৪০% ৰাইজে জয়ন্ত মল্ল বৰুৱাক মন্ত্রীসভাত বিচাৰে

810

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভা সম্প্ৰসাৰণ হ’লে কোন অন্তৰ্ভুক্ত হ’ব লাগে_ তাক লৈ আছিল আমাৰ নৱেম্বৰ ২০২১ খণ্ডৰ অ’পিনিয়ন প’ল। ১ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ চলা আমাৰ অ’পিনিয়ন প’ললৈ ৰাইজৰ সহাৰি আছিল ব্যাপক। আমাৰ অ’পিনিয়ন প’লত সৰ্বাধিক ৪০% ভোট লাভ কৰে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই। অ’পিনিয়ন প’লৰ সম্পূৰ্ণ ফলাফল আছিল এনে ধৰণৰঃ
১) জয়ন্ত মল্ল বৰুৱাঃ ৪০%
২) পদ্ম হাজৰিকাঃ ১৭.১%
৩) তৰংগ গগৈঃ ১৪.৩%
৪) মৃণাল শইকীয়াঃ ১১.৪%
৫) গোবিন্দ বসুমটাৰীঃ ৮.৬%
৬) প্ৰশান্ত ফুকনঃ ৫.৭%
৭) অন্যঃ ২.৯%
বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ জনপ্ৰিয়তাই বিপদ ঘন্টা মাতিছে ধৰ্মপুৰৰ পৰা মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ। একেখন জিলাৰ পৰা দুজনক মন্ত্রী দিয়াটো সম্ভব নহয়। অনাগত দিনত পাটোৱাৰীক অপসাৰণ কৰি ৰাইজৰ বিপুল দাবীত জয়ন্ত মল্লক মন্ত্রীত্ব দিবনে সেয়া লক্ষণীয় হ’ব। মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিবৰ পদত থকা বৰুৱাই কি বিচাৰে তাৰো ওপৰত বহুখিনি নিৰ্ভৰ কৰিব। যিহেতু দিনটোৰ বেছিভাগ সময় তেওঁ মুখ্যমন্ত্রীৰ লগত ছাঁৰ দৰে থাকে সেয়েহে এয়া নিশ্চিত যে মুখ্যমন্ত্রীয়ে বৰুৱাৰ বাবে কিবা পৰিকল্পনা নিশ্চয় কৰি ৰাখিছে। প’লৰ উল্লেখযোগ্য কথাটো হ’ল তৰংগ গগৈৰ জনপ্ৰিয়তা। মৃণাল শইকীয়া , প্ৰশান্ত ফুকন আদিৰ দৰে নেতাক পিছ পেলাই তৰংগই দখল কৰিছে তৃতীয় স্থান। বিজেপিত এজন শক্তিশালী আহোম নেতাৰ মন্ত্রীসভাত প্ৰয়োজন আছে। অবশ্যে সুশান্ত বৰগোহাঁইৰ বিজেপি গমনৰ পিছত তৰংগৰ গতি কিছু স্তিমিত হ’ব পাৰে। মুখ্যমন্ত্রীয়ে কোন সময়ত আৰু কি পৰিস্থিতিত মন্ত্রীসভা সম্প্ৰসাৰণ কৰে তাৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিব।