ৰঞ্জন চুতীয়াক লগ পাইছিলো

1652
  • গিৰীশ ফুকন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


কিছু বছৰ আগতে ডুমডুমাৰ ওচৰৰ দৈদাম চাহ বাগানত এই জন “মহামানৱ”ক মই লগ পাইছিলো ৷ মই তেতিয়া সেইখন বাগানৰ কল্যাণ বিষয়া ৷ সেই বছৰ আমাৰ বাগানত খ্ৰীষ্টান সকলৰ এখন সন্মিলন হৈছিল আৰু সেই সন্মিলনলৈ আমাৰ বাগানৰ বিষয়া সকলকো নিমন্ত্ৰণ কৰিছিল আৰু আমিও ঘটনাক্ৰমে উপস্থিত আছিলো ৷ সেই অনুষ্ঠানত দুজন অসমীয়া পাদুৰীক লগ পাইছিলো । তাৰে এজন হ’ল ৰঞ্জন চুতীয়া আৰু আনজন শদিয়াৰ ফালৰ গগৈ উপাধিৰ মানুহ ৷ অনুষ্ঠানত তেওঁলোকে যিচুৰ (যিশুৰ) ওপৰত বক্তৃতা দি যিচুৰ মাহাত্ম্য প্ৰচাৰ কৰিছিল ৷
ইয়াৰ পাছত আহিল আন এটা আচৰিত অনুষ্ঠান – নাম “স্বীকাৰোক্তি” ৷ মই ৰঞ্জন চুতীয়াক অনুস্থানটোনো কি জানিবলৈ বিচৰাত চুতীয়াই মোক ক’লে যে মানুহ মাত্ৰেই ভূল কৰে, পাপ কৰে ৷ কিন্ত, যদি মানুহে নিজৰ জীৱনত গুপুতে ৰখা পাপবোৰ যিচুৰ আগত স্বীকাৰুক্তি দিয়ে তেন্তে যিচুৱে সকলো পাপৰ পৰা মানুহক মুক্ত কৰে আৰু লগতে সকলো বেমাৰ আজাৰৰ পৰাও মুক্ত হয় । এসময়ত অনুষ্ঠানটো আৰম্ভ হ’ল আৰু উপস্থিত থকা লোক সকলে চিঞৰি চিঞৰি স্বীকাৰোক্তি দিয়া দেখা গ’ল ৷ অনুস্থানটি শেষ হোৱাত মঞ্চৰ পৰা শ্ৰী চুতীয়াই ৰাইজক উদ্দেশ্য কৰি প্ৰশ্ন কৰিলে – “আপোনালোকে প্ৰভু যিচুক দৰ্শন কৰিলেনে ? যিসকলে প্ৰভু যিচুক দৰ্শন পালে তেওঁলোক মঞ্চলৈ আহক” ৷ এনে আহ্বানৰ পাছত এগৰাকী নেপালী সম্প্ৰদায়ৰ গাভৰু মঞ্চলৈ উঠি আহিল ৷ চুতীয়াৰ প্ৰশ্ন “ তুমি যিচুক দেখিলানে ?” তাই ক’লে যে তাই প্ৰাৰ্থনা কৰি থাকোতে অনুভৱ কৰিলে যেন কিবা বগা ওখ মানুহৰ নিচিনা বস্তু এটা আহি তাইৰ দেহত প্ৰবেশ কৰিলে আৰু তেতিয়া তাইৰ গাটো বোলে জিকাৰ খাই উঠিছিল আৰু লগতে কৈছিল- “আজিৰ পৰা তোমাৰ বেমাৰটো ভাল কৰি দিলো” ৷ চুতীয়াৰ পুনৰ প্ৰশ্ন- “তোমাৰ বেমাৰটো কি” ? তাই ক’লে- “মোৰ কিডনীত পাথৰ আছিল যাৰ কাৰণে প্ৰস্ৰাৱ কৰাত কষ্ট হয়” ৷ আকৌ চুতীয়াৰ প্ৰশ্ন- “তোমাৰ বেমাৰটো যে ভাল হ’ল কেনেকৈ জানিলা”? তাই ক’লে- প্ৰাৰ্থনাৰ পাছত যেতিয়া প্ৰস্ৰাৱ কৰিবলৈ গৈছিল তেতিয়া কোনো বিষ অনুভৱ কৰা নাছিল ৷
তাৰ পাছত আহিল ডিঙিত কেন্সাৰ হোৱা এজন ব্যক্তি, যিজনৰ ডিঙিত এটা টেমুনা বাহিৰৰ পৰা দেখা গৈছিল ৷ সেইজনেও কৈছিল যে তেওঁৰ ডিঙিৰ বিষটো নোহোৱা হৈছে ৷ অবাক হোৱাৰ বাহিৰে মোৰ আন উপায় নাছিল ৷ এটা সময়ত এইদৰেই অনুষ্ঠান শেষ হ’ল আৰু আমিও ঘৰাঘৰি আহিলো । কিন্তু ঘটনাটোৰ গতি গোত্ৰই মোক ভবাই তুলিছিল ৷ পিছদিনা আন এটা ঘটনা ঘটিল । মই বাগানৰ হস্পিতালত ডাক্তৰৰ লগত কিবা এটা আলোচনা কৰি থকাৰ সময়তে সেই কেন্সাৰ হোৱা মানুহজন অহাত মই শুধিলোঁ- “তুমিযে কালি তোমাৰ কেন্সাৰ বেমাৰটো ভাল হ’ল বুলি কৈছিলা আৰু আজি কিয় হস্পিতাললৈ আহিছা”? উত্তৰত তেওঁ যিটো কথা ক’লে মই শুনি মোৰ খঙে চুলিৰ আগ পালে ৷ দুখো লাগিল । তেওঁ কৈছিল- “চাৰ, মোৰ বেমাৰটো ভাল হোৱা নাই ; গীৰ্জাৰ মানুহে পইচা দিয়াৰ কাৰণেহে মই তেনেকৈ কৈছিলো” ৷