱালৰ ভূমিকা। সোণোৱালকো অসন্ত্তষ্ট কৰিব নিবিচাৰিব মোদী-শ্বাহ- নাদ্দাই। সোণোৱালে যদি কেন্দ্ৰলৈ যাব নিবিচাৰে তেন্তে ইয়াক সমাধান কৰাটো হ’ব বিজেপি নেতৃত্বৰ বাবে এক ডাঙৰ প্ৰত্যহ্বান।
মহাৰাষ্ট্ৰত ২০০৪ চনত সুশীল কুমাৰ সিন্ধে আছিল কংগ্ৰেছৰ মুখ্যমন্ত্রী। কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছত সিন্ধেৰ সলনি বিলাসৰাও দেশমুখক মুখ্যমন্ত্রী পাতে। অসমো এইবাৰ একে পথতে অগ্ৰসৰ হৈছে। ইয়াৰ বাহিৰে কোনো ৰাজ্যতে নিৰ্বাচনত জয়ী হোৱাৰ পিছত শাসক দলৰ মুখ্যমন্ত্রী সলনি কৰা আমি দেখা নাই।  হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন সভাৰ ভিৰ দেখি ৰাজনীতিৰ বিষয়ে সম্যক জ্ঞান থকা ব্যক্তিজনেও বুজি পাইছে ২০২১ত কাৰ চৰকাৰ হ’ব আৰু কাৰ বাবে চৰকাৰ হ’ব। ২০০১ চনত প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱা হিমন্ত বিশ্ব শৰ্মা আজি বহু বছৰ ধৰি অসমৰ CM in waiting  হৈ আছিল। ২০ বছৰীয়া দীঘলীয়া পৰিক্ৰমাৰ পিছত শৰ্মা আৰু মুখ্যমন্ত্রীৰ চকীৰ মাজৰ ব্যবধান মাত্র আঢ়ৈ মাহ।