৮১০১ বিঘা সত্ৰৰ ভূমি বেদখলকাৰীৰ কবলত

1304
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


“সত্ৰ” শব্দটো প্ৰথমে “শতপথ ব্ৰাহ্মণ”ত “আহুতি” বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। ভাগৱত গীতা তো এই শব্দটো ভিন ভিন ঠাইত ব্যৱহাৰ কৰা হৈছে। কিন্তু অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ আমোলত ই এক বেলেগ অৰ্থ গ্ৰহণ কৰে। শঙ্কৰদেৱে ধৰ্ম প্ৰচাৰৰ বাবে কিছুকাল থকা স্থানসমূহেই “সত্ৰ” বুলি জনাজাত হয়। গুৰুজনাই বৰদোৱা বা বট্ৰদৱাত স্থাপন কৰা সত্ৰখনেই প্ৰথম সত্ৰ।
সত্ৰ ব্যৱস্থাই অৱশ্যে শ্ংকৰদেৱৰ সময়তে পূৰ্ণ বিকাশ লাভ কৰিছিলনে নাই সেই বিষয়ে সঠিককৈ জনা নাযায় যদিও শ্ংকৰদেৱৰ ধৰ্ম আৰু সমাজদৰ্শনৰ আধাৰত ই গঢ় লৈ উঠিছিল বুলি নিশ্চিতভাৱে কব পাৰি। শ্ংকৰদেৱে পাটবাউসী সত্ৰত দামোদৰদেৱক কামৰুপ অঞ্চলৰ ধৰ্মগুৰু পাতি নিজে কোচবিহাৰলৈ যোৱাৰ কথা জনা যায়। অৱশ্যে পছলৈ কোনো কোনো ঠাইত গুৰুসকলৰ ধৰ্মপ্ৰচাৰ বন্ধ হোৱাৰ ফলত বা আন  আন কাৰণত সত্ৰ ব্যৱস্থা লোপ পালে যদিও উজনিত এই ব্যৱস্থা পৰম্পৰা সূচক হৈ পৰিল। সত্ৰ প্ৰতিষ্ঠানবোৰে অসমৰ সাংস্কৃতিক জীৱনৰ কাৰণে এটা আদৰ্শৰ পৰম্পৰা ৰক্ষা কৰি আহিছে। অৱশ্যে বৰ্তমান সময়ৰ আৰ্থসামাজিক জীৱন পদ্ধতিৰ লগত এই সত্ৰীয়া ব্যৱস্থা খাপ খুৱাই চলাব পৰাটো সম্ভৱ নহয় অথবা পুৰণি সত্ৰ ব্যৱস্থা অবিকৃত ৰুপত ৰক্ষা কৰাটোও সম্ভৱ নহয়। ইয়াৰ মাজতো জীৱনৰ বাবে প্ৰয়োজনীয় শান্তি লাভৰ উপায়স্বৰুপে সীমিত পৰিসৰৰ মাজতো সত্ৰবোৰে এতিয়াও সুস্ংস্কৃত জীৱন যাপনৰ আদৰ্শ দেখুৱাব পাৰে।
শংকৰদেৱে অসমৰ স্থাপত্য-ভাস্কৰ্য শিল্প কলাক সৰ্বসাধাৰণ মানুহৰ ওচৰ চপাই আনিলে। পূৰ্বৰ শিল, পোৰামাটিৰ স্থাপত্যৰ ঠাইত বাঁহ-কাঠেৰে নামঘৰ সাজি তেওঁ অসমৰ স্থাপত্য শিল্পৰ নতুন ধাৰা প্ৰৱৰ্তন কৰিলে।নামঘৰত প্ৰয়োজন হোৱা সিংহাসন, গছা, ঠগা, চিত্ৰ বিচিত্ৰ কাৰুকাৰ্যৰ ঢৰা, কৰণি, শৰাই, মুখা, নেগেৰা, খোল আদিৰ সৃষ্টিয়ে ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত এটা নিৰৱ কলাত্মক আন্দোলনৰ সূচনা কৰিলে। ভক্তিৰ মাহাত্ম্য প্ৰচাৰৰ হেতু শংকৰদেৱে নাট ৰচিলে,নাটৰ অভিনয় কৰালে। ভাওনাৰ সৃষ্টি আৰু জনপ্ৰিয়তাই সত্ৰীয়াশিল্পৰ সম্প্ৰসাৰণত বিশেষভাৱে সহায় কৰিলে। শংকৰদেৱৰ সাংস্কৃতিক পৰম্পৰাত সাহিত্য আৰু শিল্প একেলগে চলে।