ৰাণী জিকিল , জয়শ্ৰী হাৰিল….

1209
  • হৰকুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সৰ্ব মংগলম এতিয়া আৰু মংগল হৈ থকা নাই । ১৯৮৫ চনৰ পৰা ২০২১ চনলৈ বিগত ৩৬ বছৰ বিধায়ক হোৱা প্ৰফুল্ল কুমাৰ মহন্তই এইবাৰ দলীয় টিকটৰ পৰা বঞ্চিত হ’ল । বহুতে ভাবিছিল যে বিজেপিৰ অধিকাংশ ইচ্ছ্যুক বিৰোধ কৰা মহন্তক এইবাৰ টিকট দিয়া নহব । তথাপি দিছপুৰৰ অতুল বৰাই টিকট পোৱা পিছত  নিশ্চিত হ’ল যে টিকট বিজেপিয়ে কটা নাই ।  দিছপুৰৰ অতুল বৰাই বিজেপি দলৰ সদস্য হৈ  নৰেন্দ্ৰ মোদীৰ যিখিনি  বিৰোধ কৰিছে তাৰে অৰ্ধেক অংশও বিৰোধ প্ৰফুল্ল মহন্তই বিজেপি নেতৃত্বক কৰা নাই । তৎস্বত্তেও মহন্তৰ টিকট কটা গ’ল আৰু অতুল বৰা দিছপুৰৰ পৰা জয়ী হৈ পুনৰ বিধায়ক হোৱাৰ সম্ভাৱনা প্ৰবল । তেন্তে টিকট কোনে কাটিলে ? প্ৰফুল্ল কুমাৰ মহন্তই প্ৰাক্তন অগপ নেতা চন্দ্ৰ মোহন পাটোৱাৰী , বৃন্দাবন গোস্বামীৰ সৈতে হোৱা বিভেদৰ ফলত অগপ( প্ৰগতিশীল) জন্ম দিছিল , যদিও পুনৰ গোটেই বিলাক আকৌ লগ লাগিছিল । বৰ্তমানৰ অগপ নেতৃত্বৰ কেশব মহন্ত , অতুল বৰা ,  ৰমেন্দ্ৰ নাৰায়ন কলিতা , কমলা কলিতা , ফনীভুষণ চৌধুৰীৰ দৰে নেতাই বিজেপিৰ লগত থকা বাবে প্ৰফুল্ল মহন্তৰ চকুত চকু থৈ কথা কবলৈ সাহস পাইছে ।  অগপৰ দ্বিতীয় কাৰ্যকালত লিয়াকৎ আলি , দিগেন বৰা প্ৰমুখ্যে অসংখ্য অগপ নেতাই প্ৰফুল্ল মহন্তৰ স্বৈৰাচাৰী কাৰ্য্যৰ বিৰোধ কৰিছিল । বাতৰি কাকত সমুহত ওলাইছিল যে ফাইল বিলাক প্ৰফুল্ল মহন্তই  চোৱাৰ  আগতে  জয়শ্ৰী গোস্বামী মহন্তই চাইছিল । চন্দ্ৰ মোহন পাটোৱাৰী  , হিতেন্দ্ৰ গোস্বামী , পদ্ম হাজৰিকা , সৰ্বানন্দ সোণোৱাল , নব কুমাৰ দলেৰ দৰে অজস্ৰ অগপ নেতাই প্ৰফুল্ল মহন্তক ত্যাগ কৰি বিজেপিৰ একো একোজন ক্ষমতাশালী নেতা হৈছে । অগপত থাকি যোৱা অতুল বৰা , কেশব মহন্ত ,ফনীভুষণ চৌধুৰী, ৰমেন কলিতাৰ দৰে নেতাই এইবাৰ পুৰণি দিনৰ প্ৰতিশোধ লোৱাৰ সুবৰ্ণ সুযোগ পালে আৰু বৰহমপুৰ বিজেপিক প্ৰদান কৰিলে । অতুল বৰাৰ এই মাষ্টাৰ ষ্ট্ৰোকত জয়শ্ৰী