৫ মিনিটত ৰাম মন্দিৰ-বাবৰি মছজিদ

2980

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰামজন্মভুমি -বাবৰি মছজিদ কোৰ্ট কেচটো অসমৰ মানুহৰ কাৰণে এতিয়া আৰু নতুন হৈ থকা নাই । আচলতে অসম বুলিয়ে নহয় সমগ্ৰ ভাৰতৰ মানুহৰেই দৃষ্টি নিবন্ধ আছে এই বিবাদটোৰ ওপৰত । লালকৃষ্ণ আডৱানীৰ ৰথ যাত্ৰাই অযোধ্যাৰ ৰাম মন্দিৰ দাবীটোক উত্তৰ প্ৰদেশতেই সীমাবদ্ধ নেৰাখি গোটেই ভাৰতৰ হিন্দু মানুহখিনিৰ মাজলৈ লৈ গৈছিল । অযোধ্যাত ৰাম মন্দিৰ বনোৱা প্ৰতিশ্ৰুতিত বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিলে আৰু আন আন বৃহৎ ৰাজনৈতিক দলবোৰে সুবিধাজনক দুমুখীয়া স্থিতি লৈ
থাকিল । কিন্তু এই বিষয়টো সমাধান আজিলৈ নহ’ল । কেবা শতিকা ধৰি বিষয়টো সমাধান নহৈ বিবাদ হৈ গৈ থাকিল । মোগল আহিল , মোগল গ’ল , বৃটিছ আহিল , বৃটিছ গ’ল , নেহেৰু আহিল , নেহেৰু গ’ল , ৰাজীৱ গান্ধী আহিল , ৰাজীৱ গান্ধী গ’ল , আডৱানি -বাজপায়ী আহিল , বাজপায়ী গ’ল । পৰিৱৰ্তন হ’ল শাসকৰ কিন্তু সমাধান শুন্য হৈয়ে থাকিল ।উচ্চতম ন্যায়ালয়ত বিচৰাধীন বিষয়টোৰ ওপৰত দায়িত্বশীল হৈ থাকিব বিচৰা ‘ ৰাজনীতি অসম ‘ এ দিব মাত্ৰ তথ্য , সিদ্ধান্ত নহয় ।
* ৬৭ একৰ ভুমিৰ ভিতৰত ২.৭ একৰ ভুমি হৈছে বিবাদমান । কিন্তু একো সমাধান সুত্ৰ নোলোৱা বাবে গোটেই ৬৭ একৰ ভুমি অধিগ্ৰহণ কৰি ৰখা হৈছে ।* ৰামজন্মভুমি-বাবৰি মছজিদ হৈছে  ভুমি বিবাদৰ গোচৰ ।* ২.৭ একৰ ভুমিৰ অধিকাৰ ওপৰত গোচৰটো উচ্চতম ন্যায়ালয়ত বিচৰাধীন ।* অবিবাদমান ৬৪.৩ একৰ ভুমিত এতিয়া আছে চিআৰপিএফৰ নিৰীক্ষন কেম্প , পুলিচৰ নিৰীক্ষন কেম্প , পানীৰ টেংক , সৰু সৰু বিভিন্ন মন্দিৰ , সীতা ৰচোই ইত্যাদি ।
* ১৫২৮ চনত মোগল সম্ৰাট বাবৰৰ নিৰ্দেশত তেওঁৰ সহযোগী মিৰ বাকিয়ে মছজিদটো নিৰ্মাণ কৰে ।* ১৮৫৫ চনত অযোধ্যাত এটা মন্দিৰ ‘ হনুমানগৰহি ‘ ৰ কাৰণে যু্দ্ধ হয় । চুন্নি মুছলমানসকলে হনুমানগৰহি আক্ৰমণ কৰি পৰাজিত হয় আৰু পলায় গৈ ওচৰতে থকা বাবৰি মছজিদত আশ্ৰয় লয় ।*১৮৫৯ চনত বৃটিছ প্ৰশাসনে মছজিদ আৰু মছজিদৰ বাহিৰত থকা ভুমিক বিভক্ত কৰি কটা তাঁৰৰ বেৰ নিৰ্মাণ কৰে । ভিতৰৰ অংশ মুছলমানৰ কাৰণে আৰু বাহিৰৰ অংশ হিন্দুৰ ব্যৱহাৰৰ কাৰণে নিয়ম কৰে ।
