৩ বছৰত হিমন্ত বিশ্বৰ চমৎকাৰ

242
  • বুবুল তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে দেশৰ সৰ্বাধিক বিকাশৰ লক্ষ্য আৰু দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে।বিগত ৯ বছৰত চৰকাৰখনে গাওঁঅঞ্চলত বিদ্যুত যোগান প্ৰদান কৰাৰ লগতে গাঁওসমূহৰ লগত যোগাযোগৰ উন্নয়নৰ চেষ্টা কৰিলে ।সাধাৰন লোকৰ বাবে ডিজিটেল ইণ্ডিয়া ,মেক ইন ইণ্ডিয়া , ষ্টাৰ্ট আপ ইণ্ডিয়া ,স্বচ্ছ ভাৰত অভিযান, জন ধন যোজনা আদি যোজনা আগবঢ়োৱা হ’ল।মুদ্ৰাস্ফীতি ৰোধৰ প্ৰচেষ্টা তথা সামগ্ৰী আৰু সেৱা কৰ কেন্দ্ৰীয় চৰকাৰখনৰ এক বৃহৎ পদক্ষেপ।দেশৰ প্ৰায়ভাগ গাওঁ পথ আৰু বিদ্যুৎৰ সংযোগ কৰা হৈছে। গ্ৰামাঞ্চলত ঘৰ, শৌচাগাৰ আৰু গেছ সংযোগৰ যোগেদি সাধাৰণ জনতাৰ জীৱনৰ মানদণ্ড উন্নীত কৰা হল। আনহাতে চিকিৎসা খণ্ডৰ ক্ষেত্ৰতো কৰা হৈছে চমৎকাৰ। সমান্তৰালকৈ অসমতো সমাজৰ শেষৰজন ব্যক্তিলৈ এই সুবিধা সমুহ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে।জল জীৱন মিছন, প্ৰধানমন্ত্ৰী আৱাস যোজনা, অটল অমৃত অভিযান, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা, প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, প্ৰধানমন্ত্ৰী পোষণ, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী জন ধন যোজনা, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰু প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ দৰে অভিলাষী আঁচনিসমূহে ৰাজ্যৰ চুকে-কোণে বসবাস কৰা জনসাধাৰণক উপকৃত কৰিছে।

ৰাজ্যখনত বৰ্তমানে ৮২ খন কেন্দ্ৰ আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে হিতাধিকাৰীলৈ প্ৰত্যক্ষভাৱে অৰ্থ বা সামগ্রী যোগান ধৰি সকাহ দিয়া হৈছে ।কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ১৬ টা বিভাগ-মন্ত্ৰালয়ৰ অধীনত বৰ্তমানলৈ ৮২ খন হিতাধিকাৰী আঁচনি চলি আছে । অৱশ্যে ইয়াৰে সদ্য বিবাহিতালৈ এতোলা সোণৰ মূল্য প্ৰদান কৰা ‘অৰুন্ধতী সোণ আঁচনি’খন ১ এপ্ৰিলৰ পৰা বন্ধ হৈছে (Aroondhati Gold Scheme) ।
