ৰাজেন গোহাঁই ৫ম বাৰ ?

4560

লোকসভা ২০১৯ : বিজেপি ১০ , কংগ্ৰেছ ২, এ.অাই.ইউ.ডি.এফ ২ – তৃতীয় খণ্ড

  • পাৰ্থ সাৰথি দত্ত

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰথম খণ্ডত আমি ২০১৯ চনৰ লোকসভা নিৰ্বাচনত অসমৰ পৰা কোনটো দলে কেইখন আসন পোৱাৰ সম্ভাবনা আছে, সেই বিষয়ে বিশ্লেষণ কৰিছিলো। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দলবোৰে লাভ কৰা ভোটবোৰ যদি লোকসভা সমষ্টি অনুসৰি যোগ কৰা হয়, তেতিয়া দেখা যায় যে বিজেপি মিত্রজোঁট ১০, কংগ্ৰেছ ২ আৰু এআইইউডিএফ ২ টা লোকসভা সমষ্টিত আগবাঢ়ি আছে। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিফলন ২০১৯ চনত পৰিলে, কংগ্ৰেছ জয়ী হব কলিয়াবৰ আৰু বৰপেটা সমষ্টিত। এআইইউডিএফে শেষ হাঁহি মাৰিব ধুবুৰী আৰু কৰিমগজ্ঞত। বাকী ১০ টা সমষ্টি দখল কৰিব বিজেপি মিটজোঁটে। প্ৰথম খণ্ডত আমি ২০১৪ আৰু ২০১৬ত দলবিলাকে লোকসভা সমষ্টিবিলাকত পোৱা ভোটৰ তুলনা কৰি এখন তালিকা প্ৰকাশ কৰিছিলো। ইয়াৰ উপৰিও আমি বৰপেটা, গুৱাহাটী, মংগলদৈ, শিলচৰ,কলিয়াবৰ, তেজপুৰ, ধুবুৰী, লখিমপুৰ আৰু অট’নমাচ দিচট্ৰিক লোকসভা সমষ্টিৰ বিশ্লেষণ আগবঢ়াইছিলো। এই খণ্ডত নগাঁৱ, কৰিমগজ্ঞ, ডিব্ৰুগড়, কোকৰাঝাৰ আৰু যোৰহাট লোকসভা সমষ্টিৰ কিছু তথ্য আগবঢ়াম।

নগাঁৱঃ ‘ ইণ্ডিৰা ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইণ্ডিৰা’ খ্যাত দেবকান্ত বৰুৱাই প্ৰতিনিধিত্ব কৰা নগাঁৱ লোকসভা সমষ্টিত ৭ বাৰ কংগ্ৰেছ আৰু তিনিবাৰ অগপ জয়ী হৈছিল। ইয়াৰ বিপৰীতে বিজেপিৰ ৰাজেন গোহাঁই যোৱা চাৰিটা নিৰ্বাচনত ইয়াৰ পৰা একেৰাহে বিজয়ী হৈছে। কংগ্ৰেছৰ লিলাধৰ কাকতিয়ে ১৯৫৭ চনৰ পৰা ইয়াত একেৰাহে চাৰিবাৰ আৰু অগপৰ মুহিৰাম শইকীয়াই ১৯৮৪ চনৰ পৰা একেৰাহে তিনিবাৰ জয়ী হৈ লোকসভাত নগাঁৱক প্ৰতিনিধিত্ব কৰিছিল।
১৯৯৯ চনত ৰাজেন গোহাঁইয়ে প্ৰথম বাৰৰ বাবে  ৩৫,৪২৮ ভোটৰ ব্যবধানত নগাঁৱ লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল। ২০১৪ত এই ব্যবধান বাঢ়ি ১,৪৩,৫৫৯ হৈছে।

২০১৬ বিধান সভা নিৰ্বাচনৰ ভোটৰ হিচাপ কৰিলে দেখা যায় যে বিজপিয়ে ইয়াত ১,৫৮,৯৩৫ টা ভোটৰ অগ্ৰগতি লাভ কৰিছে। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত নগাঁৱ লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটাত বিজেপি আৰু কংগ্ৰেছ দলে কিমান ভোট পালে তলৰ তালিকাখনত উল্লেখ কৰা হ’ল।

নগাঁৱ লোকসভা সমষ্টিৰ অন্তৰ্গত ৯ টা বিধান সভা সমষ্টিত বৰ্তমান বিজেপি মিত্রজোঁটৰ ৭ জন আৰু কংগ্ৰেছৰ ২জন বিধায়ক আছে। কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্রী ৰাজেন গোহাঁই ইয়াত শক্তিশালী স্হিতিত আছে। বিজেপি-অগপৰ মিত্রজোঁট আৰু এআইইউডিএফৰ প্ৰাৰ্থী নিৰ্বাচনৰ পিছত পৰিস্হিতি আৰু স্পস্ত হ’ব। যোৱা বাৰ এআইইউডিএফৰ আদিত্য লাংথাচাই ২ লাখৰো অধিক ভোট পাইছিল। এই ভোটখিনি যদিহে কংগ্ৰেছলৈ যায় তেতিয়াহে কংগ্ৰেছে ৰাজেন গোঁহাইৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ব।