*১৮৮৫ চনৰ জানুৱাৰী মাহত মহন্ত ৰঘুবীৰ দাসে এটা মোকৰ্দমা দাখিল কৰে । বৃটিছ প্ৰশাসনে বিভক্ত কৰি দিয়াৰ পিছত হিন্দুৰ কাৰণে নিৰ্ধাৰণ কৰা স্থানত মন্দিৰ নিৰ্মাণ কৰাৰ বাবে আৰ্জি এখন দিছিল । কিন্তু আৰ্জিখন ন্যায়ালয়ে খাৰিজ কৰে ।* ১৯৩৪ ৰ মাৰ্চ মাহত অযোধ্যাৰ ওচৰৰ চাহজাহানপুৰত গোহত্যাক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষৰ সুত্ৰপাত হয় আৰু এই সংঘৰ্ষৰ সময়ছোৱাত বিভিন্ন সুত্ৰত প্ৰকাশ কৰা মতে একাংশ উত্তেজিত জনতাই বাবৰি মছজিদৰ একাংশ নষ্ট কৰে ।
* ২৩ ডিচেম্বৰ ১৯৪৯ , ৰাম লালাৰ মুৰ্তী স্থাপন কৰা হয় নিশাৰ ভাগত আৰু সাম্প্ৰদায়িক হিংসাৰ আশংকাত কৰি ন্যায়ালয়ে গোটেই বিবাদমান ২.৭ একৰ ভুমিত থকা প্ৰতিটো মন্দিৰ আৰু বাবৰি মছজিদত তলা লগাই দিয়া হয় ।* জানুৱাৰী ১৯৫০, দুখন টাইটল সুট ( ভুমিৰ মালিকীস্বত্ব ) দাখিল কৰে ক্ৰমে গোপাল সিং বিশাৰদ আৰু পৰমহংস ৰামচন্দ্ৰই । সেইমৰ্মে চিভিল ন্যায়াধিশে অন্তৰ্বতী আদেশ দিয়ে । এই আদেশ অনুযায়ী এজন পুজাৰীৰ দ্বাৰা ৰাম লালৰ পুজা আৰু ভোগ দিব পাৰিব ।* ২৬ এপ্ৰিল ১৯৫৫ , উচ্চ ন্যায়ালয়ে চিভিল ন্যায়াধিশৰ ৰায়টো বাহাল ৰাখে ।* টাইটল সুট( ভুমিৰ মালিকীস্বত্ব ) দাখিল কৰে নিৰ্মোহী আখাৰাই ।*১৯৬১ চনত টাইটল সুট( ভুমিৰ মালিকীস্বত্ব ) দাখিল কৰে চুন্নী ৱাকফ বোৰ্ডে ।* ২৮ জানুৱাৰী ১৯৮৬ চনত ফিজাবাদ জিলা সত্ৰ ন্যায়াধিশে বাবৰি মছজিদৰ প্ৰবেশ দুৱাৰৰ তলা খুলিবলৈ নিৰ্দেশ জাৰী কৰে । তলা খুলিবলৈ কোৰ্টত আপিল কৰিছিল উমা শংকৰ পাণ্ডেই । পাণ্ডেৰ আপিল আছিল যে বাবৰি মছজিদৰ মুল অংশত প্ৰবেশ নকৰাকৈয়ে মছজিদৰ প্ৰবেশ দুৱাৰৰ সংলগ্ন ঠাইৰ পৰা ৰাম লালাক ভক্তইদৰ্শন কৰিব পাৰে ।

