৮ জন ভাবী মুখ্যমন্ত্রী

1872
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০২১ ৰ অসম বিধানসভাৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এটা প্ৰশ্ন উদয় হৈছে যে অসমৰ পৰবৰ্তী মুখ্যমন্ত্রী কোন হ’ব? মুখ্য দল বিজেপি, কংগ্ৰেছৰ বাহিৰেও নতুন দলবিলাকেৰ নেতাসকলেও পুহি ৰাখিছে মুখ্যমন্ত্রী হোৱাৰ বাসনা। অসমত বৰ্তমান প্ৰায় এক ডজন মুখ্যমন্ত্রী প্ৰত্যাশী আছে। তাৰ ভিতৰত ৮জনৰ বিষয়ে আমাৰ এক বিশ্লেষণঃ
সৰ্বানন্দ সোণোৱাল : শিঠিল যদিও ৰাজনেতা হিচাপে বিশ্বাসযোগ্য ব্যক্তি । বিগত চাৰি বছৰত মিত্ৰজোঁট চৰকাৰত প্ৰতিটো দলৰ বিধায়কে মুখ্যমন্ত্ৰীৰ পৰা  আশানুৰূপ সহাঁৰি পাইছে । অকল বিধায়ক বা মন্ত্ৰীয়েই নহয় বিৰোধী দল আৰু আন আন অৰাজনৈতিক সংগঠনৰ পৰা উচিত সন্মান আদায় কৰিবলৈ সক্ষম হৈ আছে মুখ্যমন্ত্ৰী সোণোৱাল । সোণোৱালৰ প্লাচ পইন্ট তেওঁৰ জনজাতীয় পৰিচয় আৰু গুৰু-গম্ভীৰ ব’ডি লেংগুৱেজ ; বিয়োগাত্মক দিশটো হৈছে বিভিন্ন বিভাগত চলা চাকৰি কেলেংকাৰী আৰু মুখ্যমন্ত্ৰীজন সদায় এটা আবেষ্টনীত থাকে আৰু সেই বেষ্টনীৰ সৰহ সংখ্যকেই হ’ল তেওঁৰ সতীৰ্থ প্ৰাক্তন আছু নেতা । এনেকুৱা বিভিন্নজন উপদেষ্টা থকা স্বত্তেও অসমৰ চি এ এ আন্দোলনে  অশান্ত পৰিবেশ সৃষ্টি কৰিছিল আৰু সেই আছু নেতা সকলেই নতুন দল খুলিলে এতিয়া ।
হিমন্ত বিশ্ব শৰ্মা :  কিয় মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য সেই কথা বৰ্ণনা কৰা চৰ্বিত চৰ্বন কৰা ধৰণৰ কথা হ’ব । এক কথাত মুখ্যমন্ত্ৰীৰ পদ চম্ভালিবৰ বাবে যিকেইটা গুণৰ প্ৰয়োজন সেই সকলোবোৰ গুণ হিমন্ত বিশ্ব শৰ্মাৰ আছে । তৎস্বত্তেও নিৰ্ণায়ক ভুমিকা ল’ব কেন্দ্ৰীয় নেতৃত্বই । নৰেন্দ্ৰ মোদীক বিজেপিত প্ৰধানমন্ত্ৰী প্ৰাৰ্থী প্ৰক্ষেপ কৰোতে  বিজেপি আৰু আন মিত্ৰদলৰ বহু নেতাই বিৰোধ কৰিছিল । কাৰণ গুজৰাটৰ সাম্প্ৰদায়িক সংঘাতৰ সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল মোদী ।নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত আশাতকৈ বিজেপি দলৰ কাৰণে মোদীক প্ৰক্ষেপকৰাটো আছিল বেছি গুৰুত্বপুৰ্ণ।