কাৰ বাবে সংঘটিত হৈছিল ৬ ডিচেম্বৰ?

1574
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


উচ্চতম ন্যায়ালয়ৰ শ্বাহ বানু বিবাহ বিচ্ছেদ সম্পৰ্কীয় ৰায়দানে মুছলমান সমাজৰ সৰহ সংখ্যক মৌলৱীক ক্ষোভিত কৰিছিল । সেয়ে মুছলমান মৌলবীক সৈমান কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ৰায়ক বিৰোধ কৰি ৰাজীৱ গান্ধী নেতৃত্বৰ কংগ্ৰেছ চৰকাৰে মৌলবীৰ সপক্ষে বিবাহ বিচ্ছেদৰ নতুন আইন সংসদত প্ৰনয়ণ কৰে । এই ঘটনাই ভাৰতৰ হিন্দু সকলক পুনৰবাৰ ভাৰত বিভাজনৰ অনুভৱ কৰায় দিয়ে । হিন্দু সকলৰ ক্ষোভক প্ৰশমিত কৰিবলৈ ৰাজীৱ গান্ধীয়ে ব্যৱহাৰ কৰে অযোধ্যাক ।  হিন্দু সকলক ৰাম জন্মভুমিৰ অবিবাদমান ভূমিত পূজা কৰিবলৈ উচ্চতম ন্যায়ালয়ে অনুমতি দিয়া ৰায়ক ৰাজীৱ গান্ধীয়ে তাৎক্ষনিক ভাবে কাৰ্য্যকৰী কৰে । ১৯৮৯ চনত ৰাজীৱ গান্ধীৰ সময়ত অযোধ্যাৰ ৰাম জন্ম ভুমি প্ৰাংগনত শিলান্যাস কাৰ্যসূচী হয় আৰু মন্দিৰ নিৰ্মাণৰ শিলান্যাস অনুষ্ঠান দুৰদৰ্শনত প্ৰচাৰ হয় । এই ঘটনাৰ ৩০ টা বছৰ পিছত উচ্চতম ন্যায়ালয়ৰ মুখ্য  ন্যায়াধীশ ৰঞ্জন গগৈৰ সময়ত গোচৰৰ ৰায়দান হয় আৰু  বিবাদমান ভুমি হিন্দু পক্ষই লাভ কৰে । ইয়াৰ লগে লগে চৰকাৰে বাজেয়াপ্ত কৰি ৰখা   অবিবাদমান ভুমি খিনি হিন্দু পক্ষই  ঘুৰাই পাবলৈ সক্ষম হয় ।  মুছলমান পক্ষকো ন্যায়ালয়ে আন স্থানত ভুমি দান দিবলৈ ৰায় দিয়ে । সাধাৰণ মত – অমত থাকিলেও সাধাৰণ জনতাই ৰায়দানক সমৰ্থন দিয়ে । গোটেই ভাৰতৰ কোনো এটা স্থানত এটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’ল । কিন্তু প্ৰায় ২৮ বছৰ আগত , ৬ ডিচেম্বৰ ১৯৯২ ৰ দিনাখন অকল্পনীয় ঘটনা সংঘতিত হৈ গৈছিল অযোধ্যাত । চুন্নী মুছলমান পক্ষই দাবী কৰা মতে এটা পৰিতক্ত মছজিদ সিদিনা ধ্বংস কৰা হ’ল , হিন্দু পক্ষই দাবী কৰা মতে সেইটো স্থানত এটা মন্দিৰ আছিল আৰু আন এক পক্ষই কয় যে সেইটো এটা বিবাদমান নিৰ্মাণ । যিয়েই নহওক এই ঘটনাটোৱে ভাৰতৰ প্ৰতি থকা বিদেশী ৰাষ্ট্ৰৰ ধাৰণা সলনি কৰিছিল  । অসমৰ নতুন প্ৰজন্মই এই ঘটনাটোৰ তুলনা  ১৯৯২  চনৰ বিশ্ব কাপ ক্ৰিকেটৰ কথাহে বেছিকৈ মনত ৰাখিছিল ।
এই ঘটনাটো ৰোধ কৰিব পৰা গ’ল হেঁতেন নে __  কিয়  ভাৰতৰ ইতিহাসত এনেকুৱা এটা ঘটনা সংঘটিত হ’ল ?  আমি বিচাৰ কৰিম আমাৰ লগত উপলব্ধ তথ্যৰ ভিত্তিত ।