* ফেব্ৰৱাৰী ১৯৮৬ চনত বাবৰি মছজিদ একচন কমিটি গঠন কৰে । ইয়াৰ থিক দুই বছৰ আগত ১৯৮৪ চনত বিশ্ব হিন্দু পৰিষদে ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত কাৰ্য্যসুচী আৰম্ভ কৰিছিল ।

* ১৯৮৯ চনত দেৱকি নন্দন আগৰৱালে ‘ ভগৱান ৰাম বিৰাজমান ‘ ৰ তৰফৰ পৰা এখন টাইটল সুট দাখিল কৰে । সেই সময়তে ফইজাবাদ কোৰ্টত  ৰামজন্মভুমি-বাবৰি মছজিদৰ লগত জড়িত সমষ্ট আবেদন বিলাক লক্ষৌ বেন্স , এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয় ।
*১৪ আগষ্ট ,১৯৮৯ ; এলাহাবাদ উচ্চ ন্যায়ালয়ে বিবাদমান ভুমিৰ মালিকস্বত্বৰ শুনানীলৈ ষ্টেটাস ক’ ( পুৰ্বৰ নিৰ্দেশ) বাহাল ৰখাৰ নিৰ্দেশ জাৰি কৰে ।

*  ৯ নৱেম্বৰ ১৯৮৯ , ৰাম মন্দিৰৰ শিলান্যাস হয় । বিভিন্ন পক্ষৰ সন্মতি অনুসৰি অবিবাদমান ভুমিত শিলান্যাস কৰা হয় ।

* ফেব্ৰুৱাৰী ১৯৯০ , কৰ সেৱা ( ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে শ্ৰমদান) আৰম্ভ হয় ।

* জুলাই- আগষ্ট ১৯৯০ , ভিপি সিং চৰকাৰৰ লগত বিভিন্ন পক্ষৰ আলোচনা ।

* চেপ্তেম্বৰ ১৯৯০ , লালকৃষ্ণ আডৱানিৰ ৰথ যাত্ৰা আৰম্ভ হয় ।

*  ৩০ অক্টোবৰ , ১৯৯০ ; কৰ সেৱা আৰম্ভ কৰে একাংশ ভক্তই । কিছু সংখ্যক মানুহ মছজিদৰ মুকুটলৈ উঠি যায় আৰু গেৰুৱা পতাকা উত্তোলন কৰে । লগে লগে কেন্দ্ৰ ভিপি সিং চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ সহায়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

* ২ নৱেম্বৰ , ১৯৯০ ; পৰিস্থিতি নিয়ন্ত্ৰণ কৰোতে সুৰক্ষা বাহিনীৰ হাতত অসংখ্য ভক্তৰ মৃত্যু হয় আৰু লগে লগে গোটেই অযোধ্যাত সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পি পৰে ।
* ডিচেম্বৰ ১৯৯০ ৰ পৰা ১৯৯১ চনৰ ফেব্ৰুৱাৰী মাহলৈ প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰে বিভিন্ন পক্ষৰ লগত আলোচনাত মিলিত হয় ।

* জুন ,১৯৯১ চনত কেন্দ্ৰত কংগ্ৰেছ দলৰ চৰকাৰ পিভি নৰসিংহ ৰাওঁ নেতৃত্বত গঠন হয় আৰু উত্তৰ প্ৰদেশত বিজিপৰ চৰকাৰ গঠন হয় । * ১৯৯১ চনৰ ২৫ অক্টোবৰত উচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰ ভুমি হস্তান্তৰ কৰে আৰু কোনো নতুন ঘৰ আদি বনোৱাত বাধা আৰোপ কৰে ।

* ১৯৯১ চনৰ ১৫ নৱেম্বৰ তাৰিখে দেশৰ উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় আৰু নেচনেল ইন্টিগ্ৰেচন কাউন্সিলৰ ওচৰত উত্তৰ প্ৰদেশ চৰকাৰে

দাখিল কৰা শপতনামাৰ আধাৰত উচ্চন্যায়ালয়ৰ ৰায়টো বাহাল ৰাখে ।

* ডিচেম্বৰ ১৯৯১ , গোটেই ভুমিত সীমাৰ বেৰ দিয়াৰ কাম আৰম্ভ হয় ।

* ১৯৯১ চনৰ মাৰ্চ মাহত ৪২.০৯ একৰ ভুমিত পাৰ্ক এখনৰ নিৰ্মাণৰ কাম আৰম্ভ হয় । ‘ৰাম কথা পাৰ্ক ‘ উদ্দেশ্য হ’ব পৰ্যটনক অগ্ৰাধিকাৰ দিয়া ।
* ১৯৯২ চনৰ ৯ জুলাই তাৰিখে ৰাজ্য চৰকাৰে পাৰ্কৰ ওচৰত পকী প্লেটফৰ্ম এখন বনোৱা কাম আৰম্ভ কৰে ।

* ১৯৯২ চনৰ ১৫ জুলাই  তাৰিখে এলাহাবাদ  উচ্চ ন্যায়ালয়ে প্লেটফৰ্মৰ কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ।

* ১৯৯২ চনৰ ২৬ জুলাই তাৰিখে উচ্চতম ন্যায়ালয়ে ১৫ জুলাই তাৰিখৰ ৰায়টো বাহাল ৰাখে ।