যিহেতু নিৰ্বাচনৰ বতাহ বিজেপিৰ সপক্ষে বলাব পৰা ব্যক্তিজন আছিল একমাত্ৰ মোদী ।হিমন্ত বিশ্ব শৰ্মাৰ কিছু ঋণাত্মক দিশ আছে, কিন্তু ভোটাৰৰ মাজত তেওঁ বিজেপিৰ আন নেতাতকৈ এশ গুণ অধিক জনপ্ৰিয় । চাকৰি নিযুক্তিত চলি থকা চৰম দুৰ্নীতিৰ পৰিবেশে বিজেপিক ক্ষতি কৰিছে । সেয়ে আগন্তুক সময়ত বিজেপিৰ ভোটাৰখিনিক পলিং বুথলৈ নিয়াৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাক কি দায়িত্ব দিয়া হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব । ক্ষমতাৰ অপব্যৱহাৰৰ আশংকাক যদি শেষ কৰিব পাৰে  তেন্তে নিৰ্বাচনৰ পিছত  নতুন মুখ্যমন্ত্ৰী দেখা পাব পাৰে ।
গৌৰৱ গগৈ : কংগ্ৰেছৰ হাৰ্টথ্ৰ’ব বুলি ক’লে একমাত্ৰ গৌৰৱ গগৈৰ নাম ল’ব লাগিব । ৰাজনীতিত খোজ দিয়া প্ৰথম বছৰবোৰত  কিছু দুৰ্বলতা চকুত পৰিছিল । কিন্তু আজিৰ দিনত গৌৰৱ গগৈ এজন সন্পুৰ্ণ নেতা । কংগ্ৰেছৰ লবী ৰাজনীতিৰ উৰ্ধত তেওঁৰ ইমেজ । এজন সাংসদ হিচাপে অসমৰ আন সাংসদৰ তুলনাত তেওঁৰ জনপ্ৰিয়তা সৰ্বাধিক । হিন্দী ,ইংৰাজী দুয়োটা ভাষাই সুন্দৰকৈ ক’ব পাৰে । যদি অসমত কংগ্ৰেছে  মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰা স্থিতি এটাত আহে তেন্তে গৌৰৱ গগৈক মিত্ৰ দলবিলাকে সমৰ্থন দি ভাল পাব ।বৰ্তমান সময়ত সংসদ ভৱনৰ ভিতৰৰ কামকাজে প্ৰতিজন অসমবাসীক গৌৰাৱান্বিত কৰিব পৰা এজনেই সাংসদ আছে আৰু সেইজন হ’ল গৌৰৱ গগৈ ।
ৰিপুন বৰা : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ কাৰণে মুখ্যমন্ত্ৰী আসনখন নিচেই ওচৰত বুলি ক’ব পাৰি কাৰণ তেওঁ দলৰ সভাপতি । ৰিপুন বৰাৰ বাবে মেজিক সংখ্যা হৈছে ৬৪ । কংগ্ৰেছে নিজাকৈ যদি ৬৪ খন আসন পায় আগন্তুন নিৰ্বাচনত তেন্তে ৰিপুন বৰাক বাদ দি আন নেতাক মুখ্যমন্ত্ৰী পাতিবলৈ কংগ্ৰেছৰ হাইকামাণ্ডে এশবাৰ চিন্তা কৰিব লাগিব ।
