ৰাম মন্দিৰ : মোদীৰ প্ৰত্যাহ্বান

2683

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০১৩ চন , ৬ জুলাই , শনিবাৰ , উত্তৰ প্ৰদেশ । লোকসভা নিৰ্বাচনৰ বতাহ বলিছে । অমিত শ্বাহ উত্তৰ প্ৰদেশৰ প্ৰভাৰী ।  অমিত শ্বাহে বীৰদৰ্পে ঘোষণা কৰিছে ৰাম মন্দিৰৰ কথা  । কংগ্ৰেছৰ মনিশ টেৱাৰীয়ে অমিত শ্বাহক সাম্প্ৰদায়িক মন্তব্য কৰা বুলি সমালোচনা কৰিছে ।২০১৪ লোকসভা নিৰ্বাচনত ৮০ টা সমষ্টিৰ ৭৩  টাত বিজেপিৰ জয়লাভ ৷ উত্তৰ প্ৰদেশৰ ফলাফলে বিজেপিৰ জয়ত মোহৰ মাৰিলে ।  জাতিবাদী মায়াবতীৰ দলে এখনো আসন নাপালে । জাতিবাদ তুংগত থকা উত্তৰপ্ৰদেশত হিন্দুত্বৰ প্ৰচাৰে সকলো বিৰোধীকে ধুলিসাৎ কৰি বিজেপিয়ে শেষ হাঁহি মাৰিলে ।
  ২০১৮ চন , চাৰে চাৰি বছৰীয়া বিজেপি চৰকাৰ । মোদী আৰু শ্বাহে পাহৰি গ’ল ৰাম মন্দিৰ , যিদৰে পাহৰি গৈছিল অটল বিহাৰী বাজপায়ীয়ে ।  আকৌ নিৰ্বাচন আহি আছে । পুনৰ ৰাম মন্দিৰ আলোচ্যৰ শীৰ্ষত । কোনোবাই কৈছে ৰাম মন্দিৰ নিৰ্বাচনী ইচ্ছ্যু নহয়, ই হ’ল হিন্দুসকলৰ স্বভিমান আৰু প্ৰতিজন ভাৰতীয়ৰ   সংস্কৃতি ৷ কোনোবাই কয় ৰাম মন্দিৰ কিয় লাগে, চৰকাৰে উন্নয়নতহে গুৰুত্ব দিব  লাগে৷ একাংশই  কয় উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ওপৰত ভিত্তি কৰিয়েই হওঁক ৰাম মন্দিৰ বাবৰি মছজিদ বিতৰ্ক শেষ হওঁক । শুনিবলৈ ভাল যদিও পাহৰি যাব নালাগিব সবৰিমালাৰ কাহিনী আৰু ৰাজীৱ
গান্ধীৰ সময়ত উচ্চতম ন্যায়ালয়ৰ  শ্বাহ বাণু ৰায় ।  মোডীয়েটো যোৱা ৪ টা বছৰে ৰাম মন্দিৰ মুখলৈয়ে নানিলে , কেৱল উন্নয়নৰ কথাই কৈ আহিলে, তেনেহলে কিহৰ কাৰণে মানুহে বিজেপিক  ভোট নিদিলে ? ভোটৰ সময়ত মানুহে কিয় গুৰুত্ব নিদিলে অটল অমৃত , আশুষমান , উজ্বলা ,  দুৰ্ণীতিমুক্ত চৰকাৰ , ৰাস্তাঘাট ইত্যাদী । জয়ৰ কৃতিত্ব যেনেকৈ নৰেন্দ্ৰ মোদী – অমিত শ্বাহে পায় ,  তেনেকৈ পৰাজয়ৰ দায়িত্বও মোডী -শ্বাহেই লব লাগিব ৷  ৰাজস্থানত ৰাজপুত সকলে কিয় বিজেপিক ভোট নিদিলে , সঞ্জয় লীলা ভান্চালীৰ ‘পদ্মাৱত ‘ চিনেমাখনক লৈ ৰাজস্থানৰ জনতাৰ আবেগক কিয় সন্মান নিদিলে বসুন্ধৰা ৰাজে সিন্ধিয়াই ,  মধ্যপ্ৰদেশত বিজেপিৰ যিখিনি ক’ৰ ভোটাৰ যিসকলে জনসংঘৰ দিনৰে পৰা সোপন্থী ৰাজনীতিক সমৰ্থন কৰি আহিছিল সেইখিনি সমৰ্থকে এইবাৰ কিয় বিজেপিক প্ৰত্যাখ্যান কৰিলে , চত্তিশগড়ত নক্সাল বিৰোধী স্থিতিৰ লগতে উন্নয়নক প্ৰাধান্য দিয়া ৰমণ সিংক জনতাই কিয় বেয়াকৈ প্ৰত্যাখ্যান কৰিলে এই সকলো বিলাক প্ৰশ্নৰ উত্তৰ অমিত শ্বাহ আৰু মোদীৰ হাতত থাকিব লাগিব । স্বাধীন ভাৰতৰ এটা নিৰ্বাচনতো উন্নয়নৰ ভিত্তিত  ফলাফল ওলোৱা নাই । মৃত্যুৰ পিছত অটল বিহাৰী বাজপায়ীক যেনেকৈ দেশৰ প্ৰতিজন মানুহে অভিভাৱক আৰু একান্ত সন্মানীয় আছিল বুলি মন্তব্য কৰিছে , থিক তেনেকৈ ২০০৪ নিৰ্বাচনত তেওঁক ৰাইজে প্ৰত্যাখ্যানো কৰিছিল । ফাৰুক আব্দুল্লা , মেহবুবা মুফটিয়ে অটল বিহাৰী বাজপায়ীৰ কাশ্মীৰ সমস্যা সমাধানৰ নীতিক এতিয়া সমৰ্থন কৰিছে , কিন্তু নিৰ্বাচনৰ সময়ত ছবিখন ওলোটা হৈ যায় ।  হিন্দুত্ব অবিহনে বিজেপি আগন্তুক ১৫- ২০ বছৰলৈকে নিৰ্বাচন জিকিব নোৱাৰে । যদিও শুনিবলৈ অলপ বেয়া   তথাপি এইটোৱেই পৰম  সত্য । ৰাহুল গান্ধীৰ কথা আৰু কৰ্মই লাহে লাহে ফল দিবলৈ আৰম্ভ কৰিছে । গুজৰাটৰ বিধান সভা নিৰ্বাচনত বিজেপিয়ে কাণে কাণ মাৰি জয়ী হৈছিল যোৱা বছৰ । যদিও কংগ্ৰেছে চৰকাৰ কৰিব নোৱাৰিলে তথাপি অভূতপুৰ্ব সফলতা পাইছিল । তাৰ পিছত আহিল
কৰ্ণাতক । বিজেপিৰ মুখৰ পৰা লাড়ু কাঢ়ি আনিব পাৰিছিল , মিত্ৰতা কৰি চৰকাৰ কৰিছে  জনতা দল চেকুলাৰৰ লগত । প্ৰথমে  গুজৰাটত অলপৰ কাৰণে চৰকাৰ কৰিব নোৱাৰিলে , কৰ্ণাটকত মিত্ৰতাৰে চৰকাৰ আৰু তাৰ পিছত হিন্দী হাৰ্টলেণ্ডত বিজেপিক ধুলিষ্যাত কৰিলে ৰাহুল গান্ধীয়ে ।  অটল বিহাৰী বাজপায়ীৰ ‘ ইণ্ডিয়া চাইনিং ‘ ,  মুছাৰফ – বাজপায়ীৰ কৰমৰ্দন , কাশ্মীৰত বাজপায়ীৰ জয়গাণ , গাওঁৰ ৰাস্তা পকীকৰণ মুঠৰ ওপৰত পেপাৰে – টিভিয়ে সকলোতে বাজপায়ী চৰকাৰৰ জয়গাণ । নিৰ্বাচন আগুৱাই আনিলে বিজেপিয়ে । ২০১৪ ৰ এপ্ৰিলত নিৰ্বাচন আৰু ১৬ ‘ মে ত নিৰ্বাচনৰ ৰিজাল্ট ঘোষনা হ’ল । চৰকাৰ কংগ্ৰেছৰ নেতৃত্বত হ’ল । চিপিএম ৰেকৰ্ড সংখ্যক আসন পায় কিংমেকাৰ হ’ল । এইয়াই হৈছে ভাৰতৰ নিৰ্বাচন । বাজপায়ীয়ে হুৰিয়ত বা ফাৰুক আব্দুল্লাহতঁক যিমান গুৰুত্ব দিছিল তাৰ চাৰি ভাগৰ এক অংশও গুৰুত্ব দিয়া নাছিল ৰাম মন্দিৰ সমাধানৰ ইচ্ছ্যুটোত । ফলত কংগ্ৰেছ , মায়াবতী আৰু মুলায়ম সিংৰ জাত – পাতৰ ৰাজনৈতিক বিচক্ষণতা আৰু কংগ্ৰেছৰ মুছলমান ভোটবেংকৰ ৰাজনীতিত বিজেপিয়ে