* ২৭ জুলাই ১৯৯২ চন , প্ৰধান মন্ত্ৰী পিভি নৰসিংহ ৰাওেঁ সংসদত বক্তব্য ৰাখে ।

* চেপ্তেম্বৰ ১৯৯২ চন , পিএমও অফিচত অযোধ্যা ৰাম মন্দিৰ – বাবৰি মছজিদ সম্পৰ্কত সুকীয়া কোষ গঠন কৰে ।

* অক্টোবৰ মাহৰ পৰা নৱেম্বৰ মাহলৈ বিশ্ব হিন্দু পৰিষদ আৰু বাবৰি মছজিদ এক্সন কমিটিৰ মাজত কেবালানী আলোচনা অনুষ্ঠিত হয় । * ৩০-৩১ অক্টোবৰত ৰাজধানীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হিন্দু ধৰ্মগুেৰুসকলে ধৰ্ম সংসদ পাতে । এই ধৰ্ম সংসদত ৬ ডিচেম্বৰ তাৰিখত কৰ সেৱা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লয় ।
* ১৯৯২ চনৰ ২৮ নৱেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ত উত্তৰ প্ৰদেশ চৰকাৰে শপতনামা দাখিল কৰে । কৰ সেৱা হ’ব সাংকেতিক আৰু কোনো নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰিব দিয়া নহ’ব বুলি দিয়া প্ৰতিশ্ৰুতিৰ ভিত্তিত ন্যায়ালয়ে কৰ সেৱা কৰিবলৈ নিৰ্দেশ দিয়ে ।

* ৬ ডিচেম্বৰ ১৯৯২ , ৰাম জন্মভুমি- বাবৰি মছজিদৰ বিবাদমান ভুমিত অৱস্থিত বাবৰি মছজিদ ভাঙি দিয়া হয় ।

* ৭ ডিচেম্বৰ ১৯৯২ , উত্তৰ প্ৰদেশ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসন দিয়া হয় ।

* ডিচেম্বৰ ৮ , বিজেপিয়ে লোকসভাত অবিশ্বাস প্ৰস্তাব আনে যদিও অবিশ্বাস প্ৰস্তাব পৰাজিত হয় ।

* ২৭ ডিচেম্বৰ ১৯৯২ , কেন্দ্ৰই সমষ্ট ৰাম জন্মভুমি – বাবৰি মছজিদৰ ভুমি নিজৰ কব্জাত আনে ।

* ৭ জানুৱাৰী ১১৯২ , ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গোটেই বিষয়টো উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰ কৰে ।

* ১২ মাৰ্চ ১৯৯৩, মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণত হয় ।
* ১৯৯৮ চনত বিজেপি ক্ষমতালৈ আহে কেন্দ্ৰত ।

* ২০০২ চনত বিশ্ব হিন্দু পৰিষদে বিজেপি চৰকাৰক ১৫ মাৰ্চ দিনটোত মন্দিৰ নিৰ্মাণ আৰম্ভ কৰিবলৈ সকিয়নি দিয়ে । সেইসময়ত কেন্দ্ৰৰ বিজেপি চৰকাৰক ভিএইচপিয়ে মন্দিৰ নিৰ্মাণত বিলম্ব কৰা বুলি কঠোৰ সমালোচনা কৰে ।

