ৰাম মন্দিৰ কোৰ্টত নহয় , সিদ্ধান্ত ল’ব ১২০ কৌটি ভাৰতীয়ই !!

3054
  • পাৰ্থ প্ৰতিম লহকৰ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


শতিকা ধৰি সমাধান নোহোৱা এটা বিষয় । ৰাজনীতিৰ পাক চক্ৰত সমস্যা গভীৰ হৈ থাকে । হিন্দুৰ সহনশীলতা আৰু মুছলমানৰ আত্ম সন্মানকক লৈ ৰাজনীতি কৰা ব্যক্তিসকলে বিষয়টো জটিল কৰিছে । পোন প্ৰথম বাৰ বিষয়টোক লৈ কুটিল অভিসন্ধী কৰিছিল ইংৰাজ শাসক গোষ্ঠীয়ে ।  বাবৰি মছজিদ ভঙাৰ পিছত সাম্প্ৰদায়িক সংঘৰ্ষ হ’ল , উত্তৰ প্ৰদেশৰ ঘটনাৰ প্ৰতিফলন ঘটিল মুম্বাই ধাৰাবাহিক বোমা বিস্ফোৰণৰ দ্বাৰা । গোটেই ভাৰতবৰ্ষত সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পি পৰিল ।  য’ত অসম আছিল ব্যতিক্ৰম । কাৰণ অসমীয়া মুছলমানেই হওঁক বা হিন্দুৱেই হওঁক দুয়োপক্ষই জানে যে  ‘ খাৰ ‘ অকল অসমীয়াই হে খায় । হিন্দু ধৰ্মালম্বী অসমীয়া আৰু মুছলমান ধৰ্মালম্বী অসমীয়াই জানে যে ধৰ্ম বেলেগ হ’লেওঁ ডিএনএ আৰু তেজেৰ সম্পৰ্ক কি ?
১৯৯২  ৰ ঘটনা চকুৰ আগত ,  কাৰণ তেতিয়া মিডিয়া আছিল । আনহাতে বাবৰে মন্দিৰৰ ঠাইত তেওঁৰ নামেৰে মছজিদ বনালে । সেই ছবি নাই কাৰণ তেতিয়া মিডিয়া নাছিল । হিন্দু মানুহক সহনশীলতা সংবিধানে শিকোৱা নাই । কাৰণ ভাৰত বিভাজনৰ সময়তো হিন্দুৱে বাবৰি মছজিদক হানি কৰাৰ চেষ্টা কৰা নাছিল । আনহাতে মুছলমান ধৰ্মৰ মানুহখিনিৰ একাংশ পাকিস্তান গ’ল আৰু একাংশ আজিৰ ভাৰততে থাকি গ’ল । সংবিধানৰ কেই খিলামান পাতে তেওঁলোকক আশ্ৰয় দিয়া নাই । তেওঁলোক থাকি গৈছিল স্বইচ্ছাই । ধৰ্ম বেলেগ হ’লেওঁ একে আচাৰ – ব্যৱহাৰ আৰু ৰীতি – নীতিৰ কাৰণে তেওঁলোকৰ  মনবোৰক ৰাজনৈতিক বিভাজনে প্ৰভাৱ পেলাব নোৱাৰিলে  । ভাৰত স্বাধীন হ’ল , দেশ বিভাজন হ’ল ।  বগা চাহাবৰ ঠাইত কজলা চাহাবে দেশ শাসন কৰিলে । সংখ্যালঘু , সংখ্যাগুৰু শব্দবিলাক প্ৰক্ষেপ বেছিকৈ হ’ব ধৰিলে । ধৰ্ম ভিত্তিক বিবাহ আৰু সম্পত্তি আইন বনোৱা হ’ল । স্ব ইচ্ছাই নিজৰ মাতৃভুমিক স্বদেশ মানি ভাৰতত থাকি যোৱা মুছলমান মানুহখিনিক পৰিকল্পীত ভাবে একাশৰীয়া কৰা হ’ল । আনহাতে হিন্দু মানুহখিনিক ভাষা আৰু প্ৰান্তৰ আধাৰত বিভক্ত কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিচয়ৰ পাতনি মেলি বিভাজিত কৰা
