ৰাজনীতি অসম কিয়?

2809

অভ্যুত্থানমধৰ্মস্য তদাত্মানং সৃজাম্যহম ।। 
পৰিত্ৰাণায় সাধূনাং ৱিনাশায় চ দুষ্কৃতাম । 
ধৰ্মসংস্থাপনাৰ্থায় সম্ভাৱামি য়ুগে য়ুগে ।।

আমি সদায় ৰাষ্ট্ৰৰ পক্ষত । ৰাষ্ট্ৰহীত আমাৰ প্ৰথম আৰু শেষ উদ্দেশ্য । ৰাজনীতিৰ জ্ঞান সমাজৰ প্ৰতিজনৰে কাৰণে বৰ্তমান সময়ত অপৰিহাৰ্য্য ।  অন্যথা সমাজ এখনে, দেশ এখনে বিকাশৰ মুখ দেখাটো অসম্ভৱ । কিন্তু ৰাজনীতিৰ বিষয়ে সৰহসংখ্যক ব্যক্তিৰেই মনত বাহ লৈ আছে এক ঋণাত্মক ধাৰণা যিটোৱে সৃষ্টি কৰিছে ৰাজনীতিৰ প্ৰতি এক অনীহা । ‘Politics is the last resort of Scoundrels’ – বহু কথিত বাক্যফাঁকি বহুতেই মানি লৈছে আৰু ৰাজনীতিৰ বিষয়ে এক সুস্থ আলোচনা কৰিবলৈও ইচ্ছা প্ৰকাশ নকৰে । ৰাজনীতিৰ সুস্থ আলোচনা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয় । বৰ্তমান বহুকেইখন কাকত-আলোচনীত ৰাজনীতি সম্পৰ্কে প্ৰৱন্ধ, আলোচনা দেখা যায় কিন্তু সেয়া পৰ্য্যাপ্ত নহয় ।

‘ৰাজনীতি অসম ‘ – ভেঁটি হ’ব মুলত: ৰাজনীতি ।

‘ৰাজনীতি অসম’ এ ক’ব ৰাষ্ট্ৰৰ কথা । ‘ৰাজনীতি অসম’ এ ক’ব ৰাষ্ট্ৰৰ জনগনৰ কথা ।

“ৰাজনীতি অসম” এ অতীত’ৰ ভুল-শুদ্ধৰ কথা ক’ব, ‘বৰ্তমান’ক নীৰিক্ষণ কৰিব আৰু ‘ভৱিষ্যত’ৰ শংকা, আশা আৰু সপোনক চাবলৈ যত্ন কৰিব ।

‘ৰাজনীতি অসম ‘  এখন মাহেকীয়া আলোচনী । ৰাজনৈতিক আলোচনাৰ বাহিৰেওঁ সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি জনগনৰ দৃষ্টি আকৰ্ষনৰ উদ্দেশ্যে অইন বিষয়ৰ লেখা প্ৰকাশ কৰা হব ।

সম্পাদনা মেজত কাম কৰা প্ৰতিজন ব্যক্তিয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ কৰ্তব্য আৰু উদ্দেশ্য আগত ৰাখি জন্ম  দিছে ‘ৰাজনীতি অসম’ৰ ।

ধ্ৰুবজ্যোতি দাস (সম্পাদনা উপদেষ্টা): ধ্ৰুৱজ্যোতি দাস ৰাজনীতি বিজ্ঞানৰ স্নাতক আৰু অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ফটোসাংবাদিক । যোৱা প্ৰায় ২০ বছৰ ধৰি ফটো সাংবাদিকতাৰ লগত জড়িত ধ্ৰুৱজ্যোতি দাস বৰ্তমান  ব্যক্তিগত নিউজ চেনেল ডি ৱাই ৩৬৫ ত কৰ্মৰত ।

পাপৰি দত্ত (গ্ৰাফিকচ ডিজাইন): পাপৰি দত্ত কলাৰ স্নাতক আৰু পাচ বছৰীয়া ডিপ্লমা চিত্ৰকলা বিষয়ত। মুম্বাই  এম.এচ.এম.ই  ত গ্ৰাফিক্ ডিজাইন, ক্লাচিকেল এনিমেচন কোৰ্চ কৰি বৰ্তমান ব্যক্তিগত নিউজ চেনেল প্ৰাগ নিউজত গ্ৰাফিক্চ ডিজাইনাৰ হিচাপে কৰ্মৰত।

সীমান্ত বৰ্মা (সহযোগী সম্পাদক): সীমান্ত বৰ্মা আইনৰ স্নাতক তথা দিল্লীৰ ‘ভাৰতীয় বিদ্যা ভৱন’ বিশ্ববিদ্যালয়ৰ  মাচ ক’মিউনিকেচনৰ ডিগ্ৰীধাৰী । বৰ্তমান তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত কৰ্মৰত ।

দেৱজিত দত্ত (সহযোগী সম্পাদক): দেবজিত দত্ত বিজ্ঞানৰ স্নাতক আৰু গৱেষনাৰ ছাত্ৰ । বৰ্তমান তেওঁ টেলিকম কোম্পানীত এটাৰ কাৰিকৰী বিষয়া হিচাপে কৰ্মৰত ।

পাৰ্থ প্ৰতিম লহকৰ (সহযোগী সম্পাদক): পাৰ্থ প্ৰতিম লহকৰ ‘পুনে বিশ্ববিদ্যালয়’ৰ  অৰ্থনীতিৰ স্নাতকোত্তৰ  আৰু মাষ্টাৰ্চ অ’ৱ ফিল’চফি । বৰ্তমান তেওঁ ‘ভাৰতীয় জীৱন বীমা নিগম’ৰ কৰ্মচাৰী ।

পাৰ্থ সাৰথি দত্ত (মুখ্য সম্পাদক) :  ইলেকট্ৰনিক্স ইঞ্জিনিয়াৰিং স্নাতক পাৰ্থ সাৰথি দত্ত । পেচাত এজন আই.টি ইঞ্জিনিয়াৰ । বৰ্তমান তেওঁ বাংগালোৰৰ এটা বহু জাতীয় কোম্পানীত কৰ্মৰত।