ৰাইজৰ দৃষ্টিত অসমৰ শ্ৰেষ্ঠ মন্ত্রী

12486

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


অসমৰ প্ৰথম মাহেকীয়া ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’ৰ আগষ্ট ২০১৮ খণ্ডৰ অ’পিনিয়ন প’ল আছিল সোনোৱাল চৰকাৰৰ মন্ত্রী সকলৰ ওঁপৰত। মে ২০১৬ চনত অসমত প্ৰথম বাৰৰ বাবে বিজেপি চৰকাৰ গঠন হয়। মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ লগতে শপত গ্ৰহণ কৰিছিল আন দহ জন মন্ত্রীয়ে। এই দহজন মন্ত্রীৰ ভিতৰত কোনে সকলোতকৈ ভাল প্ৰদৰ্শন কৰিছে সেই বিষয়ে ৰাইজৰ মতামত জনাৰ প্ৰয়াস কৰিছিলো। ১০ জন মন্ত্রীৰ এজনৰো প্ৰদৰ্শনত যদি ৰাইজ সন্ত্তষ্ট নহয় তেন্তে ১১ নম্বৰ বিকল্পও আছিল অ’পিনিয়ন প’লত।
    ১ আগষ্টৰ পৰা ২০ আগষ্টলৈ চলা আমাৰ অ’পিনিয়ন প’লত ভাগ লৈছিল ৩১৯ জন লোকে। আমি সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো।
   ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত বিত্ত, স্বাস্হ্য আদি বিভাগৰ মন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই প্ৰথম স্হান পাইছে। তেখেতে পাইছে ৬২.১% ভোট। ১৫.৭% ৰাইজ এজন মন্ত্রীৰো প্ৰদৰ্শনত সন্ত্তষ্ট নহয়। আন সকলো মন্ত্রীয়ে মিলি মুঠ ২২.২% ভোট লাভ কৰিছে। মন কৰিব লগীয়া কথা এইটো যে ৯ জন মন্ত্রীয়ে লাভ কৰা মুঠ ভোটৰ পৰিমান ডঃ শৰ্মাই অকলে লাভ কৰা ভোটৰ আধাতকৈও ক’ম। তলৰ পাই চিত্রত এইটো অধিক স্পষ্ট হৈছে।
   ১৫.৭ ৰাইজে এজনো মন্ত্রীৰ প্ৰদৰ্শনত সন্ত্তষ্ট নোহোৱাটো এটা উল্লেখযোগ্য কথা। এইটোৱে প্ৰমান কৰে যে এই ৯ জন মন্ত্রীয়ে ৰাইজৰ আশা আকাঙ্ক্ষা পূৰণ কৰাত ব্যৰ্থ হৈছে। ৯ জন মন্ত্রীয়ে লাভ কৰা ভোটৰ পৰিমান তলৰ দণ্ড চিত্রত প্ৰতিফলিত হৈছে।
  শ্ৰেষ্ঠ মন্ত্রীৰ বাবে কোনোৱে  ডঃ শৰ্মাত প্ৰত্যাহ্বান জনাব পৰা নাই , যুঁজ সীমাবদ্ধ আছে দ্বিতীয় আৰু তৃতীয় স্হানৰ বাবে। এই ৯ জন মন্ত্রীৰ ভিতৰত প্ৰমীলা ৰাণী ব্ৰহ্মই ৭.৮০% ভোট লাভ কৰি শীৰ্ষত আছে। পৰিমল শুক্লবৈদ্যই ৫.৬০% আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে লাভ কৰিছে ৩.৮০% ভোট। ৰজ্ঞিত দত্ত, ৰিহন দৈমাৰী আৰু পল্লবলোচন দাসে এটাও ভোট লাভ কৰিবলৈ সক্ষম হোৱা নাই।
এনে লাগিছে যেন অসমৰ ৰাইজে সৰ্বসন্মতি ক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক অসমৰ শ্ৰেষ্ঠ মন্ত্রী হিচাপে স্বীকৃতি দিছে। তেখেতৰ নাই কোনো প্ৰতিদ্বন্দ্বী।