১৯৪৭ চনত ভাৰত বিভাজনৰ সাম্প্ৰদায়িক সংঘাতৰ সময়তো কিন্তু বাবৰৰ নিৰ্মাণ কাৰ্য্যৰ ওপৰত এটাও শিল পৰা নাছিল । সেই সময়ছোৱাত সেনা – আৰক্ষী জানো অযোধ্যাৰ ৰাম জন্মভুমি স্থানত আছিল ? কিন্তু প্ৰায় ২৮ টা বছৰ পিছত বাবৰৰ  নিৰ্মাণ স্থল ধ্বংস হ’ল আৰু সকলোৱে প্ৰত্যক্ষ কৰাৰ বাহিৰে বিকল্প নাছিল । কিন্তু বিকল্প আছিল ৬ ডিচেম্বৰৰ আগত ।
 এলাহাবাদ উচ্চ ন্যায়ালয়ত বিবাদমান ২.৭৭ একৰ ভুমিত উত্তৰ প্ৰদেশ চৰকাৰে অধিগ্ৰহণ কৰাৰ বিৰুদ্ধে চলি থকা গোচৰৰ শুনানীয়ে দিনৰ পাছত দিন আৰু বছৰৰ পাছত বছৰ বাগৰি আছিল ।পৰিতক্ত হৈ থকা মছজিদটো আছিল .৭৩ একৰ ভুমিত । উত্তৰ প্ৰদেশৰ কল্যান সিং চৰকাৰে ৰাজ্য চৰকাৰৰ লগত থকা ২.৭৭ একৰ ভুমিৰ পৰা ২.০৪ একৰ ভুমি ৰাম জন্মভুমি ন্যাসক গটোৱাৰ সিদ্ধান্ত লৈছিল । হিন্দু পক্ষই এই সিদ্ধান্ত মানি লৈছিল আৰু ২.০৪ একৰ ভুমিৰ লগত সংলগ্ন ৬৪ একৰ ভুমিত মন্দিৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিবলৈ মান্তি হয় । হিন্দু পক্ষই .৭৩ ভুমিক বাকী ভুমিৰ পৰা পৃথক কৰিব খোজা চৰকাৰৰ নীতিক সঁহাৰী জনায় আৰু বিবাদমান বুলি দাবী কৰা মছজিদ নিৰ্মাণ অঞ্চলটোৰ মালিকীস্বত্তৰ বাবে ন্যায়ালয়ৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰিবলৈ সন্মতি প্ৰদান কৰে  । কিন্তু ঘটনাই অন্য দিশ ল’লে যেতিয়া চুন্নী মুছলমান পক্ষই চৰকাৰৰ সিদ্ধান্তক বিৰোধীতা কৰি এলাহাবদ উচ্চ ন্যায়ালয়ত গোচৰ তৰে আৰু চৰকাৰৰ সিদ্ধান্তক ন্যায়ালয়ে স্থগিতাদেশ দিয়ে । ন্যায়ালয়ত চলি থকা গোচৰৰ ৰায় ১৯৯১ চনৰ নৱেম্বৰ মাহৰ শেষৰ পিনে ঘোষণা কৰাৰ কথা আছিল । কিন্তু তাৰিখৰ পিছত তাৰিখ বাগৰি থাকিল ।
৯ জুলাই ১৯৯২
বিশ্ব হিন্দু পৰিষদে অযোধ্যাত কৰ সেৱা ( মন্দিৰ নিৰ্মাণৰ বাবে শ্ৰমদান) আৰম্ভ কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰে । ইয়াৰ পিছতেই অযোধ্যাত প্ৰায় ৫০ হাজাৰ কৰ সেৱক উপস্থিত হয় । দিল্লীৰ কংগ্ৰেছ চৰকাৰে বিষয়টোত গুৰুত্ব প্ৰদান কৰে । প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ লগত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু বিজেপিৰ নেতাৰ মাজত আলোচনা হয় । শান্তি পুৰ্ণ পৰিবেশত কৰ সেৱা সাত দিনলৈ চলিছিল । উত্তৰ প্ৰদেশত হিন্দু -মুছলমান  এটাও সংঘাত নহ’ল ।
