ৰাজনেতাই যেতিয়া সাংবাদিকক অপমান কৰে

2006
  • দেবজিত দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


যোৱামাহত ইণ্ডিয়া টুডেৰ এটা বিশেষ অনুষ্ঠানত বিহাৰৰ মুখ্যমন্ত্রী নিতীশ কুমাৰক দেখা পোৱা গৈছিল। বহুদিনৰ বিৰতিৰ পিছত ৰাষ্ট্ৰীয় মঞ্চত  বিশিষ্ট সাংবাদিক অজ্ঞনা অ’ম কাশ্যপৰ কিছু প্ৰশ্নৰ উত্তৰো দিছিল কুমাৰে। ২০ মিনিটমানৰ সেই সাক্ষাৎকাৰটোৰ দেখি এনেকুৱা লাগিছিল যেন আগতকৈ বহুত পৰিবৰ্তন হৈছে নিতীশ কুমাৰৰ। মানুহজন  খিং খিংয়া হৈছে আৰু প্ৰশ্নোত্তৰ কালত সাংবাদিক কাশ্যপক অসন্মান জনক সুৰত কথা কৈছে। সাংবাদিক জন হৈছে ৰাইজৰ প্ৰতিবিম্ব। সাধাৰণ জনতাই তেওঁলোকৰ মাধ্যমেৰে নেতাক প্ৰশ্ন কৰে। ব্যক্তিগত জীবনক বাদ দি ৰাজহুৱা বিষয়ৰ যিকোনো প্ৰশ্নৰ উত্তৰ নম্ৰভাবে দিবলৈ সাজু থাকিব লাগে ৰাইজৰ নেতাসকল। কিন্ত বহু ক্ষেত্রত সঠিক উত্তৰ নাথাকিলে নেতাবোৰে সাংবাদিকৰ ওপৰত খংটো জাৰে। নিতীশ কুমাৰৰো সেইটো হ’ল। ‘ডিবেট কা স্তৰ উঁচা কিজিয়ে’, ‘ফালটু প্ৰশ্ন’ এইবিলাক কৈ মহিলা সাংবাদিক জনক একপ্ৰকাৰ ডমিনেট কৰিবলৈ চেষ্টা কৰিলে কুমাৰে।
নিতীশ কুমাৰৰ আগতেও এনে ঘটনা বহুত হৈছে। মোডী যেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী আছিল তেতিয়া কৰণ থাপৰৰ গুজৰাট হিংসাক লৈ কৰা প্ৰশ্নত অস্বস্তি পাই ৩ মিনিটত নিজৰ সাক্ষাৎকাৰ সমাপ্ত কৰিছিল। ফাৰুক আব্দুলাক যেতিয়া পুণ্য প্ৰসুন বাজপেয়ীয়ে সুধিছিল যে আপুনি নিজকে ভাৰতীয় বুলি ভাবেনে তেতিয়া আব্দুলাৰ খং এ মুৰৰ চুলিৰ আগ পাইছিল। ভাৰতীয় ৰাজনীতিৰ ইতিহাসত হয়তো কোনো নেতাই সাংবাদিক ইমান বেয়াকৈ গালি দিয়া নাই যি আব্দুলাই সেইদিনা দিছিল। ডোনাল্ড ট্ৰাম্পে কেইদিনমান আগত চি.এন.এনৰ সাংবাদিক এজনক খুব বেয়াকৈ ক’লে। ‘You are very rude’ বুলি বাৰে বাৰে সাংবাদিক জনক ভৎসনা কৰা দেখা গ’ল। পিছত জানিব পাৰিলো সাংবাদিক জনৰ হোৱাইট হাউচৰ প্ৰবেশ  নিশিদ্ধ কৰা হৈছে।
কেতিয়াবা কিছুমান সাংবাদিকে কিছুমান অবান্তৰ প্ৰশ্ন সোধাটোও সঁচা কিন্তু ৰাজনীতিত থকা ব্যক্তি সকলে এনেকুৱা পৰিস্হিতি মোকাবিলা কৰিবলৈ প্ৰস্ত্তত থাকিব লাগিব। মাৰ্জিত ভাষাৰে সাংবাদিক জনক এই বিষয়ে সতৰ্ক কৰিব পাৰিব লাগিব।
এই ক্ষেত্রত অসমৰ নেতাকেইজনক কিন্তু শলাগিবলাগীব। সৰ্বানন্দ সোনোৱাল বা তৰুণ গগৈ ডাঙৰীয়াই আমি দেখা সকলোবোৰ সাক্ষাৎকাৰতে খুব সহজ ভাবে প্ৰশ্নৰ উত্তৰ দি গৈছে। আমি তেখেতসকলক কোনোদিনে সাংবাদিকক প্ৰশ্নৰ গুণাগুণৰ বাবে খং কৰা দেখা নাই। ‘ৰাজনীতি অসম’ৰ লগত হোৱা তৰুণ গগৈ ডাঙৰীয়াৰ সাক্ষাৎকাৰত তেখেতক বহুতো কঠিন প্ৰশ্ন সোধা হৈছিল। কিন্তু আমি তেখেতক অকনো উত্তেজিত হোৱা দেখা নাপালো। সংবাদমেল বিলাকত হিমন্ত বিশ্ব শৰ্মাক কেতিয়াবা এটা বিশেষ মালিক গোষ্টীৰ কাকতৰ সাংবাদিকৰ বিৰুদ্ধে অলপ উত্তেজিত হোৱা দেখা যায় যদিও আছুতীয়া সাক্ষাৎকাৰবোৰত তেখেতেও খুব নম্ৰভাবে প্ৰশ্নৰ উত্তৰ দিয়ে।
সংবাদ মাধ্যম হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। সাংবাদিকে সোধা প্ৰশ্নৰ মোকাবিলা কৰিব নোৱাৰা ৰাজনীতি বিদ সকলে আৰু বেছি কষ্ট তথা অধ্যয়ন কৰি নিজকে প্ৰস্ত্তত কৰিব লাগে। সাংবাদিকৰ ওপৰত খং উজাৰি আপোনালোকে গণতন্ত্ৰকে অপমান কৰা নাইতো? Please don’t shoot the messenger.