৪ মাহত ৪টা কৌশলে সলনি কৰিব কংগ্ৰেছৰ ভবিষ্যত

1432

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি দেৱকান্ত বৰুৱাই এদিন কৈছিল যে আলি, কুলি আৰু বঙালী থকালৈকে অসমত কংগ্ৰেছ থাকিব। যদিও আজিৰ দিনত বুজন সংখ্যক চাহ জনগোষ্ঠী আৰু হিন্দু বঙালী কংগ্ৰেছৰ পৰা আতৰি গ’ল তথাপিও কংগ্ৰেছ অসমত যঠেষ্ট শক্তিশালী। যি সময়ত পশ্চিম বংগ, উৰিষ্যা , বিহাৰ, উত্তৰপ্ৰদেশ আদিত কংগ্ৰেছ দিনক দিনে নিশকতীয়া হৈ গৈ আছে সেই সময়ত কিন্তু অসমত কংগ্ৰেছৰ সাংগঠনিক ভেটি আজিও মজবুত। ইয়াৰ মুল কাৰণ হ’ল অসমৰ জনগাঠনি। ধৰ্মীয় সংখ্যালঘু সকলে কোনো কাৰণতে বিজেপিক ভোট নিদিয়ে আৰু ইয়াৰ সুফল কংগ্ৰেছে সদায় ভোগ কৰি আছে। আজমলৰ লগত মিত্রতা হ’লে এই ভোট খিনিৰ ভাগ হোৱাৰ সম্ভাবনা নাই। ৩৫% সংখ্যালঘু ৰাইজে অসমৰ প্ৰায় ৩৫-৪০ টা সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। অৰ্থাৎ আৰু ২০টা সমষ্টি দখল কৰিব পাৰিলেই মোটা-মুটি কংগ্ৰেছ চৰকাৰ নিশ্চিত। কিন্তু বৰ্তমান ৰাজনৈতিক পৰিস্থিতি অধ্যয়ন কৰিলে দেখা যায় যে কংগ্ৰেছ -আজমলে মিলি ৪০ খন আসন পোৱা নিশ্চিত যদিও অতিৰিক্ত ২০ খন আসন পোৱাৰ কোনো সম্ভাবনা নাই। বিজেপি মিত্রজোঁটে যদি কংগ্ৰেছ মিত্রজোঁটৰ বিপক্ষে ৮০-৪০ ৰ ব্যবধানত বিজয় সাব্যস্ত কৰে তেন্তে আমি আচৰিত হ’বলগীয়া নাই। ২০ খন আসন বিজেপিৰ পৰা আজুৰি আনিব পাৰিলেই অবশ্যে কংগ্ৰেছ ক্ষমতালৈ আহিব। নিৰ্বাচনলৈ মাজত ৪ মাহ সময়। আজি আমি আলোচনা কৰিম এই ৪ মাহত কংগ্ৰেছে লব লগা ৪টা কৌশল যিয়ে ২০২১ত অসমত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ বাট মুকলি কৰিব।
১) মুখ্যমন্ত্রী প্ৰাৰ্থী প্ৰক্ষেপঃ কংগ্ৰেছে সাধাৰণতে মুখ্যমন্ত্রী -প্ৰধান মন্ত্রীৰ প্ৰাৰ্থী প্ৰক্ষেপ নকৰে যদিও যোৱাবাৰৰ পঞ্জাৱ আছিল ব্যতিক্ৰম। অমৰিন্দৰ সিংক কংগ্ৰেছে আগতিয়াকৈ মুখ্যমন্ত্রী প্ৰাৰ্থী ঘোষণা কৰিছিল। ইয়াৰ ফলত কংগ্ৰেছে ব্যাপক জনসমৰ্থন পাবলৈ সক্ষম হৈছিল। কংগ্ৰেছে মুখ্যমন্ত্রী প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে ৰাইজে তুলনা কৰিব সৰ্বানন্দ সোণোৱাল আৰু ৰিপুণ বৰাক। ৰিপুণ বৰাৰ বিৰূদ্ধে তেওঁৰ দলৰ বিধায়কৰে বিশ্বাস নাই ; ৰাইজৰ ক’ত বিশ্বাস থাকিব? কংগ্ৰেছে এজন নিকা ভাবমুৰ্তিৰ নেতাক মুখ্যমন্ত্রী হিচাপে প্ৰক্ষেপ কৰিলে দলৰ কৰ্মীসকলে উৎসাহ পাব। অজন্তা নেওগ ইয়াৰ বাবে উপযুক্ত আছিল যদিও তেওঁ বিজেপিত যাব বুলি খৱৰ ওলাইছে। নেওগ বিজেপিলৈ গ’লে কংগ্ৰেছক পাৰ লগাব পৰা একমাত্র নেতাজন হ’ল প্ৰদ্যুত বৰদলৈ। কংগ্ৰেছে বিলম্ব নকৰাকৈ মুখ্যমন্ত্রী প্ৰাৰ্থী ঘোষণা কৰি নিৰ্বাচনলৈ প্ৰস্তুতি চলোৱা উচিত।