মুখথেকেচা খালে । অচল হৈ পৰিছিল বাজপায়ীৰ ধৰ্মনিৰপেক্ষ নীতি , ৰাষ্ট্ৰীয় সড়ক যোজনা , দুৰ্নীতি মুক্ত ব্যৱস্থা । এফালে মোদী চৰকাৰৰ উন্নতিৰ জয়গাণ , বিদেশীৰ মাটিত নৰেন্দ্ৰ মোদীৰ বাহ বাহ ,  প্ৰবাসী ভাৰতীয়ৰ দ্বাৰা উষ্ম আদৰণী ,  নতুন দলং , নতুন ৰাস্তা আনফালে ৰাহুল গান্ধীৰ  জয়  যাত্ৰাৰ নতুন আৰম্ভণী । ২০০৪ ত ছোনিয়া গান্ধীৰ প্ৰধান মিত্ৰ আছিল বাওঁপন্থী দলবিলাক । ছোনিয়া গান্ধীৰ বিদেশী মুলকলৈ ৰাজনীতি গৰম হৈ থকা সময়চোৱাত চিপিএমৰ তেতিয়া হৰকিশন সিং সুৰজিতে মুকলিকৈ ছোনিয়া গান্ধীক প্ৰধান মন্ত্ৰী পদৰ বাবে সমৰ্থন দিছিল । আজিৰ সময়ত বংগত চিপিএম শক্তিহীন , কিন্তু ৰাহুল গান্ধীৰ সমৰ্থনত আছে মমতা বেনাৰ্জী । আসনৰ অংকত সহায় কৰিবলৈ যিদৰে মমতা বেনাৰ্জী , ফাৰুক আব্দুল্লা , মায়াবতী , তেনেদৰে দেশত চৰকাৰ বিৰোধী পৰিবেশ এটা সৃষ্টি কৰিবলৈ কানাইয়া কুমাৰ ,  ওমৰ ফাৰুক , জিগনেছ মেৱানি , হাৰ্দিক পেটেলৰ দৰে নেতাসকলে অহৰহ কাম কৰি আছে আৰু নতুনকৈ যোগ দিলে নাচিৰুদ্দিন শ্বাহে ।  মধ্যপ্ৰদেশত বিজেপিয়ে কংগ্ৰেছতকৈ বেছি ভোট পোৱা স্বত্তেও আসন কমকৈ পালে , কাৰণ বিজেপিৰ পৰাজিত প্ৰাৰ্থীয়ে তুলনামুলক ভাবে কম ভোটৰ ব্যৱধানত পৰাজিত হৈছে । কমল নাথৰ ভুমিকাক মুখ্যমন্ত্ৰী পদেৰে পুৰস্কৃত কৰা হ’ল , যিহেতু ভোটদানৰ প্ৰাক মুহুৰ্তত মুছলমান মানুহখিনিক উদ্দেশ্য কৰি দিয়া ভাষনটোৱে নিৰ্বাচনত কংগ্ৰেছৰ জয়লাভত গুৰুত্বপুৰ্ণ ভুমিকা লৈছিল । মুঠৰ ওপৰত নিৰ্বাচন হৈছে জাত – পাত , ধৰ্ম ,  ভাষা – সম্প্ৰদায়ৰ খেল । সকলো দলেই কৰে ; কিছুমান দলে সুনিপুন ভাবে  কৰিব জানে  আৰু কিছুমানে নাজানে । বিজেপি যিহেতু সোপন্থী দল , সেয়ে বিজেপিয়ে হিন্দুক একত্ৰিত ভোটবেংক কৰিব নোৱাৰিলে , মুছলমান ভোট বেংক আৰু মায়াবতীৰ জাতিবাদী ভোটবেংকৰ সন্মুখত অমিত শ্বাহৰ ২০১৯ ৰ সপোন বাস্তৱ হোৱা কঠিন । সেয়ে হিন্দুৰ আবেগক ভোটলৈ ৰূপান্তৰ কৰিব পাৰিব একমাত্ৰ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণে আৰু তেতিয়াহে বিজেপিৰ পুনৰ দিল্লী দখল বাস্তৱ হ’ব । অন্যথা ২০০৪ বাজপায়ীৰ দৰে একেই দশা নৰেন্দ্ৰ মোদীৰো যে নহ’ব তাক উলাই কৰা টান কাৰণ নিৰ্বাচনৰ ভিত্তি উন্নয়ন  নহয় ; নিৰ্বাচনৰ জয় পৰাজয় ভিত্তি ভোটবেংক ।