কৰিমগজ্ঞঃ অনুসুচিত জাতিৰ বাবে সংৰক্ষিত কৰিমগজ্ঞ লোকসভা সমষ্টিত যথেষ্ট সংখ্যালঘু ভোটাৰ আছে। ১৯৬২ চনত গঠন হোৱা এই সমষ্টিতো একেৰাহে ৫ বাৰ প্ৰতিনিধিত্ব কৰিছিল কংগ্ৰেছৰ নিহাৰ ৰজ্ঞন লচকৰে। ১৯৯১ চনৰ বিশেষ পৰিস্তিতিত ইয়াৰ পৰা জয়ী হয় বিজেপিৰ দ্বাৰকা নাথ দাস। ১৯৯৬ চনতো তেখেত ইয়াৰ পৰা জয়ী হয় যদিও তেখেতৰ আকস্মিক মৃত্যুৰ পিছত বিজেপিয়ে ইয়াত শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হোৱা নাই। ২০১৪ চনত এআইডিইউএফৰ ৰাধেশ্যাম বিশ্যাসে বিজেপিৰ পৰিমল শুক্লবৈদ্যক ১,০২,০৯৪ ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। ২০১৬ বিধান সভা নিৰ্বাচনত অবশ্যে এই ব্যবধান কমি ৩৫,৬২৬ হয়।

কৰিমগজ্ঞ লোকসভাতৰ অন্তৰ্গত ৮ টা বিধান সভাত এআইইউডিএফৰ ৪ জন, বিজেপিৰ ২জন আৰু কংগ্ৰেছৰ দুজন বিধায়ক আছে। কৰিমগজ্ঞ সমষ্টি আৰু বৰপেটা সমষ্টিৰ মাজত মিল আছে। এই দুয়োটাতে বিজেপি সদায় দুই নম্বৰ স্হানত থাকে। সংখ্যালঘু ভোটাৰৰ সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিব এআইইউডিএফ আৰু কংগ্ৰেছৰ মাজৰ পৰা ইয়াত কোন জয়ী হয়।

ডিব্ৰুগড়ঃ ১৯৫১ চনৰ পৰা ১৯৯৯ চনলৈ একেৰাহে ১১ বাৰ জয়ী হৈ কংগ্ৰেছে ডিব্ৰুগড় লোকসভা  সমষ্টিত একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছিল। কংগ্ৰেছৰ এই অশ্বমেধ ঘোঁৰাক ২০০৪ চনত সেইসময়ৰ অগপ নেতা আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে লেকাম লগাইছিল। ২০০৯ চনত কংগ্ৰেছৰ পবন সিং ঘাটোৱাৰ ইয়াত পুনৰ বিজয়ী হৈ পঞ্চম বাৰলৈ লোকসভালৈ নিৰ্বাচিত হয়। ২০১৪ চনত বিজেপিৰ ৰামেশ্বৰ তেলীয়ে পবন সিং ঘাটোৱাৰক ১,৮৫,৩৪৩ টা ভোটৰ  ব্যৱধানত পৰাজিত কৰে। ২০১৬ বিধান সভা নিৰ্বাচনৰ ভোটৰ হিচাপ কৰিলে দেখা যায় যে বিজেপি মিত্রজোঁট ইয়াত ১,৭৪,২৬৫ টা ভোটত আগবাঢ়ি আছে।

ডিব্ৰুগড় লোকসভাৰ অন্তৰ্গত ৯ টা বিধান সভাৰ আটাইকেইতাত বিজেপি মিত্রজোঁটৰ বিধায়ক আছে। চাহ বাগানত বিজেপিয়ে নিজৰ সংগঠনৰ বিস্তাৰ  কৰিবলৈ সক্ষম হৈছে আৰু ইয়ে নিৰ্বাচনত বিজেপিক সহায় কৰিছে।২০১৯ত তেলী আৰু ঘাটোৱাৰৰ মাজত হবলগীয়া যুঁজখনত তেলী বৰ্তমানলৈ অ‍াগবাঢ়ি আছে।

কোকৰাঝাৰঃ ১৯৭৭ চনৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিত কোনো ৰাষ্ট্ৰীয় দলৰ প্ৰতিনিধি বিজয়ী হ’ব পৰা নাই। বিপিএফৰ চানচুমা খুংগুৰ বিচমুতিয়াৰী ১৯৯৮ চনৰ পৰা একেৰাহে চাৰিবাৰ বিজয়ী হৈ লোকসভাত কোকৰাঝাৰক প্ৰতিনিধিত্ব কৰিছিল। ২০১৪ৰ নিৰ্বাচনত বিচমুতিয়াৰীৰ সলনি চন্দন ব্ৰহ্মক প্ৰাৰ্থিত্ব দিয়া হৈছিল। অবড়ো ঐক্য মঞ্চৰ নৱ শৰণীয়াই উৰ্খাও ব্ৰহ্মক ৩,৫৫,৭৭৯ টা ভোটৰ বৃহৎ ব্যবধানত পৰাজিত কৰিছিল। চন্দন ব্ৰহ্ম তৃতীয় স্হানতে সন্ত্তষ্ট থাকিব লগীয়া হৈছিল। ২০১৬ চনত সকলোকে আচৰিত কৰি বিপিএফে ১২ খন আসন  কৰিছিল। কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধান সভা সমষ্টিৰ ৮ টা দখল কৰি বিপিএফে নিজৰ শক্তিৰ পৰিচয় দিছিল। সৰভোগ আৰু ভবানীপুৰত ক্ৰমে বিজেপি আৰু এআইইউডিএফ জয়ী হৈছিল। ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ ভোটৰ বিন্যাস অনুসৰি বিপিএফ মিত্রজোঁট ১,১৮,৮৮৫ ভোটৰ ব্যবধানত আগবাঢ়ি আছে।

