ৰঞ্জন গগৈ ___ ৪৮ টা দিন …..

1860
  • নয়ন বৰ্মন

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী  কেশব চন্দ্ৰ গগৈক এদিনাখন বিখ্যাত কংগ্ৰেছী নেতা তথা  IMDT আইনৰ স্ৰষ্টা আব্দুল মুহিব মজুমদাৰে সুধিছিল , ” আপোনাৰ ল’ৰা ৰাজনীতিত আহিব নে ? “
উত্তৰত কেশব চন্দ্ৰ গগৈয়ে কৈছিল , ” মোৰ ল’ৰাই মোক নকল নকৰে , কিন্তু মোৰ বিশ্বাস এদিনাখন সি দেশৰ মুখ্য ন্যায়াধিশ হ’ব
 পাৰিব । ” ১৯৮২ চনত এজন পিতৃয়ে কোৱা কথাষাৰ ফলিয়ালে ২০১৮ ত । ২০১৮ চনৰ ৩ অক্টোবৰত কেশব চন্দ্ৰ গগৈৰ পুত্ৰ ৰঞ্জন গগৈ , দেশৰ ৪৬ তম মুখ্য ন্যায়াধিশ হয় ।
অহা ১৭ নৱেম্বৰত ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণ কৰিব । অৱসৰৰ আগে আগে ৰঞ্জন গগৈৰ বেঞ্চত থকা কেইটামান ‘ কেচ ‘ এ প্ৰভাব পেলাব ভাৰতৰ হাজাৰ বছৰীয়া সংস্কৃতিক । এই কেইটা কেচৰ ৰায়দান যদি তেওঁৰ দিনত হৈ যায় তেন্তে কাশ্মীৰৰ পৰা কলম্বোলৈ  আৰু অৰুণাচলৰ পৰা বেলুচিস্তানলৈ তেওঁৰ নাম বিয়পি পৰিব ।  এজন অসমীয়াৰ নাম গোটেই বিশ্বই জানিব আৰু ভাৰতৰ প্ৰতিজন  হিন্দু-মুছলমান  মানুহৰ কাৰণে তেওঁৰ নামটো প্ৰাত:স্মৰণীয় হৈ থাকিব ।
১/ ৰাম মন্দিৰ কেচ : দশকৰ পিছত দশক  সামাধান নোহোৱা বিষয়টো অন্ত পৰিব বুলি ভাবিব পাৰি । ৰঞ্জন গগৈ গোচৰটোৰ সকলো পক্ষকে ১৬ অক্টোবৰৰ আগতে শুনানি শেষ কৰিবলৈ পৰামৰ্শ দিছে  । ইয়াৰ কাৰণ হৈছে ৰঞ্জন গগৈ অৱসৰ পোৱাৰ পিছত নতুনকৈ বেঞ্চ গঠন কৰিব লাগিব আৰু পুনৰ আৰম্ভণীৰ পৰা শুনানি প্ৰক্ৰিয়া চলিব লাগিব । যিটো নিয়মে অযোধ্য বিবাদক আকৌ লেহেমীয়া কৰি পেলাব ।  মুঠৰ ওপৰত ৰায় যিয়েই নহওঁক , বিবাদ এটাৰ নিস্পত্তি হ’ব বুলি ধাৰণা কৰিব পাৰি ।
২/ সবৰিমাল মন্দিৰত মহিলা ( ১০ বছৰ বয়সৰ পৰা ৫০ বছৰ বয়সলৈ) প্ৰবেশ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ ওপৰত পুনৰ বিবেচনাৰ কাৰণে কৰা আপিল এখনৰ ওপৰত সিদ্ধান্ত দিয়াৰ দায়িত্ব আছে ৰঞ্জন গগৈৰ ওপৰত ।  উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ  ৫ জনীয়া বিচাৰপীঠে  ২৮ চেপ্তেম্বৰ ২০১৮ ত সকলো বয়সৰ মহিলাৰ প্ৰবেশত বাধা নাই  বুলি ৰায় দিছে ।
৩/ ৰহিংইয়া ভগনীয়াসকলক ( প্ৰায় ৪০ হাজাৰ)  শৰণাৰ্থী মৰ্য্যদা দিয়া হ’ব নে নহয় তাৰ ওপৰত উচ্চতম ন্যায়ালয়ে ৰায় দিবলৈ বাকী আছে ।
৪/ ৰাহুল গান্ধীৰ ন্যায়ালয়ক অৱমাননা (Contempt of Court ) কৰা গোচৰটো উচ্চতম ন্যায়ালয়ে ৰায় দিবলৈ বাকী আছে ।
অৰ্থাৎ আগন্তুক ৪৮ টা দিনত ভাৰতৰ ৪৮ তম মুখ্য ন্যায়াধিশ জনৰ সিদ্ধান্তৰ ওপৰত ভাৰত দেশৰ ইতিহাসত সংযোগ হ’ব ঐতিহাসিক মুহুৰ্ত যিকেইটাৰ প্ৰভাব এই যুগৰ শেষ দিনটোলৈ থাকিব ।