২১ জুলাই ১৯৯২
প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও এ আৰ এছ এছ আৰু বিজেপিৰ নেতাৰ লগত আলোচনাত বহে । লালকৃষ্ণ আডৱানী আৰু সংঘৰ নেতা সকলে প্ৰধানমন্ত্ৰীক স্পষ্ট ভাবে জনায় যে এই বিষয়টোত চৰকাৰে প্ৰত্যক্ষ ভাবে সাধু -সন্তৰ লগত আলোচনাত বহিব লাগে । বিজেপি আৰু সংঘই বিষয়টোত নোসোমায় । সেইমৰ্মে মাত্ৰ দুদিন পিছত নৰসিংহ ৰাও আৰু সাধু সকলৰ আলোচনা চলে । বিবাদমান ভুমিৰ ৰায়দান প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ কেন্দ্ৰক আহ্বান জনায় । তিনিমাহৰ সময়সীমা প্ৰদান কৰে আৰু তিনিমাহ পৰ্যন্ত কৰ সেৱা বন্ধ ৰাখিব বুলি দোহাৰে । চৰকাৰৰ ফালৰ পৰা বিষয়টো আলোচনাৰ জৰিয়তে সামধা কৰিবলৈ চেষ্টা চলায় গৃহ মন্ত্ৰী এচ বি চৌহানে । বিশ্ব হিন্দু পৰিষদ আৰু মুছলীম পক্ষৰ মাজৰ গৃহ মন্ত্ৰীয়ে মুখামুখী আলোচনা আৰম্ভ কৰে । মাত্ৰ এখন আলোচনা অনুষ্ঠিত কৰি চৰকাৰে দায়িত্ব সামৰে আৰু আলোচনা বিফল হয় । ঘটনা ক্ৰম খুৱ সোনাকালেই সলনি হ’বলৈ আৰম্ভ কৰে ।
উচ্চতম ন্যায়ালয়ে বিশ্ব হিন্দু পৰিষদৰ আবেদনৰ ভিত্তিত ২৮ নৱেম্বৰ তাৰিখে কৰ সেৱা সম্পন্ন কৰাৰ ৰায়দান দিয়ে আৰু লগতে জনায় যে এই কৰ সেৱা হ’ব লাগিব প্ৰতীক ধৰ্মী আৰু কোনো নিৰ্মাণ কাৰ্য্য চলাব নোৱাৰিব ।ইয়াৰ আগতে ৩০-৩১ অক্টোবৰ তাৰিখে দিল্লীত অনুস্থিত বিশ্ব হিন্দু পৰিষদৰ ধৰ্ম সংসদে ৬ ডিচেম্বৰ পৰা ১০ ডিচেম্বৰলৈ কৰ সেৱা পুনৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত লয় । দুজন কংগ্ৰেছ নেতাই লালকৃষ্ণ আডৱানী আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নানাজী দেশমুখৰ লগত বিবাদটো সমাধানৰ বাবে বহু বাৰ আলোচনাত বহিছিল । জুলাই মাহৰ পৰা আৰম্ভ হৈছিল এই আলোচনা । কংগ্ৰেছৰ নেতা দুজন আছিল ক্ৰমে কমল নাথ আৰু পি আৰ কুমাৰমংগলম । আডৱানীয়ে চৰকাৰক ন্যায়ালয়ত চলি থকা গোচৰ প্ৰক্ৰিয়াটোত ক্ষিপ্ৰতা আনিবলৈ কেন্দ্ৰক দায়িত্ব ল’বলৈ আহ্বান কৰিছিল । কিন্তু কমল নাথে জনাইছিল যে ন্যায়ালয়ৰ লগত চৰকাৰে এই বিষয়টোত আলোচনা নকৰে । অক্টোবৰ মাহৰ দ্বিতীয় সপ্তাহত কমল নাথে আডৱানীক প্ৰস্তাৱ দিয়ে __যদি কেন্দ্ৰীয় চৰকাৰে বিবাদমান ভুমি খিনি ৰামজন্মভুমি ন্যাসক প্ৰদান কৰে আৰু মছজিদ থকা স্থানটো সুৰক্ষিত কৰি ৰাখে তেন্তে কিবা আপত্তি আছে নেকি ?