সত্ৰৰ কোনোবা আতৈয়ে যদি দুৱাৰত লতাফুল কাটে, গুৰুৱে তাকে পদত বান্ধি ঈশ্বৰৰ গুণ বৰ্ণায়। এনে দৃষ্টান্ত বিৰল। ভক্তি মাৰ্গত বাহ্যিকতা সদায় বৰ্জিত। গতিকে ইয়াৰ শিল্পবস্তুৰ ৰুপো পৰিশীলিত। সত্ৰত ব্যৱহাৰ কৰা বা সত্ৰত নিৰ্মণ কৰী উলিওৱা হস্তশিল্পবোৰৰ প্ৰতিবিধতেই পৰিমাৰ্জিত সৰলতা বিদ্যমান। সত্ৰৰ ভকত-বৈষ্ণৱসকলে হাততে পোৱা নানাবিধ সামগ্ৰীৰে নিজৰ ব্যৱহাৰ্য সামগ্ৰী প্ৰস্তুত কৰি লয়। সত্ৰৰ এই কৰ্ম-স্ংস্কৃতি আদৰ্শৰ বিষয়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আন এক উল্লেখযোগ্য অৱদান সত্ৰ অনুষ্ঠান।সত্ৰ হ’ল বৈষ্ণৱ কলা-সংস্কৃতি-দৰ্শন-জীৱনশৈলী আদিৰ ভঁড়াল ৷ সত্ৰ অনুষ্ঠানৰ বিভিন্ন অংশ সমূহ হ’ল- নামঘৰ, মণিকূট, গুৰুগৃহ, ভঁড়াল, বৈষ্ণৱ গৃহ চাৰিহাটী, কৰাপাট, নাট্যশালা আৰু ভোগঘৰ।কেবাশতাধিক সত্ৰ অনুষ্ঠানৰ ভিতৰত সম্প্ৰতি উল্লেখযোগ্য হ’ল- আউনীআটি সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটি সত্ৰ, চামগুৰি সত্ৰ, কমলাবাৰি সত্ৰ, ভোগপুৰ সত্ৰ, বৰপেটা সত্ৰ, হাটী সত্ৰ, মধূপুৰ সত্ৰ, নৰোৱা সত্ৰ আদি।এই সত্ৰ সমূহ পৰ্যটনৰ দিশৰ পৰাও অমূল্য সম্ভাৱনা আৰু আকৰ্ষণীয় সম্পদ।প্ৰথমতে অসমত ৬৬৫ খন সত্ৰ আছিল যদিও এতিয়া তাৰে বেছিভাগৰে অস্তিত্ব নাই। এইকেইখনৰ ভিতৰত কেইখনমানহে সম্প্ৰতি কেৱল সক্ৰিয়।মাজুলীতে শতাধিক সত্ৰ স্থাপন কৰা হৈছিল যাৰ ভিতৰত এতিয়া ২২ খনহে আছে ।
মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ উপৰিও  শ্ৰীশ্ৰী দামোদৰ দেৱ,  শ্ৰীশ্ৰী হৰিদেৱ, আতা পুৰুষসকল যেন- নাৰায়ণদাস ঠাকুৰ আতা, মথুৰাদাস বুঢ়া আতা, গোপালদেৱ আতা, কেশৱচৰণ আতা, বদুলা পদ্ম আতা, হৰিহৰ আতা, শ্ৰীৰাম আতা, মাণিকপুৰীয়া কৃষ্ণ আতৈ, গোবিন্দ আতৈ, সন্তপুৰুষসকল যেনে- ভট্টদেৱ, অনিৰুদ্ধদেৱ, সভদৱানদেৱ, মনোহৰদেৱ, বংশীগোপালদেৱ, যদুমণিদেৱ, জগন্নাথদেৱ, বলদেৱ, মুকুন্দদেৱ, পুৰুষোত্তম ঠাকুৰ, দৈত্যাৰি ঠাকুৰ, চতুৰ্ভুজ ঠাকুৰ, পূৰ্ণানন্দ ঠাকুৰৰ লগতে অন্যান্য ধৰ্মচাৰ্যসকল, শিষ্য-প্ৰশিষ্য আৰু তেখেতসকলৰ উত্তৰসূৰী অনুগামীসকলৰ অহোপুৰুষাৰ্থত এই সত্ৰসমূহ প্ৰতিষ্ঠা হৈছিল।কিন্তু এই সত্ৰসমূহ আজি অনুপ্ৰৱেশকাৰীৰ হাতত বিপন্ন হৈছে। এই সত্ৰসমূহ এফালৰ পৰা এটা চক্ৰই পৰিকল্পিত ভাবে বেদখল কৰিবলৈ ধৰিছে।
ৰাজ্যত ৮১০১ বিঘা সত্ৰৰ ভূমি বেদখলকাৰীৰ কবলত।আমাৰ সত্ৰ সমুহ বেদখল মুক্ত কৰিব লাগে অসম চৰকাৰে।তলত দিয়া তথ্য মতে জিলা অনুসৰি সত্ৰ সমুহৰ বে দখলকাৰীৰ কৱলত থকা মাটিৰ হিচাপ—
১ ধুবুৰী জিলা :-
) ৰামৰায় কুটি (ছত্ৰশাল সত্ৰ) – ১১ বিঘা মাটি  ।
২) শিমলাবাৰী সত্ৰ – ১৯৫ বিঘা মাটি ।
বৰপেটা জিলা : –
৩) বৰপেটা সত্ৰ – ৪৬০ বিঘা মাটি  ।
