৬২% লোকৰ মতে অসমত পুনৰ বিজেপি চৰকাৰ

1456

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমৰ ৰাজনীতিত বৰ্তমানৰ সকলোতকৈ চৰ্চিত বিষয় হৈছে যে ২০২১ত অসমত কোন দলৰ চৰকাৰ হ’ব? সকলো ৰাজনৈতিক দলেই নিৰ্বাচনকলৈ প্ৰস্তুতি চলাইছে। নিউজ চেনেল বিলাকেও ৰাজনীতিৰ লগত জড়িত নানা খবৰ পৰিবেশন কৰি আছে। এনে সময়তে ‘ৰাজনীতি অসম’ চাপিছিল ৰাইজৰ কাষলৈ। আমাৰ প্ৰশ্ন আছিল ২০২১ত কোন দলে কিমান আসন পাব? আমাৰ অ’পিনিয়ন প’লৰ পৰা এটা কথা স্পষ্ট হ’ল যে সৰহসংখ্যক ৰাইজে ২০২১ত বিজেপিৰ চৰকাৰ হ’ব বুলি ধাৰণা কৰিছে।
আমাৰ প্ৰথম প্ৰশ্ন আছিল ২০২১ত বিজেপি মিত্রজোটে য়ে কিমান আসন পাব? ইয়াৰ উত্তৰ ৰাইজে দিছিল এনেকৈঃ
  • ৮০ৰ অধিকঃ ২৮.৬%
  • ৬০ৰ পৰা ৭৯ঃ ৩৩.৩%
  • ৪০ৰ পৰা ৫৯ঃ ৩১%
  • ২০ৰ পৰা ৩৯ঃ ৭.১%
বিজেপি মিত্রজোটে ৬০ৰ বেছি আসন পাব বুলি ভবা লোকৰ সংখ্যা ৬১.৯%।
আনহাতে কংগ্ৰেছ মিত্রজোটৰ আসনৰ বিষয়ে ৰাইজৰ মতামত এনে ধৰণৰঃ
  • ৬০ ৰ পৰা ৭৯ঃ ৭.১%
  • ৪০ৰ পৰা ৫৯ঃ ২৬.২%
  • ২০ৰ পৰা ৩৯ঃ ৫৭.১%
  • ১০ৰ পৰা ১৯ঃ ৭.১%
  • ১০ৰ কমঃ ২.৪%
সৰহসংখ্যক লোকে ভাবে যে কংগ্ৰেছ মিত্রজোটৰ সংখ্যা ২০ৰ পৰা ৩৯ৰ  ভিতৰত থাকিব।
আনহাতে নতুন দল জাতীয় পৰিষদকলৈ ৰাইজৰ মাজত কোনো উৎসাহ নাই। আসনৰ ধাৰণা এনেধৰণৰঃ
  • ৬০ৰ পৰা ৭৯ঃ ২.৪%
  • ৪০ৰ পৰা ৫৯ঃ ২.৪%
  • ২০ৰ পৰা ৩৯ঃ ৪.৮%
  • ১০ৰ পৰা ১৯ঃ ২৩.৮%
  • ১০ৰ কমঃ ৬৬.৭%
আমাৰ অ’পিনিয়ন প’লৰ পৰা এটা কথা স্পষ্ট হ’ল যে ২০২১ৰ নিৰ্বাচনী যুঁজখনত বৰ্তমানলৈ বিজেপি আগবাঢ়ি আছে। ৰাজনীতি অনিশ্চয়তাৰ খেল। সেয়হে যিকোনো সময়ত পৰিস্থিতি সলনি হৈ যাব পাৰে।