বিগত ৯ বছৰত দৰিদ্ৰৰ বাবে যথেষ্ট চিন্তা কৰা হৈছে। অমৃত কালত নতুন অসম গঢ়াৰ লক্ষ্য চৰকাৰৰ। আমাৰ চৰকাৰৰ মূল মন্ত্ৰ ‘আত্মনিৰ্ভৰ অসম’। দেশৰ ৫ ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্তৰ চেষ্টা অসম চৰকাৰৰ। বিগত সাত বছৰত ৰাজ্যত দ্ৰুত উন্নয়ন হৈছে। ৰাষ্ট্ৰীয় বিকাশতকৈ অসমে দ্ৰুতভাৱে বিকাশ লাভ কৰিছে, ক’ভিডৰ প্ৰভাবৰ পিছতো আগবাঢ়িছে ৰাজ্যৰ অৰ্থনীতি।২০১৫-১৬ৰ তুলনাত বৃদ্ধি পাইছে মূলধনী ব্যয়, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ সফল সদব্যৱহাৰ, বৰ্তমান ৰাজ্যখনত ৩৭,৭০০ কোটি টকাৰ প্ৰকল্প নিৰ্মাণ চলি আছে, ৮টা বহিঃসাহায্যৰ প্ৰকল্পৰো কাম হাতত লোৱা হৈছে। মুঠ ৫৮ হাজাৰ ৬৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণাধীন প্ৰকল্পসমূহ।কেন্দ্ৰৰ পৰা ৫০ বছৰৰ সুদবিহীন ঋণৰ দ্বাৰা উপকৃত অসম। বিগত ৪ বছৰত কেন্দ্ৰই মুকলি কৰি দিয়া পুঁজিৰ পৰিমাণ ১০গুণতকৈ অধিক বৃদ্ধি হৈছে।
তদুপৰি বিগত সাত বছৰত বিজেপি কাৰ্যকালত অসমত জনমুৰি আঢ়ৈ বৃদ্ধি হৈছে পূৰ্বতকৈ দুগুণ।২০১৬-১৭চনত বাৰ্ষিক জনমুৰি আয় আছিল ৬৬৩৩০/ আনহাতে ২০২২-২৩চনত এই পৰিমাণ হয়গৈ ১,২০৩৩৮/।দৰাচলতে জনতাই ভোটাধিকাৰ সাব্যস্ত কৰাৰ দিশত এনেবোৰ পৰিসংখ্যাৰ নিশ্চিতভাৱে অগ্ৰাধিকাৰ পাব সেই কথা বুজি আগবাঢ়িছে বিজেপি চৰকাৰ।সেইগতিকেই বিজেপি নেতৃত্বৰ প্ৰতিটো নিৰ্বাচনত সফলতাৰ ক্ষেত্ৰতো নৈতিক দৃঢ়তা আকাশলঙ্ঘী হোৱাটো স্বাভাৱিক।

২০১৬-১৭ চনত মুঠ ৰাজ্যিক উৎপাদন আয়-২.৯৪ লাখ২০২২-২৩চনত এই পৰিমাণ ৪.৯৩ লাখলৈ বৃদ্ধি হয়।অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত গুৱাহাটীৰ শ্ৰীমন্তশংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন বৰ্ড আৰু অসম চৰকাৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে।এই চুক্তিৰ জৰিয়তে অসমত দুগ্ধ খণ্ডৰ বিকাশ আৰু গ্ৰাম্য অৰ্থনীতিত আমূল পৰিবৰ্তন সাধন হোৱাৰ লগতে বহু জীৱিকাৰ সুযোগ সৃষ্টি কৰিব।উক্ত অনুষ্ঠানতে পূৰবী ডেইৰীৰ সম্প্ৰসাৰণ প্ৰকল্পটোৰো আধাৰশিলা স্থাপন কৰা হয়।
উক্ত চুক্তি অনুসৰি, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড আৰু অসম চৰকাৰৰ এক যৌথ উদ্যোগ ২০০০ কোটি টকা ব্যয়সাপেক্ষে স্থাপন কৰা হ’ব, য’ত ৭ বছৰত ৬টা নতুন গাখীৰ প্ৰক্ৰিয়াকৰণ গোটৰ জৰিয়তে ১০ লাখ লিটাৰ গাখীৰ উৎপাদন কৰা হ’ব। এই উদ্যোগে অসমৰ ১,৭৫,০০০ৰো অধিক দুগ্ধ উৎপাদকক উপাৰ্জন বৃদ্ধিৰে লাভান্বিত কৰিব।

