ৰাজনীতি অসমৰ এগজিট প’ল কেনেকৈ শুদ্ধ হ’ল?

1727

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


১৯ মে ২০১৯ সন্ধিয়া ৬:৩০ বজা, ৰাজনীতি অসমৰ ফেচবুক পেজত প্ৰকাশ পালে অসমৰ ১৪ খন আসনৰ এগজিট প’ল।  নিৰ্বাচনী আয়োগে ধৰি দিয়া সময়ৰ লগে লগে আৰু সকলোতকৈ আগত অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ৰাজনীতি অসমে প্ৰকাশ কৰে এগজিট প’ল। দেখা গৈছিল যে অসমৰ কিছুমান চেনেলে সৰ্বভাৰতীয় পৰ্য্যায়ত এগজিট প’ল কৰিবলৈ গৈ ফলাফল ওলোৱাৰ পিছত হাহিয়াতৰ পাত্র হ’ব লগীয়া হৈছে। গুৱাহাটীৰ ড্ৰইং ৰুমত বহি তামিলনাডুত কোনে কিমান আসন পাব তাৰ অনুমান কৰাৰ  প্ৰয়াস কৰা হৈছিল। ইয়াৰ বিপৰীতে অসমৰ ১৪ টা সমষ্টিত সম্পূৰ্ণ বিজ্ঞানসন্মত ভাবে চেম্পল লৈ নিৰপক্ষে ভাবে এগজিট প’ল চলোৱা হৈছিল ৰাজনীতি অসমৰ দ্বাৰা। প্ৰত্যেক লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিত সকলো ভাষা-ভাষী, ধৰ্মীয় জাতি জনগোষ্ঠীৰ মানুহৰ লগত জনসংখ্যাৰ অনুপাতৰ হাৰত কথা পাতি সমীক্ষা কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। আমাৰ সমীক্ষা মতে সকলোতকৈ কঠিন যুঁজ হ’বলৈ গৈ আছিল নগাঁঅ আৰু কৰিমগজ্ঞত । ফলাফলৰ দিনাও একে দৃশ্য দেখা গ’ল। আমাৰ সমীক্ষা ১০০% শুদ্ধ প্ৰমানিত হৈ অসমত বিজেপিয়ে পালে ৯ খন, কংগ্ৰেছে ৩ খন , এ.আই.ইউ.দি.এফে এখন আৰু এখন পালে নৱ শৰণীয়াই।
এই চেগতে আমাৰ সকলো প্ৰতিনিধিক আমি ধন্যবাদ জনাইছো। এওঁলোকে সম্পূৰ্ণ নিৰপেক্ষ ভাবে আৰু নিষ্ঠা সহকাৰে কাম কৰাৰ বাবে আমি ১০০% শুদ্ধ এগজিট প’ল প্ৰকাশ কৰিবলৈ সক্ষম হৈছিলো।
এগজিট প’ল কৰাৰ সময়ত অভিজ্ঞতা হোৱা তিনিটা কথা ইয়াত উল্লেখ কৰিলোঃ
১) এইবাৰ নিৰ্বাচনত সম্পূৰ্ণ মেৰুকৰণ হৈছে। আমি লগ পোৱা কোনো এজন মুছলমানে বিজেপি-এজিপিক ভোট দিয়া নাই। হিন্দুসকলৰ মাজতো  কংগ্ৰেছক ভোট দিয়া লোকৰ সংখ্যা খুব কম।
২) চাহ বাগিছাৰ ভোট ৮০% তকৈ বেছি বিজেপিয়ে পাইছে। খ্ৰীষ্টান ধৰ্মালম্বী বড়ো, গাৰো , চাহ জনজাতি আদিৰ পৰাও বিজেপিয়ে প্ৰচুৰ ভোট পাইছে।
৩) উপমন্যু হাজৰিকাক গুৱাহাটীৰ প্ৰায় সচেতন মানুহে অসমৰ সকলোতকৈ যোগ্য প্ৰাৰ্থী বুলি ভাবে। কিন্তু তেওঁৰ পৰাজয় নিশ্চিত বুলি ভাবি কোনোৱে নিজৰ ভোট নষ্ট কৰাৰ ইচ্ছা নকৰিলে।