২০১৯ত বিপিএফ, বিজেপি আৰু অগপৰ মিত্রতা অটুট থাকিলে নৱ শৰণীয়াৰ পুনৰ লোকসভা যাত্রা সহজসাধ্য নহব।

যোৰহাটঃ কংগ্ৰেছৰ দুৰ্গ  যোৰহাটত এতিয়ালৈকে কংগ্ৰেছ মাত্র দুবাৰ পৰাজিত হৈছে। প্ৰথমবাৰ ১৯৮৫ চনত অগপৰ পৰাগধৰ চলিহা লোকসভালৈ নিৰ্বাচিত হয়। ১৯৯১ চনত পৰাগধৰ চলিহা কংগ্ৰেছৰ বিজয় কৃঞ্চ সন্দিকৈৰ হাতত পৰাজিত হয়। ৬ বাৰ যোৰহাট লোকসভাক প্ৰতিনিধিত্ব কৰা বিজয় কৃঞ্চ সন্দিকৈক ২০১৪ ত বিজেপিৰ কামাখ্যা তাছাই পৰাজিত কৰে। ভোটৰ ব্যবধান আছিল  ১,০২,৪২০। ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ ফলাফল যদিও বিজেপিৰ বাবে আশাব্যজ্ঞক আছিল কিন্তু তাছাৰ বাবে এই ফলাফল সিমান সুখকৰ নহয়। ২০১৬ চনত যোৰহাট লোকসভাৰ অন্তৰ্গত বিধান সভা সমষ্টিবোৰ ৰ ভোটৰ হিচাপ কৰিলে দেখা যায় যে বিজেপি মাত্র ৪৯৮৪ টা ভোটৰ ব্যবধানত আগবাঢ়ি আছে।

মুঠ ১০ টা বিধান সভা থকা যোৰহাট লোকসভাৰ অন্তৰ্গত এই সমষ্টিবোৰৰ পৰা বিজেপিৰ ৬ জন আৰু কংগ্ৰেছৰ চাৰিজন বিধায়ক আছে।বিজয় কৃঞ্চ সন্দিকৈৰ আকস্মিক মৃত্যুৰ পিছত কংগ্ৰেছৰ প্ৰাৰ্থী কোন হব সেইটো এতিয়াও জানিব পৰা হোৱা নাই। মুঠৰ ওপৰত কব পাৰি যে যোৰহাটত তাছাৰ জয় সহজসাধ্য নহব। তেখেতক জয়ৰ বাবে প্ৰয়োজন হব পুনৰ এটা মোডী ঢৌৰ।

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ তিনিটা খণ্ডত আমি ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ ওপৰত ভিত্তি কৰি অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ৰুপৰেখা ডাঙি ধৰিবলৈ চেষ্টা কৰিলো। লোকসভাৰ নিৰ্বাচন অহা বছৰৰ মাৰ্চ মাহৰ পৰা কেইবাটাও ফেজত আৰম্ভ হোৱাৰ আশা আছে। ২০১৬ ৰ বিধান সভাৰ ফলাফল আৰু সাম্প্ৰতিক পৰিস্হিতিৰ বিশ্লেষণ কৰি ২০১৯ত আমি বিজেপি মিত্রজোঁটে ১০ খন আসন পাব বুলি ধাৰণা কৰিছো। বাকী চাৰিখন আসন ক্ৰমে ধুবৰী, বৰপেটা, কৰিমগজ্ঞ আৰু কলিয়াবৰ কংগ্ৰেছ আৰু এআইইউডিএফে ভগাই লব। সংখালঘু মানুহৰ ভোট কংগ্ৰেছলৈ গ’লে ৪ খন পৰ্য্যন্ত আসন তেওঁলোকে লাভ কৰিব পাৰে। আমি কৰা চাৰ্ভে বিলাকৰ দ্বাৰা এই কথা প্ৰমাণ হৈছে যে মোডী ঢৌ এতিয়াও যঠেষ্ট শক্তিশালী। অসমৰ সোনোৱাল চৰকাৰখনৰ প্ৰতি এতিয়াও প্ৰতিস্হান বিৰোধী ঢৌ সৃষ্টি হোৱা নাই। অপেক্ষা এতিয়া মাত্র দহ মাহৰ।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views