৩৫ বছৰৰ পিছত প্ৰফুল্ল মহন্ত নথকা বিধান সভা

1258
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


১৯৮৫ ৰ পৰা বৰ্তমানলৈ  প্ৰফুল্ল কুমাৰ মহন্ত প্ৰতিবাৰেই বিধান সভালৈ নিৰ্বাচিত হৈ আছে । দুইবাৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ ৰাজনৈতিক পৰিক্ৰমা আছিল ঈৰ্ষনীয় । বিশ্ব বিদ্যালয়ৰ হোষ্টেলৰ পৰা পোনে পোনে জনতা ভৱনলৈ কৰা যাত্ৰা আছিল এক নষ্টালজীয়া । আবেগ , মৰম ,ক্ষমতা , সুনাম , দুৰ্নামেৰে পৰিপুৰ্ণ এক বৰ্নিল ৰাজনৈতিক জীৱন । ছাত্ৰ সন্থাত তেওঁৰ পিছফালে থিয় হোৱা সৰু ল’ৰাজন এতিয়া ভাৰতৰ ৰাজনীতিত এটা প্ৰতিষ্ঠিত নাম আৰু অগপত তেওঁৰ তলত কাম কৰা কৰ্মীজন বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী । যিখন অসম চুক্তিয়ে তেওঁক ১৯৮৫ ত জনতাৰ চকুৰ মনি কৰি তুলিছিল সেই একেখন চুক্তিয়ে তেওঁক আজিৰ সময়ত জনতাৰ আদালতত থিয় কৰাইছে ।  কুলিৰ মাতত ৰাতিপুৱাব বুলি দিয়া প্ৰতিশ্ৰুতিৰ বিনিময়ত পুৱৰি নিশা গাঁৱে গাঁৱে শুনা গ’ল গুপ্ত হত্যাৰ গুলীৰ শব্দ ।  ১৯৭১ ভিত্তি বৰ্ষৰ ৰহস্য  আৰু গুপ্তহত্যাৰ ৰহস্য
ৰ বিষয়ে তেওঁ হজম কৰি কৈছে প্ৰতিটো সমালোচনা , কিন্তু তেওঁ আচৰিত ভাবে নিজৰ স্থিতি স্পষ্ট কৰি মুখ খোলা নাই । অসম চুক্তিৰ পৰা আৰম্ভ কৰি গুপ্তাহত্যালৈ তেওঁৰ লগত এখন কাঁহীত ভাত খোৱা তেতিয়াৰ নেতা সকলৰ অধিকাংশই বিজেপিত গংগাস্নান কৰি ৰাজভোগ আজিও খাই আছে ।  নাগৰিকত্ব সংশোধনীৰ বিলকে ধৰি বিভিন্ন বিষয়ত বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি আজিৰ তাৰিখত অগপ দল আৰু চৰকাৰত প্ৰফুল্ল মহন্তই নিজৰ জনপ্ৰিয়তা হেৰুৱাইছে । অগপৰ বিধায়ক – মন্ত্ৰী আৰু কিছু নেতাৰ ক্ষমতা কেন্দ্ৰীক ৰাজনীতিত প্ৰফুল্ল মহন্ত বাটৰ কাইট হিচাপে গণ্যও হৈছে । এই ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী জনও প্ৰশ্নৰ উৰ্ধত নহয় । কাৰণ অগপৰ আমোলত দল আৰু চৰকাৰক তেওঁৰ পৰিয়ালে  নিয়ন্ত্ৰণ কৰা বুলি বহু দলীয় সতীৰ্থই কঠোৰ সমালোচনা কৰিছিল । আজমল আৰু কংগ্ৰেছৰ মিত্ৰতাই আগন্তুক নিৰ্বাচনত মেৰু বিভাজন কৰিব । এই মেৰু বিভাজনত কেব আৰু কেব আন্দোলনৰ ঔৰষত জন্ম লোৱা ৰাজনৈতিক দলতো প্ৰফুল্ল মহন্ত প্ৰাসংগিক নহয় । অগপৰ টিকটত হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰে তেওঁক পুনৰ বিধায়ক নিৰ্বাচন কৰা বাট এইবাৰ ৰুদ্ধ । কাৰণ দলৰ ভিতৰত থাকি দলক বিৰোধ কৰা নেতাৰ স্থিতি বিজেপিত শুন্য । বহিষ্কাৰো নকৰে আৰু দায়িত্বও নিদিয়ে । শত্ৰুঘ্ন সিনহা , যশবন্ত সিনহা বা অৰুন চৌৰীৰ অৱস্থাই প্ৰমাণ । তৎস্বত্তেও  প্ৰফুল্ল মহন্তক দুইবাৰৰ মুখ্যমন্ত্ৰী হৈ  সন্ত্ৰাসবাদ দমন কৰা আৰু ভাষীক জাতীয়তাবাদক আসন্ন মৃত্যুৰ পথলৈ ঠেলি দিয়া পুৰস্কাৰ হিচাপে তেওঁক আগন্তুক সময়ত ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ পথ এটা এতিয়াও মুকলি আছে ।