হ’ল  । এই গোটেই ব্লুপ্ৰিন্টখনেই আছিল  স্বাধীন ভাৰতৰ ভোট কেন্দ্ৰীক ৰাজনীতিৰ আদি পাঠ ।
বাবৰি মছজিদে শতিকা ধৰি ভাৰতৰ বুকুত ‘বাবৰ ‘ ৰ উপস্থিতিক সোৱঁৰাই দি আছিল । ৰামৰ জন্মস্থানত বাবৰি মছজিদৰ সেই ভুমিকাক ব্যৱহাৰ কৰি মুছলমান আৰু হিন্দুৰ মাজত আত্মসন্মান , স্বভিমানৰ ভাব জগাই তুলি  স্বাধীনতাৰ ৭০ বছৰ পিছটো  সমাধানৰ পথ বন্ধ কৰি ৰখাৰ ৰাজনীতি চলি আহিছে । ভাৰতত বাস কৰা প্ৰায় ৯৯.৯% ইছলাম ধৰ্মী মানুহ স্বদেশী । কাৰণ ভাৰতৰ স্বদেশী ইছলাম মানুহখিনি তুৰ্কী , আৰৱ বা বাবৰৰ বংশোদ্ভৱ নহয় । তেন্তে ভাৰতৰ মুছলমান আৰু হিন্দু মানুহখিনিৰ মাজত যদি কিবা বিবাদ আছে, সেই  বিবাদ সমাধানৰ বাবে কোৰ্ট – কাছাৰী বা আন পক্ষক কিয় সোমাব লাগে ? ভাৰত স্বাধীনতা আন্দোলনত ছৌদি আৰৱৰ নীতিত ভাৰতৰ সাধাৰণ মুছলমান চলা নাছিল  আৰু এতিয়াওঁ নচলে , কাৰণ যি ছৌদিত আন দেশৰ পৰা গৈ ৫০ বছৰ বাস কৰা ইছলাম ধৰ্মী মানহকো নাগৰিকত্ব নিদিয়ে বা যি ছৌদিয়ে আন ধৰ্মৰ উপাসনা স্থল নিৰ্মাণৰ অনুমতি নিদিয়ে সেই ছৌদিয়ে ভাৰতৰ স্বদেশী মুছলমানৰ সমাজ জীৱনক প্ৰভাবান্বিত কৰাটো সহজ নহয় ।  সংসদৰ মজিয়াত আলোচনা হওঁক , এফালে ওৱেচিয়ে নেতৃত্ব লওঁক , আনফালে সুব্ৰমনিয়াম স্বামীয়ে নেতৃত্ব লওঁক । ভাৰতৰ ১২০ কৌটি জনতাই চকুৰ আগত সকলো দেখিব । কোৰ্টৰ ভিতৰত ১২০ কৌটি মানুহৰ আবেগক ১০ জন মানুহে যুক্তিৰে বিচাৰ কৰা প্ৰক্ৰিয়াক সাধাৰণ জনতাই জানো দেখা পায় ? প্ৰেক্টিকেল কথা ___ সবৰিমালা ৰায় কি হ’ল আমি সকলোৱে দেখি আছো , ৰাজীৱ গান্ধী প্ৰধান মন্ত্ৰী হৈ থকা সময়ত উচ্চতম ন্যায়ালয়ে দিয়া শ্বাহবানু ৰায়ৰ অৱস্থা আমাৰ সকলোৰে মনত আছে । সংসদত  মুখামুখি আলোচনা হওঁক , সমাধান সুত্ৰ বাহিৰ কৰক । সমাধান বিচৰ প্ৰতিজন ভাৰতীয়ই উপলব্ধি কৰিছে যে কোৰ্টৰ ৰায় যিয়েই নহওঁক সেই ৰায় ৰূপায়ন নহয় । একমাত্ৰ পথ আলোচনা দুই পক্ষৰ মাজত বা ৰাইজৰ প্ৰতিনিধিয়ে সংসদত লোৱা সিদ্ধান্ত । কাৰণ কোৰ্টৰ ৰায় ৰূপায়ন নহ’লে এই সমস্যাৰ সমাধান আকৌ পিছুৱাই যাব আৰু ইয়াকলৈ সৃষ্টি হোৱা ৰাজনীতি বন্ধ নহ’ব ।