যুদ্ধত নামিছো যুদ্ধ দিম; খিলঞ্জীয়াৰ কন্ঠ ৰুদ্ধ হব নিদিও: উপমন্যু হাজৰিকা

2268
আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাৰ সৈতে ‘ ৰাজনীতি অসম ‘ ৰ মুখামুখি…………
সাক্ষাৎকাৰ গ্ৰহণ কৰে গণেশ বৰ্মন/ পাৰ্থ প্ৰতীম লহকৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম : ৰাজনীতিলৈ আহিম বুলি কেতিয়া সিদ্ধান্ত ল’লে আৰু কিয়?

উপমন্যু হাজৰিকা : অসমৰ খিলঞ্জীয়া মানুহক প্ৰতিটো ৰাজনৈতিক দলেই ঠগাই আহিছে । কংগ্ৰেছেটো খিলঞ্জীয়াৰ সমস্যা সমাধান হোৱাটো নিবিচাৰেই , আনকি বিজেপি দলৰ চৰকাৰখনেও ৰাইজৰ আকাঙ্খাক গুৰুত্ব নিদিলে । কোনো এটা দলে অসমৰ তিনিটা মুল বিষয়ক গুৰুত্ব নিদিয়ে । প্ৰথমটো হ’ল ১৯৫১ চনৰ ভিত্তিত সংৰক্ষণ , দ্বিতীয়তে শুদ্ধ এন আৰ চি বা এন আৰ চিৰ পুনৰীক্ষণ , তৃতীয়তে নতুনকৈ নাগৰিকত্ব দিয়াৰ উপায় বন্ধ কৰা । খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিবলৈ সংসদৰ ভিতৰত আৰু বাহিৰত যুজিব লাগিব । সেই কাৰণে মই নিৰ্দলীয় হৈ অৱতীৰ্ণ হলো ।

ৰাজনীতি অসম : আপোনাৰ প্ৰচাৰ অভিযান কেনে চলি আছে?
উপমন্যু হাজৰিকা : আমি হাজাৰ হজাৰ প্ৰচাৰ পত্ৰীকা বিতৰণ কৰি আছো । ৰাইজ মেল পাতিছো ; যোৱা ৬ বছৰ ধৰি প্ৰব্ৰজন বিৰোধী মঞ্চৰ যোগেদি ৰাইজৰ মাজত সোমাই অভিযান চলাই আছো । ৰাইজক সজাগ হব লাগিব । ৰাইজক সজাগ কৰা মানেই সমস্যাৰ সমাধান ।

ৰাজনীতি অসম : নিৰ্বাচনত জয়ী হ’ব পাৰিব বুলি কিমান শতাংশ নিশ্চিত?

উপমন্যু হাজৰিকা : বৰ্তমান চৰকাৰ , শাসকীয় দল আৰু প্ৰতিষ্ঠিত ৰাজনৈতিক দলসমুহে ভোটবেংকৰ ৰাজনীতি কৰে । খিলঞ্জীয়াৰ সুৰক্ষা সুনিশ্চিত কৰাটোক অগ্ৰাধিকাৰ নিদিয়ে । যুদ্ধত নামিছো যুদ্ধ দিম । খিলঞ্জীয়াৰ কন্ঠ ৰুদ্ধ হব নিদিও।

ৰাজনীতি অসম : ৰাজনীতি অসম : আজিৰ দিনটোত অসম বিধান সভাত সৰহ সংখ্যক বিধায়কেই থলুৱা । তেন্তে কিয় গুৰুত্ব নিদিয়ে ?

উপমন্যু হাজৰিকা :সেইটোৱেই আচৰিত । কিছুবছৰ পিছত আজিৰ শক্তিশালী নেতাবিলাকৰ নিজৰ ভৰিৰ তলৰ মাটিয়েই নোহোৱা হৈ যাব । তৎস্বত্তেও কিয় একো নকৰে বুজি নেপাও । তেওঁলোকে কৰাহেতেঁন মই নিৰ্বাচনত আহিব লগা নাছিলেই । হাতৰ কুঠাৰ ভৰিত মাৰি আছে প্ৰতিটো দলৰ নেতা সকলে ।

ৰাজনীতি অসম : আপোনাৰ মুখ্য প্ৰতিদ্বন্দ্বী কোন হ’ব, কংগ্ৰেছ নে বিজেপি?
উপমন্যু হাজৰিকা : মুখ্য প্ৰতিদ্বন্দ্বী ! আমি নিজেই নিজৰ প্ৰতিদ্বন্দ্বী । বিজেপি আৰু কংগ্ৰেছৰ দুয়োগৰাকী শ্ৰদ্ধাৰ মহিলা প্ৰাৰ্থীয়ে নিৰ্বাচনত অংশ ল’ব । সন্মুখত কোন আছে ডাঙৰ কথা নহয় , কাক পৰাস্ত কৰিব লাগিব ডাঙৰ কথা নহয় ; মুল কথা হৈছে নিজে জিকিব লাগিব ।

ৰাজনীতি অসম : জয়ী হ’লে অহা পাচবছৰত আপুনি গুৱাহাটী সমষ্টি আৰু অসমৰ কোন কেইটা সমস্যা সমাধান কৰিব?
উপমন্যু হাজৰিকা : কৰিব লগা লিষ্টখন দীঘল । কিন্তু প্ৰধানত: গুৱাহাটীৰ খোৱা পানীৰ সমস্যাটো দুৰ কৰিব লাগিব । বিশাল ব্ৰহ্মপুত্ৰক ব্যৱহাৰ কৰিব লাগিব আৰু অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব।

ৰাজনীতি অসম : যদি আপুনি সাংসদ নিৰ্বাচিত হয় আৰু কেন্দ্ৰত বিজেপি আৰু কংগ্ৰেছক চৰকাৰ গঠন কৰিবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হয় তেন্তে কাক সমৰ্থন কৰিব?

