ৰাইজে বিচাৰে অগপ জীয়াই থাকক…

5440

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ প্ৰথম ৰাজনৈতিক ই- আলোচনী ৰাজনীতি অসমৰ যোৱা মাহৰ অ’পিনিয়ন প’ল আছিল অসম গণ পৰিষদৰ বিষয়ে। আমি অগপৰ লগত জৰিত ৩টা প্ৰশ্ন ৰাইজক সুধিছিলো। ১ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ চলা আমাৰ অ’পিনিয়ন প’ললৈ ৰাইজৰ সহাৰি আছিল অভূতপুৰ্ব।
ৰাইজলৈ আমাৰ প্ৰথম প্ৰশ্ন আছিল…অগপ দল জীয়াই থকাটো আপুনি বিচাৰেনে?
ৰাইজে একেমুখে কলে ‘অগপ দল জিয়াই থকাটো আমি বিচাৰো।’ ৯৩.৩% ৰাইজ এইক্ষেত্রত একমত।
আমাৰ দ্বিতীয় প্ৰশ্ন আছিল অগপই ২০১৯ লোকসভা নিৰ্বাচনত কি কৰা উচিত?
৬১% ৰাইজৰ মতে অগপই অকলে নিৰ্বাচন খেলা উচিত। ৩২.৮% লোকে অগপক বিজেপিৰ লগত লগ হৈ নিৰ্বাচন খেলাৰ পৰামৰ্শ দিলে। বাকী ৬% লোকৰ মতে অগপই কংগ্ৰেছৰ লগত লগ হৈ নিৰ্বাচন খেলা উচিত।
আমাৰ তৃতীয় তথা শেষ প্ৰশ্ন আছিল অসমত অগপৰ সকলোতকৈ জনপ্ৰিয় নেতা কোন?
৪৯.৩% ভোটেৰে ফণীভূষণ চৌধুৰীয়ে অগপৰ সকলোতকৈ জনপ্ৰিয় নেতাৰ খিতাপ লাভ কৰে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তই ৩২.১% ভোটেৰে দ্বিতীয় স্হান লাভ কৰে। সভাপতি অতুল বৰাই ৮.২% আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই লাভ কৰে ১.৫% ভোট।