গোস্বামী মহন্ত ধৰাশায়ী হয়। আনফালে প্ৰফুল্ল মহন্তৰ উত্তৰাধিকাৰী হিচাপে তেওঁৰ পুত্ৰ এজনৰো স্থিতি সৱল নহয় । প্ৰাক্তন অগপ আৰু বৰ্তমানৰ অগপ নেতৃত্বৰ বেহু ভেদ কৰি বৰহমপুৰৰ টিকট জয়শ্ৰী গোস্বামী মহন্তই অকলে আনিবলৈ সক্ষম হোৱাটো অসম্ভৱ । ৮৫’ ত অসম বাসীৰ নয়নৰ মনি  প্ৰফুল্ল মহন্তই পুনৰ ৰাজনৈতিক ভাবে সবল হব বুলি আশা কৰা নাযায় । ৰাজনৈতিক কেৰিয়াৰৰ এনেকুৱা এটা ট্ৰেজিক এণ্ডৰ কাৰণে অৱশ্যে জয়শ্ৰী গোস্বামী মহন্তকো একাংশ বুদ্ধিজীবী মহলে দোষী সাব্যস্ত কৰে ।
সন্দিকৈ কলেজৰ ছাত্ৰী আৰু ক্ৰিকেট খেলুৱৈ জাহানাৰা চৌধুৰীয়ে ৰাজনীতিত প্ৰত্যক্ষ ভাবে অংশ লয় ১৯৯৫ চনত কংগ্ৰেছ দলত  দায়িত্ব গ্ৰহণ কৰি । বিভিন্ন সুত্ৰই দাবী কৰা মতে আছুৰ শক্তিশালী নেতা ভৰত নৰহক সংগঠনৰ বিৰুদ্ধে গোপন কথা ফাদিল কৰিবলৈ হিতেশ্বৰ শইকীয়াই জাহানাৰা চৌধুৰীক ব্যৱহাৰ কৰিছিল । প্ৰাক্তন আছু নেতা , অগপ চৰকাৰত মন্ত্ৰীসভাত স্থান পোৱা ভৰত নৰহে প্ৰফুল্ল মহন্তক বিৰোধ কৰি কংগ্ৰেছত যোগদান কৰি অগপক দুৰ্বল কৰাত গুৰুত্বপুৰ্ণ  ভুমিকা লোৱা প্ৰথম ব্যক্তি আছিল । পিছৰ ঘটনা বিলাক এতিয়া ইতিহাস । লক্ষীমপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আৰু বৰ্তমানৰ ৰাজ্যসভাৰ সদস্য ৰাণী নৰহ এজন প্ৰভাবশালী নেত্ৰী । দিল্লীৰ হাইপ্ৰফাইল কংগ্ৰেছ নেতা সকলৰ লগত সুসম্পৰ্ক থকা ৰাণী নৰহ ওৰফে জাহানাৰা চৌধুৰীৰ কাৰণে স্বামী ভৰত নৰহৰ টিকট এটা মেনেজ কৰা অতি সাধাৰণ । কিন্তু টিকট পালেই নহ’ব জয়ী হবও লাগিব । সেইমৰ্মেই দিল্লীত বদৰুদ্দিন আজমলৰ লগত গোপন বুজাবুজি কৰি ধৰ্মীয় সংখ্যালঘু মুছলমান ভোটাৰে নিৰ্ণায়ক ভুমিকা লোৱা নাওবৈচা সমষ্টিত ভৰত নৰহক গটাই দিয়া হ’ল । আজমল আৰু ৰাণীৰ এই গোপন বুজাবুজিত ধ্বংশ হয় প্ৰতিভাবান যুব বিধায়ক মামুন ইমদাদুল হকৰ কেৰিয়াৰ । হুজুৰ আৰু ৰাণীৰ চক্ৰান্তত হক চৌধুৰীৰ ৰাজনৈতিক কেৰিয়াৰে নতুন দিশ ল’ব বুলি ধাৰণা হয় । মুঠৰ ওপৰত জাহানাৰা চৌধুৰী ওৰফে ৰানী নৰহ সফল হয় এইবাৰ ।