উপমন্যু হাজৰিকা : অমিত শ্বাহ ,মোডী ডাঙৰীয়া ,ৰাহুল গান্ধী এইসকল নেতাই মোৰ পৰা সমৰ্থন বিচাৰিলে মই কেনেকৈ দিম ? তেওঁলোকে মাত্ৰ ভোটৰ অংক কৰে , অসমীয়া মানুহৰ আচল সমস্যাক গুৰুত্বই নিদিয়ে । দলৰ স্বাৰ্থত মাত সকলে খিলঞ্জীয়াৰ পক্ষত মাত নামাতে । খিলঞ্জীয়াৰ কথা শুনিবলৈ আৰু শুনাবলৈ দিল্লীত মাত লাগে ।

ৰাজনীতি অসম :বিজেপি আৰু কংগ্ৰেছে নিৰ্বাচনত বহুল প্ৰচাৰ কৰিব , তেওঁলোকৰ লগত প্ৰচাৰৰ ক্ষেত্রত কেনেকৈ ফেৰ মাৰিব?

উপমন্যু হাজৰিকা : প্ৰচাৰ কৰিব । ধনবল আছে , ধন খৰছ কৰিব ; কাৰণ দলবিলাকৰ জনবল নাই । প্ৰলোভনৰ ৰাজনীতি কৰিব । কিন্তু মুল কথা হ’ল আমি ভোটাৰ সকল সজাগ হ’ব লাগিব । জনসমৰ্থন থাকিলে বিশাল প্ৰচাৰৰ দৰকাৰ নাই । আমি অলপ পলমকৈ নিৰ্বাচনৰ ক্ষেত্ৰখনত আহিলো । আগন্তুক সময়ত গুৱাহাটীৰ বাদেও আন আন সমষ্টিত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম ।

ৰাজনীতি অসম : ৰাইজে বিজেপি আৰু কংগ্ৰেছক বাদ দি এজন নিৰ্দলীয় প্ৰাৰ্থীক কিয় ভোট দিব বুলি ভাবে?

উপমন্যু হাজৰিকা :বিজেপি ওপৰত ৰাইজৰ বিশ্বাস আছিল । কিন্তু চৰকাৰ গঠন কৰি ওলোটা খৰ মাৰিলে । বাকী কংগ্ৰেছৰ কথা কৈ লাভ নাই । তেওঁলোকে কেতিয়াও অসমৰ খিলঞ্জীয়াৰ সমস্যা দুৰ নকৰে । কংগ্ৰেছ দলৰ কামকাজ বিজেপিৰ তুলনাত আৰু বেছি ভয়াবহ । তেন্তে আমাৰ ৰাইজৰ উপায় কি আছে ?

ৰাজনীতি অসম : আপুনি কৈছে যে বিজেপিয়ে বাংলাদেশী ইচুত ৰাইজক ঠগিছে। তৎসত্তেও পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে কেনেকৈ ভাল ফল দেখুৱালে?

উপমন্যু হাজৰিকা : একো ভাল ফল দেখুৱা নাই । সাধাৰণ পঞ্চায়ত নিৰ্বাচনটোক একেবাৰে বিধান সভাৰ গ্লেমাৰ দিলে। হেলিকপ্তাৰ , ধনবল আদিৰ প্ৰয়োগ হ’ল । নিৰ্বাচনৰ সময়ত আকৌ বাংলাদেশী ইচ্ছ্যুটোক গাপ দি ৰখা হৈছিল । বিজেপি সফল যদি হৈছেই তেন্তে বহু জিলা পৰিষদত এআইইউডিএফৰ সমৰ্থন কিয় লগা হ’ল ?

ৰাজনীতি অসম : সংৰক্ষণ ব্যৱস্থা অসম চৰকাৰে কৰিব পাৰেনে ? আৰু যদি পাৰে তেন্তে খিলঞ্জীয়াক কেনেকৈ সহায় কৰিব ?

উপমন্যু হাজৰিকা : অসম বিধান সভাৰ ৬৪ জন বিধায়কে ১৯৫১ চনৰ ভিত্তিত সংৰক্ষণ আইন প্ৰণয়ন কৰিব পাৰে । ২০১৮ চনৰ জুলাই মাহত মনিপুৰ বিধান সভাই এই কামটো কৰিলে । সংৰক্ষন যদি ১৯৫১ ভিত্তিত হয় তেন্তে জন্মসুত্ৰে বিদেশী এজনৰ সন্তানেও বিভিন্ন নিয়মৰ ভিত্তিত নাগৰিকত্ব পোৱা জনে কিন্তু ভুমি, চৰকাৰী চাকৰি , ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ ইত্যাদী পাব নোৱাৰে । এই সাধাৰণ কামটোৱেই কোনো এটা দলৰ চৰকাৰে নকৰিলে আৰু সেইবাবেই উপমন্যু হাজৰিকাই নিৰ্বাচন খেলিব লগা হ’ল ।