ৰাজনেতা যাক আমি অকালতে হেৰুৱালোঁ..

2977
  • বুবুল ঠাকুৰীয়া

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


কিছুমান ৰাজনৈতিক নেতাই তৃণমূল পৰ্যায়ৰ পৰা কাম কৰি আহি এটা সময়ত নিৰ্দিষ্ট দল এটাৰ পৰা টিকট লাভ কৰি,কোনোবা সমষ্টিৰ পৰা বিধানসভা বা লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে নাইবা পৰাজয় বৰণ কৰে।ইয়াতেই নেতাজনৰ যোগ্যতাক লৈ প্রশ্ন উত্থাপন কৰিব নোৱাৰি।আৰু আন কিছুমান নেতা(?) ৰাতিটোৰ ভিতৰতে বিখ্যাত হৈ পৰে কিন্তু জনতাৰ ওচৰত সেই চিকমিকনি বেছি দিন টিকি নাথাকে।আজি আমি এনে কিছুসংখ্যক ৰাজনেতাৰ বিষয়ে উল্লেখ কৰিব ওলাইছোঁ যিসকলোক আমি বয়সৰ ফালৰ পৰা কিম্বা ৰাজনৈতিক ক্ষেত্ৰৰ কৰ্মৰ ফালৰ পৰা অকালতে হেৰুৱা বুলি কব পাৰি!যিসকলৰ পৰা হয়তো আৰু ভাল ফল লাভৰ আশা ৰাইজে কৰিছিল!
ভৃগু কুমাৰ ফুকন:
১৯৮৫ চনৰ “অসম চুক্তি” স্বাক্ষৰকাৰী চাৰিজনৰ ভিতৰত অন্যতম এজন আছিল ভৃগু কুমাৰ ফুকন।অসম গণ পৰিষদ দলৰ চৰকাৰৰ গৃহমন্ত্ৰী ফুকন ডাঙৰীয়া আছুৰ ও সাধাৰণ সম্পাদক আছিল আৰু মাত্ৰ ২৯ বছৰ বয়সতে তেওঁ মন্ত্ৰীত্ব লাভ কৰিছিল।১৯৮৫ চনৰ ২০০১ চনলৈ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে তেওঁক জালুকবাৰী সমষ্টিৰ জনগণে বিধানসভালৈ নিৰ্বাচন কৰি পঠাইছিল।সমষ্টিৰ মানুহৰ মাজত ভীষণ জনপ্ৰিয় আছিল তেওঁ।কিন্তু শেষবাৰৰ বাবে তেওঁ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত পৰাজিত হয়।২০০৬ চনৰ ২০ মাৰ্চত তেওঁ জণ্ডিচ ৰোগত আক্রান্ত হৈ দিল্লীৰ হস্পিটেলত মৃত্যু বৰণ কৰে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাথোঁ ৫০ বছৰ।জালুকবাৰী সমষ্টিৰ একচাম ভোটাৰে এতিয়াও তেওঁৰ অনুপস্থিতি অনুভৱ কৰে!
নগেন শৰ্মা:
২০০০ চনৰ ২৭ ফেব্ৰুৱাৰীত নলবাৰীৰ পৰা দক্ষিণ বাহজানি মহাবিদ্যালয়লৈ সভা এখনৰ বাবে আহি থাকোঁতে হঠাৎ বিস্ফোৰন ঘটি ২০০ মিটাৰ পৰ্যন্ত চিটিকি গৈছিল নগেন শৰ্মা সহ আৰু তিনি জনৰ দেহ।তেতিয়া নগেন শৰ্মা আছিল অসম চৰকাৰৰ গৰকাপ্তানি আৰু বন-মন্ত্রী।আৰু সেই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল “আলফা”ই।তেতিয়াৰ “আলফা”ৰ প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰীয়ে তেওঁক “বিশ্বাসঘাটক” আখ্যা দিছিল আৰু সেয়ে তেওঁৰ প্ৰাণ লৈছিল বুলি গৌৰৱ কৰিছিল লগতে আন তিনিজনৰ মৃত্যুত দুখ প্ৰকাশ কৰিছিল।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাথোঁ ৪৬ বছৰ।নলবাৰী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি নলবাৰী খনক সুন্দৰ কৰাৰ চেষ্টা অব্যাহত ৰখা শৰ্মাৰ মৃত্যুক যেন সমষ্টি বাসীয়ে আজিও সহজভাৱে লব পৰা নাই!
অঞ্জন দত্ত:
আমগুৰি বিধানসভা সমষ্টিৰ পৰা তিনিটা কাৰ্যকালৰ বাবে বিধায়ক নির্বাচিত হোৱা অঞ্জন দত্ত মৃত্যুৰ আগমুহূৰ্তলৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে সেৱা আগবঢ়াই গৈছিল।সাহিত্যৰ ক্ষেত্ৰতো বিশেষ দখল থকা ব্যক্তি গৰাকীৰ অপ্ৰাণ চেষ্টাতে মৰি যোৱা অসমৰ চৰকাৰী পৰিবহন নিগমটো ঠন ধৰি উঠিছিল।তেওঁৰ ৰাজনৈতিক জীৱনৰ সেয়া এক বৃহৎ সফলতা বুলি অসমৰ ৰাইজে এতিয়াও সোঁৱৰে তেওঁক।২০১৬ চনৰ জুনৰ ১৬ তাৰিখে ৬৪ বছৰ বয়সত দিল্লী এইমচত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দত্ত ডাঙৰীয়াৰ মৃত্যু হয়, যিটো সময়ত অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছিল।যি নহওঁক তেওঁৰ পৰাও হয়টো অসমৰ ৰাইজৰ আৰু পাবলগীয়া আছিল!
প্ৰমোদ মহাজন:
২০০৬ চনৰ ৩ মে’ত  মাথোঁ ৫৭ বছৰ বয়সত নিজৰেই ভাতৃ প্ৰবীণ মহাজনৰ চাৰিটাকৈ গুলীৰ আঘাটত প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল তেতিয়াৰ বি জে পি ৰ সাধাৰণ সম্পাদক প্ৰমোদ মহাজনে।ৰাজ্যসভাৰ সাংসদ তথা দূৰ সংযোগ মন্ত্ৰী হিচাপে বাজপেয়ী মন্ত্ৰী সভাৰ তেওঁ এজন অন্যতম সফল মন্ত্ৰী আছিল।তেওঁৰ বাকপটুতা আৰু কাৰিকৰী জ্ঞানৰ পৰিধিয়ে আন মন্ত্ৰী বিলাকতকৈ তেওঁক পৃথক কৰিছিল।নিজৰ সৰু ভায়েকৰ প্ৰতি কৰা অপমান,অৱহেলা আৰু পাবলগীয়া প্ৰাপ্য নোপোৱাৰ বাবেই হেনো তেওঁক হত্যা কৰা হৈছিল বুলি প্ৰবীণ মহাজনে আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছিল।দেশে এজন যোগ্য নেতাক অকালতে হেৰুৱাব লগীয়া হৈছিল।
ৰাজেশ পাইলত:
২০০০ চনৰ ১১ জুনত এক মটৰ দুৰ্ঘটনাত ৫৫ বছৰ বয়সত ৰাজেশ পাইলতৰ মৃত্যু ঘটে। পাঁচ বাৰকৈ লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ দূৰ সংযোগ মন্ত্ৰীৰ পৰা দেশৰ আভ্যন্তৰীণ প্ৰতিৰক্ষা মন্ত্ৰীলৈ কংগ্ৰেছৰ এজন দিকগজ নেতা আছিল পাইলত যিজনৰ মৃত্যুত কংগ্ৰেছ তথা দেশে এজন যোগ্য নেতাক অকালতে হেৰুৱাব লগীয়া হৈছিল।
মাধৱৰাও সিন্ধীয়া:
কংগ্ৰেছ দলৰ পৰা ৯ বাৰৰ বাবে লোকসভাৰ সাংসদ মহাৰাষ্ট্ৰৰ বাসিন্দা মাধৱৰাও সিন্ধীয়াৰ মৃত্যু হৈছিল উত্তৰপ্ৰদেশত হোৱা এক বিমান দুৰ্ঘটনাত,তেতিয়া তেওঁৰ বয়স আছিল ৫৬ বছৰ।মানৱ সম্পদ উন্নয়ন দপ্তৰ,অসামৰিক বিমান পৰিবহন,পৰ্যটন আদি দপ্তৰৰ মন্ত্ৰী ৰূপে কাৰ্য্য নিৰ্বাহ কৰা সিন্ধীয়া ডাঙৰীয়াই ৰাজীৱ গান্ধী মন্ত্ৰীসভাত ৰেল মন্ত্ৰী ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰি প্ৰচুৰ সফলতা লাভ কৰিছিল, দেশৰ জনগণৰ লাভ হৈছিল।
এনেকুৱা হয়তো আৰু বহুত ৰাজনেতাৰ নাম ওলাব যিসকলৰ বিষয়ে ইমান সৰু লিখনিত বৰ্ণনা কৰা সহজ নহয়।যিসকলৰ পৰা দেশ বা জাতিয়ে পাবলগীয়া বহুখিনি আছিল।