আডৱানীয়ে কমল নাথৰ প্ৰস্তাৱত সন্মতি দিয়ে ।  যিখিনি ভুমি বিশ্ব হিন্দু পৰিষদৰ মালিকাধীন আছিল সেই ভুমিখিনি ৰামমন্দিৰ নিৰ্মাণ কৰাৰ বাবে ন্যাসক এৰি দিয়াৰ পিছত বিবাদমান ভুমি হিন্দু আৰু মুছলমান পক্ষই অনাগত সময়ত ন্যায়ালয় বা আলোচনাৰ জড়িয়তে নিস্পত্তি কৰি ল’ব পাৰিব ।আডৱানীয়ে আৰ এছ এছৰ নানজী দেশমুখক প্ৰস্তাৱটো জনোৱাৰ পিছত   নানজীয়ে প্ৰধানমন্ত্ৰী ৰাওৰ লগত আলোচনা কৰে । কমল নাথৰ প্ৰস্তাৱটো আলোচনা কৰা মুহুৰ্তত প্ৰধানমন্ত্ৰীয়ে সম্পুৰ্ণ অজ্ঞতা প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিছত আডৱানীয়ে কুমাৰমংগলমক কথাখিনি জনায় । কুমাৰমংগলমে কয় যে কমল নাথ প্ৰধানমন্ত্ৰীৰ দূত নহয় । আডৱানী আচৰিত হয় আৰু বিষয়টো ভৈৰৱ সিং চেখাৱটক অৱগত কৰে । চেখাৱতে আডৱানীক জনায় যে কুমাৰ মংগলমে তেওঁকো একেই প্ৰস্তাৱটো শুনাইছে । ইয়াৰ লগে লগে আডৱানী বিশ্বাস দৃঢ় হয় যে প্ৰধানমন্ত্ৰীৰ কোনো অজ্ঞাত শক্তিৰ দ্বাৰা নিয়ন্ত্ৰীত । আৰু কংগ্ৰেছৰ দলৰ মাজতো বিষয়টোৰ ওপৰত স্পষ্ট নীতি নাই । আডৱানীয়ে নিজৰ আত্মজীৱনিত উল্লেখ কৰিছে বিজেপি , আৰ এছ এছ আৰু মন্দিৰ নিৰ্মাণ আন্দোলনৰ প্ৰতিজন নেতাই বিশ্বাস কৰিছিল যে নৱেম্বৰৰ মাজ ভাগত বা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহতেই এলাহাবাদ উচ্চ ন্যায়ালয়ে ৰায়দান কৰিব । গোচৰটোৰ সম্পুৰ্ণ ৰায়দান নহ’লেও অন্তত: এটা বিষয়ত কোৰ্টে ৰায় শুনাব ।বিবাদমান ভুমিৰ ৰায় দিব নোৱাৰিলেও  অবিবাদমান ভুমি ( যিখিনি ভুমি ৰাজ্য চৰকাৰে অধিগ্ৰহণ কৰি থৈছে) খিনি অন্তত:  হিন্দু পক্ষক গটাব ।

৪ নৱেম্বৰ ১৯৯২

এলাহাবাদ উচ্চ ন্যায়ালয়ে শুনানী শেষ কৰে যদিও ৰায়দান স্থগিত ৰাখে । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক নানজী দেশমুখ , ৰাজ্জু ভাইয়া , মোৰোপন্ট পিংগলে , ভৈৰৱ সিং চেখাৱটে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি গোচৰৰ ৰায়দান সোনকালে কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰে ।

৫ নৱেম্বৰ ১৯৯২