* ফেব্ৰুৱাৰী ২০০২ , কৰ সেৱা পুনৰ আৰম্ভ হয় ।

  • ২৭ ফেব্ৰুৱাৰী ২০০২ ,গোধৰা ৰেল ষ্টেচন , ট্ৰেইন সৱৰমতি এক্সপ্ৰেছ ; অযোধ্যাৰ পৰা কৰ সেৱা কৰি উভতি হিন্দু ভক্তক ট্ৰেইনৰ ডবাৰ ভিতৰত জীয়াই জীয়াই জুই লগাই হত্যা কৰা হয় ।পৰৱৰ্তী সময়ত হাজাৰৰ ঘৰত মানুহৰ মৃত্যু হয় সাম্প্ৰদায়িক সংঘৰ্ষত ।
* এলাহাবাদ উচ্চ ন্যায়ালয়ত তিনিজন ন্যায়াধিশৰ দ্বাৰা গঠিত বিচাৰপীঠে বিবাদমান ভুমি মালিকীস্বত্বৰ শুনানী আৰম্ভ কৰে ২০০২ চনত
*  ২২ মে’ ,২০০৩ চনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে পুৰাতত্ব বিভাগে বিবাদমান ভুমিত খনন কাৰ্য্য আৰম্ভ কৰে । মুঠ ১৩১ জন শ্ৰমিকৰ ভিতৰত ৫২ জন মুছলমান আৰু বাকীখিনি হিন্দু শ্ৰমিক আছিল ।
* আগষ্ট ২০০৩ , এ এচ আই ই ৰিপৰ্ট দাখিল কৰে । মছজিদ থকা অংশৰ তলত হিন্দু মন্দিৰৰ ভগ্নাবশেষ উদ্ধাৰ কৰা ৫৭৪ পৃষ্ঠাযোৰা ৰিপ’ৰ্ট ন্যায়ালয়ক দাখিল কৰে ।
* ২০০৩ ত লালকৃষ্ণ আডৱানী , মুৰলী মনোহৰ যোশী , উমা ভাৰতী সমন্বিতে ৭ জন ব্যক্তিৰ ওপৰত বাবৰি মছজিদ ভঙাৰ গোচৰ আৰম্ভ হয় ।
* ৫ জুলাই ২০০৫ , সন্ত্ৰাসবাদীয়ে ৰাম লালৰ  মুৰ্তি থকা অঞ্চলত আক্ৰমণ চলায় , য’ত গোটেই কেইজন সন্ত্ৰাসবাদী সুৰক্ষাবাহিনীৰ হাতত নিহত হয় ।
* অক্টোবৰ ,২০১০ এলাহাবদ উচ্চ ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে বিবাদমান ভুমি তিনি ভাগত বিভক্ত কৰাৰ নিৰ্দেশ দিয়ে । ৰাম লালা বিৰাজমান থকা অঞ্চল হিন্দুৰ কাৰণে , নিৰ্মোহী আখাৰাৰ বাবে সীতা ৰচোই মন্দিৰ আৰু ৰাম চাবুত্ৰা অঞ্চল আৰু বাকী থকা অংশটো চুন্নী ৱাকফ বোৰ্ডৰ বাবে ।
* ২০১১ চনত নিৰ্মোহী আখাৰা , বিশ্ব হিন্দু পৰিষদ , চুন্নী ৱাকফ বোৰ্ড সকলোৱে এলাহাবাদ হাইকোৰ্টৰ ৰায়ক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় ।
* মে ‘ ২০১১ , উচ্চতম ন্যায়ালয়ে হাইকোৰ্টৰ ৰায়টোত স্থগিতাদেশ আনে ।
* চেপ্তেম্বৰ ২০১৬, ৰাজ্যসভাৰ সাংসদ সুব্ৰমনিয়াম স্বামীয়ে বিবাদমান স্থলত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিবলৈ উচ্চতম ন্যায়ালয়ত অৰ্জী দিয়ে । * ২০১৭ , ২১ মাৰ্চ উচ্চতম ন্যায়ালয়ৰ মুখ্যন্যায়াধিশে কোৰ্টৰ বাহিৰত আলোচনাৰ জড়িয়তে সমাধান কৰিবলৈ পৰামৰ্শ দিয়ে ।
* ৮ আগষ্ট ২০১৭ , চিয়া ৱাকফ বোৰ্ডে মুছলমান বসতিৰ আন  অঞ্চলত মছজিদ  নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়ে ।
* ফেব্ৰুৱাৰী ২০১৯ , মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আদালতে প্ৰাক্তন ন্যায়ধীশ এফ এম আই খালিফুল্লাৰ নেতৃত্বত তিনিজনীয়া কমিটি এখন গঠন কৰে । এই তিনিজন ব্যাক্তিয়ে হিন্দু – মুছলামন প্ৰতিটো পক্ষৰ লগত আলোচনা কৰিব আৰু প্ৰতিটো আলোচনা কেমেৰাৰ সন্মুখত হ’ব । উচ্চতম ন্যায়ালয়ে এই সমগ্ৰ কাৰ্য্যসুচীত মিডিয়াৰ প্ৰবেশ আৰু ৰিপ’ৰ্টিং নিষিদ্ধ কৰে । আৰ্ট অৱ লিভিংৰ গুৰু ৰৱি শংকৰ আৰু চিনিয়ৰ এডভোকেট শ্ৰীৰাম পাঞ্চু এই তিনিজনীয়া কমিটিৰ সদস্য ।