অসমত ২টা পশু-খাদ্য আৰু জৈৱিক সাৰ প্ৰস্তুতকৰণ গোটো স্থাপন কৰা হ’ব।২০১৮ বর্ষত বিশ্ব বিনিয়োগ সন্মিলন আয়োজনৰ ফলত ৰাজ্যখনত প্রায় ৭৯ হাজাৰ কোটি টকাৰ বিনিয়োগৰ বাট মুকলি হয়৷ বৰ্তমানেও বহু হাজাৰ কৌটি টকাৰ বিনিয়োগৰ সম্ভাৱনা মুকলি হৈছে।উদ্যোগ খণ্ডত বিনিয়োগৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে চৰকাৰে ‘ইজ অৱ ডুয়িং বিজনেছ’ নীতি গ্রহণ কৰিছে৷ উদ্যোগ প্রতিষ্ঠাৰ ক্ষেত্রত কৰ ৰেহাইকে ধৰি পর্যটন, তথ্য–প্রযুক্তি, বায়’টেক, ষ্টার্ট আপ, চেনি, সৌৰশক্তি আদি বিভিন্ন খণ্ডত নতুন নীতি গ্রহণ কৰিছে৷ ঔদ্যোগিক আৰু বিনিয়োগ নীতি–২০১৯ ঘোষণা কৰা হৈছে৷ এক্ট ইষ্ট পলিচীৰ অধীনত বাংলাদেশ আৰু ম্যানমাৰলৈ সম্পর্ক যাত্রাৰ কার্যসূচী লোৱা হৈছে৷ বৰঝাৰ বিমানবন্দৰত প্রায় ১,৫০০ কোটি টকা ব্যয়েৰে নতুন টার্মিনেল নির্মাণৰ কাম চলি আছে তথা কার্গো সেৱা আৰু কাষ্টমাৰ ক্লিয়াৰেঞ্চ চেণ্টাৰ কার্যক্ষম কৰি তোলা হৈছে৷ ভাৰত–ম্যানমাৰ–থাই ট্রাইলেটাৰেল হাইৱে’ আৰু গুৱাহাটীৰ পৰা আন্তঃৰাষ্ট্রীয় বিমান সেৱাৰ সম্প্রসাৰণে ৰাজ্যখনৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিছে৷

গ্ৰাম্য অৰ্থনীতিৰ বিকাশে প্ৰাদেশিক উন্নতিৰ বাৰ্তা বহন কৰে।সমৃদ্ধ অসম গঢ়াৰ পথত বিজেপিয়ে Village First অৰ্থাৎ গ্ৰামাঞ্চলৰ বিকাশত প্ৰাথমিকতা প্ৰদান কৰিছে।সমগ্র গ্রাম্য উন্নয়ন যোজনা গ্রহণ কৰি ট্রেক্টৰ বিতৰণ কৰাৰ ফলত ৰাজ্যৰ কৃষিখণ্ডৰ বিকাশত নতুন মাত্রা সংযোজন হৈছে৷ অসমত উৎপাদিত সামগ্রীয়ে আন্তঃৰাষ্ট্রীয় বজাৰ দখল কৰিবলৈ সমর্থ হৈছে৷ কৃষিখণ্ডত যান্ত্রিকীকৰণৰ ব্যৱস্থা গ্রহণ কৰি ১৪,৬৫২খন পাৱাৰ টিলাৰ, ১৭৪খন ৰ’টাৰী টিলাৰ, ৩১৩টা ধান বনা কল আৰু ৭,৫৭৬ অগভীৰ নলীনাদ কৃষকৰ মাজত বিতৰণ কৰা হৈছিল প্ৰথম পৰ্যায়ত ৷ মুখ্যমন্ত্রীৰ কৃষি সা–সঁজুলি আঁচনিৰ অধীনত কৃষিকর্মৰ বাবে প্রয়োজনীয় সা–সঁজুলি ক্রয় কৰিবলৈ ২০১৯–২০ বর্ষত ৬ লাখ কৃষকক ৫ হাজাৰ টকাকৈ আর্থিক সাহায্য প্রদান কৰা হৈছে৷ সেইদৰে কেচিচি ঋণৰ জৰিয়তে ৰাজ্যৰ ১.১২ লাখ কৃষক উপকৃত হৈছে৷ প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ অধীনত প্ৰথম পৰ্যায়ত ২৭ লাখ কৃষকে তিনিটা কিস্তিত ১,৬০৯ কোটি টকা লাভ কৰিছিল।