নানাজী দেশমুখে নৰসিংহ ৰাওক শেষ বাৰৰ কাৰণে দেখা কৰে । কিন্তু নৰসিংহ ৰাওৰ পৰা কোনো সুদোত্তৰ নেপালে । উদ্দেশ্য আছিল অবিবাদমান ভুমি খিনিৰ ওপৰত ন্যায়ালয়ে সাোনকালে ৰায়দান কৰিলে উত্তেজনা নাইকিয়া হ’ব আৰু মন্দিৰ নিৰ্মাণ আৰম্ভ কৰিব পৰা যাব ।

অৱসৰপ্ৰাপ্ত আমোলা  তথা  সেই সময়ৰ বিজেপি নেতা  বি পি সিংঘলে ৫ ডিচেম্বৰৰ ৰাতিপুৱা প্ৰধানমন্ত্ৰী কাৰ্য্যলয়ৰ অযোধ্যা বিবাদ সংক্ৰান্তিয় সমিতিৰ বিষয়া নৰেশ চন্দ্ৰৰ লগত আলোচনাত বহে । এই আলোচনাত সিদ্ধান্ত হয় যে উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ত চলি থকা গোচৰটোৰ সম্পুৰ্ণ ৰায় দান নহ’লেও অন্তত: আপাৰেটিভ অংশটোৰ ওপৰত বক্তব্য ৰাখিবলৈ অবেদন কৰিব। ৰাজ্য চৰকাৰৰ আবেদন খনৰ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰেও একেলগে আবেদন দিব । সেই মৰ্মে দুপৰীয়া ৰাজ্য চৰকাৰে আবেদন জমা কৰে । কিন্তু অতি আচৰিত ভাবে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা জন উপস্থিত নহ’ল । ফলত ৰাজ্য চৰকাৰৰ আবেদন ন্যায়ালয়ে খাৰিজ কৰে । এই বিলাক ঘটনা ভাৰতৰ প্ৰতিজন হিন্দু আৰু মুছলমান ব্যক্তিয়ে জনা উচিত । প্ৰতিজন ভাৰতীয়ই জনা উচিত যে বিবাদমান ভুমি আছিল মাত্ৰ .৭৩ একৰ য’ত বাবৰৰ সেনাপতি মিৰ বাকীয়ে নিৰ্মাণ কাৰ্য্য চলাইছিল ।  ইয়াৰ পিছতো কপিল চিব্বাল , মনি শংকৰ আয়াৰৰ দৰে নেতাই আইনৰ সুৰুঙা বিচাৰি ৰায়দান পলম কৰাৰ চেষ্টা চলাই  গৈছিল । কিন্তু শ্ৰীৰাম জন্মভুমি বনাম বাবৰ বিষয়টোক বিকৃত কৰি এই ধৰণৰ ৰাজনেতা সকলে হিন্দু বিদ্বেষ আদৰ্শ দেখুৱালে । হিন্দু বিদ্বেষ মানেই মুছলমান প্ৰেম নহয় সেই কথা উত্তৰ প্ৰদেশত প্ৰমাণিত হ’ল আৰু উত্তৰ প্ৰদেশত মুছলমান ভোট বেংক মুলায়ম সিং আৰু মায়াবতীৰ কাষ চাপিল  ।  ৰাজীৱ গান্ধীয়ে মৌলৱীৰ দাবীত শৰণসপন্ন হৈ শ্বাহ বানু ৰায়ক বিৰোধ কৰাৰ প্ৰতিবাদত মন্ত্ৰীত্ব ত্যাগ কৰা  আৰিফ মহম্মদ খান এতিয়া কেৰেলাৰ ৰাজ্যপাল ,  ৰাম মন্দিৰৰ বিষয়টোত ওত: প্ৰোত: ভাবে নিজকে নিয়োজিত কৰা প্ৰয়াত নানাজী দেশমুখ আজিৰ দিনত ভাৰত ৰত্ন নানাজী দেশমুখ ।  ১৯৮৯ চনত শ্বাহ বানুৰে আৰম্ভ হোৱা বিবাদৰ উত্তৰ দিলে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত । তিনি তালাক ভংগ হোৱাৰ পিছত উত্তৰ প্ৰদেশৰ মুছলমান মহিলাৰ ভোটৰ বাবেই মুছলমান সংখ্যাগৰিষ্ঠ প্ৰায় ২০-২৫ টা সমষ্টি বিজেপিৰ দখলত আহিছিল ।