ৰাজস্থানৰ পৰবৰ্তী মুখ্যমন্ত্রী গেহলট নে পাইলট?

2457

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


বৰ্তমান ৰাজনৈতিক মহলত এটা কথা প্ৰায়ে শুনা যায় যে কংগ্ৰেছৰ হাতত মাথো এখন ডাঙৰ ৰাজ্য আছে আৰু সেইখন হ’ল পঞ্জাব। ১১ ডিচেম্বৰৰ পিছত পঞ্জাবৰ লগতে আৰু এখন ৰাজ্য যোগ হোৱাৰ সম্ভাবনা আছে আৰু সেইখন হ’ল ৰাজস্হান।  প্ৰতিষ্ঠান বিৰোধী ঢৌত ৰাজস্হানৰ মুখ্যমন্ত্রী বসুন্ধৰা ৰাজে সিন্ধিয়াৰ অবস্হা খুব বেয়া।  প্ৰতি ৫ বছৰত চৰকাৰ সলনি কৰা ৰাজস্হানৰ ৰাইজে ২০১৮ চনত কংগ্ৰেছৰ বাবে আনিব পাৰে ভাল খবৰ।
 ৰাজস্থানৰ ইতিহাসঃ
স্বাধীনতাৰ পিছৰে পৰা ১৯৭৭ চনলৈ ৰাজস্হানত কংগ্ৰেছ শাসন  আছিল। ১৯৭৭ চনত কংগ্ৰেছক উৎখাত কৰি জনতা পাৰ্টীৰ ঢৌত জয়ী হৈ মুখ্যমন্ত্রী হৈছিল ভৈৰব সিং শেখাৱট। ৩ বছৰ চৰকাৰ চলাৰ পিছত তাত ৰাষ্ট্ৰপতি শাসন চলে। ১৯৮০ ৰ পৰা ১৯৯০ চনলৈ পুনৰ ৰাজস্হান কংগ্ৰেছৰ দখললৈ আহে। ১৯৯০ চনত বিজেপি ৰাজস্হানত জয়ী হয়। মুখ্যমন্ত্রীৰ দায়িত্ব পায় ভৈৰব সিং শেখাৱটে। বাবৰি মচজিদ ধ্বংসৰ পিছত ৰাষ্ট্ৰপতিৰ শাসন চলে যদিও ১৯৯৩ চনত হোৱা নিৰ্বাচনত বিজেপি জয়ী হৈ শেখাৱট তৃতীয় বাৰৰ বাবে মুখ্যমন্ত্রী হয়। তাৰ পিছৰে পৰা ৰাজস্হানৰ ৰাইজে প্ৰতি ৫ বছৰৰ মূৰত চৰকাৰ সলনি কৰি আহিছে। কংগ্ৰেছৰ অশোক গেহলট আৰু বিজেপিৰ শ্ৰীমতী সিন্ধিয়া দুবাৰকৈ মুখ্যমন্ত্রীৰ আসনত বহে। বিজেপি আৰু কংগ্ৰেছে যোৱা চাৰিটা নিৰ্বাচনত পোৱা অাসনৰ সংখ্যা তলত দেখুওৱা হৈছে…..
বৰ্তমান ৰাজস্হানৰ ৰাজনৈতিক পৰিবেশঃ
ৰাজস্হানৰ অলিয়ে গলিয়ে এটা শ্লোগান খুব জনপ্ৰিয় হৈছে “বসুন্ধৰা তেৰী খেৰ নেহি…মোডী তুজছে বৈৰ নেহি।” মুখ্যমন্ত্রী বসুন্ধৰা ৰাজেৰ প্ৰতি ৰাইজ অসন্ত্তষ্ট যদিও মোডীৰ জনপ্ৰিয়তা আজিও ৰাজস্হানত অটুট আছে। বিশেষকৈ জাতিগত সমীকৰণ বিলাক শ্ৰীমতী সিন্ধিয়াৰ সপক্ষত নাই। ৰাজস্হানৰ তিনিটা মূল স্তম্ভ ৰাজপুত, জাঁট আৰু মীনা এই তিনিটাই বৰ্তমান চৰকাৰৰ কাম কাজক লৈ অসন্ত্তষ্ট। গো ৰক্ষাৰ নামত হোৱা হিংসা, ৰাজ্যত বাঢ়িব ধৰা বলাৎকাৰৰ ঘটনা, নিবনুৱা সমস্যা ইত্যাদি ইছুক লৈ কংগ্ৰেছে বৰ্তমান চৰকাৰৰ বিপক্ষে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ৰাজস্হান কংগ্ৰেছৰ সভাপতি , যুৱ নেতা শচীন পাইলটৰ উৎসাহ দুই লোকসভা ক্ৰমে আজমেৰ আৰু আলৱাৰ উপ নিৰ্বাচনত জয়ী হোৱাৰ পিছত  বৃদ্ধি পাইছে।
কোন হব ৰাজস্হানৰ পৰবৰ্তী মুখ্যমন্ত্রী?
অ’পিনিয়ন প’ল বিলাকত ইতিমধ্যে স্পষ্ট হৈছে যে ৰাজস্হানত কংগ্ৰেছে বিজেপিক আতৰাই ক্ষমতা দখল কৰিব। তলত দেখুওৱা তিনিটা প’লেই কংগ্ৰেছৰ সপক্ষত ।
ৰাজস্হান – মুঠ: ২০০
বিজেপি কংগ্ৰেছ অন্য
Chrome DM ৮৯ ১০২
WARROOM ৭৫ ১১৫ ১০
ABP-CVOTER ৫৬ ১৪২
গড় ৭৩ ১২০
ৰাজস্হানৰ পৰবৰ্তী মুখ্যমন্ত্রীৰ নামক লৈ সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে। যিহেতু কংগ্ৰেছ দলে মুখ্যমন্ত্রীৰ নামৰ ঘোষণা কৰা নাই সেইবাবে বহু বয়োজ্যেষ্ঠ নেতাইও মুখ্যমন্ত্রীৰ আসন খনলৈ চকু ৰাখিছে। প্ৰাক্তন মুখ্যমন্ত্রী অশোক গেহলট, শচীন পাইলটৰ লগতে আন কিছুমান নেতা যেনে চি.পি যোশী আদিও মুখ্যমন্ত্রী হোৱাৰ বাবে কুচ কাৱাজ আৰম্ভ কৰিছে। বৰ্তমানলৈ মুখ্যমন্ত্রীত্বৰ দৌৰত গেহলট আৰু পাইলট সকলোতকৈ আগত আছে। দুবাৰ মুখ্যমন্ত্রী হোৱাৰ সুবাদতে গেহলটৰ সমৰ্থক সকলে পুনৰ তেখেতে মুখ্যমন্ত্রী পদ পাব বুলি আশা পালি ৰাখিছে। শচীন পাইলট ৰাহুল গান্ধীৰ খুব ঘনিষ্ঠ। ২০১৪ লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত পাইলটে কিন্ত্ত ৰাজস্হান প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিজৰ দায়িত্ব সুন্দৰ ভাবে পালন কৰিছে। ৰাজনৈতিক মহলত চৰ্চা হৈছে যে পাইলটক ৰাজস্হানৰ মুখ্যমন্ত্রীৰ পদ দি গেহলটক দিল্লীত দলৰ সন্মানজনক পদ দিয়া হ’ব। যদি এয়ে হয় তেন্তে ৪১ বছৰীয়া পাইলটে যুৱ মুখ্যমন্ত্রীৰ তালিকাত নিজৰ নাম অৰ্ন্তভুক্ত কৰিবলৈ সক্ষম হ’ব।  পিতৃ তথা কংগ্ৰেছৰ শক্তিশালী নেতা ৰাজেশ পাইলটৰ অকাল মৃত্যুৰ পিছত শচিনে যেনেকৈ ৰাজনীতিৰ ক্ষেত্রখনত নিজকে প্ৰতিষ্ঠা কৰিছে সেইটো নিশ্চয় শলাগিব লগীয়া।
শ্ৰীমতী সিন্ধিয়াই নিজৰ চৰকাৰৰ কামৰ ৰিপোৰ্ট কাৰ্ড লৈ গৌৰৱ যাত্রা আৰম্ভ কৰিছে। কিন্ত্ত ৰাইজ বিজেপিক লৈ সিমান আশাবাদী নহয়। বিজেপিয়ে এতিয়াও আশা কৰি আছে যে মোডী নিৰ্বাচনত নমাৰ পিছত কিবা চমৎকাৰ হ’ব। এতিয়া কথা হ’ল  মোডীয়ে ৰক্ষা কৰিব পাৰিবনে বসুন্ধৰা চৰকাৰ?  ১১ ডিচেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত কংগ্ৰেছৰ হাতলৈ আহিব পাৰে ৰাজস্হান আৰু মুখ্যমন্ত্রী হব পাৰে শচীন পাইলট। অন্ততঃ বৰ্তমান ৰাজনৈতিক পৰিস্হিতিয়ে তেনে ইংগিতে দিছে।