এই সকলোধৰণে উপকৃত লোকৰ পৰিমাণ বাঢ়ি গৈ আছে প্ৰতিটো বিত্তীয় বৰ্ষতে ই। ৰাজ্যখনত কেৱল কৃষি বিভাগতে ৯ খনকৈ এনে আঁচনি আছে।পশু পালন বিভাগৰ দুখনকৈ হিতাধিকাৰী আঁচনি, শিক্ষা বিভাগৰ মধ্যাহ্ন ভোজন আৰু সৰ্বশিক্ষা অভিযানৰ দৰে আঁচনি, বন বিভাগৰ তিনিখনকৈ আঁচনি, মীন বিভাগৰ এখন আঁচনি, হস্ততাঁত আৰু বয়ন বিভাগৰ অধীনৰ তিনিখন আঁচনি, স্বাস্থ্য বিভাগৰ দ্বাৰা ৰূপায়িত ১১ খন আঁচনি, শ্রম কল্যাণ বিভাগৰ এখন আঁচনি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ১০ খন আঁচনি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত স্বচ্ছ ভাৰত অভিযান (গ্রাম্য), সমাজ কল্যাণ বিভাগৰ ১৮ খনকৈ হিতাধিকাৰীমূলক আঁচনি, নগৰ উন্নয়নৰ তিনিখন আঁচনি, জনজাতি আৰু অন্যান্য পিচপৰা শ্রেণী বিভাগৰ ১২ খন আঁচনিৰ দ্বাৰা হিতাধিকাৰীক আৰ্থিক আৰু প্ৰয়োজনীয় সামগ্রী প্রত্যক্ষভাৱে যোগান ধৰি সকাহ দিছে (Mid Day Meal Scheme)।

  • মুখ্যমন্ত্ৰী স্ব-নিয়োজন আঁচনিৰ জৰিয়তে যুৱ উদ্যোগীসকলে তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰিবলৈ চৰকাৰৰ পৰা বীজ মূলধন লাভ কৰিব পাৰিব।১ লাখ উদ্যোগীয়ে ব্যৱসায় আৰম্ভ কৰিবলৈ চৰকাৰৰ পৰা বীজ মূলধন লাভ কৰিব পাৰিব।অসম চৰকাৰে ৩ বছৰৰ বাবে উদ্যোগী সকলক ২ লাখ টকা প্ৰদান কৰিব।দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে বিভিন্ন কৌশল বিকাশ শিক্ষাৰ ব্যৱস্থা যুৱকল্যাণৰ দৃষ্টিকোণেৰে উৎকৃষ্ট প্ৰয়াস।খেল মহাৰণ, অমৃত কলহ যাত্ৰাৰ লগতে অসম সাংস্কৃতিক মহাসংগ্ৰাম৷গাঁৱে-ভূঞে থকা যুৱ প্ৰতিভাক বিকশিত কৰাৰ আৰু ৰাষ্ট্ৰীয় দায়বদ্ধতা ইয়াৰ লক্ষ্যৰে চৰকাৰৰ সাংস্কৃতিক মহাসংগ্ৰামৰ পদক্ষেপ।মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২০২৩” নিবনুৱা সমস্যাৰ সমাধান আৰু ৰাজ্যৰ সৰ্বাংগীন প্ৰগতিৰ পোষকতা কৰাৰ লক্ষ্যৰে আন এক দূৰদৰ্শী পদক্ষেপ। যুৱক-যুৱতীসকলক আত্মনিয়োগৰ সুবিধাৰে সৱলীকৰণ কৰি বিভিন্ন অংশীদাৰৰ পৰা সহযোগিতা বিচাৰি চৰকাৰে অধিক স্বাৱলম্বী আৰু সমৃদ্ধিশালী অসম গঢ়াৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনিৰ জৰিয়তে অহা ২ বছৰত ২ লাখ যোগ্য লোকক সাহায্য – ২০২৩-২৪ বিত্তীয় বৰ্ষত ১ লাখ আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখ।ইতিমধ্যে চৰকাৰে স্বচ্ছ নিযুক্তিৰ দিশত সফল প্ৰয়াস কৰিছে।এক লাখ চাকৰি প্ৰদান সমাপ্তিৰ পিছতেই আন এক লাখ চাকৰি প্ৰদানৰ প্ৰচেষ্টা ঘোষণা ইতিবাচক।প্রধানমন্ত্রী জন–ধন যোজনাই ইয়াৰ অধীনত ১.৩৫ কোটি হিতাধিকাৰীৰ বেংক একাউণ্ট মুকলি কৰাত সহায় কৰিছে৷স্বনিয়োজনৰ বাবে প্রধানমন্ত্রী মুদ্রা যোজনাৰ অধীনত প্ৰথম পৰ্যায়ত প্রায় ১০ লাখ যুৱকক আর্থিক সাহায্য প্রদান কৰা হৈছে৷কনকলতা মহিলা সবলীকৰণ আঁচনিয়ে ৰাজ্যৰ প্রায় ৩ লাখ ২৭ হাজাৰ আত্মসহায়ক গোটলৈ আর্থিক সাহায্য আগবঢ়াইছে৷
    শান্তিপূৰ্ণ জীৱন যাপন-সুৰক্ষিত অসম গঢ়াৰ দিশত অমৃত লক্ষ্যৰে আগবাঢ়িছে অসমতো‌ বিজেপি চৰকাৰ। বিজেপি চৰকাৰ অহাৰ পিছত ৰাজ্যসমূহৰ মাজত সীমা বিবাদ দূৰ হৈছে। অসমত ১০খনতকৈ বেছি শান্তিচুক্তি হৈছে। অসামৰিক লোকৰ হতাহতৰ সংখ্যা প্ৰায় ১০০% হ্ৰাস পাইছে। যোৱা সাত বছৰত ৮,০০০ তকৈও অধিক বিদ্ৰোহীয়ে আত্মসমৰ্পণ কৰিছে।সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) হ্ৰাস কৰা হৈছে।অসম-মেঘালয় আন্ত:ৰাজ্যিক সীমা চুক্তি-২০২২ এক সফল পদক্ষেপ।বড়ো, নাগা, কাৰ্বি, লগতে শেহতীয়াকৈ আলফাৰ শান্তি চুক্তিৰ ফলত অসন্তুষ্ট সম্প্ৰদায়সমূহক আলোচনাৰ জৰিয়তে মূলসুঁতিলৈ অনা হৈছে, যাৰ ফলত অঞ্চলটোৱে আশা কৰি থকা আৰু কেইবা দশক ধৰি আকাংক্ষা কৰি থকা নিৰন্তৰ শান্তিৰ সৃষ্টি হৈছে।অসমত ২৭ লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰি আহিছে আৰু ৰেচন কাৰ্ডৰ পৰিয়ালৰ সংখ্যা ৫৫ লাখ।ৰাজ্যখনৰ মহিলাসকলৰ মাজত উদ্যমিতাৰ ধাৰণাক সুদৃঢ় কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ ৩৯,৬৭,৭৪৩গৰাকী মহিলা সদস্যক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চৰ্ত সাপেক্ষে ১০,০০০ টকাকৈ উদ্যমিতা পুঁজি প্ৰদানৰ ব্যৱস্থা। দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতা।শ শ ঘোচখোৰ বিষয়া-কৰ্মচাৰী আটক। বিভিন্ন আঁচনিৰ ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে পদক্ষেপ।এ পি এছ ছিৰ দুৰ্নীতি নিৰ্মূল আৰু স্বচ্ছ নিযুক্তি।ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ব্যাপক অভিযান।ৰাজ্যত অপৰাধৰ ঘটনা হ্ৰাসৰ ফলত চৰকাৰখনৰ অনিৰুদ্ধ বিকাশ যাত্ৰাই অনন্য মাইলেজ পাবলৈ সক্ষম হৈছে।