২) মহাজোঁটৰ সপোন এৰকঃ কংগ্ৰেছে দিনে নিশাই মিডিয়াৰ জড়িয়তে মহাজোঁটৰ বাবে সকলোকে আহ্বান কৰি নিজৰ দুৰ্বলতাৰ পৰিচয় দিছে। তাৰ পৰিবৰ্তে দলে নিজৰ সাংগঠনিক ভেটি মজবুত কৰাত গুৰুত্ব দিয়া উচিত। আজমলৰ দলৰ বাহিৰে অজিত ভূঞা, জগদীশ ভূঞা, অদীপ ফুকন আদিৰ কোনো গণভিত্তি নাই। কংগ্ৰেছে এওলোকক গুৰুত্ব নিদি বড়োলেণ্ডত বিপিএফৰ লগত মিত্রতা কৰা উচিত। আজমলৰ লগত মুকলি মিত্রতাতকৈ গোপন মিত্রতাইহে লাভ কৰিব। বাঘবৰ, জনিয়া, দক্ষিণ শালমৰা, জলেশ্বৰ আদি যত বিজেপিৰ আমানতৰ ধন বাজেয়াপ্ত হ’ব তেনে সমষ্টিত দুয়োটা দলে প্ৰাৰ্থী দিয়া উচিত। মংগলদৈ, বটদ্ৰবা আদিত এটা দলৰ পৰা প্ৰাৰ্থী দিলে বিজেপিক ৰোধ কৰিব পৰা যাব।
৩) বিৰোধীৰ ভাঙোনঃ ৰাজনীতিত নিজৰ দলক শক্তিশালী কৰাৰ এপাট প্ৰধান অস্ত্র হ’ল প্ৰতিপক্ষক দুৰ্বল কৰা। বিজেপিয়ে ২০১৬ত কংগ্ৰেছত বিভাজন আনি দলটোৰ ককাল ভাঙিছিল। এইবাৰো নিৰ্বাচনৰ আগত বিপিএফৰ বাঘা বাঘা নেতা বিজেপিলৈ গ’ল। কংগ্ৰেছৰো বহু নেতা যাবলৈ ৰৈ আছে। অগপ আৰু বিজেপিতো বহু অসন্ত্তষ্ট নেতা আছে। কংগ্ৰেছৰ টাৰ্গেট হ’ব লাগে এইসকল নেতাক দললৈ অনা। যিমানে অন্য দলৰ নেতা যোগদান কৰিব সিমানে ৰাইজৰ চকুত কংগ্ৰেছ শক্তিশালী হ’ব।
৪) ৰাইজৰ ইছুঃ নিৰ্বাচনী সভাত ৰাইজৰ সৈতে সংযোগ কৰিবলৈ লাগিব শক্তিশালী ইছু। উদাহৰণ স্বৰূপে বি.টি.আৰ নিৰ্বাচন। হাগ্ৰামাৰ সৈতে বিজেপিয়ে একেলগে নিৰ্বাচন নেখেলি নৱ শৰণীয়াক নিস্প্ৰভ কৰি দিলে। বিৰোধীৰ হাতত চৰকাৰৰ বিৰূদ্ধে বহু ইছু থাকে কাৰণ ৫ বছৰত চৰকাৰ এখনে জনসাধাৰণৰ সকলো আশা পূৰণ কৰিব নোৱাৰে। বিৰোধীয়ে বিচাৰি উলিয়াব জানিব লাগিব। বৰ্তমান চৰকাৰ খনত হিমন্ত বিশ্ব শৰ্মাৰ বিভাগবোৰৰ বাহিৰে আন কোনো বিভাগে ভাল প্ৰদৰ্শন কৰিব পৰা নাই। মুল্যবৃদ্ধি, বাণপানী , উদ্যোগ,  নিবনুৱা সমস্যা, কৃষকৰ সমস্যা আদি বহু আছে। মাত্র কংগ্ৰেছ দলে ভালকৈ সজাই পৰাই ক’ব জানিলে হ’ল।
মুঠৰ ওপৰত হাতত সময় খুব ক’ম। চাৰি মাহত কংগ্ৰেছ দলে কৌশল সলনি কৰিলে ২০২১ত অসমত কংগ্ৰেছ চৰকাৰ অসম্ভব নহয়।