৪) কালজাৰ সত্ৰ – ৩৩৬ বিঘা মাটি  ।
৫) হৰিপুৰ সত্ৰ – ৪৮ বিঘা মাটি  ।
৬) পাটবাঁউসী সত্ৰ – ৮১ বিঘা মাটি  ।
৭) ভৱানীপুৰ সত্ৰ – ১১৭ বিঘা মাটি  ।
৮) বহৰি সত্ৰ – ১৯০ বিঘা মাটি  ।
৯) জনীয়া সত্ৰ – ১৬০ বিঘা মাটি  ।
১০) ধুপৰচড় সত্ৰ – ১৮২ বিঘা মাটি  ।
কামৰুপ জিলা : –
১১) চমৰীয়া সত্ৰ – ৫০ বিঘা মাটি  ।
১২) মালঞ্চা সৰে – ৪৮ বিঘা মাটি  ।
১৩) সোনতলি সত্ৰ –
মৰিগাঁও জিলা : –
১৪) কোবাই কটা : – ৪৬ বিঘা মাটি  ।
১৫) পাটেকীবড়ি (আলিপুখুৰী ) – ৭৭ বিঘা মাটি  ।
নগাঁও জিলা : –
১৬) বৰদেৱা – ২৮৩ বিঘা মাটি  ।
১৭) বালি সত্ৰ – ৪৬২ বিঘা মাটি  ।
১৮) ৰামপুৰ সত্ৰ – ৫৮৪ বিঘা মাটি  ।
১৯) শলগুৰি সত্ৰ – ৪ বিঘা মাটি  ।
লক্ষীমপুৰ জিলা  : –
২০) আদি এলেঙী সত্ৰ – ১৯০০ বিঘা মাটি  ।
২১) বৰ এলেঙী সত্ৰ – ১০৫ বিঘা মাটি  ।
২২) খাটপুৰ (লাওবৈচা) সত্ৰ – ৪৮ বিঘা মাটি  ।
২৩) চিপহা সত্ৰ – ৩৪ বিঘা মাটি  ।
শোণিতপুৰ জিলা : –
২৪) নিকামুল সত্ৰ – ১০ বিঘা মাটি  ।
গোৱালপাৰা জিলা : –
২৫) বাপুপাৰা সত্ৰ – ১১০ বিঘা মাটি  ।
২৬) দামোদৰ সত্ৰ – ৪৬ বিঘা মাটি  ।
২৭) বিঞ্চুপুৰ সত্ৰ – ১৬১ বিঘা মাটি  ।
মাজুলি জিলা(২8) গড়মুৰ সত্ৰ (২৯), কমলাবাৰী সত্ৰ (৩০), আউনিআটি সত্ৰ (৩১), দক্ষিণপাট সত্ৰ (৩২), বেঙেনাআটি সত্ৰ (৩৩), নৰসিংহ সত্ৰ (৩৪), বিহমপুৰ সত্ৰ (৩৫) চামগুৰি সত্ৰ । (বৈঞ্চৱ সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলিত ব্ৰক্ষপুত্ৰৰ খহনীয়াই সংকুচিত হোৱাৰ পাছত হিচাপ ১৯১৬ চনত আছিল ৭৭০ বৰ্গকি:মি ১৯৯০ চনত হ’লগৈ ৫১৪ বৰ্গকি:মি আৰু এতিয়া আৰু কমি গৈ আছে।)
নৈতিক আৰু আধ্যাত্মিকভাৱে শৃংখলিত আৰু সামাজিক-সাংস্কৃতিকভাৱে পৰিশীলিত জীৱন-যাপনৰ পথ নিৰ্দেশনা দিবলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ শিষ্যসকলে অসমৰ মানুহৰ বাবে প্ৰতিষ্ঠা কৰিছিল পৱিত্ৰ সত্ৰানুষ্ঠানসমূহ।এই সত্ৰসমূহৰ বিভিন্ন সমস্য্ দূৰীকৰণ আৰু সংৰক্ষণ তথা সংবৰ্ধন জৰুৰী।সত্ৰৰ বেদখলীকৃত ভূমি উদ্ধাৰ চৰকাৰৰ ইতিবাচক  দৃষ্টিকোণেৰে গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান।সাংঘাটিক জনসংখ্যা বিস্ফোৰণ তথা জনগাঁথনি সলনি-অবৈধ ভূমি বেদখল দেখিও নিৰ্লিপ্ত পূৰ্বৰ চৰকাৰৰ বিপৰীতে মাত্ৰ পাঁচ বছৰ নৌ হওঁতেই মুখ্যমন্ত্ৰী সোণোৱালৰ চৰকাৰৰ দৃঢ়তা স্বীকাৰ্য।এই দিশ জনসাধাৰণৰ নৈতিক সহযোগিতা জৰুৰী।আন্দোলনৰ ভূ স্বৰ্গ অসমত কেৱল সদিচ্ছাৰেই বেদখল উচ্ছেদ কৰা সম্ভৱ নহ’বও পাৰে।এই ক্ষেত্ৰত চৰকাৰৰ অকৃত্ৰিম দৃঢ়তা লাগিব।আমি আশাবাদী।