৭৭-২৭ ফৰ্মুলা কংগ্ৰেছ-আজমলৰ

1922

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিজেপিক ৰুধিবলৈ অসমত মহাজোঁটবন্ধনৰ কামে অগ্ৰগতি লাভ কৰিছে। প্ৰাপ্ত খৱৰ অনুসৰি কংগ্ৰেছৰ প্ৰদেশ সভাপতি ৰিপুন বৰাই আজমলৰ লগত মিত্রতা চুড়ান্ত কৰিবলৈ আগবাঢ়িছে। দুই দলৰ মাজত আসন ভাগ বতৰা লৈ কেইবালানি আলোচনা ইতিমধ্যে সম্পন্ন হৈছে। এই মিত্রতাৰ প্ৰধান অন্তৰায় হিচাপে দেখা দিছে সংখ্যালঘু অধ্যুসিত অঞ্চলৰ কিছুমান আসন। এই সমষ্টি বিলাকত সাধাৰণতে কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ মাজত প্ৰতিদ্বন্দ্বিতা হয়। ইয়াৰ কিছুমানত যদি কংগ্ৰেছ বিধায়ক আছে আন কিছুমানত আছে ‍আজমলৰ বিধায়ক। আজমলে বিচাৰিছে সংখ্যালঘুৰ প্ৰাধান্য থকা ৮০% আসন তেওঁলোকক দিয়া হওক। কিন্তু তেনে হ’লে কংগ্ৰেছৰ  বৰ্তমানৰ বহু বিধায়কে টিকট হেৰুৱাব । ফলত তেওঁলোকে নিৰ্দলীয় হৈ নিৰ্বাচন খেলিলে বিপদত পৰিব দুয়োটা দল। সেয়েহে কংগ্ৰেছ দলে খুব সাবধানেৰে আগবাঢ়িছে।  বৰ্তমানৰ বিধায়কক নাৰাজ কৰিব বিচৰা নাই কংগ্ৰেছে। সেয়েহে কংগ্ৰেছ -আজমলৰ মিত্রতাৰ ফৰ্মুলা ৰূপে এইকেইটা নীতি নিৰ্ধাৰণ কৰা হৈছেঃ
১) দুয়োটা দলৰ সকলো বৰ্তমানৰ বিধায়কক টিকট দিয়া হ’ব।
২) দুয়োটা দলৰ বিধায়ক নথকা মুছলমান প্ৰাধান্য থকা সমষ্টিবিলাকৰ সৰহভাগ আজমলৰ দলক এৰি দিয়া হ’ব।
৩) বি.টি.এ.ডি অঞ্চলত বড়ো আঞ্চলিক দলৰ লগত বুজাবুজি পৰিষদীয় নিৰ্বাচনৰ পিছতহে চুড়ান্ত কৰা হ’ব। বিজেপিৰ লগ নলগা দলটোৰ লগত মিত্রতাৰ ক্ষেত্রত উচিত সময়ত সিদ্ধান্ত লোৱা হ’ব। প্ৰয়োজনত কেইখন মান আসন এৰি দিবৰ বাবে দল দুটা সাজু থাকিব।
৪) আছু আৰু অজিত ভূঞাৰ দলৰ লগত কংগ্ৰেছে মিত্রতা বিচাৰিছে যদিও লুৰিণ এই মিত্রতাকলৈ মুঠেও আগ্ৰহী নহয়। কংগ্ৰেছ -আজমলৰ লগত মিত্রতাই তেওঁৰ ইমেজ নষ্ট কৰিব বুলি তেওঁ ভাবে। সেয়েহে কংগ্ৰেছ-আজমলৰ লগত মুকলি মিত্রতাতকৈ গোপন মিত্রতাতহে তেওঁ আগ্ৰহী। কংগ্ৰেছে সেইবাবে নিজৰ ভাগৰ ২০টা সমষ্টিত দুৰ্বল প্ৰাৰ্থী ঠিয় কৰায় লুৰিণক সহায় কৰিব বিচাৰিছে। তাৰ বিনিময়ত লুৰিণৰ দলেও আন কেইবাটাও সমষ্টিত দুৰ্বল প্ৰাৰ্থী দিব।
৫) এ.এছ.দি.চিৰ লগত কাৰ্বি পাহাৰত মিত্রতাৰ সুত্রে দুখন আসন এৰি দিয়া হ’ব।
এই মিত্রতাৰ ফলত কংগ্ৰেছে নিৰ্বাচন খেলিবলগীয়া আসনৰ সংখ্যা ৯৭ লৈ হ্ৰাস পাব। আজমলৰ ভাগত ২৭ খন আসন পৰিব। লুৰিণৰ বাবে কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী দিবলগীয়া ২০টা সমষ্টিও বাদ দিলে কংগ্ৰেছে নিৰ্বাচন খেলিবলগীয়া সমষ্টিৰ সংখ্যা হয়গৈ ৭৭।