ৰঞ্জিত কুমাৰ দাস : দলৰ সভাপতিৰ নেতৃত্বত নিৰ্বাচন খেলা হয় আৰু সেইবাবে জয় পৰাজয়ৰ দায়িত্ব সভাপতিৰ ওপৰত থাকে । বৰ্তমান সময়ত অসম বিজেপিত  ল’বি ৰাজনীতিৰ প্ৰভাব স্পষ্ট । অৰ্থাৎ বিজেপিয়ে যদি পুনৰবাৰ চৰকাৰ গঠন কৰা স্থিতিত আহে তেন্তে বিজেপিয়ে তৃতিয় এজন ব্যক্তিক মুখ্যমন্ত্ৰীৰ আসনত বহুৱাই লবি ৰাজনীতিক উৎখাৎ কৰাৰ চিন্তা কৰিব পাৰে ।কিন্তু আটাইতকৈ গুৰুত্বপুৰ্ণ কথাটো হৈছে সৰভোগ সমষ্টিত বিজেপিৰ পৰাজয় আসন্ন ।
লুৰিণ জ্যোতি গগৈ :  অসমত ৰাজনীতিত এতিয়া বহুল চৰ্চিত নাম হৈছে লুৰিণ ।  হিমন্ত বিশ্ব শৰ্মাক তৰ্ক যুদ্ধত প্ৰত্যাহ্বান জনাব পৰা একমাত্ৰ ব্যক্তি হৈছে লুৰিণ জ্যোতি গগৈ । হাৰিয়ানাত বিজেপিয়ে মিত্ৰজোঁটৰ চৰকাৰ কৰি আছে নব গঠিত দুচ্যন্ত চৌতালাৰ দলৰ লগত । লুৰিণ জ্যোতি গগৈৰ বাবে আগন্তুক ৰাজনীতিৰ ফেক্টৰ হ’ব এখন ওলোমা বিধানসভা , য’ত নতুন দল এ জে পিয়ে কমেও ১৫ টা সমষ্টি জিকি আহিব পাৰিব লাগিব । তেনেকুৱা অংকৰ খেলত নতুন দল এজেপিয়ে কংগ্ৰেছ বা বিজেপি যিকোনো এটাৰ লগত মিত্ৰতা কৰি চৰকাৰ চলোৱাৰ চিন্তা কৰিব পাৰে ।
অজিত ভুঞা : অজিত ভুঞাৰ মুখ্যমন্ত্ৰীত্ব নিৰ্ভৰ কৰিব বদৰুদ্দিন আজমলৰ দল এআইইউডিএফে কিমান বেছি সমষ্টি জিকি আহিব পাৰিব আৰু বিজেপিয়ে উজনিত কিমান সমষ্টি হেৰুৱাব । বদৰুদ্দিন আজমলৰ কাৰণে ২০২‍১ চনত মুখ্যমন্ত্ৰীৰ আসনখন বিশেষ ইচ্ছ্যু নহয় । কংগ্ৰেছ , এআইইউডিএফ আৰু আঞ্চলিক দলৰ মিত্ৰজোঁটৰ পৰা অজিত ভুঞাক বদৰুদ্দিন আজমলে প্ৰক্ষেপ কৰিব । কাৰণ  গৌৰৱ গগৈ আৰু লুৰিণ জ্যোতি গগৈত কৈ অজিত ভুঞা বদৰুদ্দিন আজমলৰ বাবে বেছি বিশ্বাসী ।
জগদিশ ভুঞা : অগপ , বিজেপি আৰু এতিয়া এজেপিৰ নেতা জগদিশ ভুঞাই কা বিৰোধী দলবিলাকক একত্ৰিত কৰি এখন ঊমৈহতিয়া মঞ্চ গঠন কৰাত লাগি আছে । প্ৰফুল্ল মহন্ত গোটৰ অগপ নেতাসকলো জগদিশ ভুঞাৰ লগত সংযোগ স্থাপন কৰি থকা বুলি বিভিন্ন সুত্ৰই দাবী কৰিছে । ইয়াৰ বিপৰীতে ২০২‍১ নিৰ্বাচনৰ আগে আগে  বিজেপিৰ পৰা টিকট কটা যোৱা একাংশ প্ৰাক্তন অগপ নেতাই এজেপিৰ শৰণাগত হ’ব । গোটেই খিনিক লগ লগাই ৰামধেনু মিত্ৰতা কৰি জগদিশ ভুঞাৰ ৰূপত ২০২১ ত অসমে পুনৰ এজন প্ৰাক্তন ছাত্ৰ নেতাক মুখ্যমন্ত্ৰী পদত দেখিব পাৰে ।