কোনে পাব কি সমষ্টি
প্ৰাপ্ত খবৰ অনুসৰি মিত্রতাৰ সুত্রে কংগ্ৰেছ দলে যি ৭৭টা সমষ্টিত শক্তিশালী প্ৰাৰ্থী থিয় কৰাব সেইকেইটা হ’ল অভয়াপুৰী উত্তৰ, আমগুৰি, বদৰপুৰ, বাঘবৰ, বৈথালাংছো, বৰমা, বৰচলা, বৰহমপুৰ, বৰক্ষেত্রী, বিহালী, বিহপুৰীয়া, বিজনী, বিলাসিপাৰা পূব, বিশ্বনাথ, বকো, বঙাইগাওঁ, ছয়গাওঁ, চেঙা, দলগাওঁ, ধৰ্মপুৰ, ঢেকিয়াজুলি, ধলাই, ডিফু, দিছপুৰ, দুম দুমা, দুধনৈ, দুলিয়াজান, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম, গোৱালপাৰা পূব, গোৱালপাৰা পশ্চিম, গহপুৰ, গোলাঘাট, হাফলং, হাজো, জাগিৰোদ, জালুকবাৰী, যোৰহাট,  কলাইগাওঁ, কলিয়াবৰ, কমলপুৰ, কৰিমগজ্ঞ উত্তৰ, কাটিগৰা, খুমটাই, কোকৰাঝাৰ পূব, লাহৰিঘাট, লক্ষীপুৰ, লামডিং, মাজবাট, মংগলদৈ, মানকাচাৰ, মৰিয়ণি, নলবাৰী, নগাওঁ, নাজিৰা, পলাশবাৰী, পানেৰী, পাটাচাৰকুছি,ৰঙাপাৰা, ৰঙিয়া, ৰাতাবাৰী, ৰুপহীহাট, শালমাৰা দক্ষিণ, চামগুৰি, সৰুক্ষেত্রী, সৰুপথাৰ, চিদলী, শিলচৰ, চিপাঝাৰ, চতীয়া, তামুলপুৰ, তেজপুৰ, থাওৰা, তিনিচুকীয়া, তিতাবৰ, উদালগুৰি আৰু উদাৰবন্দ।
এ.আই.ইউ.দি.এফে নিৰ্বাচন খেলিবলগীয়া সমষ্টিকেইটা হ’ল অভয়াপুৰী দক্ষিণ , আলগাপুৰ, বৰখোলা, বৰপেটা, বটদ্ৰবা, ভবানীপুৰ, বিলাসীপাৰা পশ্চিম, চাপাগুৰি, ধিং, ধুবুৰী, গৌৰিপুৰ, গোলকগঞ্জ, গোছাইগাওঁ, হাইলাকান্দি, হোজাই, জলেশ্বৰ, যমুনামূখ, জনিয়া, কৰিমগঞ্জ দক্ষিণ,কাটলিছেৰা, কোকৰাঝাৰ পশ্চিম, মৰিগাওঁ, নাওবৈচা , পাথাৰকান্দি, ৰহা, সোনাই আৰু সৰভোগ।
এ.এছ.দি.চিক কাৰ্বি পাহাৰত বোকাজান আৰু হাওৰাঘাট এৰি দিয়াৰ চিন্তা চৰ্চা হৈছে। আছুৰ নেতৃত্বত জন্ম লব লগা দলটোৰ বাবে ২০ খন আসন আচুতীয়াকৈ ৰখা হৈছে। প্ৰয়োজনত এই আসন এৰি দিয়া বা দুৰ্বল প্ৰাৰ্থী দিয়া সিদ্ধান্ত দলে উচিত সময়ত গ্ৰহণ কৰিব। এই ২০ টা সমষ্টি হ’ল বোকাখাত, চাবুৱা, ডেৰগাওঁ, ঢকুৱাখানা, ধেমাজি, ডিব্ৰুগড়, ডিগবৈ, জোনাই, লাহোৱাল, লক্ষীমপুৰ, মাহমৰা, মাজুলী, মাৰ্ঘেৰিটা, মৰাণ, নাহৰকটীয়া, শদিয়া, শিৱসাগৰ, সোনাৰি, টিয়ক আৰু টিংখং।
এইখিনিতে উল্লেখকৰা ভাল হ’ব যে বটদ্ৰবা, হাজো, সৰভোগ, বৰক্ষেত্রী, সৰভোগ, ৰহা আৰু বৰখোলা সমষ্টিক লৈ দুয়োটা দলৰ  কিছু আলোচনা হৈছিল যদিও শেষত হাজো আৰু বৰক্ষেত্রী কংগ্ৰেছৰ লগত ৰাখি বাকী কেইটা আজমলৰ দলক এৰি দিয়াটো প্ৰায় নিশ্চিত। বড়ো ভূমিত কোনো এটা দল আৰু বাওঁ দলৰ সৈতে মিত্রতা হ’লে কংগ্ৰেছ -আজমলে নিজৰ ভাগৰ কিছু আসন এৰি দিবলগীয়া হ’ব পাৰে। নহলে ২০২১লৈ ৭৭-২৭ ফৰ্মুলাৰে আগবাঢ়িব দুয়োটা দল।